by Arup Kakoti

যৌন শিক্ষা কি আৰু কিয় যৌন শিক্ষাৰ প্ৰয়োজন সেয়া সকলোৱে প্ৰায় অৱগত বুলিব পাৰি৷ আজি আলোচনা কৰিবলৈ লৈছোঁ কিমান বয়সৰ পৰা শিশুক এই শিক্ষা দিয়াৰ প্ৰয়োজন আৰু কেনেদৰে শিশুক যৌন শিক্ষা প্ৰদান কৰা উচিত৷
শিশু এটি ক্ৰমান্বয়ে বৃদ্ধি হৈ এবছৰীয়া এটি মৰম লগা দেৱশিশুত পৰিণত হয়৷ নানা ধৰণৰ অংগী-ভংগীৰ মাজেৰে শিশুটিয়ে ৰং-ৰহইচ কৰিব পৰা হয়৷ এইখিনি সময়ত শিশু ইমানেই মৰম লগা হয় যে আমি দেখিয়েই স্পৰ্শ কৰিবলৈ মন মেলো৷ ইয়াৰ পৰা প্ৰথম পিতৃ-মাতৃয়েই বিৰত থাকিব পাৰিব লাগিব৷ শিশুক স্পৰ্শ কৰি শিশুৰ লগত খেলিবলৈ যাওঁতে বহু পিতৃ-মাতৃয়ে শিশুটিৰ যৌনাংগও স্পৰ্শ কৰে বাৰে বাৰে৷ বহুতে কয় শিশু, একো নহয়, মৰমতহে তাত চুইছোঁ৷ ভুল তাতেই, কোনো পিতৃ-মাতৃয়ে নিজৰ শিশুক বেয়া ভাবি স্পৰ্শ নকৰে৷ সেইবাবে শিশুৱেও পিছৰ বয়সত বুজি লয় যে আন ব্যক্তিয়েও যৌনাংগ স্পৰ্শ কৰিব পাৰে৷ Bad touch অনুভৱ কৰিব নোৱাৰে৷ অনুভৱ স্বয়ংক্ৰিয়ভাৱে আহে, তাক আমি জোৰকৈ আনিব নোৱাৰোঁ৷ সেইবাবে নিৰ্দিষ্ট বয়সত Good touch bad touch ১ বিষয়ে বুজাই দিলেও কিন্তু সেই স্পৰ্শ অনুভৱ নকৰিবও পাৰে৷ তাৰোপৰি শিশু সকল অধিক curious হয়৷ নজনা কথা এটা জানিবলৈ বেছি আগ্ৰহী হয় যাৰ বাবে বিভিন্ন প্ৰশ্ন কৰা আৰম্ভ কৰে৷ যেতিয়া আপুনি এটি শিশুক ক’বলৈ যাব যে তোমাৰ ইয়াত কাকো চুবলৈ নিদিবা, তেতিয়া তেওঁলোকে ইয়াৰ কাৰণ জানিবলৈ আগ্ৰহী হ’ব, যিটো বুজাই কোৱাৰ বয়স সেয়া নহয় কেতিয়াও৷
শিশুক যৌন শিক্ষা দিয়াৰ নিৰ্দিষ্ট বয়স আছে তেওঁলোকৰ বুজা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি৷ একৰ পৰা দুই বছৰৰ শিশুৱে বুজি পায় যে পিতৃ-মাতৃয়ে তেওঁলোকৰ মৰম কৰিছে নে খং কৰিছে৷ মৰমৰ মাজত সুৰক্ষিত শিশুৱে আনৰ মৰম বুজি পায়৷ কেতিয়াবা চাবচোন শিশুৱে কিছুমান মানুহৰ কোচলৈ যাবলৈ মন নকৰে৷ শিশুৱেও বুজি পায় সুৰক্ষিত কোলা কোনখন৷ শিশুৱে নিজেই অনুভৱ কৰিব পৰাকৈ পিতৃ-মাতৃয়ে সেইবাবে একযদুই বছৰীয়া শিশুৰ যৌনাংগ স্পৰ্শ কৰি ধেমালি কৰিব নালাগে৷ নিজৰ মাক-দেউতাকে য’ত নুচুৱে তাত আনে চুলে যে অসুৰক্ষিত অনুভৱ কৰিছে সেইকথা যদিও বুজি নাপায় জোৰকৈ তেনে ব্যক্তিৰ ওচৰৰপৰা আঁতৰি আহিবলৈ বিচাৰিব৷ বহু মহিলাই একযদুই বছৰীয়া শিশু দেখিলেই কোলাত তুলি ধেমালিকৈ কয় ‘‘চাওঁ চাওঁ, পেণ্ট পিন্ধিছা নে নাই৷’’ এনে মহিলাক বুজাই দিব লাগে যে তেওঁৰ সেই ধেমালি আজিৰ সময়ত বিপদজনক৷
তিনি বছৰৰ পৰা পাঁচ বছৰৰ শিশুসকলে পুৰুষ-মহিলা কেনেকৈ পৃথক সেয়া বুজিব পৰা হয়৷ ল’ৰা আৰু ছোৱালীয়ে একেই যে নহয় সেইটো বুজি পায়৷ এই বয়সত নিজৰ শিশুক পিতৃ-মাতৃয়ে স্পৰ্শৰ কথা বুজাব লাগে৷ সেইটো কৰিবলৈ যাওঁতে ইয়াত কাকো চুবলৈ নিদিবা, এইটো তোমাৰ চিক্ৰেট পাৰ্ট এনেদৰে বুজাবলৈ অলপ অস্বাভাৱিক লাগে৷ সেইবাবে তেওঁলোকক বুজাব লাগে যে নিজৰ অন্তৰ্বাস সকলোৰে আগত খুলিব নালাগে৷ মাতৃগৰাকীয়ে শিশুক গা ধোৱাই কাপোৰ পিন্ধাবলৈ ভিতৰলৈ আনোতে সদায় এখন কাপোৰেৰে মেৰিয়াই আনিব লাগে৷ তেনে কৰোঁতে ক’ব লাগে যে তেওঁলোকৰ শৰীৰটো মানুহে দেখিব, দেখিলে লাজ লাগিব নহয় সেইকাৰণে কাপোৰখন পিন্ধাই দিছে৷ এই বয়সত সদায় মাতৃ বা পিতৃ গৰাকীয়ে সন্তানক গা ধুৱাই দিয়ে৷ গা ধুৱাওতেই তেওঁলোকক বুজাব লাগে তেনেকৈ কাপোৰ খুলি কেৱল পিতৃ-মাতৃয়েহে তেওঁলোকক দেখে৷ আন মানুহৰ আগত তেনেদৰে কাপোৰ খুলি গা ধুৱাব নালাগে৷ পিতৃ-মাতৃয়ে নিজেই যেনেকৈ বাথৰুমৰ দুৱাৰ বন্ধ কৰি গা ধোৱে, সন্তানকো গা ধুৱাওতে সদায় দুৱাৰখন বন্ধ কৰি ল’ব লাগে৷ তেতিয়া সন্তানে পিছত নিজেই বুজি পাব সেইখিনি কথা৷ শিশুক ঘৰৰ পৰা বাহিৰলৈ নিলে কেতিয়াও য’তে ত’তে প্ৰস্ৰাৱ কৰোৱাব নালাগে৷ সুৰক্ষিত ঠাইত য’ত তেওঁলোকক কোনেও নেদেখে তেনে ঠাইতহে প্ৰস্ৰাৱ কৰোৱাব লাগে৷ বহুতে ভাবে সৰু ল’ৰা-ছোৱালী, কি হ’ব নো? একো নহয় সঁচা, কিন্তু সুস্থ যৌন শিক্ষা প্ৰদান কৰিবলৈ এইখিনি প্ৰয়োজন৷ যৌন শিক্ষা আন শিক্ষাৰ দৰে একেবাৰতে প্ৰদান কৰিব পৰা নাযায়৷ বয়স আৰু বুজন শক্তিৰ ওপৰত নিৰ্ভৰ কৰি ঢাপে ঢাপে আৰু অতি সতৰ্কতাৰে আগবঢ়াই নিব লাগে৷ সেইবাবে সৰু ল’ৰা-ছোৱালী কি হ’ব নো বুলি ভাবিব নালাগে৷ এই বয়সত শিশুৱে বুজি পায় ল’ৰা আৰু ছোৱালীয়ে কাপোৰ বেলেগে পিন্ধে, ল’ৰা আৰু ছোৱালীয়ে প্ৰস্ৰাৱ বেলেগকৈ কৰে৷ ল’ৰা আৰু ছোৱালীৰ চুলি বেলেগকৈ কাটে৷ তেওঁলোকে এই পাৰ্থক্যৰ পৰা বুজে তেওঁলোকৰ সমনীয়া ল’ৰা নে ছোৱালী৷ এই পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিজৰ সমনীয়া বাচি লয়৷ শিশুক গা ধুৱাবৰ সময়ত সদায় অন্তৰংগ হৈ ল’ব লাগে৷ তেওঁলোকক তেতিয়া আপুনি অন্তৰংগতাৰে প্ৰশ্ন কৰিব পাৰে, কেনেবাকৈ তেওঁক কোনোবাই চুইছিল নেকি? অন্তৰংগতাৰে ক’ব লাগে যদি কোনোবাই ভুলতেও চুৱে তেওঁ যেন পিতৃ-মাতৃক জনাই কথাটো৷ এই বয়সত তেওঁলোকক শিকোৱা বা বুজোৱা অতি জৰুৰী যে তেওঁলোকে কাহানিও কোনো অচিনাক্তি ব্যক্তিৰ কাষলৈ যাব নালাগে, মাতিলে মাতিব নালাগে, কিবা বস্তু দিলে ল’ব নালাগে৷ লগতে কোনো অচিনাকি ব্যক্তিৰ বা এদিনীয়া চিনাকি ব্যক্তিৰ কোঁচত বহিব নালাগে৷

পাঁচৰ পৰা নযদহ বছৰীয়া শিশুৰ যৌন শিক্ষা কেনে হ’ব লাগে বাৰু৷ পাঁচ বছৰীয়া এটা শিশুক যেতিয়া শৰীৰৰ বিভিন্ন অংগসমূহৰ বিষয়ে জ্ঞান দিব, তেতিয়া যৌনাংগকো শৰীৰৰ অংগ সমূহৰ অন্তভুৰ্ক্ত কৰিব লাগে৷ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয় অন্তভুৰ্ক্ত নহয়, কিয়নো ইমান কম বয়সীয়া শিশুক যৌনাংগৰ ভিন্নতাৰ বিষয়ে কোৱা অপ্ৰয়োজনীয়৷ সেয়ে পিতৃ-মাতৃয়ে ঘৰত পঢ়াওতে সাধাৰণীকৰণ কৰি সকলো অংগ পঢ়াব লাগে৷ যদি আপুনি ল’ৰাৰ পিতৃ বা মাতৃ তেনেহ’লে কেৱল ল’ৰাৰ যৌনাংগৰ নাম কওঁক আৰু যদি কন্যাৰ পিতৃ বা মাতৃ তেনেহ’লে কন্যাৰ যৌনাংগৰ নাম কওঁক৷ কিন্তু মনত ৰাখিব আপুনি সন্তানক বুজাব পাৰিব লাগিব যে যৌনাংগৰ নাম কেৱল পিতৃ-মাতৃ আৰু ডাক্তৰৰ আগতহে প্ৰকাশ কৰা অংগ, আনৰ আগত যেনেকৈ যৌনাংগ ঢাকি ৰাখিব লাগে তেনেদৰে যৌনাংগৰ নামটোও ঢাকি ৰাখিব লাগে৷ ইয়াৰ প্ৰয়োজনীয়তা কি বুলি ভাবে? যদি আপুনি যৌনাংগক সৰলভাৱে নামেৰে সৈতে পৰিচয় কৰোৱাই থয়, তেতিয়া নিৰ্দিষ্ট বয়সত শ্ৰেণীৰ পাঠদানত শিক্ষকে যৌনাংগৰ বিভিন্ন অংগসমূহৰ লগতে কাৰ্য বিৱৰণী দিব তেতিয়া শিক্ষকৰো সুবিধা হয় আৰু শিশুৱেও সহজভাৱে বুজিবলৈ সক্ষম হয়৷ এই বয়সত শিশুৰ মনে জানিবলৈ বিচাৰে সদায় সযতনে ৰখা অংগ সমূহৰ নামনো কি৷ সেই উৎসুকতা মাৰি দিব লাগে৷ আজিকালি প্ৰায় জ্জ্বযজ্ঝ বছৰৰ পৰাই কন্যা শিশুৰ ঋতুস্ৰাৱ হোৱা দেখা যায়৷ সকলোৰে নহয় যদিও বহুতৰে হয়৷ সেইবাবে জ্জ্বযজ্ঝ বছৰতেই কন্যা শিশুক ঋতুস্ৰাৱৰ বিষয়ে বুজাই দিব লাগে৷ ঋতুস্ৰাৱ যে এক স্বাভাৱিক প্ৰক্ৰিয়া সেয়া বুজোৱাৰ লগতে বিদ্যালয়ত থকাৰ সময়ত যদি কাৰোবাৰ ঋতুস্ৰাৱ হয়, তেনেহ’লে বিদ্যালয়ৰ শিক্ষয়িত্ৰীক নিঃসংকোচে যাতে জনায় তাকো শিকাব লাগে৷ কন্যা সন্তানৰ যৌনাংগ যে কেৱল প্ৰস্ৰাৱ কৰিবৰ বাবেই নহয়, ঋতুস্ৰাবো হয় সেয়া ঘৰতেই পিতৃয মাতৃয়ে বুজাই দিব লাগে৷ বহু সময়ত একক পিতৃয়ে নিজৰ কন্যা সন্তানক লৈ বিমোৰত পৰে এই ক্ষেত্ৰত৷ একক পিতৃয়েও এই বিষয়ে নিঃসংকোচে কন্যাৰ লগত আলোচনা কৰিব লাগে বা উচিত মাধ্যমৰ সহায় ল’ব লাগে৷ হয় নিজৰ পৰিয়ালৰ অন্য মহিলা নতুবা স্ৰীৰোগ বিশেষজ্ঞ নতুবা কোনো মানসিক চিকিৎসকৰ সহায় ল’ব লাগে৷
কৈশোৰ কাল, পৰিৱৰ্তনৰ সময়৷ যৌনাংগৰ পৰিৱৰ্তনৰ লগে লগে শৰীৰত অন্যান্য পৰিৱৰ্তনসমূহ হ’বলৈ ধৰে৷ এইখিনি সময়ত পিতৃ-মাতৃয়ে সন্তানৰ মানসিক অৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে৷ পৰিৱৰ্তন যে স্বাভাৱিক সেয়া বুজাই দিব লাগে৷ ঋতুস্ৰাৱৰ সবিশেষ বুজাব লাগে যদি আগত বুজোৱা নাই৷ বিদ্যালয়ত এই বয়সত যৌন শিক্ষাৰ পাঠ আৰম্ভ হয়৷ সেয়া বিদ্যালয়ত শিক্ষকে কৰে৷ যদি কোনো অভিভাৱকে নিজেও কৰিব বিচাৰে তেনেহ’লে কৰিব পাৰে৷ যৌনাংগৰ গঠন, বিভিন্ন অংশ, কাৰ্য বিৱৰণী দিয়া হয়৷ লগতে শৰীৰৰ পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰোৱা হয়৷ যদি ছাত্ৰ-ছাত্ৰীয়ে ঘৰতেই আগৰ যৌন শিক্ষা সঠিকভাৱে পাই আহে তেনেহ’লে শ্ৰেণীত শিক্ষকে প্ৰজননৰ কথা বুজাবলৈ অপ্ৰস্তুত নহয়, কিন্তু তাকে নহ’লে শিক্ষক অপ্ৰস্তুত হ’ব লাগে৷ পুং জনন অংগৰ বিষয়ে বুজাবলৈ যাওঁতে যদি ল’ৰাই ফিচিঙা ফিচিঙি কৰে ঠিক তেনেদৰেই স্ত্ৰী জনন অংগৰ বিষয়ে বুজাবলৈ যাওঁতে ছোৱালীয়ে ফিচিঙা ফিচিঙি কৰে৷ মূৰকত পাঠ সিমানতে সামৰিব লগা হয় শিক্ষকৰ৷ কিন্তু ঘৰত পিতৃ-মাতৃয়ে সেয়া অনায়াসে কৰিব পাৰে৷ পিতৃ-মাতৃয়ে পাঠৰ লগত সংগতি ৰাখি প্ৰজননৰ বিষয়ে বুজাব পাৰে৷ ছোৱালী জনীক যেনেকৈ বুজাব লাগে যে যৌন সম্ভোগ কি ঠিক একেদৰেই ল’ৰাজনকো বুজাব লাগে যৌন সম্ভোগ কি৷ এই বয়সত প্ৰকৃতিকভাবেই ল’ৰা-ছোৱালীয়ে যৌনতাৰ বিষয়ে অৱগত হয়৷ সেয়ে অতি প্ৰয়োজনীয় সঠিকভাৱে তেওঁলোকক পৰিচালিত কৰা৷ তেওঁলোকে এই বিষয়ে অধিক জানিবলৈকে পৰ্ণ ফিল্ম চাবলৈ লয়৷ নিজৰ সন্তানৰ কৈশোৰ কালত পিতৃ-মাতৃয়ে সংযত হ’ব লাগে৷ নহ’লে সন্তান যৌনতাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰে৷ এই বয়সত সন্তানে যৌন উত্তেজনা অনুভৱ কৰে৷ বহু শিশুৰ ক্ষেত্ৰত এই অবাঞ্চিত যৌন উত্তেজনাই মগজুত বেয়াকৈ ক্ৰিয়া কৰি যায়৷ পিতৃ-মাতৃয়ে বুজিব নোৱাৰে প্ৰকৃততে হৈছে কি৷ সেইবাবে এই বয়সৰ শিশুৰ কিবা অস্বাভাৱিকতা পিতৃ-মাতৃয়ে দেখিলে মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷ বহু শিশু খঙাল হৈ পৰে, বহুতে পঢ়াত মন নিদিয়া হয়, বহু ভাবুক হৈ থাকে৷ এটা অতি অস্বাভাৱিক শাৰীৰিক পৰিৱৰ্তন হয় সেইটো হৈছে নিজৰ মাজতে ভাবুক হৈ হঁহাৰ দৰে কৰা আৰু চকু সঘনাই টিপিয়াই থাকে নতুবা ডিঙিটো অস্বাভাৱিকভাৱে লৰচৰ বা ঘুৰাই থাকে৷ বহু লোকে এনে হ’লে ল’ৰা বা ছোৱালীজনীক যাদু মন্ত্ৰ কৰা বুলি কয়, কিন্তু ই এটা যৌন সংক্ৰান্তীয় শাৰীৰিক পৰিৱৰ্তন৷ সঠিক চিকিৎসাৰ অভাৱত ই ল’ৰাযছোৱালীজনীৰ গাত থাকি যায়৷ বহুতে নিজৰ অস্বাভাৱিকতা বুজিব নোৱাৰি নিজৰ যৌনাংগ বাৰে বাৰে স্পৰ্শ কৰি থাকে৷ এই পৰিৱৰ্তনসমূহ পিতৃ-মাতৃয়ে লক্ষ্য কৰিব লাগে৷
এতিয়া হয়তো বুজি পাইছে, যৌন শিক্ষাৰ ক্ষেত্ৰত এজন শিক্ষকৰ গুৰুত্ব কিমান আৰু এজন অভিভাৱকৰ গুৰুত্ব কিমান৷ মুক্ত যৌন শিক্ষা মানে মুকলিকৈ শিশুৰ লগত যৌন সম্পৰ্কীয় আলোচনা কৰা৷