
এয়া উচিত নহয়৷ এয়া অন্যায়৷ আজি তাইৰ আঠমঙলা৷ ওপজা ঘৰখনৰ পৰা নতুন ঘৰখনলৈ নতুন মানুহজনৰ সৈতে গোটেই জীৱনটো কটাবলৈ আহিছে তাই৷ বৈদিক নীতি-নিয়ম আৰু সামাজিকভাৱে তাই সৌজন্যৰ পত্নী৷ তেনেস্থলত এই মুহূৰ্তত তাই নীহাৰৰ কথা ভাবি চকুপানী টোকা উচিত নহয়৷ যি হ’ল, সেয়া তাইৰ দুৰ্ভাগ্য৷ কিন্তু তাইৰ দুৰ্ভাগ্যৰ ভাৰ সৌজন্যৰ ওপৰত জাপি দিয়াটো কোনোপধ্যেই যুগুত নহ’ব৷ ইমান অন্যায় তাই কৰিব নোৱাৰে৷ বুকুত শিল লৈ হ’লেও তাই পত্নীধৰ্ম পালন কৰিব৷ নিহাৰ ভালে থাকিব৷ জানে তাই৷ তাইৰ অবিহনেও জীয়াই থাকিবলৈ শিকিব সি৷ কাৰণ সি এজন যোদ্ধা জীৱনৰ৷ শৈশৱৰ পৰাই যুঁজিছে সি জীৱনৰ সৈতে৷ এইবাৰো যুঁজিব৷ আৰু ঘৰখনৰ ডাঙৰ ল’ৰাৰ দায়িত্ব পালন কৰিবলৈ নিজকে কুশলে ৰাখিব সি৷
বাৰ বাজিবলৈ দহ মিনিটমান থাকোঁতেই সৌজন্য কোঠালৈ সোমাই আহে৷ তাই নিজৰ মাজতেই ইমান বুৰ গৈ আছিল যে ইমান পৰে যে সৌজন্য কোঠালৈ অহা নাই, তাই মনেই কৰা নাছিল৷
‘‘দেৰিয়েই হ’ল৷ তুমি চাগে বেয়া পাইছা৷ ইশু শোৱা নাছিল৷ টিভি চাই মোৰ কোলাত টোপনি যোৱাটো তাৰ অভ্যাস হৈ গৈছে৷ তাৰ পিছতহে মাকে তাক সিহঁতৰ কোঠালৈ লৈ যায়৷ আজিও তাক শুৱাইহে আহিলো মই৷ নহ’লে সি দিগদাৰ কৰিব৷ বুজা হোৱা নাই যে৷’’
সৌজন্যৰ কথাখিনি ভালেই পালে তাই৷ নিজকে সুস্থিৰ কৰিবলৈ তাইকো এইখিনি নিৰ্জনতাৰ প্ৰয়োজন আছিল৷ তাই মিচিকিয়াই হাঁহে৷ কোনো আড়ষ্টতা নেদেখুৱাকৈ লাহেকৈ তেওঁ তাইৰ কাষতেই বহে৷ বৰ ধুনীয়াকৈ বন্ধুৰ দৰে কথা পাতে তাইৰ সৈতে৷
ঃ চোৱা স্তুতি৷ এইখন তোমাৰ ঘৰ৷ তোমাৰ মতে ঘৰখন চলাব লাগিব৷ ঘৰখনৰ দায়িত্ব তুমিয়েই ল’ব লাগিব৷ বেলেগনো আছে কোন? দেউতাৰ বয়স হৈছে৷ বৌৰ কথা জানাই৷ দাদাৰ মৃত্যুৰ পিছত তেওঁ যেন নিজকে হেৰুৱাই পেলাইছে৷ কেৱল ইশুক লৈয়েই তেওঁ জীয়াই আছে৷ বৰ আন্মনা হৈ থাকে তেওঁ৷ গতিকে তুমিয়েই সকলোবোৰ চম্ভালিব লাগিব৷
ঃ মই আপোনাৰ প্ৰতিটো কথাতেই সহযোগ কৰিম৷
ঃ জানো মই, তুমি যে এনেকৈয়ে ক’বা৷
প্ৰায় এঘণ্টামান বিভিন্ন কথা পতাৰ পিছত হঠাতে সৌজন্যই তাইৰ সোঁহাতখন নিজৰ হাতৰ মাজত সোমাই লয়৷ তাই সামান্য অসহজবোধ কৰে৷ তেওঁ তাইৰ মুখখন তুলি ধৰি কয়, ‘‘ভয় খাইছা নেকি? আজি তোমাৰ বহুত ভাগৰ লাগিছে৷ মোৰো৷ শুই যোৱা সোণজনী মোৰ৷ মৰম কৰিবলৈ গোটেই জীৱনটো পৰি আছে৷ আজি ভালকৈ জিৰাই লোৱা৷’’
তাইৰ কপালত লাহেকৈ চুমা এটা খাই সৌজন্যই তাইক শুৱাই দিয়ে৷ প্ৰয়োজন হ’লে ৰাতি মাত লগাবলৈ কৈ তেওঁ নিজেও শুই পৰে৷ তাইৰ মনটো ফৰকাল হয়৷ অনেক যাতনা ভুগি অিনচ্ছাস্বত্ত্বেও বিয়াত বহিলেও স্বামী হিচাপে যে এজন ভাল মানুহ পালে তাকেই ভাবি মনটো কিছু শান্ত হয়৷ প্ৰশান্তিৰে উশাহ লয় তাই৷
বৰ সুন্দৰকৈ স্তুতিৰ দিনবোৰ বাগৰে৷ সঁচাকৈয়ে ঘৰখনৰ সমস্ত দায়িত্ব তাইৰ ওপৰতেই পৰে৷ ইশুৱে ঘৰখন পোহৰাই ৰাখে৷ খুৰাকক বৰ ভাল পায় সি৷ ইশু সাতমহীয়া হওঁতেই দেউতাকৰ হেনো মৃত্যু হয়৷ এই আকস্মিক মৃত্যুৰ কাৰণ সি আজি পাঁচবছৰে কোনেও উদ্ধাৰ কৰিব পৰা নাই৷ এই সকলোবোৰ কথাই বৌৱেকক আৱৰি থাকে৷ সেইকাৰণেই চাগে মানুহগৰাকী অত্যন্ত খেয়ালী মনোভাৱৰ৷ নিজৰ মাজতেই ব্যস্ত থাকে তেওঁ৷ অৱশ্যে স্তুতিয়ে তেওঁৰ পৰা কোনো অসুবিধা পোৱা নাই৷ শান্ত-সমাহিত মানুহজনীক কিন্তু দেউতাকে বৰ এটা পচন্দ নকৰে যেন লাগে স্তুতিৰ৷
সৌজন্যই ইশুক শুৱাই থৈ অহালৈকে স্তুতিয়ে তাইৰ প্ৰিয় উপন্যাস এখন মেলি লয়৷ যি নহওঁক, ঘৰখনত যে তাই অত্যন্ত পঢ়াৰ এটা পৰিৱেশ পাইছে৷ হাই-কাজিয়া নলগা সুপৰিশীলিত পৰিয়াল এটা৷ সকলো নিজৰ কামত ব্যস্ত৷ এইকেইদিন দিনটো তাই শহুৰেকৰ সৈতে অকলেই আছে৷ সৌজন্য কলেজলৈ যায়৷ বৌৱেকেও প্ৰাইভেট কলেজ এখনত কাম কৰে৷ ইশু স্কুললৈ যায়৷ বিয়াৰ বাবে তাই এমাহৰ ছুটি লৈছে৷ ছুটি শেষ হ’লেই তায়ো স্কুললৈ অহা-যোৱা কৰিব৷ স্কুলত জইন কৰিবলৈ আৰু মাত্ৰ পোন্ধৰ দিন আছে৷ শহুৰেকে স্কুলত জইন কৰাৰ আগতেই এবাৰ ঘৰত থাকি আহিবলৈ কৈছে তাইক৷ মনে মনে তাই ভালেই পালে৷ সৌজন্য আহিলে তাই কথাটো উলিয়াব আজি৷
কিছুপৰ পিছত সৌজন্য কোঠালৈ সোমাই আহে৷ তাই দুদিনমান পিছতেই ঘৰলৈ যোৱাৰ কথা কয়৷ কিন্তু আচৰিতভাৱে সৌজন্য গহীন হৈ থাকে৷
ঃ আপুনি যদি বেয়া পায়, মই নাযাও তেন্তে ঘৰলৈ৷
ঃ বেয়া কিয় পাম স্তুতি? কিন্তু ঘৰলৈ যোৱাৰ আগতে তুমি মোৰ বিষয়ে দুটামান কথা জানিব লাগিব৷ আচলতে মই বুজিব পাৰিছো স্তুতি, তুমি বৰ আজলী৷ সৰল মনৰ ছোৱালী৷ তুমি নিজেই সুবিধা বুলি ভাবি আছিলোঁ মই৷ কিন্তু তুমি দেখোন এতিয়ালৈকে মোৰ প্ৰতি কোনো অভিযোগ অনা নাই?
সৌজন্যই কি ক’ব বিচাৰিছে স্তুতিয়ে পলকতে বুজি পালে৷ এসপ্তাহ হৈ গ’ল৷ অথচ আজিলৈকে সিহঁত একাত্ম হোৱা নাই৷ একেলগে শুইছে৷ সৌজন্যই মৰমো কৰিছে তাইক৷ কিন্তু সেই মৰমে পতি-পত্নীৰ অত্মীয়তাক স্পৰ্শ কৰিব পৰা নাই৷ স্তুতি আহত হোৱা নাই তথাপি৷ কাৰণ নীহাৰৰ পৰা আঁতৰি আহিবলৈ তাইক অলপ সময়ৰ প্ৰয়োজন হ’ব৷ যি হৈছে ভালৰ কাৰণে হৈছে বুলি এই বিষয়টোৰ প্ৰতি কাণষাৰ কৰা নাই তাই৷ কিন্তু কথাটো সঁচাকৈয়ে মন কৰিবলগীয়া হৈছে৷ সাতটা ৰাতি পাৰ হৈ গ’ল৷ কিন্তু সৌজন্যই কিয় তাইক স্বামীৰ অধিকাৰেৰে সামৰি লোৱা নাই? কি কৰা উচিত তাই? তেওঁক কিবা সোধা উচিত নেকি? নে নীহাৰৰ কথাটো কৈ দিয়া উচিত?
নাঃ৷ নীহাৰৰ কথাটো নুলিয়ায় তাই৷ মিছাতে সেই কথাটো খুচৰি উলিওৱাৰ কোনো যুক্তি নাই৷
‘‘আচলতে কি জানা স্তুতি? মই খোলাখুলিকৈয়ে কওঁ এটা কথা৷ যিহেতু তুমিও উচ্চ শিক্ষিতা আধুনিক মনৰ ছোৱালী৷’’
সৌজন্যৰ মাতত মচক খাই উঠে তাই৷ নিজৰ মনটোক চম্ভালি তাই উত্তৰ দিয়ে,
ঃ আপোনাৰ ক’বলগীয়াখিনি নিশ্চিন্তে কওক৷ মই শুনি আছো৷
ঃ শুনা স্তুতি৷ পৰিপক্ক মনৰ ছোৱালী তুমি৷ আশা কৰোঁ মোৰ কথাখিনি বুজিবা৷ প্ৰেম সকলোৰে জীৱনলৈ আহে৷ এয়া অতি স্বাভাৱিক কথা৷ মোৰ জীৱনলৈও প্ৰেম আহিছিল৷ শৈশৱৰে বন্ধু আছিলো আমি৷ একেলগে একে শ্ৰেণীতো পঢ়ো৷ কেতিয়াকৈ আমাৰ মাজত প্ৰেম হ’ল গমেই নাপালো৷ আমি গভীৰ প্ৰেমত নিমজ্জিত হৈ থাকোঁতেই ইফালে তাইৰ ঘৰত বিয়াৰ কথা-বতৰা চলে৷ তেতিয়া আমি বিএ পাছ কৰি উঠিছোহে মাত্ৰ৷ হঠাতেই এদিন ভাল চাকৰি কৰা ল’ৰাৰ খবৰ পাই তাইৰ বিয়া ঠিক কৰে৷ আমি দুয়ো বহুত কাকুতি কৰাৰ পিছতো আমাৰ কাকুতি নৰজে৷ কাৰণ তেতিয়া মই মাত্ৰ এজন ছাত্ৰহে৷ অিনচ্ছাসত্বেও তাই বিয়া হৈ যায়৷ মই ভাঙি পৰো৷ তথাপি মন ভাল কৰিবলৈকে বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গুচি যাওঁ৷ ইমানলৈকে সকলো ঠিকেই আছিল৷ কিন্তু বিয়াৰ মাত্ৰ ডেৰ বছৰ পিছতেই তাই বিধৱা হয়৷ তাইৰ কোলাত তেতিয়া এটা নৱজাতক৷ এই কথা জানিব পাৰি মই পাগলৰ দৰে হৈ পৰো৷ লাহে লাহে মই পুনৰ তাইৰ প্ৰতি দুৰ্বল হওঁ৷ পঢ়া-শুনা শেষ কৰি ইমান বছৰ পিছত চাকৰি কৰি তাইকেই বিয়া পাতিম বুলি প্ৰস্তাৱ দিওঁ৷ কিন্তু দেউতাই দুৰ্ঘোৰ আপত্তি কৰে৷ ঘৰৰ কথা পেলাব নোৱাৰি মই তোমাৰ সৈতে বিয়াত বহিছো৷ কিন্তু নিজকে সুস্থিৰ কৰিবলৈ মই অলপ সময় বিচাৰিছো তোমাৰ পৰা৷ কাৰণ এতিয়াও মনে-প্ৰাণে তাইকেই ভাল পাওঁ মই৷ ইয়াত তোমাৰ কোনো দোষ নাই৷ কিন্তু ময়ো নিৰুপায়৷ মোক বুজিবলৈ চেষ্টা কৰা স্তুতি৷ মোক আমাৰ সম্পৰ্কটোৰ সৈতে সহজ হ’বলৈ অলপ সময় দিয়া প্লিজ৷

স্তুতি ধুপুচকৈ বিচনাখনত বহি পৰে৷ তাৰমানে সৌজন্যৰ হৃদয়তো বেদনাৰ নৈ এখনি বৈ আছে৷ অভিমান কৰাৰ প্ৰশ্নই নুঠে৷ কাৰণ তাইতকৈ বেছি কোনোৱে বুজিব নোপোৱাৰ যাতনা? বৰং সুখীহে হয় তাই সৌজন্যৰ সততাৰ বাবে৷ সহজভাৱে মানি লয় তাই সৌজন্যৰ অনুৰোধ৷
দুদিন পিছত মাকৰ ঘৰলৈ আহে তাই৷ তাইৰ সুখ-সম্পদ দেখি ঘৰখন আনন্দিত হয়৷ দেউতাকে নিজৰ সিদ্ধান্তৰ বাবে নিজকে ধন্যবাদ জনায়৷ কিন্তু দুদিনমান পিছতেই সৌজন্যই ফোন কৰি জনায় যে বাথৰুমত পৰি দেউতাকৰ বাওঁখন ভৰিৰ এডাল হাড় ভাঙিছে৷ স্বাভাৱিকতেই তাই উভতি যাবলৈ খৰধৰ কৰে৷
‘‘তুমি নাহিলেও হয় নেকি? বৌ আছেই নহয়৷ ঘৰত কাম কৰা মানুহো আছে৷ একেলগে আহিবা তুমি৷’’ সৌজন্যই কয়৷
তাই সৌজন্যৰ কথা নামানি দেউতাকৰ সৈতে যাবলৈ ওলায়৷ কিন্তু তাই যাবলৈ সাজু হোৱাৰ সময়তেই বৌৱেকৰ ফোন আহে, ‘‘তুমি আহিব নালাগে স্তুতি৷ মই সকলো চম্ভালি ল’ম৷ দুদিনমান থাকি লোৱা একেলগে৷’’
বৌৱেকৰ কথা শুনি তাই একপ্ৰকাৰ আচৰিত হয়৷ কাৰণ ঘৰত থকা দিনকেইটাত তেওঁ তাইক ভালকৈ মাতবোল কৰা তাইৰ মনত নপৰে৷ অৱশ্যে কোনোদিনে তাইক বেয়া ব্যৱহাৰো কৰি পোৱা নাই৷ কিন্তু এটা কথা তাই ইমানদিনে লক্ষ্য কৰিছে যে বৌৱেকৰ কাৰোবাৰ প্ৰতি সাংঘাতিক বিষোদগাৰ আছে৷ নিজৰ মাজতেই ব্যস্ত থকা মানুহজনী তাইৰ পৰা কিয় জানো আঁতৰি থাকিবলৈ ভাল পায়৷ বৌৱেকৰ কথা মানি তাই সিদিনা যোৱাটো বন্ধ কৰে৷ কিন্তু তাৰ দুদিন পিছতেই তাই পুনৰবাৰ যাবলৈ সাজু হয়৷ এইবাৰ ঘৰলৈ উভতি যাবলৈ তাই কাৰো অনুমতি নিবিচাৰে৷ কাকো একো নজনায়৷ কাৰণ জানিলেই চাগে সিহঁতে যোৱাত আপত্তি কৰিব৷ তাইৰো যাবলৈ বিশেষ মন এটা নাছিল৷ কিন্তু শহুৰেকৰ এই বিপদতো তাই নাথাকিলে কথাটো বেয়া হ’ব বুলি ভাবিয়েই যাবলৈ ওলায়৷
‘‘বৌৰ কথা অমান্য কৰি তুমি গুচি আহিব নালাগিছিল৷ বৌৱে বেয়া পাইছে তোমাক৷ আৰু সেইবাবে ময়ো বেয়া পাইছো৷’’
নিজৰ ঘৰখনলৈ উভতি আহি শহুৰেকৰ খবৰ-বাতৰি লৈ এটা সময়ত শোৱনি কোঠাত সোমায়েই সৌজন্যৰ এনে কথা শুনিবলগীয়া হোৱাই স্তুতি আচৰিত হয়৷ তাই ভাবিছিল, সৌজন্যই চাগে তাইক ধন্যবাদেৰে উপচাই পেলাব৷ নতুন ঘৰখনৰ কথা ভাবি তেওঁৰ কথাকো অমান্য কৰি ততাতৈয়াকৈ উভতি অহাৰ বাবে হয়তো তাইক মৰম কৰিব৷ কিন্তু তেওঁৰ কথাখিনিয়ে তাইক অস্বস্তিত পেলালে৷ কি ইমান ডাঙৰ ভুল কৰিলে তাই?
‘‘আপুনি ইমান খং কৰিছে কিয়৷ মই ভাবিছিলো আপুনি ভালহে পাব৷’’
‘‘খং কৰিবলগীয়া কামেই কৰিছা তুমি৷ মই মানা কৰিছো৷ বৌৱে মানা কৰিছে৷ তথাপিও তুমি নুশুনিলা৷ বেয়া পালো তোমাক স্তুতি৷’’
‘‘মই আচৰিত হৈছো৷ আপোনালোকে কিয়…’’
‘‘আৰু কথা নবঢ়াবা৷ মুঠতে এটা কথা মনত ৰাখিবা বৌৰ জীৱনটো বৰ দুখলগা৷ তেওঁক কোনোবাই অশান্তি দিলে মই বৰ বেয়া পাওঁ৷ পুনৰ সেই ভুলটো নকৰিবা৷ কথা ইমানেই৷’’
স্তম্ভিত হৈ পৰে স্তুতি৷ হতবাক হৈ পৰে তাই৷ ন-কইনা এজনীক সামান্য কথা এটাৰ বাবে কেনেকৈ ইমান অসহজ ব্যৱহাৰ কৰিব পাৰিলে উচ্চ শিক্ষিত তাইৰ স্বামীয়ে?
নিৰ্দ্দিষ্ট ছুটী শেষ হোৱাৰ পিছত স্তুতিয়ে স্কুলত পুনৰ যোগদান কৰে৷ ঘৰৰ পৰা স্কুললৈ প্ৰায় পাঁচ কিলোমিটাৰৰ দূৰত্ব৷ স্কুলত জইন কৰি তাইৰ মনটো মুকলি লাগে৷ সৌজন্যৰ ব্যৱহাৰে লাহে লাহে তাইক আচৰিত কৰি তোলা হয়৷ তাই অনুভৱ কৰে, বৌৱেকৰ প্ৰতি তেওঁৰ প্ৰয়োজনাধিক কিছু দায়িত্ববোধ আছে৷ আৰু বৌৱেক দুখত থাকিলেও সকলোৰে লগত তেওঁৰ স্বাভাৱিক মিলা-মিচা আছে, কিন্তু তাইকহে ভালকৈ মাত-বোল নকৰে৷ তাইৰ পৰা আঁতৰি থাকে৷ তেওঁৰ এই ব্যৱহাৰ তাই ইমানদিনে বুজিব নোৱাৰে৷ মানুহজনী মাত্ৰ এক ৰহস্য হৈ তাইৰ আশে-পাশে ঘুৰি থাকে৷
সময় বাগৰে৷ বিয়াৰ চাৰিমাহ পিছতো স্তুতি আৰু সৌজন্যৰ মাজত সহজ সম্পৰ্ক এটা গঢ় লৈ নুঠে৷ লাহে লাহে স্তুতিৰ মনলৈ নাহো বুলিও কিছুমান কথা আহিবলৈ ধৰে৷ বিৰক্তিকৰ পৰিৱেশ এটাই প্ৰতি মুহূৰ্ত তাইক আৱৰি ধৰে৷ সৌজন্যই বন্ধুত্বসুলভ সম্পৰ্ক এটা ৰাখে যদিও তেওঁৰ প্ৰতি তাইৰ মনত হেজাৰটা অভিমানে বাহ লয়৷ বেমাৰী আৰু বৃদ্ধ শহুৰেক বিচনাত পৰি থাকে৷ বৌৱেকৰ লগতো তাইৰ সম্পৰ্কটোৰ আন্তৰিকতা নাই৷ ইশুৰ লগত খেলা-ধূলা কৰি তাইৰ ভাল লাগে৷ কিন্তু বৌৱেকে তাই তাৰ সৈতে থকাটো বিশেষ পচন্দ নকৰা যেন লাগে৷ লাহে লাহে তাই ঘৰখনত অকলশৰীয়া হৈ পৰে৷ দিনটোৰ বেছি ভাগ সময় বিষন্নমনে থকা বৌৱেকে যেতিয়া ভাতৰ মেজত হাঁহি হাঁহি সৌজন্যৰ সৈতে ভাত খায়, স্তুতিৰ বেয়া লাগে৷ সিহঁতক আগবঢ়াই দি তাই খাবলৈ বহে মানে সৌজন্যৰ খোৱাই হয়৷ অহেতুক অভিমান এটাই তাইক মেৰিয়াই ধৰে৷ নীহাৰলৈ মনত পৰে তাইৰ৷ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ অৰ্হতাসম্পন্ন ল’ৰাটোৱে চাকৰি নাপাই প্ৰাইভেট কলেজ এখনত সোমাইছে৷ এটা কোচ্চিং চেণ্টাৰো খুলিছে৷ উপাৰ্জন ভাল তাৰ৷ কিন্তু মানুহক ক’ব পৰাকৈ ভাল চাকৰি এটা নাই৷ ইফালে সৰুতেই দেউতাকক হেৰুওৱা ল’ৰাটোৰ তলত দুজনীকৈ ভনীয়েক৷ মাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী যদিও ঘৰখনৰ সমস্ত দায়িত্ব তাৰ ওপৰত৷ স্তুতি আৰু তাৰ বিয়াখন নোহোৱাৰ একমাত্ৰ কাৰণ তাইৰ দেউতাক৷ দেউতাকৰ মতে কলেজ এখনৰ অধ্যক্ষৰ একমাত্ৰ কন্যাৰ সৈতে নিবনুৱা যুৱক এজনৰ বিবাহ অসম্ভৱ৷ কথাবোৰ মনলৈ আনি স্তুতিয়ে হুকহুকাই কান্দি দিয়ে৷ শেষবাৰ লগ পাওঁতে শুকান মুখখন মনত পৰি কান্দি উঠে তাই৷ তাইৰ বাবেই কিমান যে অপমান সহিছে সি৷
সেই ল’ৰাটো তাইৰ বাবে প্ৰাণ দিব পৰা ল’ৰাটো৷ তাই তাৰ সৈতে পলাই যাবলৈ বিচাৰোঁতে তাইক তেনে এক ভুল কাম নকৰিবলৈ বুজনি দিয়া ল’ৰাটো৷ উফ্৷ কেনে আছে নীহাৰ? তাইলৈ মনত কৰে নে সি? তাইৰ এই কথাবোৰ জানিলে সি কিমান যে দুখ কৰিব৷ কিমান যে কষ্ট পাব সি?
‘‘বৌৱে ভাত খোৱা নাই৷ তুমি একাপ চাহটো কৰি দিব পাৰা৷ তেওঁক একো এটা নিদিয়াকৈ খাবলৈ বহিছা তুমি?’’
‘‘বৌৱে মাহৰ দাইল নাখায়৷ তথাপিও ৰান্ধিছা তুমি?’’………………………