by Arup Kakoti

আধুনিক অসমীয়া সাহিত্যত হোমেন বৰগোহাঞি এটা অতিকৈ চিনাকী নাম৷ গদ্য, কবিতা, গল্প, উপন্যাস, অনুবাদ – সকলো দিশতে কলম চলাই সমগ্ৰ অসমীয়া কথা – সাহিত্যক তেওঁ এখন সুকীয়া আসনত প্ৰতিষ্ঠিত কৰাবলৈ সক্ষম হৈছে৷ অফুৰন্ত কল্পনা আৰু উদ্ভাৱনী শক্তিৰে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰা হোমেন বৰগোহাঞিয়ে তেৰ বছৰ বয়সতে ৰচনা কৰা ৰাণী গাই দিলু নামৰ কবিতাটো মাধৱচন্দ্ৰ বেজবৰুৱা সম্পাদিত বাঁহী আলোচনীত প্ৰকাশ পাইছিল৷ ছপাৰ আখৰত এইটোৱেই তেওঁৰ প্ৰথম ৰচনা৷ৰ এটা গভীৰ অধ্যয়ন পুষ্ট মনৰ অধিকাৰী বৰগোহাঞি সাহিত্যৰ বিভিন্ন শেহতীয়া দৰ্শনৰ লগত বিশেষভাৱে পৰিচিত৷ সমকালীন মানুহৰ সংশয় আৰু দোমোজা, নিসংগ বেদনা, মনৰ ওপৰত চলা চেতনা- অৱচেতনাৰ ক্ৰিয়া আৰু অন্তৰ্দন্দ্ব, চাৰিত্ৰিক সংঘাত আদি তেখেতৰ লেখনিৰ মাজেদি মূৰ্তমান হৈ উঠিছে৷ বিভিন্ন বিষয়বস্তুৰে সাহিত্য ৰচনা কৰাৰ লগতে গ্ৰাম্য জীৱনকো সমল হিচাপে লৈছে৷ তেখেতে যিবোৰ গল্প আৰু উপন্যাস ৰচনা কৰিছে সেইবোৰৰ বেছিভাগৰে কাহিনী জন্মস্থান ঢকুৱাখনাৰ বিভিন্ন অঞ্চলৰ৷ সেই অঞ্চলৰ গাঁৱলীয়া জীৱনৰ নিভাঁজ ছবি তেখেতৰ ৰচনাত অতি সুন্দৰ ৰূপত প্ৰকাশ দেখিবলৈ পাওঁ৷ এইক্ষেত্ৰত ‘হালধীয়া চৰায়ে বাও ধান খায়’ উপন্যাসখনো ব্যতিক্ৰম নহয়৷ তেখেতৰ আটাইবোৰ ৰচনাৰ মাজতে অসমীয়া সমাজখনৰ জনজীৱনৰ বিভিন্ন দিশ অতি সাৱলীল ভাষাৰে প্ৰকাশিত হৈছে৷ সমসাময়িক সমাজৰ নিম্ন, অসহায় শ্ৰেণীৰ লোকৰ দাৰিদ্ৰ্য, ভাৰতীয় ৰাজনীতিক আদৰ্শৰ বিপৰীতে কৰা সমাজবিৰোধী কাৰ্যৰ ভয়াৱহ ৰূপৰ জীৱন্ত দলিল ৰূপে উদ্ভাসি উঠা হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনত গ্ৰাম্যঞ্চলৰ জনজীৱনৰ দিশসমূহক আলোচনাৰ আওতালৈ অনাটোৱে আমাৰ প্ৰধান উদ্দেশ্য৷
সাহিত্য আৰু জনজীৱন
সাহিত্য সমাজৰ দাপোণ, য’ত সমাজখন প্ৰতিবিম্বিত হয়৷ মানুহক লৈয়ে সমাজ গঠিত৷ মানুহৰ হাততেই সাহিত্যৰ সৃষ্টি হয়৷ গতিকে মানুহ, সমাজ আৰু সাহিত্য তিনিওৰে মাজত এক এৰাব নোৱাৰা সম্পৰ্ক বিৰাজমান৷ বাস্তৱ সমাজৰ বিভিন্ন দিশক কল্পনাৰ সংমিশ্ৰণেৰে সাহিত্যৰ মাজেৰে প্ৰতিবিম্বিত কৰি তোলা হয়৷ সাহিত্যৰ মাজেৰে এক বিশেষ অঞ্চলৰ জনজীৱনৰ প্ৰতি২৬বি প্ৰতিফলিত হয়৷ কোনো এক নিৰ্দিষ্ট ভৌগোলিক ভূখণ্ডত বসবাস কৰা জনসাধাৰণৰ মাজত যেতিয়া প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পৰ্ক গঢ় লৈ উঠে, তেতিয়া সেই জনসংখ্যাক লৈ এখন সমাজ গঠিত হয়৷ অঞ্চলভেদে সামাজিক পৰিৱেশ বিভিন্ন ধৰণৰ হয়৷ প্ৰতিটো অঞ্চলক প্ৰতিনিধিত্ব কৰা একো – একোখন সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, পৰম্পৰা আদিবোৰ অঞ্চলভেদে সুকীয়া হোৱা পৰিলক্ষিত হয়৷ জনজীৱনৰ বিভিন্ন দিশ সাহিত্যৰ পাতত অৱলোকন কৰা সমাজ সচেতন লেখকসকলে সততে এনে বৰ্ণনাৰ ৰচনাবোৰ উদ্ভাসিত কৰি তুলিবৰ বাবে চেষ্টা কৰে৷ তেনেদৰেই সাহিত্যৰ সৈতে এটা অঞ্চলৰ জনজীৱনৰ সম্পৰ্ক ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে৷
উপন্যাসখনৰ কাহিনীভাগ
‘হালধীয়া চৰায়ে বাও ধান খায়’ উপন্যাসখন গ্ৰাম্য জনজীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা এখন উপন্যাস৷ এই উপন্যাসখনৰ মাজেৰে গাঁৱৰ সহজ-সৰল অসহায়, অজ্ঞান, দৰিদ্ৰ লোকসকলৰ দুৰৱস্থা আৰু আনপিনে শাসক নেতাসকলৰ ভণ্ডামি আৰু ন্যায় স্পষ্ট হৈ ফুটি উঠিছে৷ লগতে স্পষ্ট আৰু অবিকৃত হৈ ধৰা দিছে ইয়াত আমাৰ বৰ্তমান আইন- আদালতৰ মেৰ-পেঁচ আৰু তাৰ সুবিধাত গা কৰি উঠা হাকিম, কেৰাণী, মণ্ডলহঁতৰ জঘন্য দুৰ্নীতি আৰু নিষ্ঠুৰ দুৰাচাৰ৷২ উপন্যাসখনৰ আৰম্ভণিৰ পৰা শেষলৈকে গাঁৱৰ লোকসকলক অৱলম্বন হিচাপে লৈ সেই সময়ৰ সমগ্ৰ অসমীয়া গ্ৰাম্য সমাজখনৰ স্বৰূপ অংকিত কৰি তুলিছে৷ মাটি আৰু মানুহৰ সম্পৰ্ক যুগে যুগে চলি আহিছে৷ পৃথিৱীৰ বিভিন্ন ঠাইত মাটি-বাৰীক লৈয়েই সংঘাত, সমস্যাৰ সৃষ্টিও হৈছে৷ স্বৰাজোত্তৰ অসমৰ গ্ৰাম্যাঞ্চলৰ আৰ্থ-সামাজিক দিশটোৱে কিদৰে মাটিগিৰি এজনৰ আৰু দৰিদ্ৰ কৃষক এজনৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটাইছিল আৰু মানুহৰ চাৰিত্ৰিক দিশত পৰিৱৰ্তন আহিছিল সেই সমস্যাটো উপন্যাসখনত দাঙি ধৰা হৈছে৷ উপন্যাসখনত দেখা গৈছে এজন দৰিদ্ৰ কৃষকৰ পৰিয়ালৰ জীৱন ধাৰণৰ একমাত্ৰ সম্বল ৰূপিত মাটি পূৰা গাঁৱৰে মাটিগিৰি এজনে আত্মসাৎ কৰাৰ কৰুণ কাহিনীৰ এইখন উপন্যাস৷ ধনী মাটিগিৰি সনাতন শৰ্মাৰ এই জালিয়াতি, এই অন্যায়ৰ বিৰদ্ধে নিঃসম্বল ৰসেশ্বৰে প্ৰচলিত আইন-কানুন, নীতি-নিয়ম, বিচাক-পদ্ধতিৰ ওচৰ চাপি সৰ্বস্বান্ত হৈছে৷ শেষত সনাতন শৰ্মাই দিয়া পঁচিশ টকাৰ বিনিময়ত সকলো পাহৰি ৰসেশ্বৰে শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত লাগিছে আৰু নিজে নজনাকৈয়ে নিজৰ বিপদক আমন্ত্ৰণ জনাই আনিছে৷ উপন্যাসখনত কৌশলেৰে দেখুৱাইছে যে ইয়াৰ সামাজিক কাহিনীয়ে হৈ উঠিছে সমকালীন ভাৰতৰ গণতান্ত্ৰিক সমাজবাদৰ, সমসাময়িক ভাৰতৰ শাসক দলৰ গৰীৱী হটাও আন্দোলনৰ এক তীব্ৰ প্ৰহসন৷ সমাজৰ পিছপৰা অসহায় শ্ৰেণীৰ লোকৰ শোচনীয় দাৰিদ্ৰ্য অৱস্থা যে কুৰাজনীতিৰে ফল, আৰু নিম্নশ্ৰেণীটোৱে বুজিব নোৱাৰি আৰু বহু সময়ত উপায়ন্তৰ হৈয়েই তেনে ৰাজনীতিৰ পাকচক্ৰত পৰিব লগা হৈছে সেই কথা প্ৰতিফলিত হৈছে৷ এইসকল সমাজৰ তেজ খোৱা ৰাজনৈতিক নেতা আৰু প্ৰশাসনিক ব্যক্তিৰ আশ্ৰয়ত যি দুৰ্নীতি, সামাজিক অন্যায় হৈ আছে, তাৰ বিৰুদ্ধে এই উপন্যাসখন এক বলিষ্ঠ প্ৰতিবাদ৷

আৰ্থ সামাজিক দিশত
হালধীয়া চৰায়ে বাও ধান খায়৷ উপন্যাসখনত বৰ্ণিত গ্ৰাম্য সমাজখনৰ আৰ্থ-সামাজিক দিশটো দুৰ্বল আছিল বুলি ক’লেও ভুল ব্যাখ্যা দিয়া নহ’ব৷ কৃষিকাৰ্য কৰি জীৱন পৰিচালিত কৰা গ্ৰাম্য সমাজৰ এইসকল লোকৰ জীয়াই থকাৰ একমাত্ৰ সম্বল বংশানুক্ৰমিকভাৱে পোৱা খেতি-মাটি অলপমান৷ সেইসময়ত সেই অঞ্চলত দিন হাজিৰা কৰা কামো বিশেষ নাছিল বুলিয়ে ক’ব পাৰি৷ দুই-এঘৰ ধনী মানুহৰ ঘৰত কেতিয়াবা কাম ওলালেও কিন্তু মজুৰী একেবাৰে কম৷ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ৰসেশ্বৰৰে উত্তৰাধিকাৰী স্বৰূপে পোৱা মাটি চাৰি বিঘাও বহুদিন বৰষুণ নোহোৱা বাবে ছন পৰি থাকিল৷ সেয়ে কেতিয়াবা এসাজ খাই এসাজ অনাহাৰে কটাব লগা হৈছিল৷ সনাতন শৰ্মাই কৌশলেৰে সেই মাটি নিজৰ বুলি দাবী কৰাত ৰসেশ্বৰৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল–
‘‘…এহাল মানুহৰ ভাত সিহঁত পাঁচটা ল’ৰা-ছোৱালীয়ে ভাগ কৰি খাব লগা হৈছে৷ আঞ্জাৰ নামত আছে কেৱল পানী আৰু নিমখ দি সিজোৱা এমুঠি ঢেকীয়া৷ তাৰে ভগাভগি লৈ সিহঁতৰ মাজত মাৰপিট আৰম্ভ হৈ গৈছে৷’’ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ১০৫)৷
খেতিয়কৰ জীৱনত মাটিৰ গুৰুত্ব মাটিৰ প্ৰতি মোহ অপৰিসীম৷ উপন্যাসখনত খেতিৰ মাটিয়ে সৃষ্টি কৰা সমস্যাই কিদৰে এজন মানুহ সৰ্বস্বান্ত হৈছে তাৰ বাস্তৱ প্ৰতিফলন ঘটিছে৷ অঞ্চলটোৰ সৰহসংখ্যক মানুহেই অভাৱ-অনাটনত ভূগিছে৷ গাঁৱৰ জীৱনৰ সমস্যাসমূহ সৰহসংখ্যক অৰ্থনৈতিক কাৰণত গঢ় লৈ উঠিছে৷
‘‘আন্ধাৰত খেপিয়াই খেপিয়াই চাকিটো বিচাৰি উলিয়াই সি ডম্বৰুহঁতৰ ঘৰলৈ দৌৰ মাৰিলে৷ ডম্বৰুহঁতৰ ঘৰতো আনক দান দিব পৰাকৈ কেৰাচিন তেল নাছিল৷ তথাপি ৰসেশ্বৰহঁতৰ ঘৰৰ বিপদৰ কথা শুনি সিহঁতে ব্যৱহাৰ কৰা জ্বলা চাকি এটাকে ডম্বৰুৰ মাকে ৰসেশ্বৰক দি দিলে৷’’ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ঃ ১০২)৷
স্বৰাজোত্তৰ সময়ছোৱাত অসমৰ কৃষি প্ৰধান সমাজখনলৈ যি পৰিৱৰ্তন আহিছে তাৰ কিছু আভাস পোৱা যায়৷ অসমীয়া সমাজত থকা কিছুমান পুৰণিকলীয়া ৰীতি-নীতিৰো আভাস দাঙি ধৰা হৈছে৷ উচ্চ-নীচৰ ব্যৱধানৰ চিত্ৰও উপন্যাসখনত আছে৷ সামাজিক উপন্যাস হিচাপে উপন্যাসখনত আৰ্থ-সামাজিক দিশটোৱে প্ৰাধান্য পোৱাৰ উপৰিও সেই অঞ্চলৰ গাঁৱলীয়া কৃষিজীৱি মানুহৰ আচাৰ-আচৰণ, সহজ-সৰল ৰূপ, লোকবিশ্বাস, দৈনন্দিন কাম-কাজ, মৰম-স্নেহৰ প্ৰকাশ আদিয়ে উপন্যাসখনত ঠাই পাইছে৷ গাঁৱৰ প্ৰকৃত জীৱনৰ সাৱলীল প্ৰকাশে উপন্যাসখন আকৰ্ষণীয় কৰি তুলিছে৷ গাঁৱৰ কৃষিজীৱী মানুহখিনিৰ মাজত যি মৰম-স্নেহৰ সৰল বান্ধোন দেখা যায় তাৰ প্ৰকাশ উপন্যাসখনৰ মাজত বিচাৰি পোৱা যায়৷
লোকাচাৰ, লোকবিশ্বাস আদি ঃ
লোকাচাৰ, লোকবিশ্বাস আদি গ্ৰাম্যজীৱনৰ অবিচ্ছেদ্য অংগ৷ উপন্যাসখনিত লোকজীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা লোক অভিজ্ঞতা আদিৰ উল্লেখেৰে সমৃদ্ধ৷ গ্ৰাম্য সমাজত কিবা বিশেষ কাম কৰা আগতে শুভক্ষণ গণনা কৰি আগবাঢ়ে৷ ৰসেশ্বৰেও মোকৰ্দমাৰ দিন চাবলৈ গৈছে–
‘‘তামোল-পাণ এটা আৰু পইচা চাৰি অনালৈ ৰসেশ্বৰে এদিন দলৈ -চুক গাঁৱৰ জনাৰ্দন বাপুৰ ওচৰত ভাল দিন এটা চোৱাবলৈ গ’ল৷ বাপুৱে পুথি-পাঁজি চাই সিদ্ধান্ত দিলে যে ২১ শাওণৰ বৃহস্পতিবাৰটো মোকৰ্দমা তৰিবৰ কাৰণে ভাল দিন৷ সেইদিনা মোকৰ্দমা তৰিলে তাৰ জয় হ’বই হ’ব৷ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ঃ ৫০)৷ ৰসেশ্বৰৰ ঘৈণীয়েকেও পৰিয়ালৰ দুৰ্দশাৰ বাবে কিবা দোষ লাগিছে বুলি ভাবি গণেশ্বৰ বাপুটিৰ ঘৰলৈ পঞ্জিকা চোৱাবলৈ গৈছে৷ বাপুটিয়ে তেওঁক মংগলৰ বাবে বিধান দি পঠিয়াইছে৷
‘‘বাপুটিয়ে গণি-পিটি ক’লে- আমাৰ ঘৰত বোলে ন-পুৰুষৰ দোষ লাগিছে৷ তেওঁ ন-পুৰুষৰ নামত ন-জন ভকতক ক’লা ছাগলী, ক’লা হাঁহ বা যিকোনো এবিধ ক’লা মাছেৰে চাউল একঠা খুৱাবলৈ দিহা দিছে৷ লগতে বামুণ এজনক ক’লা ছাগলী এটা বা তাকে নোৱাৰিলে ক’লা হাঁহ এটা দান দিবলৈ দিছে৷ … কাইলৈ মংগলবাৰ, ভকতক চাউল খুৱাবলৈ ভাল দিন৷ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ঃ ১০৬)৷ তদুপৰি ক’ৰবালৈ যাত্ৰা কৰাৰ আগতে যাত্ৰা শুভ হ’বৰ বাবে গোঁসাই সেৱা কৰি যায়৷ সেই দিশটি প্ৰতিফলিত হৈছে-
‘‘ৰাতিপুৱাই গা-পা ধুই সি ভগৱান, সত্ৰৰ গোসাঁই আৰু ন-পুৰুষৰ উদ্দেশ্যে সেৱা এটা কৰি কাছাৰীত গোচৰ দিবৰ কাৰণে ঘৰৰ পৰা যাত্ৰা কৰিলে৷’’ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠাঃ ৫০)৷ উপন্যাসখনত ৰসেশ্বৰৰ ঘৰখনত পৰম্পৰাগতভাৱে চলি অহা বৰসেৱা অনুষ্ঠানৰ কথাও বৰ্ণনা আছে– ‘‘সিহঁতৰ ঘৰখন হ’ল ৰাতি খোৱা সম্প্ৰদায়ৰ ভকত; ৰসেশ্বৰৰ বাপেক আছিল সেই অঞ্চলৰ ভকত প্ৰবৰ্ত্তাৰ পৰা চাৰিসেৱা উত্তীৰ্ণ হোৱা সাধু৷ বছৰে-বছৰে সিহঁতৰ ঘৰত বৰসেৱা হয়৷’’ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ঃ ১০৮)৷
ৰসেশ্বৰে যেতিয়া সিহঁতৰ চেনেহৰ গাইজনীক বেচিবলৈ নিব লৈছে সেই সময়ত মানুহজনীয়ে গৰুজনীৰ মুখৰ আগত মাটিতে নিমখেৰে সৈতে কলপাত খাবলৈ দিছে, পানীৰে আটাইকেইটা ঠেং ধুৱাই গামোছাৰে মছি দিছে৷ তাৰ পিছত নতুন গামোচাখন ৰাঙলীৰ ডিঙিত বান্ধি দিছে৷ এনেদৰে উপন্যাসখনত গ্ৰাম্য সমাজত গৰু আৰু গিৰিহঁতৰ মাজত থকা মধুৰ সম্পৰ্ক প্ৰতিফলিত কৰিছে৷ আৰু ইয়াৰ দ্বাৰা গৰুৰ লগত জড়িত লোকাচাৰো পৰিলক্ষিত হৈছে৷
এনেধৰণৰ বৰ্ণনাই গাঁৱৰ চিনাকী ৰূপ এটা পাঠকৰ মানসপটত উজলাই তোলে৷ লগতে লোক-অভিজ্ঞতাৰ চিত্ৰ এখনো পৰিস্কাৰকৈ প্ৰতিফলিত কৰে৷
উচ্চ-নীচ মনোবৃত্তি ঃ
সমাজত সচৰাচৰ দেখা পোৱা এটা সমস্যা হ’ল উচ্চ-নীচ ভেদাভেদ৷ উচ্চ-নীচ মনোভাৱৰ বাবে এক শ্ৰেণীৰ মানুহে সদায় অন্য এক শ্ৰেণীৰ লোকক অৱহেলা কৰি আহিছে৷ উপন্যাসখনতো এই দিশটো প্ৰতিফলিত হৈছিল৷ সহজ-সৰল কৃষকক ধনী শ্ৰেণীৰ লোকে অন্যায় কৰিছিল৷ সত্যেন্দ্ৰ নাথ শৰ্মাই কৈছে ঃ ‘‘ডাঙৰ মাছে সৰু সৰু মাছেৰে উদৰ পূৰণ কৰাৰ দৰে গাঁওবোৰতো নিচলা খেতিয়কৰ নিঃসহায়তাৰ সুযোগ লৈ এক শ্ৰেণীৰ স্বাৰ্থন্বেষী নেতাই মৎস্যন্যায়ৰ সৃষ্টি কৰাৰ কৰুণ কাহিনী এই উপন্যাসত ৰূপায়িত হৈছে৷’’ ৩ লোকসকলৰ মাজত পূৰ্বতে এনে ভেদাভেদ ক্ৰিয়া কৰি উঠা নাছিল বাবে সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়াকৈ বান্ধ খাই আছিল৷ কিন্তু গাঁৱত নিৰ্বাচনী বতাহ সোমোৱাৰ লগে লগে কিন্তু প্ৰভেদবোৰেও সমাজত গা কৰি উঠাৰ সুবিধা পাইছে দুই শ্ৰেণীৰ লোকৰ সৃষ্টি হৈছে–
‘‘কৃষক সভা’’ নামেৰে আমি এটা নতুন দল খুলিছোঁ৷ আমি চৰকাৰ গঠন কৰিব পাৰিলে পুৰণি আইনৰ কিতাপবোৰ জুই লগাই পুৰি পেলাম৷ আমাৰ দলত এজনো ধনী মানুহ নাই৷ আপোনাৰ নিচিনা দেশৰ লাখ লাখ সৰ্বহাৰা কৃষকসকলেই আমাৰ দলৰ সদস্য৷’’ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ঃ ১২৭)
আৰ্থিক অৱস্থাইহে সমাজৰ উচ্চ-নীচ লোকৰ বিচাৰ কৰে৷ আৰ্থিকভাৱে সচ্ছল ব্যক্তিজনেহে সমাজত সদায় শীৰ্ষস্থান অধিকাৰ কৰি থাকে৷ তেনে লোকক সকলোৱে সম্ভ্ৰমৰ চকুৰে চায়৷ হালধীয়া চৰায়ে বাও ধান খায় উপন্যাসখনতো সমাজৰ এনে দিশ প্ৰকট কৰি তুলিব বিচৰা হৈছে৷
ঃ ‘‘এই, তই চুপ থাক হাৰামজাদা৷ ৰাইজসকল দেখিছে নে আপোনালোকে লাঠুৱা বলিয়াটোৰ কাণ্ড? ….. ঐ কানুৰাম, কি চাই আছ, এই বলিয়াটোক ডিঙিত ধৰি অফিচৰ কম্পাউণ্ডাৰ বাহিৰ কৰি দে৷’’ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ঃ ৮০)৷

সমাজত ব্যৱস্থাত নাৰী ঃ
গ্ৰাম্য সমাজখনত বহু ক্ষেত্ৰত নাৰী স্বাধীন নহয়৷ এক বান্ধোনৰ মাজত ঘৰৰ চাৰিবেৰৰ মাজত সকলোৰে দৃষ্টিৰ সন্মুখত গাঁৱলীয়া জীয়াৰী-বোৱাৰীয়ে জীৱন অতিবাহিত কৰে৷ পুৰুষতান্ত্ৰিক সমাজত পুৰুষৰ ই২৬া-অিনচ্ছাৰ ওপৰতহে নাৰীৰ জীৱন পৰিচালিত হয়৷ অন্যহাতে পুৰুষ প্ৰধান সমাজত পুৰুষৰ সকলো অথন্তৰৰ মূলতে স্বাভাৱিকতেই নাৰীকেই জগৰীয়া কৰা হয়৷
ঃ ‘‘ঘৈণীয়েকে সেই মাত্ৰ বাহিৰ ফুৰি আহি গা ধুবলৈ আৰম্ভ কৰিছিল মাত্ৰ ৰসেশ্বৰে তাইক দেখিয়েই বিজুলী বেগেৰে খেদা মাৰি গৈ গৰু কোবোৱাৰ দৰে মানুহজনীক কোবাবলৈ ধৰিলে৷ … গিৰিয়েকৰ মাৰবোৰ বাধা দিবলৈ গৈ তাই দিক-বিদিক জ্ঞান শূণ্য হৈ বাওঁহাতৰ মেখেলাৰ খামোচটো এৰি দিলে৷ চকুৰ পলকতে মানুহজনী সম্পূৰ্ণ উলংগ হৈ পৰিল৷ ৰসেশ্বৰৰ কিন্তু সেইফালে দৃষ্টি নাই৷ মুখেৰে টু শব্দ এটা নকৰাকৈ সি কেৱল গাৰ জোৰেৰে তাইক কোবাই গৈছে৷ সম্পূৰ্ণ উদং তিতা গাটোত এছাৰিৰ প্ৰচণ্ড কোব পৰি ঠায়ে ঠায়ে বখলা-বখলে ছাল আৰু মাংস এৰাই আহিল৷’’ (হালধীয়া চৰায়ে বাও ধান খায়, পৃষ্ঠা ঃ ১৮)
শৃংখলিত সমাজখনত নাৰীসকলে নিয়মৰ কিছু ইফাল-সিফাল কৰিবলৈ যোৱা মানেই বিপদ আহে বুলি ধৰি লয়৷ পুৰুষপ্ৰধান সমাজত পুৰুষে বান্ধি দিয়া নীতি-নিয়মবোৰ নিষ্ঠাৰে পালন কৰি যোৱাটোৱেই যেন নাৰীসকলৰ একমাত্ৰ কৰ্তব্য৷ উপন্যাসখনত জনজীৱনৰ এনে বিলাক দিশ কিছু পৰিমাণে প্ৰতিফলিত হৈছে৷ কেৱল সেই বিশেষ অঞ্চলটো বুলিয়ে নহয়, এনে নীতিগত কথা সেই সময়ৰ সমগ্ৰ অসমীয়া গ্ৰাম্য সমাজখনকে প্ৰতিনিধিত্ব কৰি আহিছিল৷
হোমেন বৰগোহাঞিৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত উপন্যাস ‘হালধীয়া চৰায়ে বাও ধান খায়’ৰ মাজেৰে গাঁৱৰ জীৱন যাত্ৰা আৰু জনমানসৰ এখন সাৱলীল প্ৰতি২৬বি পোৱা যায়৷ উপন্যাসখনিৰ পাতে পাতে জীৱন্ত হৈ উঠিছে সেই অঞ্চলৰ জনজীৱন৷ এনে ধৰণৰ বিভিন্ন দিশসমূহৰ উপৰি জনজীৱনৰৈ সৈতে সংস্পৃক্ত হৈ থকা আন বহুতো দিশ উপন্যাসখনত বৰ্ণিত হৈ আছে৷ যিবোৰ কথা ইমান ঠেক পৰিসৰৰ ভিতৰত আলোচনা কৰাটো সম্ভৱ নহয়৷ সেয়ে খুব কম পৰিসৰৰ ভিতৰত ইয়াত মাথো দুটিমান দিশহে আলোচনাৰ মাজলৈ আনিবলৈ চেষ্টা কৰা হৈছে৷ য’ত বৰ্ণিত দিশসমূহৰ বেছিভাগেই হয়তো আংশিকভাৱেহে পৰিস্ফুট হৈ উঠিছে৷ এই উপন্যাসখনিয়ে গ্ৰাম্য সমাজ জীৱনৰ লগতে অসমৰ লোকমানসকো উজ্বীৱিত কৰি তোলা পৰিলক্ষিত হৈছে৷ সেই দিশৰ পৰা অসমীয়া সাহিত্য জগতত এই উপন্যাসখনে এক সুকীয়া স্থান গ্ৰহণ কৰিছে৷
প্ৰসংগ সূত্ৰ ঃ
ৰ) আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ঃ ৬৭
২) গোবিন্দপ্ৰসাদ শৰ্মা, ‘‘অসমীয়া উপন্যাসৰ ধাৰা (১৯৩৯-৮৯)’
হোমেন বৰগোহাঞি (সম্পাঃ)
অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড), পৃষ্ঠা ঃ ১৪২
৩) অসমীয়া উপন্যাসৰ গতিধাৰা, সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা ঃ ১৫১
সহায়ক গ্ৰন্থপঞ্জী ঃ
মূল গ্ৰন্থ ঃ
ৰ) বৰগোহাঞি, হোমেন ঃ হালধীয়া চৰায়ে বাও ধান খায়, ষ্টুডেণ্টচ্ ষ্ট’ৰচ, কলেজ ৰোড, গুৱাহাটী, চতুৰ্থ সংস্কৰণ ঃ আগষ্ট, ২০০১
প্ৰসংগ গ্ৰন্থ ঃ
ৰ) কটকী, প্ৰফুল্ল ঃ স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ সমীক্ষা, বীনা লাইব্ৰেৰী, গুৱাহাটী, ১৯৭৯
২) ঠাকুৰ, নগেন ঃ এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, গুৱাহাটী, ২০০০
৩) বৰগোহাঞি, হোমেন ঃ আত্মানুসন্ধান, ষ্টুডেণ্টচ ষ্ট’ৰচ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ১৯৯০
৪) বৰগোহাঞি, হোমেন (সম্পাঃ) ঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড), আনন্দৰাম বৰুৱা ভাষা- কলা সংস্কৃতি সংস্থা, গুৱাহাটী, চতুৰ্থ প্ৰকাশ ঃ ২০১৭
প্ত)শৰ্মা, সত্যেন্দ্ৰনাথ ঃ অসমীয়া উপন্যাসৰ গতি ধাৰা, বাণী প্ৰকাশ, গুৱাহাটী, ১৯৭৬
৬) শৰ্মা, গোবিন্দ প্ৰসাদ ঃ উপন্যাস আৰু অসমীয়া উপন্যাস, প্ৰথম বনলতা সংস্কৰণ ঃ জুন, ২০১৫