by Arup Kakoti

সাম্প্ৰতিক সময়ত মানৱ জাতিৰ জীৱন ধাৰণৰ গতি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সলনি কৰি পেলাইছে৷ জীৱনৰ গতি সলনি হোৱাৰ লগে লগে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ চিন্তাচৰ্চা, ৰীতি-নীতি, আচৰণ সকলোতে পৰিৱৰ্তন আহি পৰিছে৷ সামাজিক মাধ্যমৰ সুদূৰ প্ৰসাৰে শিশুসকলৰ পৰা আৰম্ভ কৰি বয়সষ্ঠজনলৈকে প্ৰত্যেককে নতুন এখন পৃথিৱীৰ লগত সহবাস কৰিবলৈ শিকাইছে৷ সামাজিক মাধ্যমসমূহে বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ বহুসংখ্যক জীৱনৰ পথত আগবাঢ়ি যোৱাত যিদৰে অৰিহণা যোগাইছে, ঠিক সেইদৰে আন কিছুমান বিপদমুখীও হৈছে৷ বিপথে পৰিচালিত হোৱা এচামৰ বাবে সমাজত বিভিন্ন পৰ্যায়ৰ অসামাজিক কাৰ্য সঘনাই চলিব ধৰিছে৷
আমি সকলোৱে এটা সুস্থ আৰু শান্তিময় জীৱন বিচাৰো৷ মূল্যবোধসম্পন্ন ব্যক্তিৰ দ্বাৰা গঠিত হোৱা সমাজ এখনেহে সমাজত বাস কৰাসকলক সুখ, শান্তি আৰু আনন্দ প্ৰদান কৰিব পাৰে৷ বিজ্ঞান-প্ৰযুক্তিৰ লগত নৱপ্ৰজন্মই প্ৰতিযোগিতা আৰু পৰিৱৰ্তনৰ দৌৰত নিজকে মিলাই চলিব লগা হৈছে৷ কুৰি শতিকাৰ নব্বৈ দশকৰ সমাজখনৰ ৰীতি-নীতি, সমাজ ব্যৱস্থা আজিৰ প্ৰজন্মৰ কৰ্ম, চিন্তাধাৰাৰ তুলনাত সম্পূৰ্ণ পৃথক৷ তেওঁলোকক সেই সময়ৰ ৰীতি-নীতি তথা সংস্কাৰৰ আওতালৈ অনাটো সঠিক হয়নে নহয় তাক ঠিৰাং কৰাটো কঠিন৷ তাৰ পৰিৱৰ্তে আজিৰ প্ৰজন্মক পৰিৱৰ্তনবোৰ আকোৱালি লৈয়ো জীৱনত সুন্দৰভাৱে পৰিচালনা কৰিব পৰা মূল্যবোধৰহে অধিক প্ৰয়োজন৷ মূল্যবোধ শিক্ষাই ব্যক্তিৰ আচৰণৰ পৰিশোধন কৰি জীৱন পৰিৱৰ্তন কৰা আৰু জীৱন ধাৰণ প্ৰক্ৰিয়াটো সুশৃংখলিত তথা প্ৰণালীৱদ্ধ কৰাত সহায় কৰে৷
মূল্যবোধে মানুহৰ নৈতিক দিশটো তথা ব্যক্তিৰ মানৱীয় প্ৰমূল্যবোধক সুচায়৷ এই প্ৰমূল্যবোধসমূহৰ বিকাশেই ব্যক্তিজনক সজ আৰু সুন্দৰ কৰি তোলাত সহায় কৰে৷ মানৱীয় প্ৰমূল্যসমূহ যেনে- দয়া, ক্ষমা, প্ৰেম, ভক্তি, ত্যাগ, ধৈৰ্য আদি মানৱীয় গুণসমূহক সুচায়৷ এই গুণসমূহ ব্যক্তিয়ে ধাৰণ কৰিব পাৰিলে ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন অধিক অৰ্থপূৰ্ণ, শৃংখলাৱদ্ধ আৰু মূল্যৱান হৈ পৰে৷ সমাজ এখনৰ ব্যক্তিসকলৰ সংস্কাৰ-সংস্কৃতি, আচাৰ-আচৰণ, চিন্তা-চৰ্চা তথা মানসিক অৱস্থা বেলেগ বেলেগ হয়৷ বৰ্তমান সমাজখনত দেখা দিয়া অপ্ৰীতিকৰ ঘটনাবোৰ এদিনত গঢ় লোৱা মানসিকতা নহয়৷ বিভিন্ন কাৰণত ব্যক্তিৰ মনত গঢ় লৈ উঠা অসৎ চিন্তা, কিছুমান অনৈতিক কুঅভ্যাসৰ পৰিণতিত বিভিন্ন কু-কাৰ্য কৰাৰ প্ৰৱণতা মনত জাগি উঠে৷ এইবোৰৰ বহুতো পৰিৱেশিক আৰু মনোবৈজ্ঞানিক কাৰণ থাকে৷ গতিকে বৰ্তমান সময়ত তেনেবোৰ কাৰ্যৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্মক আঁতৰাই ৰাখিবৰ বাবে সকলোৰে সমূহীয়া প্ৰচেষ্টা আৰু মূল্যবোধ গঠনৰ অধিক প্ৰয়োজন আছে৷
পুৰণি কালৰ পৰাই মূল্যবোধ অৱক্ষয় ৰোধ কৰিবৰ বাবে আমাৰ সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থাত বহুতো বিষয়ৰ লতে সহ-বিদ্যায়তনিক দিশবোৰৰ দ্বাৰা মূল্যবোধৰ শিক্ষা প্ৰদান কৰি আহিছে৷ তথাপিও সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে সমাজৰ সমস্যাসমূহ বিভিন্ন পৰ্যায়ত এতিয়াও সংঘটিত হৈয়ে আছে৷ বৰ্তমান সঘনাই চলি থকা কিছুমান ঘটনাই সমাজ সচেতন ব্যক্তিসকলক বাৰুকৈয়ে চিন্তাত পেলাইছে৷ ইয়াৰ কাৰণ হিচাপে জটিল অৰ্থনৈতিক জীৱন-ধাৰণ প্ৰণালী, জনসংযোগ মাধ্যমৰ অপপ্ৰয়োগ, অসংযত ঘৰুৱা তথা সামাজিক পৰিৱেশ, আধুনিকতাৰ নামত বহুসংখ্যক লোকৰ অপকৰ্ম কৰাৰ প্ৰৱণতা, বিভিন্ন অনলাইন খেল, বিকৃত চিনেমা, অৰ্থনৈতিক ঘটনাবোৰ সামাজিক মাধ্যমৰ সহায়ত মুকলি প্ৰচাৰৰ মানসিকতা ইত্যাদি কাৰসমূহৰ কথা ক’ব পাৰি৷ গতিকে আমাৰ সন্তান সকলক সুৰুচিসম্পন্ন কাৰ্যৰ প্ৰতি ধাৱিত কৰোৱাটো খুবেই প্ৰয়োজনীয়৷

মূল্যবোধ সম্পৰ্কে মহাত্মা গান্ধীয়ে কৈছিল– ‘‘মূল্যবোধ হ’ল এনে এক শিক্ষা যি কোনো এজন ব্যক্তিক ‘সত্যম’, ‘শিৱম’ আৰু ‘সুন্দৰম’ৰ প্ৰতি ধাৱিত হ’বলৈ সমৰ্থবান কৰি তুলিব পাৰে৷’’ এই ধাৰণাটোত বিশেষ তিনিটা দিশৰ কথা স্পষ্ট কৰি দিছে৷ ‘সত্যম’– সততাৰে জীৱন নিৰ্বাহ কৰা য’ত সততা আৰু পবিত্ৰতা অটুট থাকে৷ ‘শিৱম’– শিৱ, আমি যাক সৃষ্টিকৰ্তা বুলি বিশ্বাস কৰোঁ; এই সৃষ্টিকৰ্তাৰ বিষয়ে উপলব্ধি কৰা৷ ‘সুন্দৰম’– জীৱনটোক সুস্থ আৰু সুন্দৰভাৱে পৰিচালনা কৰা, য’ত কেৱল থাকিব সুখ, শান্তি, আনন্দ আৰু প্ৰেম৷ এই দিশকেইটাক গভীৰভাৱে হৃদয়ঙ্গম কৰি জীৱনক সুন্দৰভাৱে পৰিচালনা কৰাটোৱেই হ’ল মূল্যবোধসম্পন্ন জীৱন৷ এই শিক্ষাৰ বাবে আধ্যাত্মিক জ্ঞানৰ অতি প্ৰয়োজন৷
‘আধ্যাত্মিক জ্ঞান’ হ’ল আত্মা সম্বন্ধীয় জ্ঞান৷ অৰ্থাৎ ঈশ্বৰ সম্বন্ধীয় জ্ঞান, যাৰ দ্বাৰা মানুহে আত্মাত জমা হোৱা বেয়াবোৰ আঁতৰ কৰি মন আৰু বুদ্ধিক সজ কামৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে৷ এনে জ্ঞানৰ দ্বাৰাই মানুহৰ পঞ্চবিকাৰ (কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ)ক নিয়ন্ত্ৰণ কৰি ভাল গুণবোৰৰ সহায়ত সুস্থ আৰু সুন্দৰভাৱে জীৱন পৰিচালনা কৰিব পাৰে৷ শৰীৰক ৰোগমুক্ত কৰিবলৈ যিদৰে উপযুক্ত খাদ্যৰ প্ৰয়োজন ঠিক সেইদৰে মন-বুদ্ধিক সুস্থ-সুন্দৰ আৰু শান্তিময় কৰিবৰ বাবে আত্মিক খাদ্যৰ প্ৰয়োজন৷ সেই খাদ্য আধ্যাত্মিক জ্ঞানৰ দ্বাৰাই লাভ কৰিব পাৰে৷ আধ্যাত্মিক জ্ঞানে স্বদৰ্শন আৰু স্ব-পৰিবৰ্তনত যথেষ্ট সহায় কৰে৷ ফলস্বৰূপে সৎগুণবোৰ ধাৰণ কৰি বেয়াবোৰ আঁতৰ কৰিব পাৰি৷ বৰ্তমান কিছুসংখ্যক ল’ৰা-ছোৱালীৰ বিকৃত মানসিকতা হ্ৰাস কৰিবৰ বাবে ঈশ্বৰ সম্বন্ধীয় জ্ঞানৰ খুবেই প্ৰয়োজন৷
বৰ্তমান সময়ৰ পৰিবৰ্তনৰ অজুহাতত যিসকল সন্তান বিপথে পৰিচালিত হৈছে তেওঁলোকক সজ পথলৈ ঘূৰাই অনাটো আমাৰ সকলোৰে কৰ্তব্য৷ মূল্যবোধৰ অৱক্ষয় ৰোধ কৰাৰ ক্ষেত্ৰত মোৰ সম্যক জ্ঞানেৰে কেইটামান বিশেষ দিশত সাৱধানতা অৱলম্বন কৰাৰ কথা অৱগত কৰিব বিচাৰিছোঁ–
নআমাৰ সমাজ তথা দেশখন প্ৰতিনিধিত্ব কৰা ব্যক্তিসকল গাঁৱৰ, নগৰৰ, শিক্ষিত, অশিক্ষিত, ধনী, দুখীয়া, মধ্যবিত্ত আদি বিভিন্নতাৰ উপৰিও বিভিন্ন জাতি-জনজাতি তথা ভিন্ন পৰিৱেশৰ৷ প্ৰতিগৰাকী অভিভাৱকৰ দ্বাৰা প্ৰতিপালিত সন্তানসকল সমানে সু-চৰিত্ৰবান নহয়৷ কিন্তু প্ৰতিগৰাকী পিতৃ-মাতৃৰ অতি প্ৰয়োজনীয় কৰ্তব্য হ’ল আপোনাৰ সন্তানক সু-অভ্যাস গঠন কৰোৱা৷ তাৰবাবে ঘৰখনত এক সুস্থ পৰিৱেশ গঢ় দিয়াত অধিক গুৰুত্ব দিব লাগে৷ শিশুক সু-অভ্যাসৰ প্ৰতি আকৰ্ষিত কৰাব লাগে৷ সু-অভ্যাসৰ দ্বাৰাইহে শিশুক ভাল কামৰ প্ৰতি প্ৰভাৱিত কৰিব পাৰি৷
নসন্তানৰ শিক্ষা আহৰণৰ নামত কেৱল পুথিগত জ্ঞানকে সৰ্বস্ব বুলি নাভাবি সেই জ্ঞানক হৃদয়ঙ্গম কৰি চৰিত্ৰ গঠনত সহায় কৰিব লাগে৷
নসন্তানক দৈনন্দিন কৰা কামবোৰৰ যোগেদি মানৱীয় প্ৰমূল্যবোধ যেনে- সততা, নম্ৰতা, ত্যাগ, শ্ৰদ্ধাশীল, স্নেহশীল, সহনশীলতা, দয়াশীলতা, নিস্বাৰ্থবান ইত্যাদি গঢ় দিয়াত যত্নবান হ’ব লাগে৷ ঘৰুৱা বা সামাজিক বিভিন্ন পৰিৱেশ-পৰিস্থিতি সাপেক্ষে এনেবোৰ গুণৰ অভ্যাসৰ দ্বাৰা সন্তানসকল দায়িত্বশীল তথা কৰ্তব্যপৰায়ণ হৈ উঠাটো স্বাভাৱিক আৰু তেনে সন্তান কেতিয়াও বিপথে পৰিচালিত হ’ব নোৱাৰে৷ সন্তানটি আন্তৰিকভাৱে তেনে গুণৰ অধিকাৰী হ’বৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰোৱাত গুৰুত্ব দিব লাগিব৷
নপৰিস্থিতি সাপেক্ষে সন্তানক নিজস্বভাৱে যুক্তিৰে চিন্তা কৰাৰ পৰিৱেশ দিয়া প্ৰয়োজন যাতে সন্তানে নিজস্ব বিচাৰ-বিবেচনাৰে শুদ্ধ পথেৰে আগবাঢ়ি যোৱাৰ দক্ষতা অৰ্জন কৰিব পাৰে৷
নসন্তানক অত্যাধিক মৰম তথা সহযোগিতা কৰা আৰু অত্যাধিক অনুশাসন কৰা দুয়োটাই সঠিক নহয়৷ তেনে কৰিলে আত্মবল আৰু আত্মবিশ্বাস দুয়োটাই হ্ৰাস পাব প্ৰয়োজন সাপেক্ষে আচৰণৰ সংশোধন কৰি শুদ্ধ পথৰ সন্ধান দিব লাগিব৷
নসন্তানৰ কামবোৰত চকু ৰাখি বেয়া কামৰ ক্ষেত্ৰত বেয়াটো উপলব্ধি কৰোৱা আৰু ভাল কামৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰাৰ কৌশল প্ৰয়োগ কৰিব লাগিব৷ ভুল কথা, ভুল কামক প্ৰতিপালন কৰি তাক স্বভাৱত পৰিণত হ’বলৈ দিব নালাগিব৷ আজিৰ ভুল আজিয়েই আঁতৰ কৰাৰ চেষ্টা কৰিব লাগিব৷
নসন্তানক অসৎ চিন্তা, অপকৰ্মৰ পৰা আঁতৰত ৰাখিবৰ বাবে বিভিন্ন সাংস্কৃতিক তথা নান্দনিক কাৰ্য যেনে– ছবি অঁকা, গীত, নৃত্য, আবৃত্তি, অভিনয়, হস্তশিল্প আদি সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে যাতে সন্তানে আজৰি সময়বোৰ সঠিকভাৱে ব্যৱহাৰ কৰে৷
নসন্তানৰ আবেগ নিয়ন্ত্ৰণৰ বাবে নিয়মীয়াকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ উপৰিও ঈশ্বৰ সম্বন্ধীয় সঠিক জ্ঞান দিয়াৰ অতি প্ৰয়োজন, যাতে সন্তানে ঈশ্বৰক আন্তৰিকভাৱে উপলব্ধি কৰিব পাৰে, সকলো কৰ্মতে ঈশ্বৰক আন্তৰিকভাৱে উপলব্ধি কৰিব পাৰে, সকলো কৰ্মতে ঈশ্বৰক সংযোগ কৰি আগবাঢ়ি যাব পাৰে৷তেনে কৰিলে সন্তানৰ মানসিক উৎকৰ্ষ সাধন হ’ব৷
নআপোনাৰ সন্তানক বিনয়ী, মিতব্যয়ী, শিষ্টাচাৰী, কষ্টসহিষ্ণু আদি সৌজন্যমূলক গুণৰ অধিকাৰী কৰাৰ বাবে যত্ন কৰিব লাগিব৷ বাস্তৱ জীৱনত প্ৰয়োজন হোৱা সকলোবোৰ কামৰ বাবে কৌসলী অৰ্থাৎ যোগ্য কৰি তোলাটো খুবেই জৰুৰী৷
নসন্তানৰ খাদ্যাভাসৰ প্ৰতি অধিক সচেতন হোৱা উচিত৷ অত্যাধিক তামসিক খাদ্য শৰীৰ আৰু মন দুয়োটাৰে বাবে ক্ষতিকাৰক৷
ননিয়মীয়া ব্যায়াম, যোগাভ্যাস, মেডিটেচন (ধ্যান) আদিয়ে মানসিক শক্তি বৃদ্ধি কৰে৷ তেনে অভ্যাসবোৰ কৰিবলৈ যত্ন কৰা উচিত৷
নপুথি অধ্যয়নে মানুহক জ্ঞান আহৰণৰ উপৰিও মানসিক সন্তুষ্টি প্ৰদান কৰে৷ সন্তানৰ ভাল কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাটো খুবেই প্ৰয়োজনীয়৷
নআমাৰ সন্তানসকলে পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক আৰু সমাজখনক অনুকৰণ কৰে৷ গতিকে তেওঁলোকৰ চৰিত্ৰ গঠনত আমাৰ সকলোৰে অৱদান থাকে৷ আমিও সন্তানসকলৰ আদৰ্শ হ’ব পৰাকৈ নিজকে গঢ় দিবলৈ চেষ্টা কৰিব লাগে৷ তেওঁলোকৰ আদৰ্শ হ’ব যদি নোৱাৰো, তেনেহ’লে ভাল সন্তান বিচৰাৰ অধিকাৰো আমাৰ নাই৷ আমিও সকলো দিশতে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন৷
শেষত ক’ব বিচাৰো যে মূল্যবোধ গঠন এক অবিৰত সামূহিক প্ৰক্ৰিয়া৷ ই এদিনতে গঢ় লোৱা শিক্ষা নহয়৷ নিয়মিতভাৱে পালন কৰা ভাল অভ্যাসবোৰে শিশুৰ মনত ভাল কামৰ চাপ বহুৱাব পাৰিব লাগিব আৰু সু-অভ্যাসবোৰ স্বভাৱত পৰিণত কৰি চৰিত্ৰ গঠন হোৱালৈকে চেষ্টা চলাই থাকিব লাগিব৷ তেতিয়াহে আমি এজন সু-চৰিত্ৰবান সন্তান লাভ কৰিব পাৰিম৷
আহক আমি সকলোৱে মিলি আমাৰ সমাজখনৰ অপ্ৰীতিকৰ, অমানৱীয় কাৰ্যবোৰ ৰোধ কৰোঁ, শান্তি-সমৃদ্ধিৰে ভৰা এখন সুন্দৰ সমাজ গঢ় দিওঁ৷