by Arup Kakoti

(টোকা ঃ মাওবাদী দৰ্শনৰ লগতে অন্য তেনে দাৰ্শনিক চেতনাক Unlawful Activities (Prevention) Act ১৯৬৭ দ্বাৰা বে-আইনী সন্ত্ৰাস বা বিচ্ছিন্নতাবাদ বুলি বিবেচনা কৰাৰ নিৰ্দিষ্ট বিষয়ৰ বাদে এই আলোচনাত ‘কল্যাণ মূলক দিশহে’ প্ৰাসংগিক৷ বিভ্ৰান্তি-বিতৰ্ক এৰাই চলা হৈছে বা বিতৰ্ক কাম্য নহয়৷ সংকীৰ্ণতা এৰাই চলা হৈছে৷)
এটা নিৰ্দিষ্ট দৰ্শন চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰি এখন ৰাজ্য-দেশৰ সামাজিক-ৰাজনৈতিক অৰ্থনৈতিক আৰু আইন ব্যৱস্থাৰ উত্তৰণ নতুন বা আলোচ্য বিষয় নহয়৷ বহু ক্ষেত্ৰত দৰ্শন আৰু চিন্তাধাৰা একে অৰ্থত ব্যৱহাৰ হ’লেও দৰ্শন আৰু চিন্তাধাৰা পৃথক পৰিসৰত আলোচনা-অধ্যয়ন কৰা হয়৷ মূলতঃ দৰ্শন আৰু চিন্তাধাৰা আদৰ্শ আৰু উদ্দেশ্য প্ৰায় একেই৷ আনহাতে চিন্তাধাৰাই কোনো দাৰ্শনিকৰ চিন্তাৰ পৰিপক্কতাৰ তাত্বিক আৰু ব্যৱহাৰিক দিশ উন্মোচন কৰিলেও অনেক সময়ত বহু পুৰোধা ব্যক্তিৰ অৱদান দৰ্শনৰ শাৰীত ধৰা নহয়৷ ইয়াক মূলতে –
ৰ৷ চিন্তা-চেতনা বিশ্বসমাজ ৰাষ্ট্ৰত গ্ৰহণযোগ্যতা; ২৷ সাৰ্বজনীনভাবে নিৰৱিচ্ছিন্ন প্ৰভা আৰু ব্যৱহাৰ; ৩৷ প্ৰয়োগ আৰু ব্যৱহাৰত ভিন্ন সময়ত কৌশলগত আঁচৰণ প্ৰতিফলিত হ’লেও দৰ্শনৰ আত্মাৰ কিন্তু স্থিতাৱস্থা ইত্যাদি দিশৰ গৱেষণা আৰু গভীৰ অধ্যয়নৰ বিষয়সমূহে দৰ্শন আৰু চিন্তাধাৰাৰ স্থায়ীত্ব প্ৰদান কৰে; এটা নিৰ্দিষ্ট দৰ্শনে এখন দেশৰ জন্ম, ভূ-খণ্ড, সাৰ্বভৌমত্বৰ নীতি, চৰকাৰ আৰু ৰাষ্ট্ৰীয় পৰিচালনাৰ সংবিধান-আইনৰ পূৰ্ণৰূপ দিয়াৰ প্ৰকট উদাহৰণ অনেক৷ দৰ্শন চিন্তাধাৰা পৌৰাণিক সময়তেই নহয় অতি-সাম্প্ৰতিক সময়তো (ক) আন্তৰাষ্ট্ৰীয় বা বৈদেশিক ৰাজনীতি, সম্পৰ্ক আৰু আইন (খ) বৈদেশীক নীতি নিৰ্দ্ধাৰণ (গ) আইন বিচাৰ ব্যৱস্থাক প্ৰভাৱিত কৰে৷ দুয়োখন বিশ্বযুদ্ধত হোৱা ক্ষমতাৰ খকাখুন্দা নিৰ্দিষ্ট আদৰ্শ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত জোৰদাৰ নীতি চকুত পৰে৷ ক্ষমতাৰ প্ৰয়োগ-অপ-প্ৰয়োগ- অতি প্ৰয়োগ আজি নিৰ্দিষ্ট দৰ্শন চিন্তা আৰু আদৰ্শৰ দ্বাৰা পৰ্যবসিত৷ এটা দৰ্শন যিদৰে বিশ্বাসমাজত প্ৰতিষ্ঠা কৰা সহজ নহয় একেদৰে প্ৰতিষ্ঠিত দৰ্শনক নিৰ্মূল কৰা বা মষিমূৰ কৰাটোও একেদৰেই সহজ-সাধ্য নহয়৷ কিন্তু উল্লেখ থাকিল দৰ্শন আৰু কোনো চিন্তা আওঁকাণ কৰি কৰা ৰাষ্ট্ৰ-গণতন্ত্ৰ আৰু সাৰ্বভৌমত্ব অটুট ৰাখিব বিচৰাটো ‘ৰাষ্ট্ৰ এখনৰ শাসকীয় সংবাহন বা সংবাহিত ৰূপ’ বুলি কোৱা হয়৷ ই ৰাষ্ট্ৰ-জনতা-উভয়ৰে ক্ষতি কাৰক৷
সেয়ে বিশ্বৰাষ্ট্ৰৰ উত্তৰণ তথা শ্ৰীবৃদ্ধিৰ লগতে উত্থান-পতন মানৱৰ সামাজিক শৃঙ্খলাৰ ধাৰাবাহিকতা কোনো দাৰ্শনিকৰ নিৰ্দিষ্ট পথ-নিৰ্দেশনাই সেই নিৰ্দিষ্ট দেশ-জাতিৰ অভিভাবক হিচাপে ধৰা দিয়ে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বতেও বিশ্বৰাষ্ট্ৰসমূহৰ মাজত (ক) সহযোগিতা (খ) প্ৰতিযোগিতা (গ) মিত্ৰতা (ঘ) যুদ্ধ বা কঠোৰ নীতি (ঙ) নিৰপেক্ষতা আৰু নিৰ্দিষ্ট দৰ্শন চিন্তাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ বিদ্যমান আছিল৷ পিছলৈ ৰাষ্ট্ৰসংঘৰ সামূহিক নিৰাপত্তা সহযোগিতা ইত্যাদি বিশ্বৰ প্ৰতিষ্ঠিত প্ৰায়বোৰ দৰ্শনৰ মূল মন্ত্ৰ বা শান্তি প্ৰতিষ্ঠাৰ সাত্বিক চেতনা আছিল৷ একেদৰে বিশ্বশান্তি-উন্নয়ন-একতাৰ দৌৰত গান্ধীবাদ-মাক্সৰ্বাদ বা মাওবাদ আদি বহুতো প্ৰতিষ্ঠিত দৰ্শনো অংশীদাৰ৷ ৰাষ্ট্ৰভেদে অঞ্চল বা ৰাষ্ট্ৰ-সংযুক্ত বৃহৎ শাসন গতি-প্ৰগতিৰ কোনো নিৰ্দিষ্ট কৰা দৰ্শন আৰু মতাদৰ্শৰ তফাত হ’লেও বিশ্বমঞ্চত একতা আৰু শান্তিৰ মূল দৰ্শন একেই৷

গান্ধীবাদী আদৰ্শ বা গান্ধী দৰ্শনেও মাক্সৰ্ৰ দাৰ্শনিক চেতনা বা দৰ্শনক স্বীকাৰ কৰিছে ইফালে মাওবাদী দৰ্শনে বৈপ্লৱিক সমষ্টিগত উন্নয়নৰ সৈতে কৌশল বিকাশ (Skill Development) বিশেষকৈ দুখীয়া কৃষক-কৃষিভূমিৰ শ্ৰীবৃদ্ধি ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা কৰ্মসংস্থাপন উৎপাদন আৰু বৈপ্লৱিক মানসিকতা বা উৎকৃষ্টতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে বা কৰাৰ দৰে সমাজবাদী ৰাষ্ট্ৰ ভাৰতীয় সমাজৰ কৃষি-কৃষক-কৃষিভূমি, ক্ষুদ্ৰ-মজলীয়া উদ্যোগত নিয়োজিত বনুৱা-শ্ৰমিকৰ কল্যাণ আৰু বৈপ্লৱিক উন্নয়নৰ চেতনা মাওবাদী দৰ্শনৰ উন্নয়ন চেতনাৰ সৈতে এশ শতাংশ মিল নেথাকিলেও নমুনাৰ চানেকি কিন্তু একেই বিশেষকৈ শ্ৰম-শ্ৰমিক আৰু কল্যাণৰ দিশ একেই৷ কৃষি ক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তনেৰে উন্নয়ন আজি সকলোৰে কাম্য৷ আমাৰ পথাৰ, আমাৰ ফচল আমাৰ কৃষি উৎপাদন আমাৰেই বজাৰীকৰণ বা বজাৰ নিয়ন্ত্ৰণ বোলা বা কৃষি-ভূমি আমাৰ বুকুৰ সম্পদ ইত্যাদি বুলি দাবী কৰা সজোৰে কৃষকৰ মনে বিচৰা নেতাক মাওবাদী পৃষ্ঠপোষকতাৰ উত্তৰসুৰী সজাই ৰাষ্ট্ৰদ্ৰোহৰ লেবেল লগাই জেলত বন্দী কৰি ৰখাটো নিত্যান্তই ৰাজনৈতিক শত্ৰুতাহে৷ আৰু ৰাষ্ট্ৰই অনাহকতে আইনৰ অপ-ব্যৱহাৰ দুৰ্ভাগ্যজনক৷ গান্ধীবাদ, মাক্সৰ্বাদ, মাওবাদী দৰ্শনৰ লগতে অন্য দৰ্শনৰ মূলমন্ত্ৰ জনাসকলে জানে, এইবোৰ দৰ্শনৰ গভীৰতা ক’ত৷ আচলতে পৃথিৱীত কোনো দৰ্শনেই সামগ্ৰীক ৰূপত নিসিদ্ধ বা অস্পৃস্য নহয়৷ প্ৰতিষ্ঠিত দৰ্শন-আদৰ্শ তথা চিন্তাৰ চেতনাত বহু ক্ষেত্ৰত সংবিধান আৰু আইনেওঁ মান্যতা দিয়ে৷ উদাহৰণ অনেক৷ ভাৰতৰ সমাজবাদী ৰাষ্ট্ৰ-গণতন্ত্ৰ নিৰ্মাণৰ নীতিত গান্ধীবাদৰ প্ৰত্যক্ষ প্ৰভাৱ অনুমেয়৷ একে দৰে ভাৰত ৰাষ্ট্ৰ ব্যৱস্থাত সমাজবাদী নীতিৰ পূৰ্ণৰসৰ সৈতে মাক্সৰ্বাদ বা সমষ্টিগত মাও দৰ্শনৰ প্ৰভাৱ ইতিবাচক৷ কাৰণ সামগ্ৰিক ভাবে হালোৱা, বনুৱা শ্ৰমিকৰ কল্যাণ নিত্যান্তই কল্যাণকামী ৰাষ্ট্ৰৰ অন্য এক আদৰ্শ৷ উল্লেখ থাকিল পৰাধীন বা স্বাধীন ভাৰতৰ সংসদীয় পৰম্পৰাই বহু আইন নিৰ্মাণত গান্ধীবাদ একেদৰে মাক্সৰ্-মাওঁৰ নীতিক মানি ল’বলৈ আইনী ভাবে বাধ্য হৈছে৷ যিবোৰ আইনক উন্নয়ন, নিৰাপদ আৰু কল্যাণকামী ভাৰতীয় আইন হিচাপে জনা যায়৷
মাক্সৰ্-মাওবাদী চিন্তাত বনুৱা-শ্ৰমিক কৃষি-কৃষক-কৃষিভূমিৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়াই নহয় সমভাবেই মহাত্মা-গান্ধীৰ চিন্তা-কৰ্ম আৰু সামূহিক চেতনাত কৃষিখণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ গান্ধীবাদৰ এই বৃহৎ কৃষি দৰ্শনত কৃষকৰ অধিকাৰ সম্পৰ্কীয় বৈপ্লৱিক উন্নয়ন ধাৰা উপলব্ধ৷ লেখক-সমালোচকৰ বিখ্যাত নিৱন্ধ ‘‘কিষান’’ত মহাত্মাগান্ধীৰ কৃষি দৰ্শনৰ গান্ধী নিজেই এজন কৃষিবিপ্লৱী সেনানী হিচাপে প্ৰতিষ্ঠা আৰু চিনাকি দিছে বুলি মত প্ৰকাশ কৰি কয় যে–‘‘Gandhi was not a born Kissan ten year’ব্দ of form life in south Africa armed him with good knowledge of Experience in formingক্ট (BAHUROOPEE GANDHI P.৪৮ by ANহু BANDYOPADHYAYট্ট for worded by JAWAHARLAL NEHRহু prime minister, ১০ the March, ১৯৬৪’’
গান্ধীবাদ, মাক্সৰ্বাদ আৰু মাওবাদী সন্মিলিত দৰ্শনৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সাংবিধানিক আৰু আইনীভাবে স্বীকাৰ কৰিছে৷ সকলো দৰ্শন বিশেষকৈ উল্লেখ কৰা দৰ্শনসমূহৰ কল্যাণমূলক মত-চিন্তা আৰু আদৰ্শৰ মূল মন্ত্ৰ আৰু অন্তঃসাৰৰ এশ শতাংশ মিল নেথাকিলেও দলিত, নিষ্পেষিত, নিপিড়িত, বঞ্চিত অৱহেলিত আৰু নিঃকিন ভাৰতীয় সমাজৰ বাবে আশাসুধীয়া মান্যতা বিৰাজমান৷ উল্লেখ আছিল মাওবাদ বা মাওবাদী দৰ্শনক বহুতে সন্দেহ আৰু শত্ৰুতা আৰু অস্পৃশ্য দৃষ্টিৰে লক্ষ্য আৰু সমালোচনা কৰা দেখা যায়৷ মাওবাদৰ ক্ষমতাৰ দৰ্শনত আমি দেখা পাওঁ যে ‘‘Political power grows out of the barrel of gun and maintain it must have a strong army’’ বহু ক্ষেত্ৰত মাওৰ ক্ষমতাৰ দৰ্শনক বা ৰাজনৈতিক ক্ষমতাৰ চিন্তাক ৰাজনীতি বিজ্ঞান, আইন, সমাজ বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক-আইনৰ ছাত্ৰ সমাজৰ মাজতো ভুল বা অপব্যাখ্যা কৰাৰ উদাহৰণ অনেক৷ আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাজনৈতিক গৱেষক সমাজৰ অন্য এক গৱেষণাৰ মতত ইয়াৰ ভাবাৰ্থক সংকীৰ্ণতাৰ পৰা কিছু বহলাই–
ৰ৷ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ২৷ বিশ্ব ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাশালী হৈ থিয় দিয়া বা নিজকে প্ৰতিষ্ঠা কৰা আদিৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ গৱেষণা আৰু আইনবিদ সকলৰ মত বা ব্যাখ্যা৷ মাওৰ strong army মত দৰ্শনে ৰাষ্ট্ৰক সু-সজ্জিত সেনাৰ দ্বাৰা নিৰাপদ কৰা চেতনাক বুজায়৷ যিটো দৰ্শন আজি প্ৰতিখন তৃতীয় বিশ্বৰ সভ্য ৰাষ্ট্ৰৰ লক্ষ্য আৰু কাম্য বিচাপে ধৰা দিয়ে৷ বহুজনে সময়ে সময়ে মাওবাদী দৰ্শন আৰু ক্ষমতাৰ দৰ্শনক কোনো বন্দুকধাৰী সশস্ত্ৰ উগ্ৰপন্থী বা বিছিন্নতাবাদী নীতিৰ সৈতে ৰিজাব বিচাৰে৷ থাওকতে উল্লেখ কৰা হ’ল The Unlawful Activities (Prevention) Act ১৯৬৭ (ত্ত্বo. ৩৭ OF ১৯৬৭) বা তেনে সশস্ত্ৰ আইনৰ দ্বাৰা নিষিদ্ধ বা বে-আইনী অনুষ্ঠান কৰ্মসূচীৰ বাদে–গান্ধীবাদ মাক্সৰ্বাদ-মাওবাদ আদি প্ৰতিষ্ঠিত দৰ্শনে প্ৰতিপক্ষক হত্যা কৰি জন-নেতা, জন-প্ৰতিনিধি হোৱা বা ক্ষমতা দখলেৰে মন্ত্ৰী-বিধায়ক হোৱাৰ উচতনি তথা উদ্গনি আৰু প্ৰৰোচনা আমাৰ অধ্যয়ন-গৱেষণা আৰু পূৰ্বৰ আলোচনা সমালোচনাত ধৰা নপৰে, ক’ৰবাত যেন দৰ্শনৰ চিন্তা আৰু আদৰ্শৰ অপ-ব্যাখ্যা আৰু অপপ্ৰয়োগ হোৱা যেন অনুভৱ হয়৷ মাও (১৮৯৩-১৯৭৮) আৰু মোহন দাস গান্ধী (১৮৬৯-১৯৪৮) দুয়োজনেই ইউৰোপীয়ান কলোনিয়ান আগ্ৰাসনৰ পৰা মুক্ত হোৱাৰ পথ নিৰ্মাণৰ লগতে সমাজ পুনৰ নিৰ্মাণ বা পুনৰউদ্ধাৰ (Social Reconstruction) ১ বাবে অহোপুৰুষাৰ্থ কৰিছিল (Mao and Gandhi, Alternate paths etc ত্ন/২, book of University of California, প্ৰসংগ পুথি)

কলোনিয়ান শাসনৰ পিছত ভাৰতৰ সংবিধান ১৯৫০ ১ ভিন্ন অনুচ্ছেদত বনুৱা-শ্ৰমিক-কৰ্মজীৱি-দিনহাজিৰা কৰা সমাজৰ ব্যক্তি আৰু সমূহীয়া আৰু সমষ্টিগত কল্যাণৰ দৰে ভিন্ন সাংবিধানিক অধিকাৰ প্ৰদান কৰিছে৷ যাক শ্ৰমিক, বনুৱা খাটিখোৱা কৰ্মজীৱি লোকৰ ভৱিষ্যত আৰু বৰ্তমানৰ আধাৰ হিচাপে ধৰা হয়৷ অনুচ্ছেদ ১৪-১৬ ত আইনী সমতা বা বিধিৰ দ্বাৰা সমতা প্ৰদান বা বিধিৰ আগত সকলোতে সমতা প্ৰদান কৰা আৰু বিভেদকৰণ নিষেধ বা শ্ৰমজীৱি বনুৱাৰ মাজত ধৰ্ম-বৰ্ণ-লিংগ স্থানভেদ আঁতৰাই কৰ্ম-শ্ৰমদানৰ মুক্ত পৰিৱেশ প্ৰদৰ্শন কৰা, একেদৰে চৰকাৰী নিয়োগ-নিযুক্তিত আত্মনিয়োগ, চৰকাৰী বিভাগ বা বে-চৰকাৰী সংস্থা-সংগঠন বা অনুষ্ঠানত শ্ৰমিকৰ মৰ্য্যদা নিশ্চিত কৰা বা বিভেদ নিৰ্মূলেৰে শ্ৰমিক, বনুৱা বা তেনে অন্য আইনৰ দ্বাৰা অধিকাৰ প্ৰদান কৰা এক সাংবিধানিক বিষয়৷ একেদৰে শ্ৰমিক, বনুৱা বা তেনে কৰ্মত জড়িত বা কৰ্মৰ আদৰ্শত বিশ্বাসী লোক সকলৰ দ্বাৰা সঠিক-বা সু-সংগঠিত সংস্থা-সংঘ, ইউনিয়ন, সমিতি, অনুষ্ঠান, প্ৰতিষ্ঠান, গোট কাৰ্য্যালয় সম্পূৰ্ণ সাংবিধানিক আইনী বিষয়ৰ কথা অনুচ্ছেদ ১৯(ৰ) (গ)ৰ মতে আৰু ইয়াৰ পূৰ্ণ ৰূপায়ণৰ বাবে বহু কেইখন আইন বলবৎ কৰা হৈছে৷ কাজেই শ্ৰমিক সংঘ আৰু সংসদীয় আইনৰ দ্বাৰা স্বীকৃত-অনুমোদিত যাক সন্মানীয় বা একত্ৰিত হোৱা অধিকাৰ বুলি জনা যায়৷ সাংবিধানিক আইন অনুসৰি কাৰোবাক জোৰজুলুম কৰি বা ভয়-ভাবুকি দি কোনো নাবালক অবলা-অজলা অভিভাৱৰ ছত্ৰছায়াত বা অভিভাৱকহীন বা কৌশলেৰে বা প্ৰলোভনেৰে বা তেনে চতুৰালিৰে কোনো খনি-কাৰখানা-উদ্যোগ বা তেনে উৎপাদন কৰ্মত নিয়োজিত হ’লে বা কৰোৱালে ইয়াক শোষণ উৎপীড়ণ বা মানৱ অধিকাৰ পৰিপন্থী হিচাপে বিবেচিত হ’ব অনুচ্ছেদ ২৩ আৰু ২৪ অনুসৰি৷ ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠাৰ বাবে অৰ্থনৈতিক সামাজিক ন্যায় আৰু অধিকাৰ প্ৰদানৰ বাবে বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা চৰকাৰসমূহক প্ৰদান কৰিছে৷ সাংবিধানিক আইন আৰু কল্যাণমুখী আঁচনিৰ দ্বাৰা যাতে দেশৰ সামগ্ৰিক উন্নয়ন জনতা তথা শ্ৰমজীৱি বনুৱা-শ্ৰমিক আদি সমাজক আঁচনিৰ অংশীদাৰ কৰিব পৰা যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সাংবিধানিক ভাবেই ৩৮ (ৰ) (২) অনুসৰি বলবৎ হ’ব৷ অৰ্থনৈতিক অসমতা দূৰীকৰণ তথা সমষ্টিগত সমুহীয়া অৰ্থনৈতিক উন্নয়ন আৰু সমতাও অন্য এক প্ৰতিষ্ঠিত সাংবিধানিক বিষয়৷ উল্লেখ কৰা ভাল কৰ্মৰ অধিকাৰ আৰু স্বাধীনতা, কৰ্মৰ বাবে শিক্ষালাভ তথা কৌশল বিকাশ আদি সাংবিধানিকভাবে শতিকাৰ অন্য এক কাৰ্যকৰীকৰণৰ দিশ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৪১ অনুসৰি৷ য’ত শ্ৰমিক, বনুৱাসমাজৰ কাৰ্য আৰু অধিকাৰৰ লগতে নিৰাপত্তাৰ উপৰিও কল্যাণৰ কথা বিশদভাৱে জড়িত৷ কোৱা প্ৰয়োজন, সমষ্টিগত, সমূহীয়া গণ অৰ্থ উন্নয়নৰ দ্বাৰা সামাজিক সমবিকাশৰ বাবে The National Rural Employment Guarantee Act ২০০৫ (৪২ OF ২০০৫) আইন কেন্দ্ৰীয় ভাবে প্ৰণয়ন আৰু ৰূপায়িত হয়৷ যাৰ ফলশ্ৰুতিত শ্ৰমিকৰ ‘কৰ্মৰ অধিকাৰ’ (Right to Work) সাংবিধানিকভাবে স্বীকৃত হয়৷ যাক স্বাধীন ভাৰতৰ অন্যতম ‘শ্ৰম-আইন’ বুলি আমি উল্লেখ কৰিব পাৰো৷ যাৰ দ্বাৰা সমষ্টিগত-সামাজিক-নিৰাপত্তা (Collective Social Security measure) নিশ্চিত সাংবিধানিকভাবে লগতে আইনীভাবে প্ৰকট কৰিলে৷ লগতে জীৱিকাৰ সুৰক্ষা বিৰ্দ্ধতৰূপত নিশ্চিতকৰণ অন্য এক প্ৰতিক্ৰিতি আইনীভাৱে আছে৷ সংবিধানৰ অনুচ্ছেদ ৪২ত কোৱাৰ দৰে শ্ৰম-শ্ৰমিকৰ ন্যাৰ্যতা-মৰ্য্যদা আৰু অধিকাৰ কল্যাণৰ বাবে ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰিব পাৰিব৷ ভাৰতৰ সংবিধানৰ এই সমূহীয়া অৰ্থ উন্নয়ন কল্যাণ আৰু সামাজিক জীৱিকাৰ সুষ্ঠ বাতাৱৰণ ৰক্ষাৰ বাবে ইতিমধ্যেই অন্য বহু আইনে বলবৎ হ’ল, যাক জনককল্যাণ বা শ্ৰমিক কল্যাণ বা সামূহিক কল্যাণ আইন হিচাপে অভিহিত কৰা হয়৷ একেদৰে বহু জন বিৰোধী-শ্ৰমিক বিৰোধী, কৃষক-কৃষি বিৰোধী বা জনতাক ক্ষতি কৰিব পৰা আইনো বা পূৰ্বৰ অইন কাৰোবাৰ ৰাজনৈতিক ব্যৱসায়ৰ স্বাৰ্থত সংশোধন কৰা উদাহৰণ আছে৷
উল্লেখ কৰা ভাৰতৰ সংবিধানৰ শ্ৰম, শ্ৰমিক কল্যাণ সমষ্টিগত আৰু সমূহীয়া উন্নয়ন, অৰ্থ উন্নয়ন আৰু অধিকাৰ প্ৰদান, ভোগ কৰা ইত্যাদি, দৰ্শনী গান্ধীবাদ, মাক্সৰ্বাদ আৰু মাওবাদৰ কল্যাণমূলক দৰ্শনৰ লগত জীৱিকা, নিৰাপত্তা (Livlihood Security) ১ সৈতে বহু ক্ষেত্ৰত আংশিক, পোনপতীয়া বা আওঁপকীয়াকৈ জড়িত৷ যিবোৰ প্ৰকৃত মত-চিন্তা-দৰ্শন (অপব্যৱহাৰ আাদিৰ) ভাৰতীয় সমাজবাদী ৰাষ্ট্ৰ আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰিহণাযুক্ত৷ বহু পৰাধীন ভাৰতৰ আইন বৰ্তমানেও সংশোধিত বা অসংশোধিত ৰূপত বলবৎ হোৱাৰ লগতে স্বাধীন ভাৰতৰ সংসদীয় সাংবিধানিক পৰম্পৰাৰে প্ৰস্তুত কৰা সংসদীয় আইনসমূহেও বহু দাৰ্শনিক কল্যাণ কৰ্মী দৰ্শনক সন্মান জনায়৷ বহু চিন্তা-আদৰ্শ বিশেষকৈ শ্ৰম-কৃষি-উদ্যোগ-কাৰখানা-জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত প্ৰয়োজ্য আইন সমূহত প্ৰত্যক্ষভাৱেই প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷ য’ত কৃষক-হালোৱা শ্ৰমিক-বনুৱাৰ অধিকাৰ-সন্মান আৰু নিৰাপত্তাৰ বিষয়বোৰ জড়িত৷ উদাহৰণ হিচাপে Indian Trade Unions Act, ১৯২৬, Trades Disputes Act, ১৯২৯, Co-operative Societies Act ১৯১২, Society Registration maximum Act ১৮৬০ Factories Act, ১৯৪৮ (No-৬৩/১৯৪৮), minimum wages Act ১৯৪৮, Protection of plant Varieties and Farmers Rights Act, ২০০১ আদি বহুতো আইনৰ নাম ল’ব পাৰি৷ যাৰ ব্যাখ্যা থাওকতে সম্ভৱ নহয়৷
একেদৰে দেখা পাওঁ মনৰেগা আইন-আঁচনিৰে সাম্য অৰ্থনৈতিক বিকাশ আৰু বিৰ্দ্ধতজীৱিকা নিশ্চিত কৰা শ্ৰম-শ্ৰমিকৰ দক্ষতা বিকাশৰ উদগনি দিয়া সবকা সাথ সবকা বিকাশৰ শ্ল’গানেৰে মন্ত্ৰমুগ্ধ কৰা, মেক ইন ইণ্ডিয়াৰে বৃহৎ ঔদ্যোগিক ব্যৱস্থাপনাৰে দেশৰ ঔদ্যোগিক খণ্ডৰ বিকাশৰ আঁচনি লোৱা, কৃষি-কৃষিভূমি আৰু কৃষকৰ বাবে আইন প্ৰস্তুত তথা কৃষকৰ অধিকাৰ মৰ্যদাক পৰম্পৰাৰ পৰা আইনী ব্যৱস্থালৈ উন্নীত কৰা ৰাষ্ট্ৰই কৃষি-কৃষিভূমি আৰু কৃষকৰ অধিকাৰ বিচৰাৰ লগতে খিলঞ্জীয়া ভূমি পট্টা (কৃষিভূমি) ১ বাবে অহোপুৰুষাৰ্থ কৰা ব্যক্তি-সমাজক ৰাষ্ট্ৰদ্ৰোহী সজাই ৰাজনৈতিক অলুকি-ভালুকিৰে গোচৰ দিওঁতাই আইনৰ দিশৰ দোহাই দিয়াটো আমাৰ দৃষ্টিত চতুৰালি নুবুজায়, ই অ-পৰিপক্কতাৰহে পৰিচায়ক৷
শেষত উল্লেখ কৰা ভাল যে এই বিশ্বত সমগ্ৰীকভাবে কোনো দৰ্শনৰ বা দাৰ্শনিকৰ চেতনা-চিন্তাগত আদৰ্শ নিষিদ্ধ নহয় (বিশেষ পৰিস্থিতি-আইনীভাবে নিসিদ্ধ কৰাটো সুকীয়া)৷ একেদৰে ব্যক্তি সমাজ, বা তেনে সাংবিধানিক দেশ-সমাজৰ পৰিৱেশ ক্ষতি কৰা বা দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অহা মত শক্তিও বৰ্জনীয়৷ অনাহকতে কোনো দৰ্শনকেই অপব্যৱহাৰ অপব্যাখ্য-অঅযুক্তিকৰ আলোচনা ক্ষতিকাৰক উদাহৰণেৰে ক’ব পাৰি যে– আমাৰ নৱ-বৈষ্ণৱ ভক্তি-ধৰ্মীয় আৰু সামাজিক দৰ্শনেও সমষ্টিগত সমূহীয়া-উপাসনা’ৰ ওপৰত আধাৰিত কিন্তু আমি কোনো কালেই ইয়াক সাম্যবাদী দৰ্শনৰ সৈতে একাকাৰ কৰিব নোৱাৰো৷ যদি সেয়ে হয় তেনেহ’লে ই অপব্যাখ্যা৷ সেয়ে দৰ্শন দাৰ্শনিক চিন্তা-চেতনা আদৰ্শ ইত্যাদিবোৰক আলোচনা-সমালোচনা-পৰ্য্যালোচনা বা অধ্যয়ন কৰোতে বা মত প্ৰকাশৰ সময়ত অন্ততঃ সামান্য সচেতনতা অৱলম্বন কৰি শক্তি, পূৰ্ণ বিচাৰ দিশটো ব্যক্তি-সমাজ-আৰু ৰাষ্ট্ৰৰ স্থায়ীত্ব স্থায়ীভাবেই থাকিব৷ কেৱল ব্যক্তিয়েই নহয় ৰাষ্ট্ৰয়ো কিছু দৰ্শনৰ অপব্যাখ্যা কৰাৰ উদাহৰণ অনেক৷ মোখনিত উল্লেখ কৰা হ’ল–মহাত্মাগান্ধীৰ চিন্তা-চেতনা-আদৰ্শ তথা দৰ্শন বৃটিছ আইনৰ অধীনত নিসিদ্ধ আছিল৷ ব্ৰিটিছে প্ৰস্তুত কৰা আইন বৰ্তমান স্বাধীন ভাৰতত প্ৰচলিত৷ সেই আইনসমূহেৰেই আজি পূৰ্বৰ নিষিদ্ধ গান্ধীৰ আদৰ্শ বা দৰ্শনেৰে তেওঁৰেই সপোনৰ ভাৰত নিৰ্মাণত উঠি পৰি লগা বৰ্তমান আইনীভাবেই পৰিকল্পিত৷ ইয়াত অন্য দৰ্শৰ দৰ্শনী বা সংমিশ্ৰণ নুই কৰিব নোৱাৰি৷
অধিবক্তা, গুৱাহাটী
ড্ৰ-mail-dr.chittaranjanphdঞ্ঝgmail.com