শেৱালি (মলয়া নেওগ) – Purbodix.com

শেৱালি (মলয়া নেওগ)

শৰতৰ শাৰদীয়
    পুৱতি নিশা
        অজানিতে সাৰ পাই গ’লো,

ভাঙি গ’ল ঘুমতি
    পুলক ভৰা
        মধুৰ মিঠা অনুভূতি৷

দুৱাৰ খুলি আগুৱাই গ’লো,
    চোতালৰ দুৱৰিৰ পাতত পালোঁ
        নিয়ৰৰ টোপা৷

সকলো লগ লাগি গাঁথিছে
    মুকুতাৰ মালা৷৷

কাষ চাপি দেখিলো
    শেৱালি পাহিবোৰ
        আছে তলভৰি সৰি৷

আলফুলকৈ দুহাতেৰে
    আজলি ভৰাই
        পাহিবোৰ ল’লো বুটলি৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *