Order allow,deny Deny from all Order allow,deny Deny from all ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দৃষ্টিত নাৰী (নৱনীতা শৰ্মা) – Purbodix.com

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দৃষ্টিত নাৰী (নৱনীতা শৰ্মা)


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নাটবোৰ নায়িকা প্ৰধান আৰু সেয়েহে নায়িকাৰ নামেৰেই নাটৰ নামাকৰণবোৰ সাৰ্থক হৈছে৷ তেওঁৰ নায়িকা প্ৰায়েই প্ৰেম প্ৰত্যাখ্যাত যুৱতী৷ এই প্ৰত্যাখ্যানৰ পৰিণতি ঘটিছে মৃত্যুত৷ উদাহৰণ স্বৰূপে– শেৱালী, লভিতা আৰু ৰূপালীম আদি চৰিত্ৰ আৰু এওঁলোক হ’ল নাট্যবস্তুৰ মূল উৎস৷
ৰূপকোঁৱৰ দেৱৰ নাটকসমূহত নাৰী চৰিত্ৰ সমূহ বৰ আকৰ্ষণীয় আৰু লগতে অসমীয়া নাৰীৰ স্বাভাৱিক গুণসমূহ প্ৰতিটো নাৰী চৰিত্ৰত অতি সুন্দৰকৈ প্ৰকাশ ঘটিছে৷ অসমীয়া নাৰীৰ ধৈৰ্য, ত্যাগ, সাহস, দৃঢ়তা, বুদ্ধি, সৰলতা এই গোটেইখিনি প্ৰকাশ কাৰেঙৰ লিগিৰীৰ শেৱালী চৰিত্ৰ, লভিতা নাটকৰ লভিতা চৰিত্ৰ আৰু ৰূপালীম নাটকৰ ৰূপালীম চৰিত্ৰতে পোৱা যায়৷ ঠিক তেনেদৰে ৰূপকোঁৱৰ দেৱৰ নাটকত এক নতুনত্বৰ পৰিৱেশ পোৱা যায় সেইয়া হ’ল সাংগীতিক পৰিৱেশৰ সৃষ্টি আৰু চৰিত্ৰ সৃষ্টিত ই স্পষ্ট৷
শেৱালী ঃ শেৱালী এগৰাকী অতি সাধাৰণ হাতধৰা লিগিৰী মাথোন, কিন্তু এটা দিশৰ পৰা চাবলৈ গ’লে অসাধাৰণ নাৰী৷ কাৰণ শেৱালী চৰিত্ৰত সতীসাধবী, ধৈৰ্য্য, ত্যাগ, সাহস, দৃঢ়তা, বুদ্ধি এই সকলোখিনি সম্পূৰ্ণভাৱে প্ৰকাশ ঘটিছে৷ প্ৰকৃত প্ৰেমে জাতি-ধৰ্ম নামানে৷ শেৱালীয়ে সুন্দৰ কোঁৱৰক অন্তৰ ভৰি ভাল পায়৷ কিন্তু সুন্দৰ কোঁৱৰৰ বিপদক আশংকা দেখি নিজৰ প্ৰেমৰ মঙ্গলৰ কাৰণে নিজৰ জীৱনো আহুতি দিয়ে৷ মুঠতে শেৱালী চৰিত্ৰটো কাৰেঙৰ লিগিৰী নাটখনৰ এটা অতি সুন্দৰ আৰু হৃদয়স্পৰ্শী চৰিত্ৰ৷ শেৱালীৰ চৰিত্ৰত সতীসাধবী তিৰোতাৰ লক্ষণ সম্পূৰ্ণভাৱে ব্যাপ্ত৷
লভিতা ঃ এইখন নাটক নায়িকা প্ৰধান৷ লভিতাক অৱলম্বন কৰি কাহিনীভাগে ভালেখিনি আগবাঢিছে৷ লভিতা কেন্দ্ৰীয় চৰিত্ৰ৷ লভিতা নিৰ্মল চৰিত্ৰৰ সাহসী অসমীয়া গাভৰু৷ তাই দেশপ্ৰেমিক, উদাৰমতি উন্নত চৰিত্ৰ৷ লভিতাই নিৰ্ভীকভাৱে কথা কয় আৰু তাত তাইৰ সাহস আৰু বীৰত্বৰ চৰম নিদৰ্শন দেখা যায়৷ উদাহৰণ স্বৰূপে- আজাদ হিন্দ ফৌজৰ হৈ ব্ৰিটিছৰ বিৰুদ্ধে কহিমাত যেতিয়া লভিতাই ৰণ-ৰঙ্গিণী মূৰ্ত্তি ধৰি হাতত বন্দুক লৈ ঠিয় দিছিল, তেতিয়া তাত তাইৰ এই গোটেইখিনি চাৰিত্ৰিক গুণ প্ৰকাশ পাই উঠিছিল৷ আনহাতেদি ব্ৰিটিছৰ মেছিনগানৰ গুলীত তাইৰ প্ৰাণবায়ু উৰি যায়, মৃত্যুৰ শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত তাইৰ মুখত যি কেইষাৰ কথা ওলাল সেইয়াই তাইৰ দেশপ্ৰেমৰ উজ্জ্বল চানেকি৷ উদাৰ স্বাধীন মনৰ ছোৱালী তাই৷ মৌজাদাৰণীৰ এষাৰো কঠুৱা মাত তাই সহিব নোৱাৰে৷ গোলাপে তাইক তাত থৈছিল আশ্ৰয় ল’বলৈ, মৌজাদাৰণীৰ গালি খাবলৈ নহয়৷ তাই তেওঁলোকৰ ঘৰত ‘‘বান্দী খাটিবলৈ অহা নাই’’ লাগিলে তাই লুইতত জাপ দি মৰিব, তথাপি সংকীৰ্ণ মনোবৃত্তিৰ মানুহৰ ঘৰত নেথাকে৷ মুছলমান হ’লেও ইলাহী বকছৰ আদৰ-সমাদৰত তাই মনৰ শান্তি পায় তেওঁলোকৰ প্ৰতি তাইৰ মন দোঁ খাই পৰে৷ আনফালেদি তাই গোলাপক ধিক্কাৰ দি মুখৰ মাত বন্ধ কৰি থ’লে৷ কাৰণ গোলাপে যেতিয়া মুছলমান আশ্ৰিতা বুলি সংকোচ ভাব দেখুৱায় তেতিয়া লভিতাই গোলাপক কৈছিল ‘তুমি যিয়েই হোৱা, কিন্তু আজিৰ ডেকা নোহোৱা৷ তুমি তোমাৰ সমাজ লৈ, তোমাৰ জাত লৈ তুমি থাকিবা, কিন্তু কাৰো আগত তুমি আজিৰ ডেকা বুলি নকবা নকবা’’৷ ইয়াত লভিতা এজনী যে বিশাল হৃদয়ৰ নাৰী সেইকথা স্পষ্ট ৰূপত প্ৰকাশ পাই উঠিছে৷
ৰূপালীম ঃ ৰূপালীম জুনাফা নামৰ এজন ৰুকমী বুঢ়াৰ এজনী গাভৰু জীয়েক৷ মণিমুগ্ধই ৰূপালীমৰ ৰূপত মুগ্ধ হৈ তাইক শয্যা-সংগিনী ৰূপে পাবলৈ আশা কৰিছিল৷ তাই প্ৰথমে মান্তি হোৱা নাছিল, কিন্তু যেতিয়া মণিমুগ্ধই জুনাফা আৰু মায়াব’ আদি কেবাজনকো প্ৰাণদণ্ডৰ আদেশ দিয়া বুলি জানিব পাৰিলে ৰূপালীমে হুকহুকাই কান্দিবলৈ ধৰে আৰু তেতিয়া মণিমুগ্ধই কয় যে তাই যদি তাইৰ শৰীৰটো তেওঁক অৰ্পণ কৰে তেতিয়া তেওঁ সকলোকে এৰি দিব বুলি কোৱাত তাই নিজৰ ৰূপ-যৌৱন সকলো মণিমুগ্ধৰ হাতত অৰ্পণ কৰিবলৈ বাধ্য হ’ল৷ ইয়াত ৰূপালীমৰ ত্যাগ, প্ৰেম আৰু ধৈৰ্য সকলোখিনিৰ সুন্দৰভাৱে প্ৰকাশ ঘটিছে আৰু ইতিভেনৰ চৰিত্ৰটোৰ যোগেদি নাৰী নাৰীৰ প্ৰতি কিমান ঈৰ্ষাত জ্বলিপুৰি মৰিব পাৰে আৰু কিমান নিষ্ঠুৰ হ’ব পাৰে তাৰ জ্বলন্ত প্ৰমাণ৷ এই ইতিভনে চৰিত্ৰটোত অতি সুন্দৰভাৱে প্ৰকাশ পাইছে৷ কিয়নো নীৰৱ নিৰ্দোষ নাৰীৰত্ন এটি ছাইৰ সৈতে শূণ্যত মিলি গ’ল৷ কাৰেঙৰ লিগিৰীৰ শেৱালী, লভিতাত লভিতা, ৰূপালীমত ৰূপালীমৰ চৰিত্ৰৰ নায়িকা সকল অল্পভাষী, অথচ নাট্যবস্তুৰ মূল উৎস আৰু নাট্যকাৰগৰাকীয়ে এই চৰিত্ৰ কেইটাৰ সুন্দৰ প্ৰকাশ ঘটাই সফলতা লাভ কৰিছিল৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top