যোগভ্যাসেৰে সুস্বাস্থ্যজলনেতি (Jal Neti / Jala Neti)প্ৰীতিশা গোস্বামী – Purbodix.com

যোগভ্যাসেৰে সুস্বাস্থ্য
জলনেতি (Jal Neti / Jala Neti)
প্ৰীতিশা গোস্বামী

যোগশাস্ত্ৰত ছবিধ শুদ্ধিক্ৰিয়া ( Cleaning Technique) আছে, যাক ষষ্ঠ ক্ৰিয়া বুলি কোৱা হয়৷ তাৰ ভিতৰত জলনেতি অন্যতম৷ নাসিকা (নাগ) মাৰ্গৰ শুদ্ধি ক্ৰিয়াকে  ‘নেতি’ বুলি কোৱা হয়৷ নাকৰ বিন্ধাৰ পৰা ডিঙিলৈকে শ্বাসনলীক শুদ্ধ কৰাই এই প্ৰক্ৰিয়াৰ লক্ষ্য৷ পানীৰে এই ক্ৰিয়া কৰা হয় বাবে তাক ‘জলনেতি’ বুলি কোৱা হয় আৰু এই একে ক্ৰিয়াকে কাপোৰৰ সূতা বা শলা বনাই কৰিলে তাক সূত্ৰনেতি বুলি কোৱা হয়৷ ইয়াত আজি জলনেতিৰ বিষয়ে সম্যক আলোচনা কৰিম৷
এই নেতি ক্ৰিয়াৰ ফলত নাসিকা মাৰ্গ পৰিষ্কাৰ হোৱাৰ লগতে চকু আৰু কাণতো ইয়াৰ প্ৰভাৱ পৰে আৰু চকু-কাণৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি সেই সম্বন্ধীয় বিভিন্ন ৰোগ নিৰ্মূল হোৱাত সহায় কৰে৷ কোনো কোনো লোকৰ নাক বন্ধ থকাৰ বাবে প্ৰাণায়াম কৰাত অসুবিধা হয়৷ তেনেলোকে জলনেতিৰ অভ্যাস কৰিলে নাকৰ বিন্ধা খোল খাব আৰু উশাহ-নিশাহ লোৱাত সুবিধা হ’ব৷ এই ক্ৰিয়াৰ দ্বাৰা উশাহ-নিশাহৰ সমস্যা দূৰ হোৱাৰ লগতে চৰ্দি, কাহ, চাইন’চাইটিচ আদি সমস্যাৰ উপশম হয়৷ এই ক্ৰিয়াই কফদোষ নাইকিয়া কৰে, শৰীৰৰ Immunity বঢ়ায়৷ এই নেতি ক্ৰিয়াত Uhper Respiratory System Clean-up হোৱাৰ ফলত  Asthma, Bronchitis থকা ব্যক্তিৰ বাবে লাভদায়ক হয়৷ নাক মুকলি হোৱাৰ ফলত নাক সম্বন্ধীয় সমস্যাৰ বাবে যাৰ মূৰৰ বিষ হয়, সেই মূৰৰ বিষ নাইকিয়া হয়৷ মাইগ্ৰেন থকা ব্যক্তিৰ বাবেও লাভদায়ক এই ক্ৰিয়া৷ এই ক্ৰিয়াৰ দ্বাৰা Conceentration বাঢ়ে আৰু মনলৈ শান্তি আনে৷ আজিকালি প্ৰায়ভাগ লোকে ঘণ্টা ঘণ্টা ধৰি  Computer, Laptop  আদিত কাম কৰিবলগীয়া হয়৷ ফলত চকুত বহুত প্ৰেচাৰ পৰে, চকু ভাগৰুৱা হয় (Tiredness), তেনে ব্যক্তিয়ে জলনেতি কৰিলে সেই  Strain, Pressure, Tiredness নাইিকয়া হয়৷ নেতিৰ অভ্যাসে বতৰৰ এলাৰ্জি ( Seasonal Alergy) নাইকিয়া কৰে৷
প্ৰাচীন কালত নদীত গৈ মুখ পানীত ডুবাই দুয়ো নাকৰ বিন্ধাৰে নিজৰ সুবিধা অনুযায়ী এই ক্ৰিয়া কৰিছিল৷ কোনো কোনোৱে দুয়োহাতৰ অঞ্জলিত পানী লৈও এই ক্ৰিয়া কৰিছিল৷ এইদৰে কৰিলে কিছু অসুবিধাৰো সৃষ্টি হয়৷ অসাৱধানতাৰ ফলত এই পানী যদি চাইনাচত যায় তেন্তে মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে৷ পানী সম্পূৰ্ণ নাকৰ পৰা বাহিৰলৈ ওলাই আহিব লাগিব, অন্যথা বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিব৷ আজিকালি নেতি কৰিবলৈ বহুতো সুবিধা হ’ল৷ বজাৰত ‘নেতিপট’ (Neti Pot) উপলব্ধ হ’ল৷ এই নেতিপটৰ দ্বাৰা পানী সহজতে নাকত ঢালিব পৰা যায়৷  Stainless Steel,  পিতল আৰু আজিকালি  Plastic  ১ বিশেষ বাচন বজাৰত উপলব্ধ যাক ‘নেতিপট’ বুলি জনা যায়৷
জলনেতি কৰিবলৈ আমাক দৰকাৰ হোৱা বস্তু কেইপদ হ’ল- নেতিপট, কুহুমীয়া পানী, নিমখ আৰু এখন টাৱেল বা গামোচা, এতিয়া প্ৰথম কথা ক’ল নেতিপাত্ৰ সম্পূৰ্ণ পৰিষ্কাৰ হ’ব লাগিব৷ লগতে ব্যৱহাৰ কৰিবলগীয়া পানীও সম্পূৰ্ণৰূপে বিশুদ্ধ হ’ব লাগিব (Filtered)৷

জলনেতি কৰিবলৈ নেতিপটত অলপ কুহুমীয়া পানী ল’ব৷ পানী কিমান গৰম হ’ব লাগিব তাক চাবলৈ পানী অকণমান হাতত বাকী চাই ল’ব৷ যদি সহ্য কৰিব পৰা হয় তেন্তে সেই পানীৰে আপুনি কৰিব পাৰিব৷ এক লিটাৰ পানীত ডাঙৰ চামুচেৰে ১ চামুচ নিমখ মিহলাব৷ কোৱা হয় যে এটা বিন্ধাৰ বাবে আধা লিটাৰ পানী ব্যৱহাৰ কৰিব লাগে৷ এতিয়া চিত্ৰত দেখুওৱাৰ দৰে থিয় হৈ দুই ভৰিৰে মাজত ব্যৱধান ৰাখি গাটো আগলৈ অলপ হাউলি আঁঠু ভাঁজ কৰিব নতুবা দুই ভৰিৰ মাজত ব্যৱধান ৰাখি বহি ল’ব৷ এতিয়া নাকৰ যিটো বিন্ধাত ‘নেতিপট’ ৰাখিব তাৰ বিপৰীত দিশত অলপ হাউলি দিব৷ মুখ মেলি থাকিব আৰু মুখেৰেই উশাহ-নিশাহ ল’ব আৰু সোঁ বা বাওঁ নাকৰ বিন্ধাত পানী ঢালিব আৰু পানী পেটলৈ যাবলৈ নিদি আনটো বিন্ধাৰে উলিয়াই দিব৷ এইদৰে আনটো বিন্ধাৰেও কৰিব৷ অৰ্থাৎ যদি প্ৰথমে নাকৰ বাওঁ বিন্ধাৰে পানী সুমুৱাই সোঁ বিন্ধাৰে উলিয়াইছে, তেন্তে পিছত আকৌ সোঁ বিন্ধাৰে পানী সুমুৱাই বাওঁ বিন্ধাৰে উলিয়াব৷
এই ক্ৰিয়া খালী পেটত কৰিব৷ যোগৰ অন্য ক্ৰিয়াৰ দৰে ইয়াত সময়ৰ কোনো ধৰা-বন্ধা সীমা নাই৷ এই ক্ৰিয়া সদায় কৰিব লাগিব বুলিও কোনো কথা নাই৷ যেতিয়াই আমি প্ৰয়োজনবোধ কৰো যে আমাৰ নাসিকা মাৰ্গৰ অৰ্থাৎ নাকৰ বিন্ধা (Nostril) পৰিষ্কাৰ কৰাৰ প্ৰয়োজন আহিছে তেতিয়া এই ক্ৰিয়া কৰিলেও হয়৷ অৱশ্যে কৰি থাকিলে নাক সম্বন্ধীয় কোনো সমস্যাই নাহিব৷ যিসকল ব্যক্তিৰ কোনো ধৰণৰ সমস্যা নাই তেওঁলোকে সপ্তাহত ১ দিন কৰিব আৰু যাৰ অলপ সমস্যা আছে তেওঁলোকে সপ্তাহত ৩ দিনকৈ কৰিব পাৰে৷ সেইদৰে যাৰ বহুত বেছি সমস্যা আছে প্ৰতিদিনে কৰিব পাৰিব৷ পিছে  উচ্চৰক্তচাপ (High B. P.) থকা ব্যক্তিয়ে নকৰিব বা কৰিলেও গুৰুৰ তত্বাৱধানত কৰিব৷ নিজেও কৰিলেও খুব লাহে লাহে কৰিব আৰু থিয় হৈ কৰিব৷ সেইদৰে আঁঠুৰ বিষ, কঁকালৰ বিষ থকা ব্যক্তিয়েও থিয় হৈ কৰিব৷ এটা বিন্ধাৰে কৰাৰ পিছত টাৱেলখনেৰে নাকটো ধৰি নাকত থাকি যোৱা পানীখিনি অলপ জোৰকৈ উলিয়াই দিব৷ সেইদৰে দুয়োফালে হৈ যোৱাৰ পিছতো এইদৰে পানী উলিয়াই দিব৷
এই ক্ৰিয়া কৰাৰ পিছত অতি কমেও ৫ মিনিট কপালভাটি কৰিব৷ কপালভাটি কৰিলে অতিৰিক্ত পানী ওলাই আহিব৷ সেইদৰে ভস্ত্ৰিকা কৰিব পাৰে৷ ঠিয় হৈ আগলৈ অলপ হাউলিও ভস্ত্ৰিকা বা কপালভাটিৰ দৰে কৰিব পাৰে৷ পানী যাতে নাকত থাকি নাযায় তাৰ চেষ্টা কৰিব লাগে৷
যদি বতৰ বেয়া থাকে, ৰ’দ দিয়াৰ সম্ভাৱনা নাথাকে সেইদিনা জলনেতি কৰিব নালাগে৷
শেষত ক’ম যে আহক আমি সকলোৱে জলনেতিৰ অভ্যাস কৰো আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকো৷

Leave a Reply

Your email address will not be published. Required fields are marked *