অপৰাধৰ সৈতে কিদৰে পৰিচয় হয় শিশু-কিশোৰৰ (নিমানন্দ দাস) – Purbodix.com

অপৰাধৰ সৈতে কিদৰে পৰিচয় হয় শিশু-কিশোৰৰ (নিমানন্দ দাস)

শিশুৰ দ্বাৰা সংঘটিত বিগত চাৰিটা দশকৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ কেছ ডায়েৰীৰ সমীক্ষা যদি কৰা হয় তেন্তে দেখা যাব যে অলপতে নগাঁৱত সংঘটিত পৰ্ণফিল্ম চাবলৈ অমান্তি হোৱা বাবে এগৰাকী ছবছৰীয়া শিশুক সপ্তম-অষ্টম শ্ৰেণীত পঢ়া দুটা ল’ৰাই মৰিয়াই মাৰি পেলোৱা হৃদয় বিদাৰক ঘটনাটোৱে ছাগৈ শিশুৰ দ্বাৰা সংঘটিত ভয়ংকৰ অপৰাধ প্ৰণৱতাৰ চৰম সীমা চেৰাই গৈছে৷ ঠিক তেনেদৰে গহপুৰ আৰু সৰভোগত কিছুদিন আগতে কিশোৰৰ দ্বাৰা সংঘটিত দুটা সুকীয়া শিশু অপৰাধৰ ঘটনা উনুকিয়াব পাৰি৷ গহপুৰত সংঘটিত ঘটনাটো আছিল কেইগৰাকীমান নৱম শ্ৰেণীত পঢ়া ছাত্ৰই সপ্তম শ্ৰেণীত পঢ়া সহপাঠী ছাত্ৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ হাবিলৈ মাতি নি দলবদ্ধ ধৰ্ষণ কৰিছিল৷ এইটো আছিল নগৰৰ সীমামূৰীয়া অৰ্দ্ধগাঁৱ- অৰ্দ্ধ নগৰৰ নিচিনা অঞ্চলৰ জনজাতীয় সমাজত সংঘটিত ঘটনা৷ সৰভোগত সংঘটিত ঘটনাটো আছিল কেইগৰাকীমান দশম শ্ৰেণীত পঢ়ি থকা ল’ৰাই লগৰীয়া এজনক মৰিয়াই হত্যা কৰিছিল৷ দোষটো কি আছিল জানেনে? দোষটো আছিল ল’ৰাজনে সমনীয়া লগৰীয়া এজনে ছোৱালী এজনীক ভালপোৱা কথাটো ছোৱালীজনীৰ অভিভাৱকক কৈছিল৷
এতিয়া ওপৰোক্ত শিশুৰ দ্বাৰা সংঘটিত অপৰাধমূলক ঘটনাকেইটা পৰ্যালোচনা কৰিলে দেখা যায় যে নগৰ অঞ্চলতে নহয় গাঁও অঞ্চলতো শিশু-কিশোৰৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে৷ কিশোৰৰ মাজত বিশেষকৈ যৌনকেন্দ্ৰিক ধৰ্ষণ, হত্যা আদি ঘটনা সংঘটিত হোৱাটো অস্বাভাৱিক তথা আ(ৰ্যজনক৷ এনে ঘটনা ভাৰতবৰ্ষৰ বিভিন্ন নগৰ-চহৰতে নহয় গাঁও অঞ্চলতো কিশোৰ- শিশুৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাটো কাকতালীয়, দুই এটা বিক্ষিপ্ত ঘটনা নহয়৷ এইটো পৰিৱৰ্তিত সমাজ ব্যৱস্থা ভয়াবহভাৱে ৰুগ্ন হৈ উঠাৰ ইংগিত দিছে৷ মানসিকভাবে এনে ৰুগ্ন শিশু-কিশোৰ-যুৱকৰ দ্বাৰা শ্বাসৰুদ্ধকৰ, হৃদয়বিদাৰক আৰু কিছুমান ভয়ংকৰ ঘটনাৰ সন্মুখীন হোৱা পৰিস্থিতিৰ সৃষ্টি হোৱাটো ধুৰূপ৷ গতিকে শিশু-কিশোৰৰ মাজত অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ সমাজ, অভিভাৱক তথা চৰকাৰ সচেতন আৰু চিৰিয়াছ হ’বৰ হ’ল৷ প্ৰথমতে পৰ্যালোচনা কৰিবলগীয়া বিষয় হৈছে কিশোৰৰ মাজত যৌন আকাংক্ষা তথা ধৰ্ষণ প্ৰৱণতা সৃষ্টি হ’ল কেনেকৈ? কিশোৰসকলে এণ্ড্ৰয়ড মোবাইলত পৰ্ণ’ চিনেমা চাবলৈ পায় কেনেকৈ৷ ইয়াৰ বাবে দায়ী অভিভাৱক৷ সৰু ল’ৰা-ছোৱালীয়ে এণ্ড্ৰয়ড মোবাইলত ইউটিউৱ, ফেচবুক, হোৱাটছএপ্‌, গুগুল আদি অবাধ গতিত চাওঁতে বহু অভিভাৱকে মন নকৰে৷ বহু অভিভাৱকে ল’ৰা-ছোৱালীৰ আমনিৰ পৰা ৰক্ষা পাবলৈ, ভাত খুৱাবলৈ এণ্ড্ৰয়ড মোবাইলটোত গেম, কাৰ্টুন চাবলৈ দিয়ে৷ এণ্ড্ৰয়ড মোবাইলৰ প্ৰতি ল’ৰা-ছোৱালীৰ আসক্তি এনেদৰে বৃদ্ধি পায়৷

আজিকালি সমস্যা হৈছে কোৰোনা আৰু দীঘলীয়া লকডাউ×নৰ বাবে স্কুলবোৰ বন্ধ হৈ থকাত অনলাইন ক্লাছ কৰিবলৈ এণ্ড্ৰয়ড মোবাইলটো ল’ৰা-ছোৱালীৰ হাতত তুলি দিবলগীয়া হৈছে৷ ইয়াৰ ফলত ল’ৰা-ছোৱালীৰ মাজত মোবাইল আসক্তি বাঢ়িছে৷ মোবাইলক অনলাইন ক্লাছৰ উপৰি অন্য নানা আকৰ্ষণীয় এপৰ অনুষ্ঠান উপভোগ কৰোতে হঠাৎ মোবাইল স্ক্ৰিনত প্ৰত্যক্ষ কৰা পৰ্ণ চিনেমা উপভোগ কৰি নানা যৌন বিষয়ক কাৰ্য প্ৰত্যক্ষ কৰে আৰু কৌতুহলী হৈ উঠে৷ নতুন বিষয় এটাত অভিজ্ঞ হৈ উঠি সেইটো কৰিবলৈ কিছুমান ল’ৰা-ছোৱালী আগ্ৰহী হৈ উঠে আৰু এনেদৰে যৌন অপৰাধ সংঘটিত হৈ উঠে৷
কেৱল হত্যাক প্ৰৰোচিত কৰা পাব্‌জি জাতীয় গেমবোৰে কিশোৰৰ মনত হত্যা, জিঘাংসা, অপৰাধ কৰাৰ মানসিকতা গঢ় লৈ উঠাত প্ৰোৎসাহিত কৰে৷ চেটেলাইট চেনেলৰ বহুতো চিনেমা, গীতত যৌন সংগম, যৌন উত্তেজক দৃশ্য প্ৰত্যক্ষ কৰি বহু কিশোৰ তেনে কাৰ্য কৰিবলৈ কৌতুহলী হৈ উঠে৷
সেয়ে শিশু-কিশোৰৰ মাজত যৌনতা বিষয়ক কথাবোৰ সহজ কৰি তুলিবলৈ অভিভাৱকে চেষ্টা কৰিব লাগিব৷ যৌনতা গোপন তথা নিষিদ্ধ বা প্ৰাপ্তবয়স্কৰ বাবেহে উপযোগী বুলি বিষয়টো ঢাকি ৰাখিলে বা গাপ দি ৰাখিলে নহ’ব৷ দৰকাৰ হ’লে অভিভাৱকে মানসিক বিশেষজ্ঞৰ সহায় ল’ব লাগিব৷ ল’ৰা-ছোৱালীৰ মন বেয়া কামৰ পৰা আঁতৰাবলৈ গীত, নাচ, ছবি অঁকা, অভিনয়, সাঁতোৰ, খেল-ধেমালি, পুথিভঁৰালত কিতাপ পঢ়া কামত ব্যতিব্যস্ত ৰাখি সুকুমাৰ মানসিকতা শক্তিশালী কৰিব লাগিব৷ স্কুলতো যৌন শিক্ষা প্ৰদান কৰি যৌনতা বিষয়টো কিশোৰ-শিশুৰ মাজত স্বাভাৱিক আৰু সচেতন কৰি তুলিব লাগিব৷
সমাজৰ পৰা শিশু-কিশোৰৰ মাজত অপৰাধ প্ৰৱণতা কমাবলৈ চৰকাৰে স্কুলত শিক্ষা নীতিত যৌন শিক্ষাৰ বিষয়টো আনিব লাগিব৷ অপৰাধপ্ৰৱণ শিশু-কিশোৰ সকলক জুভেনাইল বোৰ্ড, জুভেনাইল গৃহত যৌন শিক্ষা বিষয়ক কাউন্সেলিং কৰাব লাগিব৷ গতিকে শিশু-কিশোৰৰ মাজত যৌন বিষয়ক মানসিক বিকৃতি, হত্যা-হিংসাৰ প্ৰৱণতা কমাবলৈ সমাজ-অভিভাৱক তথা চৰকাৰে গুৰুত্ব সহকাৰে আগবাঢ়িব লাগিব৷ তাৰ বাহিৰে গত্যন্তৰ নাই৷ নহ’লে আৰু ই ভয়ংকৰ ৰূপ ধাৰণ কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *