জনজাতীয় আত্মনিয়ন্ত্ৰণ (ড॰ চিত্তৰঞ্জন বৰুৱা ) – Purbodix.com

জনজাতীয় আত্মনিয়ন্ত্ৰণ (ড॰ চিত্তৰঞ্জন বৰুৱা )

জনজাতীয় আত্মনিয়ন্ত্ৰণ (Tribal autonomy and selfdetermination) বিষয়টি আইন আৰু সাংবিধানিকভাৱে নতুন যেন লাগিলেও প্ৰকৃতাৰ্থত জনজাতীয় সমাজ সদায় স্বতন্ত্ৰ আত্মনিয়ন্ত্ৰিত আৰু স্ব-নিৰ্ভৰশীল জাতি আছিল৷ পিছত সেইসকলৰ স্ব-শাসন আত্মনিয়ন্ত্ৰণ আৰু স্থানমান বা আনুষ্ঠানিক ৰূপত তিনিটা দিশত প্ৰতিষ্ঠা কৰিলে –
(ক)    জনজাতীয় আত্মনিয়ন্ত্ৰণ ব্যৱস্থা আৰু সাংবিধানিক আইন (সংবিধান সংশোধনৰ সৈতে);
(খ)    সংসদী ব্যৱস্থাৰে আইন প্ৰণয়ন কৰি স্ব-শাসন ব্যৱস্থাৰ আইন;
(গ)    জনজাতীয় অিধকাৰ আৰু ৰাষ্ট˜ীয়-আন্তঃৰাষ্ট˜ীয় মানৱ জাতি গঠনৰ আন্তঃগাঁথনি সম্পকীয় আলোচ্য সভা আৰু জনজাতীয় আচৰণৰ প্ৰদৰ্শন৷
অতি স্পষ্ট আৰু কোনো খোকোজা নথকাকৈ উল্লেখ কৰা ভাল যে “আত্মনিয়ন্ত্ৰণ” শব্দই কোনো সাৰ্বভৌম ব্যৱস্থাক বুজোৱা নাই৷ অৰ্থাৎ জনজাতীয় আত্মনিয়ন্ত্ৰণ মানে জনজাতিসকলৰ সাংবিধানিক আইনী ব্যৱস্থাৰ স্বকীয়তা আৰু আত্ম শাসনৰ দিশ বৰ্ণনা কৰা হৈছে৷
জনজাতীয় স্বশাসন আৰু আত্মনিয়ন্ত্ৰণৰ সৈতে সেই নিৰ্দিষ্ট কৰা জনজাতি আত্ম বা নি(য়ৰ আমি দুটা নিৰ্দিষ্ট দিশেৰে আলোচনা কৰিব পাৰে (গৱেষণাৰ আলমত) –
(ক)    পৌৰাণিক আৰু পৰম্পৰাগত জনজাতীয় আত্মনিয়ন্ত্ৰণ আৰু স্ব-শাসন৷
(খ)    আধুনিক আৰু আনুষ্ঠানিক জনজাতীয় আত্মনিয়ন্ত্ৰণ আৰু স্ব-শাসন৷
(ক) পৌৰাণিক আৰু পৰম্পৰাগত জনজাতীয় আত্ম নিয়ন্ত্ৰণে –
(ৰ)    আদিম মান্যতা আৰু পৰিচয়;
(২)    নিৰ্দিষ্ট অঞ্চল ভূখণ্ডৰ পৰিৱেশ;
(৩)    অ-তুলনীয় সংস্কৃতি-কলা-আচৰণ;
(৪)    জনজাতীয় সহধম¹তা;
(৫)    প্ৰকৃতিৰ সৈতে একাত্মবোধ বা প্ৰকৃতিক ভালপোৱা;
(৬)    প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল জীৱন-জীৱিকা আৰু অৰ্থ;
(৭)    মুখিয়াল, মূৰব্বীৰ দ্বাৰা বিচাৰ আৰু নিয়মানুবৰ্তিতা;
(খ) আধুনিক আৰু আনুষ্ঠানিক আত্মনিয়ন্ত্ৰণ তথা জনজাতীয় আত্মনিয়ন্ত্ৰণ –
(ৰ)    সংবিধানৰ নিৰ্দিষ্ট অনুচ্ছেদ; (ভাৰতৰ সংবিধান)
(২)    সময়ে সময়ে হোৱা সংশোধন আৰু আইন;
(৩)    কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনজাতিৰ অধিকাৰ শাসনৰ আত্মনিয়ন্ত্ৰণৰ অধিসূচনা;
(৪)    সংসদীয় পৰম্পৰাৰ দ্বাৰা প্ৰণয়ন আইন (জনজাতি সম্পক¹য়);
(৫)    আইনৰ দ্বাৰা পালিত শাসন-প্ৰশাসন;
(৬)    উদ্যোগ ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাৰ প্ৰবনতা;
(৭)    গণতান্ত্ৰিক ব্যৱস্থাৰ অংশীদাৰ;
(৮)    ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ অংশীদাৰ ইত্যাদি৷
বহু আলোচক-সমালোচকে অন্য সহজ-সৰল ভাষাৰে থলগিৰি জনজাতীয় অধিকাৰ চৰকাৰ প্ৰদত্ত অধিকাৰ  বুলি অভিহিত কৰিব খোজে৷ এইবাৰ আহো থলগিৰি প্ৰসংগলৈ –
অসমৰ বৃহত্তৰ জনজাতীয়মূলীয় থলগিৰি, আত্মপৰিচয়, আত্মনিয়ন্ত্ৰণ আৰু আত্মমৰ্যদা সম্পৰ্কত আলোচনা কৰা অৱকাশে প্ৰকৃতাৰ্থত জনজাতীয় মূলীয় থলগিৰি আইনী আত্ম পৰিচয়ৰ কথা উল্লেখ কৰো – প্ৰথমেই আমি ‘থলগিৰি’ প্ৰকৃত মূল বা অতি বিশেষ প্ৰচলিত অৰ্থলৈ যোৱাৰ প্ৰয়োজন৷ প্ৰকৃতাৰ্থত থলগিৰি শব্দই প্ৰকৃত ভূমিপুত্ৰসকলক সামৰি লয়, যিসকলৰ স্থান, পৰিচয় বা তেনে স্থানান্তৰৰ ইতিহাস বিৰল৷ যাৰ সৈতে (ethnic group or ethnicity or Tribe ethinicity) নিভাজ সহজ-সৰল আৰু প্ৰাকৃতিক মানৱ সভ্য সমাজক চানেকি সুলভ – পৰিয়¸ৰ হিচাপে জনা যায়৷ অসম জনজাতীয় মূলৰ থলগিৰিৰ আমি আইনী আত্মপৰিচয়ৰ দিশ আলোচনা কৰাই হৈছে মূল লক্ষ্য৷ এই কাৰণেই যে যি সকলে যুগে যুগে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি জাতি-অঞ্চল-ভূমি আৰু নিৰ্দিষ্ট ভূখণ্ড সুৰক্ষিত কৰি ৰাখিছে৷ ভাৰত স্বাধীন হোৱাৰ পিছত আইনী আৰু সংসদীয় ব্যৱস্থাৰ দ্বাৰা আইনী – অধিকাৰ, স্থান আৰু প্ৰশাসনীয় দিশ আলোচনাৰে আমি অসমৰ জনজাতীয় থলগিৰিসকলক –
(ক)    Tribes indigenous
(খ)    Tribes  ethnicity
(গ)    Tribes inhabitan nationalism

দিশত আইনীভাৱে চিনাক্ত কৰাৰ প্ৰয়াস কৰাৰ থল আছে৷ যিয়েই প্ৰকৃতাৰ্থত –
– সাংবিধানিকভাৱে;
– আইনীভাৱে;
স্থান আৰু অধিকাৰ পাবৰ সক্ষম৷ Term schedule tribes innitially  admitted in the constitution of India, Article ৩৬৬ (২৫) stated ST as such tribal community/parts/groups are deemed under Article ৩৪২ to be tribes
ইয়াৰে অনুচ্ছেদ ১৬(৪) অনুসৰি চাকৰিৰ নিযুক্তি আৰু নিৰ্দিষ্ট কৰা পদ সম্পৰ্কত সংৰক্ষণৰ ব্যৱস্থাৱলী সম্পৰ্কত উল্লেখ আছে৷ যাৰ দ্বাৰা জনজাতি থলগিৰি আত্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাংবিধানিক স্থান, অনুমোদন আৰু ব্যৱস্থাৱলী আদি চকুত পৰে৷ সাংবিধানিক ব্যৱস্থাত এনে –
– অনুচ্ছেদ ৩৪২ অনুসৰি জনজাতীয় স্থান৷
– অনুচ্ছেদ ৩৬৬ অনুসৰি জনজাতীয় সংজ্ঞা৷
– অনুচ্ছেদ ১৫ অনুসৰি জনজাতীসকলক বৈষম্য দৃষ্টিৰ পৰা সুৰক্ষা প্ৰদান কৰা৷
– অনুচ্ছেদ ১৬ অনুসৰি চাকৰি ক্ষেত্ৰত সমান সুবিধা প্ৰদান৷
– অনুচ্ছেদ ১৯ অনুসৰি মত প্ৰকাশৰ সুবিধা৷
– অনুচ্ছেদ ৪৬ অনুসৰি জনজাতিসকলৰ শিক্ষা আৰু অৰ্থ দিশত সহযোগিতা প্ৰদান কৰা৷
– অনুচ্ছেদ ৩৩৫ অনুসৰি জনজাতিসকলৰ চাকৰি সংৰক্ষণৰ বাবে বিশেষ দাবী ব্যৱস্থা৷
– অনুচ্ছেদ ৩৩০ অনুসৰি লোক সভাত জনজাতিসকলৰ আসন সংৰক্ষণৰ ব্যৱস্থা৷
– অনুচ্ছেদ ৩৩২ অনুসৰি জনজাতিসকলৰ ৰাজ্যৰ বিধানসভাসমূহত আসন সংৰক্ষণ ব্যৱস্থা৷
– অনুচ্ছেদ ৩৩৪ অনুসৰি ব্যক্তিৰ বাবে আসন সংৰক্ষণ ভিন্নক্ষেত্ৰত৷
– অনুচ্ছেদ ৩৪৩ (ঘ) অনুসৰি পঞ্চায়তত আসনৰ ব্যৱস্থা৷
– অনুচ্ছেদ ৩৪৩ (ন) অনুসৰি ৰাজনৈতিক সুৰক্ষা৷
– অনুচ্ছেদ ৩৩৪ (ক) অনুসৰি অনুসৰি নেচনেল কমিচন কৰ এচ.টি. ১ ব্যৱস্থা ইত্যাদি হ’ল ভাৰতৰ সাংবিধানিক আইনী ব্যৱস্থা এই জনজাতীয়সকলৰ স্থান-মান-অধিকাৰ আৰু স্বশাসনৰ বাবে৷
এতিয়া আহো ভাৰতৰ সংবিধানৰ গন্দিত ভিন্নসকলক নিৰ্দিষ্ট কৰা জনজাতিসকলৰ আইনী স্ব-শাসন ব্যৱস্থালৈ৷ অসমত বসবাস কৰা সন্মানীয় কছাৰীমূলীয় জনজাতিসকলৰ আছে উল্লেখ কৰা ধৰণেৰে সাংবিধানিক আইন আৰু সংসদীয় আইনী মৰ্যদা – বিশেষকৈ বড়ো, মিছিং, ডিমাচা, চুতীয়া, সোণোৱাল, তিৱা, গাৰো, ৰাভা, শৰণীয়া কছাৰী, হাজং, ত্ৰিপুৰি, দেউৰি, ঠঙাল-কছাৰী, হোজাই, কোঁচ-ৰাজবংশীসকলৰ৷ এই সকলৰ আত্মনিয়ন্ত্ৰণ আৰু স্ব-শাসনৰ ব্যৱস্থাৰ বাবে কেইখনমান নিৰ্দিষ্ট কৰা আইনৰ অধ্যাদেশ বিষয়ে আলোচনা কৰা হওক৷ উল্লেখ থাকিল বহু সময়ত বহুকেইটা নিৰ্দিষ্ট কৰা সন্মানীয় জনজাতীয় গোষ্ঠীৰ সৈতে কেন্দ্ৰ-ৰাজ্য চৰকাৰ আৰু সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ নেতাসকলৰ সৈতে আলোচনা-পৰ্যালোচনা আৰু পিছলৈ আইন-চুক্তি আৰু চৰকাৰী কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে৷ যেনে –
(ক)    Bodo Accord ১৯৯৩ (ৰst)
(খ)    Bodo Accord ২০০৩ (২nd)

প্ৰথম চুক্তিৰ পিছতেই The Bodoland Autonomus Council Act ১৯৯৩ গ্ৰহণ কৰা হৈছিল পিছলৈ ইয়াক ৰোধ কৰা হয় (Repealed), পিছত হয় বড়োচুক্তি ২০০৩ অনুসৰি The Constitutional (Amendment  ninetinth) Act ২০০৩, ২৮th September ২০০৩ অনুসৰি অনুচ্ছেদ ৩৩২ (৬) অনুসৰি বড়োভূমিক Bodo BTAD ক সংবিধানিক মৰ্যদা প্ৰদান কৰা হয়৷ তালিকাৰ পৰাই× ৩৩২ অনচ্ছেদ অনুসৰি Bodoland terrotiral areas district গু BTC চৰকাৰে আত্মনিয়ন্ত্ৰণ আৰু স্বশাসনৰ মৰ্যদা গ্ৰহণ কৰিছিল৷ লগতে এই প্ৰসংগত আমি অন্য কেইখনমান স্ব-শাসন আৰু আত্মনিয়ন্ত্ৰিত আইন প্ৰসংগ উল্লেখ কৰা ভাল –
– The Tiwa Autonomous Council Act ১৯৯৩
– The Rabha Hasang Autonomus Council Act ১৯৯৫
– The Mising Autonomous Council Act ১৯৯৫
– The Thengal Kachari Autonomous Council Act ২০০৫
_ The Deori Autonomous Council Act ২০০৫
– The Sonowal Kachari Autonomous Council Act ২০০৫
যিবোৰৰ সাংবিধানিক আৰু আইনীভিত্তি সমানেই৷ ইয়েই বহন কৰিছে উল্লেখ কৰা জনজাতিয় গোষ্ঠীসকলৰ –
(ক)     Self Autonomy
(খ)    Self govt.
(গ)    Self determination
(ঘ)    Division of power policies
সাংবিধানিক আইনীভাৱে থলগিৰি মানুহৰ আত্মপৰিচয় আৰু আত্মনিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দি বহু সন্মান স্ব-শাসন অধিকাৰ আৰু স্পষ্টকৈ প্ৰমাণিত কৰিছে৷ এনেদৰে –
(ৰ) জাতীয় সমস্যা আৰু আঞ্চলিক সন্মানৰ প্ৰতি সঁচাই চকু ৰাখিছিল৷
(২) জনজাতীয় থলগিৰি মানুহক লৈ আশাৰ বাসনা আৰু সপোনৰ গাঁও বাস্তৱত ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷
(৩) কেৱল সেয়াই নহয় আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ বাবেই হয়তো প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেবে বহু আইন প্ৰণয়ন কৰিলে৷
(৪) যিবোৰ আইনৰ দ্বাৰা অসমৰ খিলঞ্জীয়া থলগিৰি মানুহৰ –
(ক) আত্মনিয়ন্ত্ৰণ
(খ) আত্ম পৰিচয়
(গ) স্ব-শাসন
(ঘ) সমাজ সংস্কৃতিৰ সংৰক্ষণৰ প্ৰস্তুতি
প্ৰকৃতাৰ্থত প্ৰতিষ্ঠা হ’ল৷ বহু কেইখন আইন তৰুণ গগৈৰ দিনত নিজ হাতেৰেই নিৰ্মাণ কৰাৰ লগতে অন্য জনগোষ্ঠীৰ আত্ম পৰিচয় সম্পক¹য় আইন সংশোধনৰ দ্বাৰা অধিকাৰ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়৷
বহুকেইটা উগ্ৰপন্থী সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনা আৰু তাৰ অন্তত এক শান্তিৰ বাতাবৰণ জন্ম দিয়াৰ জনজাতীয় স্বকীয়তাৰ প্ৰতি সন্মান আৰু সঁচা ভালপোৱা বুজায়৷ জনজাতীয় ভূমিপুত্ৰই আইনী মৰ্যদাৰে স্ব-শাসনৰ দিশ নিৰ্দ্ধাৰণ কৰিব পাৰি৷ বিশেষকৈ জনজাতী (কেইটামান নিৰ্দিষ্ট কৰা) সকলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক ৰাজনৈতিক উত্তৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল৷ তাৰ বৰ্ণৰ পৰিপ্ৰেক্ষিততেই আইনৰ গইনাৰে  নিৰ্দিষ্ট অঞ্চল পৰিসৰত জাতীয়তাবাদ, আঞ্চলিকতাবাদ আৰু জাতীয় পৰিচয়ৰ বাট সুচল হ’ল৷ বিশেষকৈ বড়ো, কছাৰী, দেউৰী, মিছিং, ৰাভা-হাজং, তিৱা আদি প্ৰমুখ্যে জনজাতীয় থলুৱা থলগিৰি সমাজৰ প্ৰতি অত্যন্ত আন্তৰিকতা আৰু জাতিৰ প্ৰতি সন্মান আৰু কৰণীয় আদি আইনৰ দ্বাৰা প্ৰতিফলন৷
শেষত উল্লেখ কৰা ভাল, যোৱা দিনবোৰত সাংবিধানিক আইন, সংসদীয় আইন –
– জাতীয়তাবাদ
– আঞ্চলিকতাবাদ
– থলগিৰি আত্ম পৰিচয়ৰ আৰু
– উগ্ৰজাতীয়তাবাদৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে প্ৰণয়ন কৰা কেইটামান আইন আৰু শাক্তিচুক্তিৰ কথা আলোচনাই অসমৰ জনগোষ্ঠীৰ জনজাতীয় চেতনাক থলগিৰি মৰ্যদাৰে সাংবিধানিক আৰু আইনীভাৱে সুবিধা দিলে৷


Leave a Reply

Your email address will not be published. Required fields are marked *