নেহৰু, শিশু দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (ময়ূৰী হাজৰিকা) – Purbodix.com

নেহৰু, শিশু দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (ময়ূৰী হাজৰিকা)

১৯৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে সকলো শিশুৰ মাজত চিনাকী, শিশুসকলৰ অতিকৈ মৰমৰ শাশ্বত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হয় উত্তৰ প্ৰদেশৰ এলাহাবাদত৷ তেওঁ আছিল একাধাৰে স্বাধীন ভাৰতবৰ্ষৰ ৰাজনীতিবিদ, লেখক, চিন্তাবিদ আৰু ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী৷ জৱাহৰলাল নেহৰুৰ শিশুসকল সবাতোতকৈ প্ৰিয় আছিল আৰু শিশুৰ মাজত ‘নেহৰু চাচা’ বুলি পৰিচিত আছিল৷ সেইবাবে তেওঁৰ জন্ম দিনটোক প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়৷ সঁচা অৰ্থত নেহৰুৰ জন্ম দিনটোক কিয় শিশু দিৱস হিচাপে পালন কৰা হয়? হয়টো শিশুসকলৰ মাজত নেহৰু চাচা হিচাপে অবৰ্ণনীয় ভালপোৱা আৰু আকাংক্ষা থকা হেতুকে৷ স্বাধীনতাৰ বাবে তেওঁৰ দীৰ্ঘ সংগ্ৰামৰ পিছত পণ্ডিত নেহৰুক দেশৰ বিশেষ শিশু অনুৰাগী প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰা হয়৷ তাৰোপৰি ভাৰতত জৱাহৰলাল নেহৰুৰ ১৪ নৱেম্বৰ অৰ্থাৎ জন্মদিনটো অতীত কিংবদন্তী অনুসৰি শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে৷ নেহৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশু সকলৰ প্ৰতি তেওঁৰ অপাৰ ভালপোৱাৰ বাবেই তেওঁৰ জন্ম দিনটো শিশু দিৱস ৰূপে উদ্‌যাপিত হৈ আহিছে৷ এই দিনটোতে আমাৰ মাজৰ প্ৰতিগৰাকী কণ কণ শিশুৰ মঙ্গলৰ বাবে অঙ্গীকাৰবদ্ধ হৈ পণ লোৱা দেখা যায়৷ শিশু দিৱস পালন কৰাৰ অৰ্থই হ’ল দেশৰ শিশুসকলক আনন্দ কৰাৰ বাট দেখুৱাই এটা সুন্দৰ সুস্বাস্থ্যকৰ ভৱিষ্যত গঢ়ি শিক্ষা-দীক্ষাত উন্নত কৰি তোলা৷ যদি আপোনালোকে আপোনাৰ শিশুক আনৰ লগত মিলাপ্ৰীতি কৰি ভৱিষ্যতত আগবাঢ়ি যাবলৈ শিকায় তেন্তে সেই শিশুসকল ভৱিষ্যতৰ এজন দায়িত্ববান নাগৰিক হিচাপে উঠি আহিব আৰু সেইবাবে আন আন শিশুসকল, যিসকলে হয়টো এনেধৰণৰ শিক্ষা নাপালে আন কিবা ধৰণৰ মানুহ হিচাপে বাঢ়ি আহিলহেঁতেন, তেওঁলোকেও এক উন্নত নাগৰিক হিচাপে নিজক গঢ়ি তুলিব পাৰিব৷
শিশু দিৱসৰ প্ৰাসংগিকতা ঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিনটোৰ লগত সংগতি ৰাখি ১৪ নৱেম্বৰৰ দিনটোক শিশু দিৱসৰূপে সমগ্ৰ ভাৰতবৰ্ষতে উদ্‌যাপিত হয়৷ কিন্তু আমাৰ মাজত সঘনাই পৰিলক্ষিত হোৱা দুৰ্ভাগ্যজনক ঘটনাই হৈছে এই মহান ব্যক্তিসকলক আমি তেওঁলোকৰ স্মৰণীয় দিনটোতহে স্মৰণ কৰো, কিন্তু এই দিনটোৰ লগত জড়িত আমাৰ কৰণীয়খিনি আমি সচৰাচৰ কৰো জানো? বছৰৰ এই দিনটোৰ বাহিৰে আমাৰ শিশুসকলৰ প্ৰতি কৰণীয় কি একো নাই নেকি বাৰু? নেহৰুৰ জন্ম বাৰ্ষিকী সমগ্ৰ ভাৰতৰ লগতে অসমতো প্ৰতি বছৰে পালন কৰা হয়৷ শিশু দিৱস পালনৰ লগে লগে শিশুৰ সংবাঙ্গীন উন্নতি সাধনৰ বাবে উন্নয়নশীল চিন্তা কৰাটো চৰকাৰ আৰু জনসাধাৰণৰ কৰ্তব্য হোৱা উচিত৷ ইয়াৰোপৰি আমাৰ সমাজত শিশু শ্ৰমিক এতিয়া বাটে-ঘাটে, ভদ্ৰলোকৰ এইখন সমাজতেই আকৌ কন্যা সন্তান আজিও অৱহেলিত তথা লাঞ্ছিত হৈ আছে, লগতে বহু সময়ত শিশু ধৰ্ষিতা হৈছে৷ আকৌ দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পাবলৈ বহু শিশুয়ে ফুলকুমলীয়া বয়সতে আনৰ গোলাম খাটিব লগা হৈছে৷ এইবোৰ চলিয়ে আছে অহৰহে আৰু হয়তো জনসাধাৰণ সচেতন নহ’লে আজীৱন চলি থাকিব এনেধৰণৰ অনৈতিক কাৰ্য৷ তেন্তে শিশু দিৱস উদ্‌যাপনৰ প্ৰাসংগিকতা ক’ত বাৰু? আমাৰ সমাজৰ জনপ্ৰতিনিধিসকলে শিশু দিৱস উদ্‌যাপন কৰিবলৈ গৈ ভাষণত কয়; ‘‘শিশু শ্ৰমিক বন্ধ কৰিব লাগে’’ বৰঞ্চ সেই সকলেই নিজৰ ঘৰত বনকৰা হিচাপে কণমানি শিশুক নিয়োগ কৰে৷ এনে ক্ষেত্ৰত কিন্তু সেই শিশুবোৰৰ অভিভাৱক সকলো কম দোষী নহয়৷ এনেবোৰ ক্ষেত্ৰতে বহু সময়ত শিশু সকল বিপথে যায় আৰু দুখৰ কথা এই যে বহু অভিভাৱকে ল’ৰা-ছোৱালীৰ ভৱিষ্যত চিন্তা নকৰি স্কুললৈ পঠিওৱাৰ বিপৰীতে আনৰ ঘৰত বনকৰা কামত নিয়োগ কৰে৷ আচলতে বহু সময়ত আমি কথাৰে নহয় নিজৰ কৰ্তব্যৰেহে এনেধৰণৰ অপকৰ্ম নিপাত কৰিব লাগিব৷ তেতিয়াহে হয়তো সমাজত শিশুসকলে নিৰ্বিকাৰভাবে নিজৰ জীৱন গঢ়াত সুবিধা লাভ কৰিব৷ এই শিশু দিৱসতেই আমি কণমানিহঁতৰ উত্তৰণৰ বাবে এখোজ আগবঢ়োৱাৰ সোণালী সময়৷ ইয়াৰোপৰি এটা কথা জানিব পৰা গৈছে; ‘‘ইউনেস্কো’ৰ এটা সমীক্ষাত ভাৰতবৰ্ষৰ সাত কোটি শিশুৱে আজিও প্ৰাথমিক শিক্ষা পোৱা নাই বুলি প্ৰকাশ পাইছে৷ ভাৰতবৰ্ষ যিহেতুকে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱা বাবে ভাৰতৰ সংবিধান ব্যৱস্থাত শিশুৰ বিনামূলীয়া শিক্ষা, শিশু শিক্ষাৰ বাবে আইন আছে৷ লগতে ‘‘শিশু কল্যাণ’’ নামৰ এটা বিভাগো আছে৷ কিন্তু এই আইনবোৰ সঁচা অৰ্থত ৰূপায়িত হৈছে জানো? হাজাৰ হাজাৰ ধন ব্যয় কৰি আমি সেই মহান ব্যক্তিজনৰ নামত শিশু দিৱস উদ্‌যাপন কৰো; কিন্তু আমাৰ মাজত নেহেৰু খুড়াৰ সেই শিশুৰ প্ৰতি থকা অপাৰ স্নেহৰ বহু অভাব৷ সেই শিশু নিৰ্যাতন, শিশুক দুৰ্বব্যৱহাৰ, কন্যাসন্তান হত্যাৰ দৰে অন্যায়ৰ বিৰুদ্ধে মাত মাতো আহক এইবাৰৰ শিশু দিৱসত৷ লগতে আমাৰ সমাজত সুনাগৰিক হিচাপে ভৱিষ্যতে অগ্ৰসৰ হৈ অহা প্ৰতিগৰাকী নিষ্পাপ শিশুক নেহেৰু খুড়ায়ে স্নেহৰ আলোকেৰে অৰ্পণ কৰা প্ৰেমৰ স্তৱক স্বৰূপ গোলপীয়া গোলাপৰ পাহিৰ দৰে সামৰি লৈ সমাজখনক সুন্দৰ কৰি তোলাৰ প্ৰতিজ্ঞাবদ্ধ ৰূপে প্ৰতিগৰাকী সজাগ তথা সমাজ সচেতন নাগৰিক৷

Leave a Reply

Your email address will not be published. Required fields are marked *