by Arup Kakoti

টাই জনগোষ্ঠীৰ ঐশ্বৰ্যশীল সভ্যতা, সংস্কৃতি, পৰম্পৰা, উৎপত্তি-পৰিৱৰ্ধন আৰু ক্ৰমবিকাশ, ৰাজনৈতিক আধিপত্য বিস্তাৰৰ হাজাৰ হাজাৰ বছৰীয়া ঐতিহ্যমণ্ডিত ইতিহাসৰ পমখেদি অতীতৰ বঙিয়াইদি ভটিয়াইড গ’লে দেখা পোৱা যায় চীন দেশৰ মঙ্গোলীয় মালভূমিৰ উত্তৰে অৱস্থিত চিৰসেউজ কৰ্দৈসিৰীয়া আলটাই পবৰ্তমালাৰ বক্ষভেদি নিগৰি অহা চিৰ-বহ্নিমান টাইৰিম নদীৰ নয়নাভিৰাম অৱবাহিকা আৰু বৈকাল হ্ৰদৰ সুকোমল কোলাত, প্ৰভাতী অৰুণৰ সোণালী কিৰণে এমুঠিমান বুকুৰ আপোন মানুহৰ জীৱন-যৌৱন উদ্ভাসি, প্ৰকৃতিৰ সৈতে ওমলি জামলি কালৰ বৰ্ণময় পৰিক্ৰমাৰ সোপানেদি আগুৱাই জনগাঁথনি বৃদ্ধিৰ সমান্তৰালভাৱে ভৌগোলিক পৰিধিৰ সম্প্ৰসাৰণ ঘটাই একলা একলা কৰি সৰু সৰু ৰাজ্যৰ শাসনকৰ্তাৰূপে প্ৰতিষ্ঠিত হৈ পৰৱৰ্তী কালত চীন দেশত খ্ৰীঃপূৰ্ব ২৬৯৭ ১ পৰা শাসন কৰি প্ৰগতিৰ শিখৰলৈ আগুৱাই পৃথিৱীৰ বুৰঞ্জীত সোণালী ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা জাতিটোই আছিল তাই জাতি৷
চীনৰ সুবিশাল ভূখণ্ডত টাই লোকসকলৰ শাসনকালত স্বৰ্গৰ ৰজা লেংদনৰ দুইনাতি আই খুন-লুং আৰু আই খুন-লাইয়ে স্বৰ্গৰাজ্য মুংফীৰ পৰা পৃথিৱী মুংখাঙলৈ আহি ৰাজ্য প্ৰতিষ্ঠা কৰি স্বৰ্গৰ ৰজা লেংদন আৰু দেৱতা সকলৰ আশিস শিৰত লৈ সুখ, শান্তি, প্ৰগতিৰ তটিনী বোৱাই মং-ৰি-মং-ৰাজ্য চলাই সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমা অতিক্ৰম কৰি দেশ শাসন কৰাৰ দক্ষতাৰে সমৃদ্ধ হৈ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, মানৱীয় সত্বাৰ উত্তৰণ ঘটাই স্বৰ্ণিল ৰাজন মুকুট শিৰত পিন্ধি জগতৰ নয়নত দোলায়িত হ’ব পৰা বৃহৎ তাই জাতিলৈ ৰূপান্তৰিত হ’ল আৰু সেই বংশতেই জনম লভিছিল বাৰ শতিকাৰ শেষৰ ফালে মাওলুঙৰ ৰাজবংশৰ চাও চাং-নেওৰ ঔৰসত আৰু ৰত্নগৰ্ভা মাতৃ নাং-মুং-ব্লক-খাম-চেঙৰ পবিত্ৰ উদৰত জনম হোৱা বৰ অসমৰ স্বপ্নদ্ৰষ্টা চাউলুং চ্যু-কা-ফা৷ চ্যুকাফাই ১২১৫ খ্ৰীষ্টাব্দত আদৰ্শবান, বুদ্ধিমতী এনায়েকৰ দিহা-পৰামৰ্শ লৈ পৰিয়ালবৰ্গ, হাতী-ঘোঁৰা দৈৱশক্তি সম্পন্ন হেংদাং, আহোমৰ পতাকা খিংফ্ৰা, অগণন সতীৰ্থ, আঠজন পণ্ডিত, ধৰ্মীয় সামাজিক অনুষ্ঠান মে-ডাম-মে-ফি পূজাভাগ সম্পন্ন কৰিবলৈ বুৰঞ্জী লেখক ম-মুন-ম-মাই দেওধাইক লগত লৈ মাওলুঙৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল৷ উদাৰ দৃষ্টিভংগী, এখন ঐশ্বৰ্যশীল সুবিশাল হৃদয় আৰু মনলৈ ন-ৰাজ্য প্ৰতিষ্ঠাৰ দুৰ্বাৰ অপ্ৰতিৰোধ্য সতীব্ৰ বাসনা বুকুত বান্ধি পিতৃ-মাতৃ, আত্মীয়-স্বজন, স্বদেশ প্ৰজাতিৰ পৰা চিৰবিদায় মাগি এক শুভদিনত পশ্চিম দিশে গতি কৰিছিল৷ তাৰোপৰি কেইখনমান মূল্যৱান বুৰঞ্জীও আনিছিল আৰু আহোঁতে সুদীৰ্ঘ যাত্ৰা পথৰ ঘটনা-পৰিঘটনাসমূহ বুৰঞ্জীবিদসকলক লিখি যাবলৈ নিৰ্দেশ দিছিল৷ টাই-আহোমৰ প্ৰাচীন ৰাজ্য ম্যুংৰীম্যুংৰামৰ শাসন পদ্ধতিৰ বিষয়ে বিশদভাৱে উল্লেখ থকা লাই লীক নামৰ বুৰঞ্জীখনো আনিছিল বুলি ইতিহাসৰ পৰা জানিব পৰা যায়৷ তেৰ বছৰ দুৰ্গম গিৰি কন্দৰ অতিক্ৰম কৰি হিমালয়ৰ চৌকান গিৰিপথেদি আগবাঢ়ি আহি অৰুণোদয়ৰ পাটকাই পৰ্বতৰ শিখৰক চাউলুং চ্যুকাফা আৰু অগণন সতীৰ্থৰ পদৰেণুৰে ৰঞ্জিত কৰি ৰৌদোজ্জ্বল প্ৰাণো২৬ল বতৰত এই ভূখণ্ডত পদাৰ্পণ কৰিছিলহি ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণৰ নয়ন বিমোহিত সৌন্দৰ্যৰ অভিধাৰে বিভূষিত বিস্ময়াভিভূত বিনন্দীয়া পৰিৱেশত৷ কৰ্দৈসিৰীয়া চিৰসেউজ পৰ্বতমালাৰে পৰিৱেষ্টিত সৌমাৰখণ্ডৰ সুবিশাল পুণ্যভূমিত, সভ্যতা-সংস্কৃতিৰ ক্ৰমবিকাশৰ দুৱাৰ দলিত উপনীত হওতে, যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক বহ্নিমান লৌহিত্যৰ উৰ্বৰা তীৰৰ দৃষ্টিনন্দন বক্ষস্থলৰ নয়নাভিৰাম সুবিশাল বাকৰিত, পাটকাইৰ সেওঁতাইদি উদিত হোৱা সূৰুযৰ বৰ্ণালী আভাই চিৰ বিনন্দীয়া কৰি ৰখা, নৈসৰ্গিক আভিৰূপ্যৰে আ২৬াদিত এই দেশৰ ভূখণ্ডত সুদুৰ মাউলুঙৰ পৰা আহি ঐতিহ্যমণ্ডিত গৌৰৱোজ্জ্বল সোণালী ইতিহাসৰ ছশ বছৰীয়া ৰাজ শাসনৰ বুনিয়াদ গঢ়োতা, মহামিলনৰ প্ৰতীক স্বৰূপ, সুদৃঢ় মনৰ ব্যক্তিসত্ত্বা চাউলুং চ্যুকাফা আৰু সতীৰ্থ সকলে সূৰুয উঠা পাটকাইৰ শিখৰত পুষ্প বৰষাই দৃষ্টিনন্দন চিৰসেউজ পাহাৰৰ হেলনীয়াইদি নামি আহিছিল নীল বৰণীয়া সুবিশাল বহ্নিমান বৰ লুইতৰ দুবাহুত বিলীন হ’বলৈ৷

চ্যুকুাফাই তেওঁৰ যাত্ৰাপথত অতিক্ৰম কৰা প্ৰথমটো অচিনাকি পৰ্বতৰ নাম ৰাখিছিল ডয়-খাম (ডয় মানে পৰ্বত, খাম মানে পাৰ হোৱা)৷ তাৰ পিছত বাটত নংয়াং হ্ৰদৰ বুকুত বিলীন হোৱা খাম-য়াং নদী পাৰ হ’ব লগা হৈছিল আৰু তেওঁলোকে নং-য়াং হ্ৰদৰ তীৰত কিছুদিন বসবাস কৰি খেতি-বাতি কৰি খাদ্য সম্ভাৰ যোগাৰ কৰি খাম-জাং নামেৰে সৰু ৰাজ্য প্ৰতিষ্ঠা কৰি এচটা শিলত সেই অঞ্চল পাৰ হৈ অহাৰ কথা খোদিত কৰি থৈ আহিছিল৷ ১৮৮৪য৮৫ চনত এজন মেজৰে তাই ভাষাত লিপিবদ্ধ শিলচটা উদ্ধাৰ কৰি তাই পণ্ডিত এজনৰ দ্বাৰা তাৰ অৰ্থ উদ্ধাৰ কৰিছিল৷ এইকথা খামটি চিংফৌৰ Military Report ত লিখা আছে৷ চু্যকাফাই পুনৰ যাত্ৰা কৰোঁতে বাটত নটা পৰ্বতৰ মিলনস্থলী পাই নাম ৰাখিলে ডয়-কাও-ৰং (ডয়-পৰ্বত, কাও-নটা, ৰং-লগ লগা)৷
নয়নাভিৰাম সৌন্দৰ্য-সুষমাৰে মহীয়ান, প্ৰকৃতিৰ পূণ্যভূমিৰ চিৰবিনন্দীয়া নৈসৰ্গিক ৰূপ লাৱণ্য দেখি চ্যুকাফা আপ্লুত হৈছিল, অভিভূত হৈছিল আৰু স্বতঃস্ফুৰ্তভাৱে হৃদয়ৰ পৰা নিগৰি আহিছিল এটি প্ৰাণস্পৰ্শী সোণাৰু নাম মুং-ডুন-চুন-খাম৷ মুং-ডুন-চুন-খামত তেতিয়া বৈচিত্ৰময় জাতি-জনগোষ্ঠী মৰাণ, মটক, চুতীয়া, কছাৰী, বৰাহী আদি লোকসকলৰ আধিপত্য বিৰাজ কৰিছিল৷ তেওঁলোকৰ লগত বন্ধুত্ব আৰু মিতিৰৰ সম্বন্ধ পাতি চ্যুকাফা আগবাঢ়িছিল এঠাইৰ পৰা আন ঠাইলৈ৷
এনেদৰে আগুৱাই ডয়-কাও পাৰ হৈ হাবি-জংঘল কাটি শিলাময় পথেদি আহি থাকোঁতে দৃষ্টিগোচৰ হৈছিল নাম বং ত ছয়খন নদীৰ সংগমস্থল৷ সেয়েহে নাম থলে নাম-ৰুক (নাম-পানী, ৰুক-ছয়)৷ মানুহৰ মুখ বাগৰি ইয়ে হৈ পৰিল এতিয়া উজনিৰ শুৱনি নামৰূপ৷ ডয়-কাও-ৰং ১ পৰা নামৰূপলৈ এখন প্ৰদেশ পাতি শাসনভাৰ খুন-টাঙক দি ভটিয়াই আহি থাকোঁতে অতি চেঁচা পানী অৰু নিৰ্মল নদী পাই নামাকৰণ কৰালে নাম-জিন (নাম-পানী, জিন-চেঁচা) নামেৰে যিখন নদী বুঢ়ীদিহিঙ বুলি আমি জানো৷ নাম-জিনৰ বক্ষস্থলেদি ডিঙা ভটিয়াই আহি সমভূমিৰ এটা ওখ চাপৰিত তিনি বছৰ কটালে যাৰ নাম তিপাম (তি-ঠাই, পাম-চাপৰি) ৰূপে খ্যাত৷
স্বৰ্গদেউ চাউলুং চ্যুকাফাই টিপামত তিনিটা প্ৰাৰম্ভিক ৰাজকীয় বছৰ কটাই থাও-মঙ-বানৰুইক বুঢ়াগোহাঞি আৰু থাও-মঙ-কাঙ ঙানক বৰগোহাঞি (এতিয়া বৰগোঁহাই) পাতিলে আৰু বৰলুইতৰ উত্তৰ পাৰৰ ধেমাজি আৰু ঢকুৱাখানা মাজৰ হেউ-বুঙ (হেউ-নদীৰ কাষৰ, বুং-যোৱা) বা হাবুংত কিছুকাল কটালে৷ বুৰঞ্জীৰ তথ্য অনুসৰি দিহিঙৰ উত্তৰত চুতীয়া ৰাজ্য, দিহিং-দিচাঙৰ মাজত মৰাণৰ ৰাজ্য, দিচাং- দিখৌৰ মাজত বৰাহী আৰু দিখৌৰ পশ্চিমে কছাৰী সকলৰ ৰাজ্য আছিল৷
চ্যুকাফাৰ হৃদয়ৰ মুং-দুন-চুন-থামৰ স্বৰ্ণময় ভূখণ্ডত বসবাস কৰা বৰ্ণাঢ্য জাতি-জনগোষ্ঠীসমূহক টাই-আহোম লোকসকলে মানৱ প্ৰেমৰ দ্ৰৱন্তীত নোৱাই-ধুৱাই হিৰ°¬য়ী ইতিহাসৰ পাতনিৰে সাতৰাজ সামৰি একৰাজ কৰি, এঢাপ এঢাপ কৰি কৃষিভিত্তিক জীৱন কৰ্ষণৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ আলোকেৰে আন্ধাৰ নাশি, ৰজা-প্ৰজাৰ সুখ-শান্তিৰ শংখ-ঘণ্টাৰ নিনাদেৰে জাতিৰ বৰঘৰ ৰজনজনাই তুলিছিল৷ আহোম ৰাজত্বৰ প্ৰভাতী লগনত ভাষা-ধৰ্ম-সংস্কৃতিৰ আভিজাত্যৰে গৰিমামণ্ডিত দেশখনৰ সকলো শ্ৰেণীৰ লোকক চেণেহ-শ্ৰদ্ধাৰে মৌ বৰষা ভাতৃত্ববোধৰ দোলাত দোলাই সম্প্ৰীতিৰ আঁহেৰে আটি আটি বান্ধি চাউলুং চ্যুকাফা আৰু পৰৱৰ্তী ৰজাসকলে বীৰ-বীৰাঙ্গনাৰে বিদ্যমান আৰু দিগন্ত পৰশা প্ৰগতিমুখী চেতনাৰে পৰিব্যাপ্ত শক্তিশালী, প্ৰভাৱশালী, আদৰ্শবান অসমীয়া জাতিসত্ত্বা গঢ়ি থৈ গ’ল, এখন প্ৰগতিমুখী সুজলা-সুফলা শস্য-শ্যামলা অসম দেশ গঢ়ি থৈ গ’ল, গঢ়িলে যুগমীয়া ঐতিহ্যৰ সোণালী অধ্যায়, বৈচিত্ৰময় আৰু নিভাজ কলা-সংস্কৃতিৰ অনুপম সম্ভাৰৰ অনলোজ্জ্বল গৰিমাগাঁথাৰে ওপচি থকা এক সম্ভ্ৰান্ত সোণসেৰীয়া সাংস্কৃতিক সত্ত্বা৷
জাতিভেদ প্ৰৱণতাবিহীন, বৰ্ণ-বৈষম্যহীন মনোভাবাপন্ন টাই-আহোম লোকসকলে ঐক্য-সমন্বয়ৰ সোপানেদি আগুৱাই ১২৫৩ খ্ৰীষ্টাব্দত চে-ৰাই-ডয় (চে-নগৰ, ৰাই-জিলিকা, ডয়-পৰ্বত) চৰাইদেউত আহোম ৰাজ্যৰ স্থায়ী ৰাজধানী পাতি, ৰাজ শাসনৰ ৰঙা দলিচা পাৰি, হিৰ°¬য়ী ইতিহাসৰ পাতনিৰে অংকুৰণ ঘটালে ৬০০ বছৰীয়া নিৰৱি২৬ন্ন গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ৷ বৰ লুইতৰ মহাশক্তিৰে মহীয়ান, পৈণত প্ৰশাসক, প্ৰবল আত্মপ্ৰত্যয়, সকলোৰে প্ৰতি থকা সমভাবাপন্ন মন, উদাৰ দৃষ্টিভংগীৰ চিন্তা চেতনাৰে পৰিব্যাপ্ত মনৰ বিচক্ষণীয় ৰাজনীতিজ্ঞ চাউলুং চ্যুকাফাই বৈশিষ্টপূৰ্ণ জনগাঁথনিৰে উপবিষ্ট, ভাষা-ধৰ্ম-সংস্কৃতিৰ আভিজাত্যৰে সৌন্দৰ্যমণ্ডিত দেশখনৰ শ্যামলীমা বুকুত যুগমীয়া ঐহিত্যৰ স্বৰ্ণিল অধ্যায়ৰ সূচনা কৰি ১২৬৮ খ্ৰীষ্টাব্দলৈকে দেশ শাসন কৰিছিল৷ চ্যুকাফা-শংকৰ-মাধৱ, বিষ্ণু-জ্যোতি, সুধাকণ্ঠ, বীৰ লাচিত-মূলা গাভৰু-সতী জয়মতীৰ অমূল্য ত্যাগ-সেৱা-আদৰ্শৰ দ্বাৰা গঢ় লৈ উঠা অসম ৰাজ্যখনৰ বৰ্তমান প্ৰজন্মই অসমৰ গৌৰৱোজ্জ্বল অতীতক বুকুত সাৱটি সমন্বয়ৰ বোকোচাত উঠি, সম্প্ৰীতিৰ সোপানেদি প্ৰগতিৰ শিখৰলৈ ঢাপলি মেলিব লাগিব৷ বহ্নিমান লৌহিত্যৰ বোৱতী জলাধাৰৰ লহৰে লহৰে সাঁতুৰি-নাদুৰি চিনাকি দ্ৰৱন্তীৰ ডঁৰিয়লিয়েদি উজাই ভটিয়াই, পাটকাইৰ শিখৰৰ পৰা ভৈয়ামৰ বুকুৰ প্ৰান্তে-প্ৰান্তে সমন্বয়ৰ সাঁকো বগাই, বৰ অসমৰ বুকুত বসবাস কৰা ভিন্ন ধৰ্ম, ভিন্ন ভাষা, বৰ্ণাঢ্য জাতি-জনগোষ্ঠীসমূহৰ গৰিমামণ্ডিত বৈচিত্ৰময় আৰু অতুল্য নিভাঁজ কলা-সংস্কৃতিৰ অনুপম সম্ভাৰৰ বৰ্ণিল গৰিমাগাঁথাৰ সোণালী আভাৰে জাতিৰ বৰ চোতালখন জিলিকাই তোলো আহক৷ পাটকাইৰ সেওঁতাইদি উদিত ৰঙা সূৰুযে নোওৱা প্ৰতি নৱ-প্ৰভাতে এই পূণ্যভূমিক উদ্ভাসি তোলক৷ নৱ দিগন্তমুখী প্ৰত্যাশাৰ নিৰ্মল মুকুলেৰে প্ৰস্ফুটিত পূণ্যভূমিত দেশপ্ৰেম আৰু সম্প্ৰীতিৰ, ৰূপান্তৰমুখী অভিকল্পিত চিন্তাধাৰাৰে পৰিকল্পনাৰ সৰোবৰত অৱগাহন কৰি আই অসমীৰ বক্ষস্থলভেদি উন্নয়নৰ খৰস্ৰোতা তটিনী বোৱাই সপোনৰ শিখৰলৈ ঢাপলি মেলিব লাগিব৷ পুলিন পুথাওসকল আকৌ জী উঠি তেওঁলোকৰ পদধবনিৰে স্পন্দিত কৰি তোলক বৰ অসমৰ সোণতলী বাকৰি৷ শৰতৰ জোনাক হৈ আহক, শাৰদীয় সুকোমল qw শেৱালিৰ সুগন্ধি সৌৰভ হৈ আহক, ঋতুৰাজ বসন্তত ৰংঘৰৰ বাকৰিত বৰ্ণিল বৈচিত্ৰ্যময় ব’হাগৰ ৰূপগাঁথা হৈ আহক, সম্প্ৰীতিৰ সোণালী আঁহেৰে জাতিটোক মিলনমুখী দোলেৰে আঁটি আঁটি বান্ধি ৰাখক আৰু প্ৰতিদিনত জোনগলা পুৱতিৰ পূৰ সুনীল আকাশত উদিত অৰুণৰ সোণালী আভাই জাতীয় জীৱনৰ বক্ষস্থল অত্যুজল কৰি তোলক৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই অসমবাসীয়ে প্ৰতি বছৰৰ দুই ডিচেম্বৰত অসম দিৱস হিচাপে উদ্যাপন কৰি জাতিৰ ঐশ্বৰ্যশীল হৃদয়ৰ মেটমৰা ভঁৰালৰ দুৱাৰ খুলি শ্ৰদ্ধা, ভক্তি আৰু কৃতজ্ঞতাৰে পৰিপূৰ্ণ নৈবেদ্য যাচিছোঁ৷