আমেৰিকাৰ ডায়েৰী (৮) – গীতাঞ্জলী বৰুৱা – Purbodix.com

আমেৰিকাৰ ডায়েৰী (৮) – গীতাঞ্জলী বৰুৱা

এছিয়া, ইউৰোপ, আফ্ৰিকাকে আদি কৰি কেইবাখনো মহাদেশৰ পৰা বিভিন্ন লোকৰ সমাহাৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত৷ ইয়াৰে এখন প্ৰায় দহ হাজাৰমান মনোমোহা হ্ৰদৰ সৈতে, আমেৰিকাৰ দ্বাদশ সৰ্ববৃহৎ এলেকাৰে ভৰা, ৩২ সংখ্যক ৰাজ্য কেইখন  Minnesotal৷ এই ৰাজ্যৰ এখন ধুনীয়া চহৰ  Eaganত বাস কৰিবলৈ সৌভাগ্য ঘটিল মোৰ৷ যিহেতু ইয়াত বিভিন্ন ঠাইৰ লোকে বসবাস কৰে, সেয়ে খাদ্য সামগ্ৰীৰো প্ৰয়োভৰ বহুত৷ মই পিছে খাৰখোৱা অসমীয়া৷ গতিকে ঘৰতে হওক বা ৰেস্তেঁাৰালৈ গ’লে ভাৰতীয় খাদ্যই মোৰ প্ৰথম পছন্দ৷ ভাৰতীয় খাদ্যৰ একো অভাৱ নাই ইয়াত৷ ভাৰতীয় সামগ্ৰী পোৱা কেইখনলৈ গ’লে মোৰ মনটো বৰ ভাল লাগে৷ সকলো চিনাকি বস্তু দেখিবলৈ পাওঁ৷ পূজা-পাৰ্বণত দৰকাৰ হোৱা সকলো সামগ্ৰীয়েই চন্দন, কৰ্পুৰৰ, পাণৰ পৰা সেন্দুৰলৈ উপলব্ধ৷ কলপাত খিলাই ঘৰবাৰীৰ কলজোপালৈ মনত পেলাই দিয়ে৷ দুবৰি মন ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি থয় লগতে আমপাত শৰাইখন সজাবলৈ প্ৰয়োজন হোৱা বুট, মগুকে আদি কৰি সকলো ফলমূলেই পোৱা যায়৷ নাৰিকল কেইটাও ধুনীয়াকৈ চিকোণাই থোৱা থাকে, যাতে কাৰো অসুবিধা নহয়৷
যিহেতু খাটি অসমীয়া, ভাত খোৱা ভতুৱা৷ দিনটোত এসাঁজ ভাত লাগে আৰু মোক ভাতসাঁজৰ বাবে প্ৰয়োজনীয় চাউল, দাইলকে আদি কৰি সকলো শাক-পাচলি যে বিদেশৰ মাটিতো পাইছো, সেয়ে ধন্য৷ চাউল পিছে ভাৰতীয় দোকানৰ উপৰিও আমেৰিকাৰ দোকানতো বিভিন্ন প্ৰকাৰৰ পোৱা যায়৷ মচুৰ, মগু, ৰহৰ, বুটকে আদি কৰি মাটি দাইলৰ সোৱাদ, পাচলিৰ কথা ক’ৰপৰা আৰম্ভ কৰো ভাবিয়েই পোৱা নাই৷ একেলগে মই ইমানবোৰ পাচলি অসমতো পোৱা নাছিলোঁ৷ ঠাণ্ডা দিনত ভেন্দি খাই পোৱা নাছিলোঁ, কিন্তু ডিচেম্বৰ মাহতো ভেন্দি পাই আছো ইয়াত৷ শাক যে এনেকৈ দেখিবলৈ পাম সপোনৰো অগোচৰ আছিল মোৰ বাবে৷ লাই, লফা, পালেং, খুতুৰা, মৰিছা, টেঙামৰা, লাও আগ, কচু শাকলৈ ক’ত যে কিমান শাক৷ বেতগাজ কেইডাল দেখি ঘৰত যে কেতিয়া খাইছিলোঁ পাহৰিলোৱে৷ কলডিলৰ সৈতে পাৰৰ মাংসৰ কথা মনত পৰিলে জিভাৰ পানী পৰে বহুতৰে৷  Sun Food নামৰ চাইনীজ বজাৰ এখন আছে, তাত শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছ, বাহু মাছৰ সোৱাদ এবাৰ জিভাত লাগিলে কোনেও এৰিব নোৱাৰিব৷ এইখিনিতে এটা কথা ক’ব লাগিব মাংসৰ জুতিহে মই ইয়াত পোৱা নাই৷ বৰফত থোৱা মাংসবোৰ খাবলৈ বৰ এটা ভাল নহয়, লুভীয়া কাৰণে খাওঁ আৰু৷ খোৱাৰ শেষত মুহুদিখনো নোপোৱা নহয় মিঠাপান এভাগি মাৰো মাজে- সময়ে, কিন্তু সোৱাদ পিছে মাকুমৰ চন্দনদাৰ দোকানৰ দৰে নাপাওঁ৷ চন্দনদাৰ হাতত যাদু আছে৷

মই ভাৰতীয় খাদ্যৰ বিষয়ে উল্লেখ কৰাৰ মূল কাৰণটোৱে হৈছে আমেৰিকা মূলৰ মানুহখিনিৰ সংস্পৰ্শলৈ তেনেকৈ অহা নাই৷ এওঁলোকে ইমান ব্যস্ত জীৱন যাপন কৰে৷ প্ৰায়খিনিয়ে দুঠাই মানত কাম কৰে৷ শনিবাৰ, দেওবাৰ দুটা দিনতহে জীৱনটো যেন উপভোগ কৰে৷ সেয়ে কাৰোবাৰ ঘৰলৈ গৈ দুআষাৰ কথা পতাটো সম্ভৱ হোৱাগৈ নাই, যদিও তেওঁলোকৰ খাদ্যাভ্যাস জানিবলৈ মোৰ বৰ মন যায়৷ সেইকাৰণে যেতিয়াই সুবিধা পাওঁ অথলে যাব নিদিওঁ৷ ৰেস্তেঁাৰালৈ গ’লে মেনুখন চাওঁ, কি কি খাদ্য পোৱা যায় আদিৰ পৰা অন্তলৈ পঢ়ো মাজে মধ্যে কোনে- কিনো খাইছে চকু ফুৰাও৷  Pizza, Burger, Hotdog, French Fries, Wild Rice, Bread, Bun, Sandwiches, Meat, Barbecue Meat, Salad, Soft Drinks এইবোৰে দেখো মেনুখনত৷ লগতে চকুতো পৰে এইবোৰ খাই থকা৷  Butter আৰু Cheese বৰ প্ৰিয় এওঁলোকৰ৷ বিভিন্ন প্ৰকাৰৰ  Cheese বিভিন্নধৰণে Pizza, Burger ত দি খায়৷ মাংস বিভিন্ন ধৰণে জুতি লগাই খায়৷ গ্ৰীল কৰি মাংস বেছিকৈ খোৱা দেখো৷
খাদ্যৰ বিষয়ে লিখিছো যেতিয়া কেইটামান কথা উল্লেখ নকৰিলে লিখনিটো আধৰুৱা হৈ ৰ’ব৷ বজাৰলৈ গ’লে নিজৰ দৰকাৰী বস্তুৰ উপৰিও বাকী বস্তুতো চকু ফুৰোৱাটো মোৰ স্বভাৱ৷ ফলমূলে হওক বা শাক-পাচলিয়ে হওক ইমান ধুনীয়াকৈ ভাগে ভাগে থয়, দেখিলেই খাবলৈ মন যায়৷ কিছুমান শাক-পাচলি আৰু ফল-মূলবোৰক কাটি কাটি পেকেটত থয়৷ এদিন দেখিলো কমলাটেঙা বাকলি গুচোৱা৷ মই বোলে বাচিলো মোতকৈও এলেহুৱা আছে৷ কমলা বাকলি গুচাবলৈও এলাহ৷ কিন্তু পাছতহে বুজিলো সকলো কাম সহজতে কৰে আৰু সময়বোৰৰ সৎ প্ৰয়োগ কৰে৷ কেঁচা বস্তুবোৰো বৰ ধুনীয়াকৈ সজাই মেলি খায় আৰু বজাৰত  Salad dressing ১ সকলো উপকৰণ পোৱা যায়৷ ৰাতিপুৱা আহাৰৰ বাবে  Cereals ১ লগত খাবলৈ গাখীৰো যে ইমান প্ৰকাৰৰ পায় ইয়াত, আহিহে গ’ম পাইছো৷ Whole milk, skim milk, ২ক্ম milk (reduces fat), low fat milk, organic milk, raw milk আদি কৰি বহুত প্ৰকাৰৰ৷ পুষ্টিকৰ খাদ্যৰো অভাৱ নাই ইয়াত৷ সৰুতে ঘৰত গৰু থাকোঁতে পানী নিমিলোৱা গাখীৰ খাবলৈ পাইছিলোঁ৷ আজিকালি ভেজালেই সকলোতে৷ আমেৰিকাত আহিহে নিৰ্ভেজাল খাদ্য পাইছোঁ, আমেৰিকাবাসী সচেতন এইবোৰ ক্ষেত্ৰত৷

Leave a Reply

Your email address will not be published. Required fields are marked *