ধাৰাবাহিক উপন্যাস -দেৱদাসী (যোৱা সংখ্যাৰ পিছৰ পৰা) – Purbodix.com

ধাৰাবাহিক উপন্যাস -দেৱদাসী (যোৱা সংখ্যাৰ পিছৰ পৰা)

বিজয়লক্ষ্মীয়ে মুখ ওফোন্দাই ঘৰতে বহি গিৰিয়েক অহালৈ বাট চাই আছিল৷ গিৰিয়েকৰ আগমনত তাই মনে মনে আনন্দিত হ’ল যদিও বাহিৰত একো প্ৰকাশ নকৰিলে৷ বৰঞ্চ গিৰিয়েকক কটাক্ষ কৰিহে ক’লে– ‘শেষ হ’ল নে মন্দিৰৰ নটীৰ নৃত্য উপভোগ? শিৱ দেৱতা অৰ্থাৎ ঈশ্বৰ সৰগৰ পৰা আহিছিল নে?’’ ‘‘আস তেনেকৈ ক’ব নাপায় নহয়৷ বিগ্ৰহে ৰূপ ধাৰণ নকৰে নহয়৷ প্ৰভু শিৱ স্বয়ং কৈলাশ পৰ্বততহে বিৰাজমান হৈ থাকে৷’’ এইবুলি শিৱবৰ শৰ্মাইও ততালিকে যিমান পাৰি অতি শান্তভাৱেই ক’লে৷ এইবাৰ বিজয়লক্ষ্মীয়ে উচাৎ মাৰি উঠি ক’লে– ‘‘তেনেহ’লে ইয়াত মানে মন্দিৰত নৈবেদ্য প্ৰদান কৰি, নৃত্যাঞ্জলী দি, দেৱদাসী তেওঁলৈ উ২৬১্গা কৰি জানো কিবা লাভ আছে?’’
‘‘তুমি বৰ নাস্তিকৰ নিচিনাকৈ কথা কৈছা৷ এই দেশৰ অশুভ তন্ত্ৰ-মন্ত্ৰই তোমাক স্পৰ্শ কৰিছে নেকি? শিৱ হৈছে আদি দেৱতা, তেওঁ সৰ্বভূতৰ গৰাকী, ভূতনাথ৷ তেওঁৰ ওপৰত আৰু কোনো নাই৷’’
‘‘নাথাকিব পাৰে৷ আৰু কোনো অশুভ তন্ত্ৰ-মন্ত্ৰই মোক উন্মাদ কৰা নাই৷ উন্মাদ কৰিছে আপুনি৷ মন্দিৰৰ পূজাৰী হ’ল বুলিয়েই ঘৰলৈ পিঠি দিব লাগে নেকি? সৰু ল’ৰাটোৱে বাপেকক বিচাৰি বিচাৰি টোপনিত পৰিল৷ আৰু মই দিনটো অনাহাৰে থাকিলো৷ সময়মতে মন্দিৰৰ ভোগ অকণ দি যাবলৈও আপোনাৰ মনত নপৰিল৷ মোকো মন্দিৰত অভিষেক, পূজা এইবোৰ থকা বুলিহে কৈ থাকিল৷ এবাৰলৈও মন্দিৰলৈ যাবলৈ হ’লে নেমাতিলে৷’’ এইবুলি বিজয়লক্ষ্মীয়ে ক্ষোভ উজাৰি ক’লে৷
‘‘সময় উলিয়াব নোৱাৰিলো সোণজনী৷ দোষ নধৰিবা৷ এতিয়া প্ৰসাদ আৰু ক্ষীৰখিনি গ্ৰহণ কৰা আৰু তুমি ভাত-পানী ৰান্ধিছিলা যদি মোক দিয়াচোন হাজাৰ হ’লেও অন্নমুঠিৰ সমান একো হ’ব নোৱাৰে অ’’৷ শৰ্মাদেৱৰ কথাত বিজয়লক্ষ্মীৰ অলপ বেয়াও লাগিল৷ ঠিকেই, সদায় খাই থাকিলে মন্দিৰৰ ভোগো আমনিদায়ক আৰু অতৃপ্তিকৰ হয়৷ তাই ল’ৰালৰিকৈ ভাত বাঢ়ি আনি মজিয়াখন অলপ হাতেৰে মুচি তাতে ভাতৰ কাঁহীখন ৰাখি ক’লে, ‘‘আহক, ভাত দিছোঁ৷’’
‘‘তোমাৰ ক’ত?’’ ভাতৰ পাতত বহি শৰ্মাদেৱে সুধিলে৷ ‘‘মই পিছত খাম, পিছত খোৱাটোৱেই নাৰীৰ ধৰ্ম৷ আগতে আপুনি অনা প্ৰসাদ অকণ খাই লওঁ ৰ’ব৷’’ ক্ষীৰখিনি খাবলৈ মন যোৱা নাই৷ পোনাটিক পুৱাৰ ভাগত খুৱাই দিম৷
ভাত পানী খাই, পত্নীক খুৱাই বোৱাই সাদৰেৰে মাত লগাই পূজাৰী শৰ্মাই কিবা এটা অজুহাত দেখুৱাই আকৌ মন্দিৰলৈ গ’ল৷ মন্দিৰত তেতিয়া ভোলাৰ বাদে আন কোনো নাছিল৷ বিগ্ৰহৰ ওচৰত থকা বন্তিত সৰিয়হৰ তেল অলপমান দি পূজাৰী শৰ্মাদেৱ লাহে লাহে গোপন কোঠাৰ ফালে আগবাঢ়িল৷
গোপন কোঠাটোৰ পাটিত মন্দিৰা তেতিয়া শুই আছিল৷ তাই গভীৰ টোপনিত৷ পূজাৰী শৰ্মাদেৱে তাইলৈ কিছুপৰ চাই ৰ’ল৷ ৰূপ-যৌৱনেৰে পৰিপূৰ্ণা এজনী ষোড়শী গাভৰু৷ পূজাৰীয়ে ধৰো-নধৰোকৈ মন্দিৰাৰ হাতত ধৰি তাইক উঠাই দিলে টোপনিৰ পৰা৷ ‘‘প্ৰভু// অ’ নহয়, আপুনি দেখোন পূজাৰীহে৷’’ ‘‘এৰা মন্দিৰা, বিগ্ৰহৰ দ্বাৰা মই প্ৰেৰিত হৈছোঁ৷ প্ৰভু ঈশ্বৰে তোমাক মোৰ ওচৰত সমৰ্পণ হ’বলৈ আদেশ দিছে৷ সেয়েহে মোক পত্নীৰ দৰে সুখী কৰাৰ দায়িত্ব তোমাৰ৷ তোমাৰ দেহ এতিয়া মোৰ ওচৰত অৰ্পিত৷ তুমি বাধা দিলেই প্ৰভু ঈশ্বৰ ৰুষ্ট হৈ পৰিব৷ তোমাৰতো অপকাৰ হ’বই, লগতে মোৰ আৰু দেশৰো অনিষ্ট হ’ব৷ গতিকে আহা মোৰ বুকুৰ মাজলৈ আহা দুয়ো প্ৰভু ঈস্বৰৰ দাস-দাসী হৈ তেওঁৰ আদেশ অনুযায়ী আমাৰ দুটি দেহৰ মিলন ঘটাই তুমি মোক সন্তুষ্ট কৰা মোৰ সাধ্যনুসৰি তোমাকো সন্তুষ্ট কৰোঁ৷’’ এয়া কি কৈছে আপুনি? আপুনি যে মোৰ গুৰুজন৷ তাতে আপুনি এজন গৃহস্থী পুৰুষ৷ আপোনাৰ এটি পুত্ৰ সন্তান আৰু সুন্দৰী পত্নীও আছে বুলি প্ৰেমদাই কৈছে৷ লগতে আপুনি ভাল মানুহ বুলিও কৈছিল৷ আপোনাক মই ৰক্ষক বুলি ভাবিছিলোঁ কিন্তু ই কি? আপুনিহে দেখোন এতিয়া ভক্ষক হৈ পৰিছে৷ অলপো বিচলিত নহৈ শিৱবৰ শৰ্মাই গহীন মাতেৰে ক’লে– ‘এয়ে মন্দিৰৰ নিয়ম, প্ৰভু ঈশ্বৰৰ আদেশ৷ আমাৰ তাত মাতিবলগীয়া বা আপত্তি কৰিবলগীয়া একো নাই৷ মই মন্দিৰৰ পূজাৰী হৈ যদি প্ৰভুৰ আদেশ উলংঘা কৰোঁ হয়তু ৰৌ ৰৌ নৰকত ভূগিম৷ আৰু মোৰ দৰে সাধাৰণ নৰমনিচে জানো প্ৰভুৰ আদেশ অমান্য কৰিব পাৰোঁ? গতিকে সময় নষ্ট নকৰিবা৷ তোমাৰ বিগ্ৰহৰ স’তে বিবাহ যেতিয়া হৈছেই এইবোৰ আবোল-তাবোল কথা ভাবি লাই নাই৷’’
মন্দিৰাৰ মুখৰ মাত হেৰাল৷ ইমানদিনে তাই শুনি অহা কথাবোৰ তেন্তে সঁচা৷ তাৰমানে আজিৰ পৰা তাই মন্দিৰৰ সম্পত্তি৷ তাই বুজি পালে যে ফুলশয্যালৈ কোনো দেৱতা নাহে৷ আহে মাথো ধৰ্মৰ নামত পূজাৰীৰ দৰে নৰপশু একোটা৷ প্ৰেমদাই কোৱা মতে পূজাৰীজন গৃহস্থী যদিও সাধু পুৰুষ নহয়৷ অসৎ চৰিত্ৰৰ হে৷
মন্দিৰাই চিঞৰিব খুজিছিল৷ কিন্তু নোৱাৰিলে৷ ভয়-ভীত, খং-ৰাগেৰে তাইৰ গোটেই মন-মগজু আগুৰি অণ্ঠ-কণ্ঠ শুকাই যোৱাত মাত নোলাল৷ তাইৰ সমস্ত বাধা, অশ্ৰু নেওচি পূজাৰী শিৱবৰ শৰ্মাই সাইলাখ এটা অজগৰৰ দৰে তাইক যেন গিলিব ধৰিলে৷ অসহায়, অলস, ভাগৰুৱা দেহেৰেই তাই চকু দুটি লাহে লাহে জপাই দিলে৷ কিন্তু এটি মাত্ৰ শব্দই অট্ৰহাস্য কৰি কাণ দুখনক ব্যতিব্যস্ত কৰি তুলিলে৷ এতিয়াহে তাই ভালদৰে বুজি পালে সেই শব্দটিৰ অৰ্থ– ‘‘আত্মসমৰ্পণ’’…..‘‘আত্মসমৰ্পণ’’….. ‘‘আত্মসমৰ্পণ’’৷
আগলৈ…

Leave a Reply

Your email address will not be published. Required fields are marked *