বৰষুণ ভাল পোৱা ছোৱালীজনী (জুৰি ৰাজখোৱা গগৈ) – Purbodix.com

বৰষুণ ভাল পোৱা ছোৱালীজনী (জুৰি ৰাজখোৱা গগৈ)

বৰষুণত তিতি
ভালপোৱা ছোৱালীজনীক
ৰ’দে বেয়া পায়,

এদিন
ৰ’দ তাইৰ প্ৰেমত পৰিছিল,
তাইৰ কুমলীয়া দুগাল
ৰ’দে সেন্দুৰীয়া কৰি পেলাইছিল৷

ৰ’দ ভাল নোপোৱা ছোৱালীজনীয়ে তেতিয়া
দুপাত্তাৰে ঢাকি ৰাখিছিল তাইৰ মুখ,
আৰু গালি পাৰিছিল ৰ’দক
আগতকৈও ৰ’দক বেয়া পাবলৈ আৰম্ভ কৰিছিল৷

সকলোবোৰ চাই আছিল বৰষুণজাকে
ৰ’দক বেয়া পোৱা ছোৱালীজনীৰ
প্ৰিয় হৈ পৰিছিল বৰষুণজাক,
তাইৰ দেহত প্ৰথমে এজাক কিনকিনিয়া বৰষুণ ঢালি দিছিল৷
সেইজাক বৰষুণত তিতিবলৈ
তাই দুহাত মেলি দিছিল
আকাশৰ দিশে,

উলিয়াই লোৱা নাছিল হেণ্ডবেগটোৰ পৰা ফুলাম ছাতিটো,
বৰষুণজাক ক্ৰমাৎ হৈ উঠিছিল প্ৰগলভ
কিনকিনিয়া বৰষুণজাকৰ মাত্ৰা বঢ়াই
জৰজৰাই সৰি পৰিছিল
বৰষুণ ভালপোৱা ছোৱালীজনীৰ দেহত,
তাই হেঁপাহ পলুৱাই তিতিছিল
আৰু ভালপাই পেলাইছিল পৰস্পৰে পৰস্পৰক৷

বৰষুণজাকো কেতিয়াবা অভিমানী হৈ পৰে,
ডাৱৰ হৈ মুখ ওন্দোলায় বৰষুণজাক
ৰৈ থাকে সমস্ত আকাশ জুৰি,
বৰষুণত তিতি ভালপোৱা ছোৱালীজনীও
কেতিয়াবা হৈ পৰে অভিমানী,
জৰজৰাই বৰষুণজাক আহিলে
তাই মেলি লয় তেতিয়া
ধুনীয়া ফুলাম ছাতিটো,
আৰু
চৌদিশে সৰি পৰা বৰষুণৰ টোপালবোৰ গৰকি
বৰষুণ ভালপোৱা ছোৱালীজনী
গুচি যায় নিজক বিচাৰি৷

Leave a Reply

Your email address will not be published. Required fields are marked *