by Arup Kakoti

Jengle bells, Jingle bells, Jingle all the way
Og্ৰক্ক ashat fun in is to ride
in a one house open steegh
২৫ ডিচেম্বৰ হেপাঁহৰ বৰদিন৷ সুমধুৰ কেৰ’লৰ ধবনিত গীৰ্জা মুখৰিত হয়৷ প্ৰভু যিশুৰ জন্মদিনটো উলহ-মালহেৰে খ্ৰীষ্টীয়ান ধৰ্মৰ লোকসকলে পালন কৰে৷ তেওঁলোকে ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে বৰদিনৰ প্ৰস্তুতি চলায়৷ ধুনীয়াকৈ ঘৰবোৰ চাফ-চিকুন কৰি সজায়৷ খ্ৰীষ্টমাছ ট্ৰী ষ্টাৰ আৰু নানা ৰং-বিৰঙৰ লাইটেৰে ঘৰটো ধুনীয়াকৈ সজাই পেলায়৷ নানা ব্যঞ্জনৰ লগতে কেক্ আদি প্ৰস্তুত কৰে৷ ইজনে-সিজনক নানা উপহাৰ দিয়ে৷
এইবোৰৰ উপৰি বৰদিনৰ ছাণ্টা ক্ল’জৰ উপহাৰলৈ কণ কণ শিশুবোৰে বৰ আগ্ৰহেৰে বাট চায়৷ কণ কণ শিশুবোৰৰ বাবেই বৰদিন মানে ছাণ্টা ক্ল’জৰ উপহাৰ৷
প্ৰভু যিশুৰ মৃত্যুৰ বহু বছৰৰ পিছত ভক্তসকলে যিশুৰ জিন্মদিনটো বৰদিন ৰূপে পালন কৰিবলৈ লৈছিল৷ তেতিয়াৰ পৰাই এই ছাণ্টা ক্ল’জৰ আৱিৰ্ভাৱ হৈছিল বুলি কয়৷ ছাণ্টা ক্ল’জৰ বিষয়ে কেইবাটাও কাহিনী শুনিবলৈ পোৱা যায়৷
প্ৰথম কাহিনীটো হৈছে ছেণ্ট নিক’লাছৰ লগত জড়িত৷ ছেণ্ট নিক’লাছ এজন ধনী আৰু দয়ালু প্ৰকৃতিৰ লোক আছিল৷ তেওঁ আৰ্তজনক সহায় কৰি ভাল পাইছিল৷ তওঁ দুখীয়া আৰু কণ কণ শিশুবোৰক উপহাৰ দিছিল৷ কিন্তু শিশুসকলৰ মনত বৰদিনৰ স্ফূৰ্তি দুগুণ কৰিবলৈ তেওঁ ৰাতি গোপনে শিশুবোৰক উপহাৰ দি গৈছিল৷
আন এটা কাহিনী শুনিলে আকৌ অলপ আচৰিত লাগে৷ এই কাহিনীটো মতে ছাণ্টা ক্ল’জ চয়তান৷ ঈশ্বৰে স্বৰ্গৰ পৰা এই চয়তানক নৰকলৈ খেদি পঠাই দিছিল৷ তেতিয়া চয়তানে ঈশ্বৰৰ গুৰুত্ব কমাবলৈ ছাণ্টা ৰূপ লৈ দুখীয়া মানুহ আৰু কণ কণ শিশুসকলক বৰদিনৰ দিনা ৰাতি মনে মনে উপহাৰ দি গৈছিল৷ এই কাহিনীটো বিশ্বাস কৰাৰ কেইবাটাও কাৰণ আছে৷

প্ৰথম কাৰণটো হ’ল বাইবেলত ছাণ্টাৰ বিষয়ে কতো লিখা নাই৷ কিন্তু বৰদিনত Jingle bells গোৱা গীতটোত যিশুৰ কথা উল্লেখ নাই৷
চয়তানবোৰ ৰাতি শক্তিশালী হয়৷ সেইবাবে ছাণ্টাই ৰাতি গোপনে উপহাৰবোৰ দি যায়৷ কণ কণ শিশুবোৰে বৰদিনৰ ছাণ্টাৰ উপহাৰলৈ বাট চাই থাকে৷ যিশুৰ কথা মনত থাকিলেও উপহাৰটিৰ বাবেহে ৰৈ থকা যেন লাগে৷
বাইবেলত লোভ-মোহ ত্যাগ কৰিবলৈ কৈছে৷ কিন্তু ছাণ্টাই উপহাৰ দি কণ কণ শিশুৰ মনত লোভ বঢ়াই দিয়ে৷
এনেধৰণৰ কাহিনী শুনিবলৈ পালেও বৰদিনত ছাণ্টা ক্ল’জে সদায় গুৰুত্ব পাই আহিছে৷ ছাণ্টা ক্ল’জৰ অবিহনে বৰদিন সম্পূৰ্ণ নহয়৷
আকৌ আহিছে হেপাঁহৰ বৰদিন৷ কণ কণ শিশুসকলে বাট চাই ৰৈছে ছাণ্টাৰ উপহাৰলৈ৷ গীৰ্জাৰ সুমধুৰ পবিত্ৰ কেৰনৰ ধবনিত মুখৰিত হ’ব চাৰিও দিশ৷ আমিও আশা কৰিছোঁ বৰদিনে ধৰালৈ শান্তিৰ বাৰ্তা কঢ়িয়াই আনক৷ কণ কণ শিশুৰ স্ফূৰ্তি দুগুণ হওক৷