অৱহেলিত ৰামখাপীঠ (ৰাজলক্ষ্মী ভূঞা) – Purbodix.com

অৱহেলিত ৰামখাপীঠ (ৰাজলক্ষ্মী ভূঞা)

ঐতিহাসিক শিৱসাগৰ জিলাৰ দিখৌমুখ দেওঘৰীয়া অঞ্চলত অৱস্থিত এইপীঠ স্থান ৰামখাপীঠ৷ পৌৰাণিক তত্ত্ব অনুযায়ী দক্ষৰাজৰ জীয়েক সতীয়ে পিতৃগৃহত আয়োজিত যজ্ঞত নিজৰ পতি মহাদেৱ শিৱৰ তিৰস্কাৰ শুনি সহ্য কৰিব নোৱাৰি যজ্ঞকুণ্ডতে আত্মবিসৰ্জন দিয়ে৷
মহাদেৱে সতীৰ মৃতশৰীৰ কান্ধত লৈ পাহাৰে-কন্দৰে বগাই ফুৰিবলৈ ধৰে৷ এইকথাত সকলো দেৱ-দেৱতা চিন্তিত হৈ পৰে৷ আৰু শিৱৰ সেই ক্ৰোধান্বিত ৰূপ দেখি জগতৰ হিত সাধনৰ হেতু সুদৰ্শন চক্ৰেৰে সতীৰ দেহ ৫১ টা খণ্ডত খণ্ডিত কৰি পেলাইছিল৷ সতীৰ দেহৰ বিভিন্ন অংশ সেয়েহে বিভিন্ন ঠাইত সিচঁৰতি হৈ পৰিছিল৷ আৰু এইদৰে সতীৰ নাভী অংশ গৌৰীসাগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল ভৰলুৱা গাঁৱৰ এই অংশতে পৰি ৰয়৷ উল্লেখযোগ্য যে আহোমসকল অহাৰ আগতেই এই পীঠস্থান আছিল যদিও এই বিষয়ে পুংখানুপুংখ সমলৰ অভাৱ৷
আনুমানিক প্ৰায় আঠশ বছৰৰ আগৰেপৰাই এই স্থান পীঠস্থান আছিল বুলি জনসাধাৰণৰ প্ৰবাদ আৰু এই পীঠস্থানত পূজা কৰাৰ সময়ৰ পৰা বুজা যায়৷ বুৰঞ্জীবিদসকলে চুতীয়া ৰজাৰ ৰাজত্বকালত এই পীঠস্থান আৰম্ভ কৰিছিল বুলি উল্লেখ কৰিছে৷ এই দেৱালয়ক সেই সময়ত দেওশাল বুলি কোৱা হৈছিল৷
তাৎপৰ্যপূৰ্ণ যে চাওলুং চুকাফাই অসমলৈ আহি এই দেওশালতে বলি বিধান দি পূজা কৰাৰ প্ৰবাদ আছে৷ যুদ্ধ জয়ৰ পাছতো স্বৰ্গদেৱে এই দেওশালত পূজা দি দেওশালৰ নিমিত্তে ধন-সোণ দান কৰিছিল৷ পৰৱৰ্তী সময়ত ৰজাই দেওশালৰ খাজনাও ৰেহাই দিছিল৷ কালক্ৰমত দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াত বহু কেইবাৰ বেলেগ স্থানলৈ স্থানান্তৰিত কৰিব লগা হৈছিল৷
তাৎপৰ্যপূৰ্ণ কথা হ’ল ইতিহাসৰ তথ্য অনুসৰি ১৭৬৯-১৭৭৫ চনৰ কোনোবা এটা দিনত স্বৰ্গদেউ লক্ষ্মী সিংহই ৰংপুৰৰ ৰজা হাউলিৰ পৰা ৰূপহী জানেৰে নাৱেৰে ভ্ৰমণ কৰিছিল৷
সেই অৱস্থাতে দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ এই সংগমস্থলতে তেওঁৰ নাওখন কোনো কাৰণ নোহোৱাকৈ ৰৈ যায়৷ ৰজাই হাতী, সৈন্য-সামন্তকে আদি কৰি অলেখ চেষ্টা কৰিও নাওখন তাৰপৰা আঁতৰাব নোৱাৰি তাতেই ৰৈ দিব লগাত পৰিল৷
সেই নিশা ৰজাই সপোনত দেখে যে সেই স্থানত সতীৰ বিগ্ৰহ আছে আৰু বিগ্ৰহ নতুনকৈ যথাবিহিত নিয়মেৰে নতুনকৈ প্ৰতিস্থাপন কৰিলেহে ৰজা আগুৱাই যাব পাৰিব৷ ৰজাই সপোনৰ নিৰ্দেশমতে বিশেষ স্থানৰ পৰা পূজাৰী আনি বলি -বিধান সহিতে পূজা কৰি পূজাৰ অন্তত নদীৰ মাজৰ পৰা সতী আইৰ শিলৰ বিগ্ৰহ উদ্ধাৰ কৰে৷ সেই স্থানত আইৰ বুকুৰ পৰা নাভী অংশৰ শিলৰ মূৰ্তি উদ্ধাৰ হৈছিল৷
ইয়াৰোপৰি শিলত খোদিত সতীৰ মূৰ্তি আৰু বলি কটা দা আৰু মন্দিৰৰ ওপৰৰ গম্বুজ অংশ উদ্ধাৰ কৰা হৈছিল৷ সেই সময়ত স্বৰ্গদেউ লক্ষ্মী সিংহই যিখন পীঠস্থান নিৰ্মাণ কৰে সেইখনেই ৰামখাপীঠ৷ আজি যি স্থানত ৰামখাপীঠ আছে সেই স্থানত নামঘৰ আৰু পীঠ সংলগ্ন হৈ আছিল৷ প্ৰায় আঢ়ৈশ বছৰৰ আগতেই এই নামঘৰৰ প্ৰতিস্থাপন কৰা হৈছিল৷ য’ত এফালে ভাগৱত আৰু আনফালে আই ভাগৱতীৰ পীঠস্থান আছিল৷
আজি প্ৰায় দহ বছৰমানৰ আগতে নামঘৰৰ পৰা পীঠস্থান পৃথক কৰি নতুনকৈ কাষতে পতা হৈছে৷ এই পীঠস্থানত প্ৰতি বছৰে দুৰ্গাপূজা পাতি হাঁহ, ছাগলী, কোমোৰা, কুঁহিয়াৰ আদি বলি দিয়াৰ প্ৰথা অতীজৰে পৰা চলি আহিছে৷
তাৎপৰ্যপূৰ্ণ কথা এই যে ইয়াত দেৱী মৃন্ময় মূৰ্তিৰ পূজা নহয়৷ তাৰ পৰিৱৰ্তে মহামায়া মাৰ বিগ্ৰহ বৈদিক নিয়মেৰে পূজা কৰা হয়৷ ইয়াৰোপৰি বাসন্তী পূজা, শিৱৰাত্ৰী, লক্ষ্মী পূজা আৰু ফাকুৱা উৎসৱ অনুস্থিত কৰি আহিছে৷ দুৰ্গা পূজাৰ সময়ত ধেমাজি, লক্ষীমপুৰ আদিৰ অনেক লোক পূজা কৰিবলৈ ইয়াত সমাগম হয়৷ একাৱন্নখন পীঠস্থানৰ অন্যতম এই ৰামখাপীঠ পীঠস্থান জাগ্ৰত পীঠ স্থান৷
উল্লেখযোগ্য যে প্ৰতি বছৰৰ ব্ৰহ্মপুত্ৰৰ বানপানীয়ে পীঠস্থানখন নষ্ট কৰি আহিছে৷ গৌৰীসাগৰৰ পৰা পীঠস্থানৰ সমীপলৈকে ৰাস্তা-পদুলি ভাল যদিও পীঠস্থানলৈ সোমাই যোৱা চাৰি মিটাৰ মান ৰাস্তাৰ অৱস্থা বেয়া৷ ঐতিহ্যমণ্ডিত মহিমামণ্ডিত এই পীঠস্থানখন যেন আজিও অৱহেলিত৷
আমি যি সময়ত উপস্থিত হৈছিলো সেই সময়ত কাষতে থকা সেই ঐতিহাসিক নামঘৰত আইসকলে নাম লৈ আছিল৷ কাষতে পীঠস্থানখন৷ আমি যোৱা দেখি কাষতে থকা অতিথিশালাৰ পৰা পূজাৰীজন ওলাই আহি আমাক পূজা কৰাৰ ব্যৱস্থা কৰি দিলে৷
নামঘৰৰ কাষতে এখন প্ৰাথমিক বিদ্যালয়৷ মনলৈ বহুত কথা আহিল৷ পীঠস্থানখনৰ চৌদহৰ বেৰা আজিও নাই৷ পীঠস্থান খনৰ মুল ঘৰটো হৈ উঠিছে যদিও মণ্ডপটো আজিও হৈ উঠা নাই৷ কিবা যেন অৱহেলিত ঠাই এডোখৰ হে৷
দুখজনক কথাটো কি জানেনে?? সুদূৰ লক্ষীমপুৰৰ পৰা আহি লোকসভাৰ সাংসদ পূজিৰ পৰা মাননীয়া ৰাণী নৰহ ডাঙৰীয়ানীয়ে সাংসদ উন্নয়ন পুঁজিৰ সাত লাখ টকাৰ শৌচালয় আৰু প্ৰস্ৰাৱঘৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াইছে অথচ ৰাজনৈতিক নেতা, মন্ত্ৰী-বিধায়কে কোনো পূজি আগবঢ়োৱা নাই৷
ইয়াৰোপৰি প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়াও অনুদান আগবঢ়োৱাৰ নামফলক দেখা গ’ল৷ জিৰণি চ’ৰা এটাও নিৰ্মাণ কৰি থকা অৱস্থাত দেখা গ’ল৷
দুখৰ বিষয় যে যোৰহাট লোকসভা সমষ্টিৰ দুজনকৈ সাংসদ থকাৰ পাছতো বৰ্তমানৰ আমগুৰি সমষ্টিৰ বিধায়কজন থকাৰ পাছতো সমষ্টি উন্নয়ন পুঁজি অথবা সাংসদ উন্নয়ন পঁুজিৰ পুজি এই পীঠস্থানখনলৈ যোৱাৰ কথা কতো গ’ম নাপালো৷ ঐতিহাসিক এই পীঠস্থান ভাগ আটকধুনীয়াকৈ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আছে বুলি ভাবো৷ ই আমাৰ কৰ্তব্য আৰু দায়িত্বও৷

শ্ৰদ্ধাৰ দিগন্ত বিশ্ব শৰ্মা ককাইদেউকো মই অনুৰোধ কৰিছোঁ যাতে আপুনি আৰু আপোনাৰ পৰিয়াল যিহেতু ভগৱান বিশ্বাসী সুন্দৰ মানসিকতাৰ পৰিয়াল৷ সেইবাবে এই বিষয়টিৰ গুৰুত্ব বুজি ঐতিহাসিক ৰামখাপীঠৰ উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব বুলি মই যথেষ্ট আশাবাদী৷

Leave a Reply

Your email address will not be published. Required fields are marked *