জীৱন, সম্পৰ্ক, পৰিস্থিতি, পৰিচয় ইত্যাদি… (পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্য) – Purbodix.com

জীৱন, সম্পৰ্ক, পৰিস্থিতি, পৰিচয় ইত্যাদি… (পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্য)

মনস্তাত্বিক বিশ্লেষণৰ জৰিয়তে মানুহৰ মনত জন্ম লোৱা বিশ্বাসৰ মাপ-জোখ কিদৰে সম্ভৱ তাক জনা নগলেও এটা কথা ক’ব পৰা যায় যে কিছুমান অব্যাখ্যেয় কাৰণত মানুহৰ মনত যি বিশ্বাসৰ উপলব্ধি হয়, সেই উপলব্ধিতে এজনৰ আনজনৰ সৈতে স্নেহ, শ্ৰদ্ধা বা ভালপোৱাৰ সম্পৰ্ক গঢ়ি উঠে আৰু এই সূক্ষ্ম অনুভূতিবোৰক লৈ গঢ়ি উঠা সম্পৰ্কই আপোনত্বৰ মূল্যবোধক চূড়ান্ত পৰ্যায়লৈ নি ব্যক্তিৰ হৃদয়ক ঐশ্বৰ্যশালী কৰি তুলি জীৱনক সুন্দৰ ৰূপত উপভোগ্য কৰি তোলে৷ ইয়াৰ বিপৰীতে একেধৰণেৰে কিছুমান অব্যাখ্যেয় কাৰণতে মানুহৰ মনৰ বিশ্বাস অনাকাংক্ষিত ৰূপত হেৰাই যায়, যাৰ ফলত আস্থাহীনতাৰ সৈতে আন্তৰিক সম্পৰ্কবোৰ ক’ৰবাত গৈ ওলমি থাকে, যিবোৰ আমি টানি আজুৰি জীয়াই ৰাখিব বিচাৰিলেও হৃদয়ৰ টান নাথাকে৷ ইয়াৰ ফলত মানুহৰ মনলৈ যি সংশয় আহে সেই সংশয়ে স্থায়ী মানৱীয় সম্পৰ্কৰ অস্তিত্ব বহন কৰিব নোৱাৰে৷ গতিকে আমি আনৰ পৰা বিশ্বাসৰ সঁহাৰি লোৱাৰ পৰিৱৰ্তে যদি নিজৰ বিশ্বাসক আকাংক্ষা অনুসৰি ভাঁজ দিব পাঁৰো, তেনেহলে সকলোবোৰ মানৱীয় সম্পৰ্কক প্ৰেমময় ৰূপত গ্ৰহণ কৰিব পৰা যাব আৰু ইয়ে বিশ্বাসৰ স্থায়ীত্বৰ নিশ্চিত অৰ্থ বহন কৰিব৷
জীৱনৰ সকলো সময়তে, সকলো স্তৰত আমি যিদৰে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হওঁ, তেনেদৰে মুখামুখি হওঁ বিভিন্ন মানুহৰ বিচিত্ৰ চৰিত্ৰৰ সৈতে৷ যি চৰিত্ৰক বিচাৰি উলিয়াই আমাৰ আগত দাঙি ধৰিব পাৰে বোৱন পৰিস্থিতিয়ে৷ কিয়নো পৰিস্থিতিতহে মানুহৰ স্বভাৱৰ প্ৰতিক্ৰিয়া হয়, য’ত মানুহৰ স্বৰূপক কোনো প্ৰকাৰে আৱৰণ দি ৰাখিব পৰা নাযায় আৰু ফলস্বৰূপে সৎ স্বভাৱৰ লগতে অসাধুজনৰো সংকীৰ্ণ মানসিক স্বাৰ্থপৰ, পৰশ্ৰীকাতৰতা আদিৰ লগত পৰিচয় ঘটে আৰু অতি বিশ্বাসীজনৰ পৰাও প্ৰৱঞ্চনা পোৱাৰ বিপৰীতে নতুন কোনোবাজনৰ প্ৰতি সুগভীৰ বিশ্বাসৰ জন্ম হ’ব পাৰে স্বতঃস্ফূৰ্ত ৰূপত৷
সকলো বস্তু চাবলৈ, উপলব্ধি কৰিবলৈ, প্ৰতিজন মানুহৰ অন্তদৃষ্টিৰ এক নিজস্ব পদ্ধতি আছে আৰু সেই পদ্ধতিৰ জৰিয়তে আমি জীৱনৰ সৰু-ডাঙৰ সকলো পৰিস্থিতিত লগ পোৱা সহৃদয় লোকসকলৰ সান্নিধ্য লাভ কৰিব পাৰো আৰু এনে জীপাল সান্নিধ্যয়ে অকপট সংগ বা অপাপ স্পৰ্শৰ তাড়নাত কিছুমান নামবিহীন সম্পৰ্কৰ জন্ম দিয়ে, যিয়ে জীৱনৰ সৎ উপলব্ধিৰে জীয়াই থকাৰ তাড়নাক টনকিয়াল কৰি ৰাখে আৰু এনে আত্মিক সম্পৰ্কবোৰে নিঃস্বাৰ্থভাৱে সংশয়ৰ পৰিৱৰ্তে বিশ্বাস গঢ়ি তোলাৰ আকাংক্ষাৰে আমাৰ ৰূঢ় বাস্তৱক জীপাল কৰি অন্তৰাত্মা উমাল কৰি ৰাখিব পাৰে আৰু এনে আত্মিক সম্পৰ্কৰ পৰাই জন্ম হ’ব পাৰে আত্মসুখৰ বিপৰীতে নিঃস্বাৰ্থভাবৰ সৃষ্টি কৰাৰ আকাংক্ষা, য’ত মানুহক মানুহৰ সৈতে নিবিড়ভাৱে বান্ধি ৰাখি জীয়াই থকাৰ হেপাঁহ জগাব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *