by Arup Kakoti
কংকাল সদৃশ শৰীৰটো, পিন্ধনত ফটা-ছিগা, দুৰ্গন্ধময় মলিয়ন ব্লাউজ আৰু শাড়ীখন৷ খোজনীয়া মানুহজনী হেনো কংক্ৰীটৰ চহৰৰ পথৰ দাঁতিত জীৱনৰ অস্তিত্ব ৰক্ষাৰ নিমিত্তে যুঁজ দিবলৈ আগবাঢ়ে প্ৰতিদিনে৷ ৰ’দ-বতাহ নেওচি কেতিয়াবা দয়ালু লোকৰ অনুগ্ৰহৰ পাওৰুটি চোবাই পেটৰ ভোক নিবাৰণ কৰে৷ মাজে মাজে কান্ধত লৈ ফুৰে বিলাসী সুৰাৰ বটল অথবা পেলনীয়া প্লাষ্টিকৰ বটল৷
ফটা শাড়ীখনৰ মাজেৰে ওভন্দি উঠা তাইৰ খহি পৰা বুকুখন৷ তাতেই অনেক নৰ-পিশাচৰ চকু৷ নিজক ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টা প্ৰতিদিনৰ৷
দৰিদ্ৰতাৰ এখন বাস্তৱ জীয়া ছবি৷ পদপথৰ বাসিন্দ তাই৷ দৰিদ্ৰতাৰ কৰুণ প্ৰহাৰৰ বলি তাই৷