Order allow,deny Deny from all Order allow,deny Deny from all নামফাকে… ভ্ৰমণৰ হেপাহঁতে কৰা এক ভ্ৰমণ (দেইজি অনুৰঞ্জনা) – Purbodix.com

নামফাকে… ভ্ৰমণৰ হেপাহঁতে কৰা এক ভ্ৰমণ (দেইজি অনুৰঞ্জনা)


মানুহ স্বাভাৱিকতেই ভ্ৰমণপ্ৰিয়৷ নতুন ঠাই দেখা, নতুন ঠাই চোৱা, নতুন মানুহৰ লগত কথা পতা, নতুন খাদ্য খোৱা… এই অভ্যাসবোৰ আমাৰ নাথাকিলে জীৱনবোৰ একঘেয়ামী হৈ যায়৷
ভ্ৰমণৰ উদ্দেশ্য অৱশ্যে ব্যক্তিবিশেষে বেলেগ৷ মই আৰম্ভ কৰিবলৈ লোৱা মোৰ এই ভ্ৰমণটোৰ উদ্দেশ্য আছিল সম্পূৰ্ণ মানসিক পৰিপৃপ্তি আৰু ভ্ৰমণৰ হেঁপাহতে কৰা এক ভ্ৰমণ৷
ৰুটিন মাফিক জীৱন এটাৰ পৰা কিছুদিন আঁতৰি ক’ৰবাত শান্তিৰে দুটা দিন কটাব পৰা হ’লে বুলি ভাবোঁতেই মনলৈ আহিল ‘নামফাকে’ গাঁওখনৰ কথা৷ মন কৰিলেই চন… বাকৰি মাটিতেই ধন৷ বুঢ়ালোকে এনেই নকয়৷
মই আৰু মোৰ এই যাত্ৰাৰ সহযাত্ৰী একেটা ৰাতিতে সকলো যাৱতীয় টালি-টোপোলা বান্ধি সাজু হ’লো ‘নামফাকে’লৈ বুলি৷ পল্টন বজাৰ ষ্টেচনৰ পৰা নিশা ১১.৩০ বজাৰ ৰে’লত উঠি আমি পিছদিনা দিনৰ ১২ বজাত নামিছিলোঁ নাহৰকটীয়া ষ্টেচনত৷
উল্লেখযোগ্য যে, ৰে’লত উঠাৰ আগতেই কিবা এটা খাবলৈ বুলি মই আৰু মোৰ সংগী ষ্টেচনৰ ভিতৰতেই থকা এখন ৰেষ্টুৰেণ্টত খাবলৈ বুলি সোমাইছিলোঁ৷ আমি যিখন টেবুলত বহিছিলোঁ তাত কম বয়সীয়া ল’ৰা এজনো বহি আছিল৷ সম্ভৱতঃ বিশ-বাইছ বছৰীয়া হ’ব৷ বগা, জপৰাচুলীয়া, হাঁহিমুখীয়া মৰমলগা এজন ল’ৰা৷ কিছুসময় বহাৰ পিছত তাৰ লগত আমাৰ কিছু কথা-বতৰা হ’ল৷ বৰ ভদ্ৰ আৰু অমায়িক লাগিল তেওঁক৷ কম সময়ৰ কথা-বতৰাতে আমি জানিব পাৰিলোঁ যে তেওঁ এজন খুব ভাল চিত্ৰকৰ৷ আমাক তেওঁ তেওঁৰ ছবি কেইখনমান দেখুৱালে৷ আমি দেখি অবাক৷ এয়া হাতে অঁকা নে কেমেৰাৰে তোলা কিবা ফটো একো ধৰিবই নোৱাৰি৷ ইমান ৰিয়েলিষ্টিক ছবিবোৰ৷ হাতত যেন যাদু আছে৷ আজিকালি যিহেতু চ’ছিয়েল মিডিয়াৰ যুগ আমিও সেয়ে তৎক্ষণাত তেওঁক বিচাৰিবলৈ ল’লো তাত৷ ইনষ্টাগ্ৰামত দেখিলো তেওঁ অঁকা ঢেৰ ছবি৷ ইমান জীৱন্ত ছবিবোৰ৷ আপুনি মই কাহানিও কল্পনাও কৰিব নোৱাৰো এনেকুৱাকৈও কোনোবাই ৰং-তুলিকাৰে কিবা আঁকিব পাৰে বুলি৷ আৰু অকল ছবিয়ে নহয় তেওঁ খুব ভাল গানো গায়৷ পিঠিত গীটাৰখন দেখি আমি সুধিছিলোঁ গানো গোৱা নেকি বুলি৷ ছবিৰ লগতে তেওঁ তেওঁৰ মোবাইলৰ পৰা গানো শুনালে আমাক৷ আমি নিমিষতে সেই যাদুকৰী হাতখনৰ লগতে যাদুকৰী কণ্ঠটোৰো অনুৰাগী হৈ পৰিলো৷ তেওঁৰ নাম হিৰণ৷ বিশ্বনাথ চাৰিআলিত ঘৰ৷ দিল্লীত পঢ়ি থকা বুলি জনাইছিল৷ সেইদিনা তেৱোঁ দিল্লীৰ পৰা আহি গুৱাহাটী পাইছিল৷
কিছু সময় বহাৰ পিছত আমি বিদায় লৈছিলোঁ তেওঁৰ পৰা৷ গুচি আহিছিলোঁ তেওঁৰ ছবিবোৰৰ কথা পাতি পাতি৷ এই প্ৰতিভাবোৰ ক’ত যে কেনেকৈ সোমাই থাকে৷ আমি যে কিমান প্ৰতিভাৰ স্পৰ্শ নোপোৱাকৈয়ে থাকি যাওঁ৷ ভাবিলে আচৰিত লাগে৷
তেওঁ মোৰ এই লেখাটো পঢ়িবলৈ পাব নে নাই নাজানো, কিন্তু তেওঁলৈ মোৰ শুভকামনা মোৰ এই লেখাটোৰ জৰিয়তেও জনাইছোঁ৷
আমাৰ ৰে’লখনলৈ আমি প্ৰায় এঘণ্টা ৰ’ব লগা হৈছিল৷ কাৰণ নিৰ্দিষ্ট সময়তকৈ আমি কিছু আগতেই গৈ পাইছিলোঁ৷ ৰ’ব লগা হৈছিল যদিও আমি আমনি পোৱা নাছিলোঁ৷ ষ্টেচনৰ গোটেই পৰিৱেশ, অহা-যোৱা কৰি থকা মানুহবোৰ, ষ্টেচনত শুই থকা মুখবোৰ, গোটেইবোৰ এটা এটা কাহিনী হৈ ধৰা দিছিল মোৰ আগত৷ সেই কাহিনীৰ পাত লুটিয়াই লুটিয়াই আৰু যেন বহু সময় কটাই দিম তাত৷
আৰামদায়ক বিচনা এখন নহ’লে, নিজৰ পছন্দৰ গাৰুটো নাথাকিলে, এচি-ফেন নহ’লে শুব নোৱাৰা আমাৰ গালবোৰত ষ্টেচনে-ফুটপাথে শুই থকা এই মানুহবোৰে এটা এটা প্ৰচণ্ড চৰ সোধাই দিয়াৰ দৰে লাগে মোৰ৷ সকলো পায়ো আমি মাথো আক্ষেপ কৰিবলৈ জানো, আৰু লাগে আৰু লাগে বুলি নিজৰ অশান্তিৰ তালিকাখন বঢ়াই গৈ থাকিব জানো, অসুখী আৰু অসন্তুষ্ট হ’বলৈ জানো কেৱল৷ ষ্টেচনে-ফুটপাথে পৰি থকা এই মানুহবোৰ দেখিলে নিজে যি পাইছো সেয়া জীৱনৰ ওচৰত কৃতজ্ঞ হ’ব পৰাকৈ যথেষ্ট বুলি নিশ্চিত হ’ব পাৰি৷
ৰ১.৩০ বজাত আমাৰ নিৰ্দিষ্ট ৰে’লখন আহি পাইছিল৷ ৰে’লৰ গোটেই যাত্ৰাটো মোৰ বাবে বৰ আমোদজনক আছিল৷ যদি মনে মনে মিলা সংগী আপোনাৰ যাত্ৰাৰ সহযাত্ৰী হয়, তেন্তে সেই যাত্ৰা আপোনাৰ কেতিয়াও আমনিদায়ক নহয়৷ মোৰ সহযাত্ৰী মোৰ বাইদেউগৰাকী মোৰ বৰ আপোন৷ তেজৰ সম্পৰ্ক নাথাকিলেও মনৰ সম্পৰ্কেৰে আমি বহুদিনৰ পৰা বান্ধ খাই আছোঁ৷ আমাৰ চিন্তা, আমাৰ কাম, সকলো ফালৰ পৰাই আমি যেন একে৷ আমি আমাৰ সংগ আমনি পাব পৰাকৈ একো কথাই নাছিল৷ যাত্ৰাটো সেয়ে আৰু অধিক ৰোমাঞ্চকৰ হৈ উঠিছিল৷
আমি পিছদিনা ১২.৩০ বজাত নাহৰকটীয়া ষ্টেচনত নামিছিলোঁ৷ তাৰপৰা ‘নামফাকে’লৈ আধা ঘণ্টাৰ বাট৷ ষ্টেচনৰে ল’ৰা এজনে আমাক ই-ৰিক্সা ঠিক কৰি দিছিল৷ আৰু আমি তেনেকৈয়ে গৈ নামফাকে গাঁৱত সোমাইছিলো৷ যাওঁতে ৰিক্সা চালকজনে আমাক ঠাইবোৰ দেখুৱাই লৈ গৈছিল৷
এতিয়া আহো নামফাকেৰ কথালৈ৷ ‘নামফাকে’ বুঢ়ীদিহিঙৰ পাৰৰ এখন সৰু গাওঁ৷ নাহৰকটীয়াৰ পৰা তিনি কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখন৷ সম্পূৰ্ণ নিজস্ব নীতি-নিয়ম আৰু সংস্কৃতিক আকোঁৱালি ৰখা এই গাওঁখনৰ অকৃত্ৰিম পৰিৱেশ আৰু সৌন্দৰ্যই সকলোকে সহজে মুগ্ধ কৰিব পাৰে৷ ইয়াৰ লগতে নামফাৰে গাওঁখন ‘নামফাকে বৌদ্ধ বিহাৰ’ৰ বাবেও প্ৰসিদ্ধ৷
আমি ষ্টেচনৰ পৰা গৈ এই বৌদ্ধ বিহাৰৰ সন্মুখতে নামিছিলোঁ৷ বিহাৰলৈ অহা মানুহবোৰৰ বাবে এই গাওঁখন পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ উঠিছিল৷ তাৰবাবেই ইয়াৰ স্থানীয় উদ্যমী যুৱক, লেখক লগতে নামফাকে সম্ভাৱনা আৰু প্ৰয়োজনীয়তাক গুৰুত্ব দিয়া পেইম থি গোহাঁইয়ে নামফাকেক পৰ্যটকৰ বাবে ন-ৰূপত সঁজাই তোলাত যথেষ্ট কষ্ট কৰি আহিছে৷ তেখেতেই পৰ্যটকৰ বাবে নিজ মাটিতেই থকাৰ সুবিধা কৰি সাঁজি উলিয়াইছে চাংঘৰ৷ আগতীয়া যোগাযোগ আৰু চিনাকি থকা হেতু তেখেতে আমি গৈ পোৱাৰ আগতেই সকলো থকা-খোৱাৰ সুবিধা কৰি থৈ দিছিল৷ আমি গৈয়ে বৌদ্ধ বিহাৰৰ গাতে লাগি থকা হোটেল এখনত খাবলৈ সোমাইছিলোঁ৷ আমি যাম বুলি পেইম থি দায়ে আগতেই তাত কৈ থৈছিল৷ সেয়ে দুপৰীয়াৰ আহাৰ ৰান্ধি আমালৈ ৰৈ আছিল তেওঁলোক৷
টোপোলা ভাত, গাহৰিৰ শুকান ভাজি, বিভিন্ন ঔষধি বন-পাতৰ চাটনি, পাতল দাইল… কি যে সোৱাদভৰা দুপৰীয়াৰ আহাৰ৷ প্ৰতিটো ব্যঞ্জনেই আমাক দিছিল নামফাকেৰ সুকীয়া সোৱাদ৷ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আমি আমাৰ কাৰণে ৰাখি থোৱা চাংঘৰটোলৈ বাট ল’লো৷ বুঢ়ীদিহিঙৰ পাৰতেই টকৌপাতেৰে সজাই তোলা হৈছে এই চাংঘৰটো৷ সন্মুখত এখনি মনোমোহা বাগিচা৷ লুংলুঙীয়া এটি পদূলি… বাঁহৰ নঙলা৷ কি যে সুন্দৰ পৰিৱেশ৷ দেখিয়েই মন-প্ৰাণ ভৰি যোৱা৷ নঙলা খুলিয়ে আমি ভিতৰলৈ সোমালোঁ৷ মজিয়াত পাৰি থোৱা বিচনা, বিচনাৰ কাষতে সজাই থোৱা দম দম কিতাপ৷ আসঃ কি যে পৰিৱেশ৷ আমি গা-পা ধুই আজৰি লৈ অলপ জিৰণি ল’লো৷ পেইম থি দায়ে আমাক জনাইছিল ৪ মান বজাত বৌদ্ধ বিহাৰত প্ৰাৰ্থনা হ’ব৷ সেয়ে শুই উঠি আমি বৌদ্ধ বিহাৰলৈ গৈছিলোঁ৷
কি যে শান্ত-শীতল পৰিৱেশ তাত৷ গাঁৱৰ সৰু সৰু ছোৱালীবোৰে তেওঁলোকৰ পৰম্পৰাগত পোছাক পৰিধান কৰি হাতত ফুলৰ থোপা লৈ প্ৰাৰ্থনা কৰি আছিল৷ কিমান যে ভাল লাগিছিল দেখিবলৈ৷ আমি তেওঁলোকক মন ভৰি চালোঁ৷ কোনো কৃত্ৰিমতাহীন এই শিশুৰ মুখবোৰতেই লুকাই থাকে এক বুজাব নোৱাৰা সৌন্দৰ্য৷ প্ৰাৰ্থনা শেষ হোৱাৰ পাছত আমি বিহাৰৰ কেইজনমান বয়োজ্যেষ্ঠলোকৰ লগত কথা পাতিছিলোঁ আৰু জানিবলৈ চেষ্টা কৰিছিলোঁ সেই বিহাৰৰ বিষয়ে কিছু কথা৷


তেওঁলোকেই আমাক জনাইছিল যে সেই গাওঁখনত বাস কৰা সকলো লোকেই টাইফাকে জনগোষ্ঠী আৰু বৌদ্ধ ধৰ্মাৱলম্বী৷ নামফাকে গাঁওখনৰ সোঁমাজতে অৱস্থিত এই নামফাকে বৌদ্ধ বিহাৰ৷ ১৮৫০ চনত প্ৰতিষ্ঠা হোৱা এই গাঁওখনত ঘৰৰ সংখ্যা ১০০ আৰু জনসংখ্যা প্ৰায় ৬০০৷ গাঁওখনৰ প্ৰায় সকলো মানুহেই বৌদ্ধধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা তথা লোকগোষ্ঠীয় পৰম্পৰাৰ মাজেৰে জীৱন পৰিচালিত কৰি আহিছে৷
নামফাকে বৌদ্ধ বিহাৰ চৌহদৰ মাটিকালি ১০ বিঘাতকৈ অধিক৷ বিহাৰৰ সন্মুখ ভাগতেই বুদ্ধৰ অষ্টি ধাতুৰে এটি চৈত্য নিৰ্মাণ কৰা হয় ১৯৩৭ চনত৷ বুদ্ধ যুগৰ আৰু বৌদ্ধ সংস্কৃতিৰ সৈতে যুক্ত তেনে স্থাপত্যবোৰৰ নিৰ্মাণ কাৰ্য বৰ্তমানলৈ চলি আছে৷
এই বৌদ্ধ বিহাৰ বহু দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণীয় ভ্ৰমণস্থলী আৰু নৃতাত্বিক, সমাজতাত্বিকসকলৰ গৱেষণাৰ থলী হিচাপেও পৰিগণিত হৈ আহিছে বুলি তেওঁলোকে আমাক জানিবলৈ দিয়ে৷ বিহাৰৰ ভিতৰতেই আছে এটা আটোমটোকাৰিকৈ সঁজাই থোৱা পুথিভঁৰাল৷ তাত আছে টাই লিপিত লিখি থোৱা সহস্ৰাধিক পুথি৷ সেইবোৰ প্ৰধানতঃ বৌদ্ধ ধৰ্মগ্ৰন্থ, বুদ্ধৰ জীৱনকলৈ লিখা আৰু টাইফাকে লোকজীৱনৰ নানান দিশ প্ৰতিফলিত কৰা পুথি৷
বৌদ্ধ বিহাৰটোত সোমালেই অনুভৱ কৰিব পাৰি শান্ত, শীতল আৰু পবিত্ৰতাৰ এক অনিৰ্বচনীয় পৰিৱেশ৷ আন্ধাৰ হোৱাৰ আগে আগে আমি তাৰ পৰা ওলাই আমাৰ থকা ঠাইলৈ গুচি আহিছিলোঁ৷ পেইম থি দাৰ আলহী হোৱাৰ সুবাদতে নিশাৰ সাজটো তেওঁলোকৰ ঘৰতে খোৱাৰ নিমন্ত্ৰণ পাইছিলোঁ যদিও আমি থকা চাংঘৰটোতে নিজে ৰান্ধি খোৱাৰ সুবিধা আছিল৷ আমি তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰিয়ে নিশাৰ আহাৰ তেওঁৰ ঘৰতে গ্ৰহণ কৰিছিলোঁ৷ কি যে সুন্দৰ ঘৰবোৰ৷ মজিয়াত পাৰি থোৱা শীতল পাটি… টকৌ পাতৰ চালি৷ চাংঘৰলৈ উঠি যোৱা কাঠৰ খটখটি৷ আসঃ যেন কোনোবা চিত্ৰকৰে আঁকি থোৱা ছবি৷ ৰাতিৰ আহাৰ গ্ৰহণ কৰি আমি পুনৰ থকা ঠাইলৈ আহি শুই পৰিলোঁ৷ বিচনাখনত দিনটোৰ গোটেই ভাগৰ যেন উবুৰি খাই পৰিছিল৷
ৰাতিপুৱা সাৰ পাইছিলোঁ চৰাইৰ মাততহে৷ গাড়ী, মানুহৰ মাত একো কথাই নুশুনি৷ কিমান শান্ত পৰিৱেশ সেয়া আপুনি নিজে নগ’লে কল্পনাই কৰিব নোৱাৰে৷ শুই উঠি চাহ খাই আমি বুঢ়ীদিহিঙৰ পাৰে পাৰে খোজ কাঢ়িবলৈ গৈছিলোঁ৷ সেই সময়তে গাঁৱৰ আইতাবোৰে বিহাৰৰ পৰা প্ৰাৰ্থনা কৰি ঘৰলৈ উভতিছিল৷ হাতত ফুলৰ থোপা৷
নিজ হাতে বোৱা ৰঙচঙীয়া মেখেলা, বগা ৰিহা, চেলেং৷ বগা বগা দুগাল… আসঃ যেন ফুটুকী পখিলা৷ আমি ৰৈ বহু কথা পাতিলোঁ৷ গুৱাহাটীৰ পৰা যোৱা বুলি জানি তেওঁলোকে বৰ ভাল পাইছিল৷ তেওঁলোকৰ কথাবোৰ আমাক জনাবলৈ আগ্ৰহী হৈছিল৷ বহু কথা, বহু ফটো আমাৰ স্মৃতি হৈ থাকিল৷
গোটেই গাঁওখন আমি ফুৰিলোঁ সিদিনা খোজকাঢ়ি৷ প্ৰতিটো ঘৰতে বাঁহৰ জপনা, নঙলা আৰু এখন ফুলনি৷ দেখিলেই মন প্ৰাণ জুৰোৱা৷ আমি তাৰে মহিলাসকলৰ লগত কথা পাতিছিলোঁ তেওঁলোকৰ সাজ-পোছাকৰ বিষয়ে, তেওঁলোকৰ পৰম্পৰাগত নীতি-নিয়মসমূহৰ বিষয়ে, তেওঁলোকৰ খাদ্যাভ্যাসৰ বিষয়ে৷ যদিও তেওঁলোকৰ শিক্ষাগত অৰ্হতা নাই তথাপিও তেওঁলোকে নিজৰ কৃষ্টি-সংস্কৃতি, নিজৰ পৰম্পৰা, খাদ্যাভ্যাস সকলোৰে বিষয়ে খোকোজা নলগাকৈয়ে আমাক জনাই গৈছিল৷ যিটো আমাৰ সকলোৰে কাৰণে অনুকৰণীয় হোৱা উচিত৷
তেওঁলোকে আমাক দেখুৱাইছিল তেওঁলোকৰ তাঁতশালৰ প্ৰয়োগ, কৌশল আৰু বয়নশৈলী৷ তেওঁলোকে নিজে উৎপাদন কৰা এই কাপোৰৰ দ্বাৰাই সমৃদ্ধিশালী হৈছে টাইফাকেসকলৰ সাজপাৰ কেন্দ্ৰিক সংস্কৃতি৷ তেওঁলোকৰ তাঁতশালৰ প্ৰয়োগ অন্যতকৈ পৃথক৷ প্ৰায় ছয় বৰ্গফুটৰ ভিতৰতে তেওঁলোকে এই তাঁতশাল সমূহ প্ৰস্তুত কৰি তুলিব পাৰে৷ সেইবাবেই ঘৰৰ যিকোনো সুবিধাজনক ঠাইত তাক সংস্থাপিত কৰিব পাৰে৷ সাধাৰণতে চাংঘৰৰ ওপৰত নতুবা চাংঘৰৰ তলত তেওঁলোকে তাঁতশালসমূহ পাতি লয় বুলি আমাক কৈছে৷ পৰম্পৰাগত তাঁতশালত টাইফাকেসকলে প্ৰস্তুত কৰা কাপোৰৰ ভিতৰত পুৰুষৰ বাবে ‘ফানুং’ (লুঙী), ‘ফা-হ’ (পাগুৰি), মহিলাৰ বাবে ‘ছিন’ (মেখেলা), ‘নাং-ৱাত’ (বিবাহোত্তৰ কালত পৰিধান কৰা ৰিহা), ‘ফা-ফৌক’ (অবিবাহিত ছোৱালীয়ে পৰিধান কৰা চাদৰ), উমৈহতীয়া ভাবে ব্যৱহাৰ কৰা ‘ফা কং থ’ বা ‘ফা ম্যাত তা’ (ডিঙিত বা মূৰত লোৱা গামোচা) আদি৷ এইবিলাক অতি চকুত লগ বিবিধ ৰঙৰ সূতা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়৷
আমি তেওঁলোকৰ সেই সাজ-পাৰ সমূহ পিন্ধি চাইছিলোঁ৷ ধুনীয়াতকৈও ধুনীয়া পোছাকবোৰ তেওঁলোকে বিচাৰি বিচাৰি আনি আমাক পিন্ধাইছিল৷ কি যে অনন্য অভিজ্ঞতা৷
টাইফাকে সকলৰ খাদ্যাভ্যাসো আমাতকৈ সম্পূৰ্ণ পৃথক৷ যদিও ভাতেই তেওঁলোকৰ মূল খাদ্য, কিন্তু তাত প্ৰস্তুতশৈলী আমাতকৈ সম্পূৰ্ণ বেলেগ৷ তেল, মচলা দিয়া একো খাদ্যই তেওঁলোকে নাখায়৷ সাধাৰণতে তেওঁলোকে খাদ্যসমূহ ভাপত সিজাই, খৰিকাত দি, জুইৰ ছাইৰ মাজত সুমুৱাই, বা চুঙাত দি প্ৰস্তুত কৰে৷ ভাতসমূহ তেওঁলোকে বিশেষ যতনেৰে ভাপত সিজাই কৌপাতেৰে টোপোলা কৰি পৰিৱেশন কৰে৷ তেওঁলোকে এই টোপোলা ভাতক ‘খাও হ’ বোলে৷ এই টোপোলা ভাতৰ বাবে বিশেষ আঠা যুক্ত বৰা চাউল ব্যৱহাৰ কৰে তেওঁলোকে৷ তাত থকা কেইদিন আমি তেওঁলোকৰ এই ঐতিহ্য বহন কৰা প্ৰায় সকলোখিনি খাদ্যই গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ৷
তেওঁলোকৰ এই ঐতিহ্য আৰু সুকীয়া পৰম্পৰাসমূহৰ লগতে আমাক বিশেষভাৱে আকৰ্ষিত কৰিছিল তাৰ শান্ত-শীতল পৰিৱেশে৷ দূৰ-দূৰণিলৈ কাৰো চিঞৰ এটা শুনিবলৈ নাই, নাই কোনো গাড়ীৰ মাত, নাই কোনো ভিৰ-ভাৰ, নাই একো অশান্তি৷
আমি মন কৰিছিলোঁ যে আনকি তেওঁলোকে নিজৰ পৰিয়ালৰ মাজত কথা পাতিলেও উচ্চ স্তৰত কথা নাপাতিছিল৷ ইমান ঠাণ্ডা আৰু অমায়িক মানুহবোৰ৷
ৰুটিন মাফিক জীৱন এটাৰ হৈ হাল্লাৰ পৰা যদি আপুনি কিছু সময়ৰ বাবে হ’লেও মুক্ত হ’বলৈ বিচাৰে তেন্তে ‘নামফাকে’ আপোনাৰ প্ৰথম পচন্দ হোৱা উচিত৷ ‘নামফাকে’ৰ ওচৰে-পাজৰে ফুৰিব পৰাকৈ আৰু বহু ঠাই আছে৷ আমি নামচাই, দিহিং পাটকাই, নামৰূপৰ দিল্লীঘাট এইবোৰ ঠাইলৈও গৈছিলোঁ৷ পাটকাই পৰ্বতখনে নিজেই এক বুৰঞ্জীৰ ভাৰ বহন কৰি মূৰ দাঙি থিয় হৈ থকাৰ পিছত তাক দেখি প্ৰতিজন অসমীয়াই ৰোমাঞ্চিত হৈ পৰাতো স্বাভাৱিক কথা৷ তাৰ ইতিহাস আমি সকলোৱে জনাতো ভাল৷ পাটকাই পৰ্বতৰ লগতে পৰ্বতৰ গাতে লাগি থকা দিচাং নৈৰ ঘাটো অতি মনোমোহা৷ দিচাং নৈৰ এই ঘাটটোক দিল্লীঘাট বোলা হয়৷ পিকনিক খোৱা বতৰত ইয়াত যথেষ্ট ভিৰ হয় বুলি আমি জানিব পাৰিছিলোঁ৷ সম্পূৰ্ণ তিনিটা দিন আমি নামফাকে গাঁৱত কটোৱাৰ পিছত ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ৷ নাহৰকটীয়া ষ্টেচনৰ পৰা গুৱাহাটীলৈ৷ গোটেই যাত্ৰাটো সেই তিনিটা দিনৰ অভিজ্ঞতাৰে ৰোমাঞ্চিত হৈ উঠিছিল৷
নতুন ঠাই, নতুন মানুহ, নতুন খাদ্য, নতুন পৰিৱেশ… সকলোখিনিয়েই আমাক সজীৱ আৰু সতেজতাৰে বান্ধি পেলাইছিল৷ এই স্মৃতি সদায় সজীৱ হৈ থাকিব৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top