by Arup Kakoti

শীত যেন এক আনন্দৰ ঋতু৷ শীতৰ আগমনে আমাৰ মনত আনন্দৰ সৃষ্টি কৰে৷ শৰীৰত গৰম কাপোৰ, ভৰিত মোজা, মূৰত টুপি পিন্ধি জুহালৰ কাষত বহি থকাৰ যি আমেজ অথবা লেপ বা কম্বলৰ ভিতৰত সোমাই গৰম চাহ একাপৰ সৈতে বহি একেলগে পৰিয়াল তথা বন্ধু-বান্ধৱীৰ সৈতে আড্ডা মৰাটোও এক বেলেগ আমেজ৷ যিহেতু আমাৰ বাহিৰত এখন কৰ্মক্ষেত্ৰ আছে প্ৰত্যেক ব্যক্তিৰ৷ গতিকে ঠাণ্ডা দিনকেইটাত আমি দৈনন্দিন কৰ্মৰ তাগিদাত বাহিৰলৈ ওলাই যাবই লাগিব৷ ঘৰৰ ভিতৰত আমি শীতৰ উমাল পৰশ লৈ থাকো৷ বাহিৰত আমি মূৰে গায়ে গৰম কাপোৰ মেৰিয়াই সাধাৰণভাৱে ওলাই গলেওটো নহ’ব৷ যিহেতু বৰ্তমানৰ ফেশ্বনৰ যুগ৷
জাৰকালিতো আমি ফেশ্বনৰ প্ৰতি ধ্যান ৰাখি গৰম সাজ-পোচাক পিন্ধা কাপোৰযোৰৰ লগত সংগতি ৰাখি পৰিধান কৰিব লাগিব৷
এতিয়া আহো মূল কথালৈ আমাৰ বেছিভাগ মহিলাই জিনছ পিন্ধি আৰাম পায়, জিনছ বা লং স্কাৰ্ট পৰহিতাসকলে লগত লংকোট বা ব্লেডাৰ আৰু কোটৰ ভিতৰত হাইনেক থকা ঊলৰ ইনাৰ পিন্ধিলে স্মাৰ্ট দেখাব৷
পুল অভাৰ ছুৱেটাৰৰ লগত ডিঙিত ঊলৰ মাফলাৰ বা হেণ্ডলুমৰ মাফ্লাৰ আৰু মূৰত ঊলৰ টুপি পিন্ধিলে ভাল লাগিব৷ টুপি পিন্ধিবলৈ বেয়া পালে মূৰত হিজাবৰ দৰে কাপোৰ পিন্ধিব পাৰে৷
লেডাৰৰ জেকেটৰ লগত ভৰিত বুট জোটা বা পইণ্টেড হাই হিলৰ পামচু বা স্প’ৰ্টছ ু« পিন্ধিলেও স্মাৰ্ট দেখাব৷ চাইড স্লিট লংস্কাৰ্ট বা চৰ্ট স্কাৰ্টৰ লগত কলা ৰঙৰ েস্লকচ পিন্ধিলে ভৰিকেইখনে ঠাণ্ডাৰ পৰা ৰক্ষা পৰিব আৰু দেখাতো ভাল লাগিল৷ লগত কলা ৰঙৰ বুটচ পিন্ধিলে ভাল লাগিব৷
পাৰ্টি বা কোনো অনুষ্ঠানলৈ গ’লে শাৰী বা মেখেলা চাদৰ পিন্ধিলে কাপোৰযোৰৰ লগত খাপ খোৱাকৈ চুৱেটাৰ পিন্ধিব পাৰে৷ একে ৰঙৰ নাথাকিলে ক’লা, বগা, মেৰুণ আৰু সোণোৱালী এই কেইটা ৰঙৰ চুৱেটাৰ থাকিলে যিকোনো পোছাকৰ লগতে খাপ খাব৷
জাৰকালিত বেছিকৈ বিবাহ অনুষ্ঠান হোৱাৰ বাবে আমাৰ বহুতো যুৱতী তথা মহিলা সমস্যাত পৰে৷ এই যে হাড় কপোৱা জাৰত ফেশ্বনৰ নামত গৰম কাপোৰ নিপিন্ধি গ’লেও সমস্যা আৰু পিন্ধি গ’লেও কাপোৰযোৰ আৰু লগতে পিন্ধা ব্লাউজৰ ডিজাইনটো ম্লান হৈ পৰে৷
যিকোনো ৰঙৰ পাটৰ কাপোৰযোৰৰ লগত মিলি যোৱাকৈ বা বগা বা অফ হোৱাইট বা সোণোৱালী ৰঙৰ এ¥ব্ৰয়ডাৰীৰ বা ¦†নৰ কাৰুকাৰ্য থকা শ্ব’ল বা শ্ব’লখনে মাৰ্জিত দেখুৱাৰ লগতে আভিজাত্যতা ফুটাই তুলিব৷
এটা কথা মন কৰিব গোটেই শৰীৰটো ঢাকি যোৱালৈ শ্ব’লখন মেৰিয়াই নল’ব৷ পিঠিফালে অলপ তলৰপৰা দুয়ো কান্ধৰ ওপৰেদি আহি দুয়ো হাতত পৰাকৈ ললে ভাল লাগিব৷ লগতে ডিঙিত পিন্ধা গহনাখিনিও ধুনীয়াকৈ ওলাই থাকিব৷
আমি বজাৰত ওলোৱা বহু ডিজাইনৰ গৰম কাপোৰসমূহ আঁকোৱালী লৈছো ঠিকেই, কিন্তু আমি আমাৰ অধিক মৰ্যদা থকা অসমৰ প্ৰাকৃতিক গুণসম্পন্ন এৰী চাদৰখন সচৰাচৰ ব্যৱহাৰ কৰা দেখিবলৈ নাপাওঁ৷ কাৎচিৎ বয়োজ্যেষ্ঠজনৰ গাতহে দেখিবলৈ পাওঁ৷ আমি যদি এৰী চাদৰখনক বিভিন্ন আধুনিক বা আমাৰ অসমৰ জাপি, শৰাই, অসমীয়া গহনাবোৰৰ আৰ্হিৰে যদি ডিজাইন কৰি লওঁ, আমি যুৱতী-মহিলাসকলেও পিন্ধা আধুনিক সাজ-পোচাকযোৰৰ লগত কান্ধত একাষৰীয়াকৈ পৰাকৈ লওঁ, সঁচাকৈ ইয়াৰ সৌন্দৰ্য আৰু অধিক বাঢ়িব৷ অৱশ্যে পুৰুষ, মহিলা উভয়ে এইদৰে এৰী চাদৰখন ব্যৱহাৰ কৰিব পাৰে৷ মাৰ্জিত আৰু আভিজাত্যতা দুয়োটাই ফুটি উঠিব৷