আমেৰিকাৰ ডায়েৰী (৯) – Purbodix.com

আমেৰিকাৰ ডায়েৰী (৯)

আমেৰিকাৰ ডায়েৰীখন আগবঢ়ায় লৈ টাবলৈ মই চিন্তাধাৰাত ডুব যাবলৈ ধৰিলোঁ৷ এটাৰ পাছত আনটো খণ্ডত এনেকুৱা কিছুমান নতুন তথ্য আগবঢ়াবলৈ মন যায় যাতে পঢ়ুৱৈসকল উপকৃত হয়৷ দিনবাগৰাৰ লগে লগে আমেৰিকাৰ প্ৰায়বিলাক বস্তুৱেই মোক আকৃষ্ট কৰিবলৈ ধৰিলে৷ লিখিবলৈ বহুত কথাই মনটোক খুন্দিয়াই থাকে যদিও প্ৰকৃত তথ্য মোৰ হাতত নথকাৰ বাবে লিখিবলৈ সাহস নকৰোঁ৷
এই খণ্ডটি লিখিবলৈ মই দুগুণ উৎসাহেৰে আৰু সাহসেৰে কলম হাতত তুলি লৈছোঁ৷  Thanks givings শব্দটো মই প্ৰায় মানুহজনৰ মুখত শুনি আছিলোঁ৷ তাত থাকোঁতে এইটো মোৰ বাবে আছিল এটি মাথো আমেৰিকাৰ চৰকাৰী বন্ধ৷ চৰকাৰী বন্ধ বছৰটোত মুঠতে পাঁচটা নে ছটা৷ গতিকে বন্ধকেইটা বৰ প্ৰিয় মানুহজনৰ, লগতে মোৰো৷ ইয়ালৈ আহিহে মই উপলব্ধি কৰিব পাৰিলো Thanks giving ৰমহত্ব৷ কথাবোৰ বিশদভাৱে জানিবলৈ মন গ’ল৷ আজিকালি প্ৰযুক্তি বিদ্যাৰ যুগ, একো কথাতে সমস্যা নাই৷ গ্ৰন্থাগাৰলৈও ঢপলিয়াব নালাগে আৰু কিতাপো খুচৰিব নালাগে৷ Google আছেই আমাৰ৷ গতিকে মই যিমান পাৰোঁ পঢ়িবলৈ যত্ন কৰিলোঁ যদিও বা পঢ়া-শুনাত ধৈৰ্য মোৰ বহুত কম৷
 Thanks giving হৈছে ভগৱানক ধন্যবাদ জনাবলৈ উদ্দেশ্য কৰি ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নৱেম্বৰ মাহৰ চতুৰ্থটো বৃহস্পতিবাৰে উদ্‌যাপন কৰা এটি বিশেষ দিন৷ ভাবিলেই ভাল লগা কথা মোৰ বাবে৷ ভগবানক যদিও দেখা নাই ভগবানৰ উপস্থিতি সদায় উপলব্ধি কৰি আহিছোঁ৷ মই পূজা-অৰ্চনা নকৰো বা নামঘৰত গৈ পুৱা-গধুলি মূৰো নোদোৱাও৷ মোৰ মতে ভগবান সকলোতে থাকে একান্ত মনে বিচাৰিলে লগতে পোৱা যায়৷ এইয়া মোৰ ব্যক্তিগত অনুভৱ হে৷ যদিও বা বিশেষ আৰাধনা নকৰোঁ ভগবানৰ তথাপি দেখোন ওজৰ আপত্তি নথকা নহয় ভগবানৰ ওচৰত৷ এইটোহে দিলা মোক এইটোহে নিদিলা৷ এনেকুৱা হ’ব লাগিছিল, এনেকুৱা নহয় তেনেকুৱাহে হ’ল৷ গোটেই সংসাৰৰ দুঃখ-কষ্টবোৰ মোকহে দিলে যেন লাগিলে হাজাৰ হাজাৰ মানুহতকৈ বহুত সুখত আছোঁ মই৷
শেষত নিজকে নিজে সাbLনা দিও বৰকৈ পাত্তা নিদিও কাৰণে মোকো মাহীআইৰ চকুৰে চায় চাগে৷ এইবোৰ অলাগতিয়াল কথা ভাবি থাকোঁতে দৰকাৰী কথাটো খুব কম ভবা হয়৷ আজি মই যিমানখিনি পাইছোঁ বা আজি মই যিটো স্থান পালো সকলোতে ভগৱানৰে দান৷ ভগৱানে দিছে বাবেহে ভোগ কৰিব পাৰিছো৷ ইমানবোৰ দিয়াৰ বিনিময়ত মইনো কিমানবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানক নিজৰ ভুল বুজিব পাৰি লগে লগেই গুণমালা ভাগ গাই একেবাৰতে সকলোবোৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ভগৱানক৷

Thanks giving ১ ওপৰত বহুতখিনি কথা পঢ়িবলৈ পালোঁ৷ কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হ’ল ভগবানক ধন্যবাদ জ্ঞাপন কৰা দিনটো৷ মই ইমান আঁতিগুৰি মাৰি আৰম্ভ কৰা নাই আৰু৷ মই মোৰ ভাল লগা মোৰ হৃদয় চুই যোৱা কথাখিনিহে লিখিব লৈছোঁ৷ প্ৰত্যেক বছৰৰ নৱেম্বৰ মাহৰ চতুৰ্থটো বৃহস্পতিবাৰত এই বিশেষ দিনটো উদ্‌যাপন কৰা হয়৷ এই পৰম্পৰাটো আমেৰিকাবাসীয়ে (অন্য দেশতো পালন কৰিব পাৰে৷ মই জ্ঞাত নহয়) বিভিন্ন ধৰণে পালন কৰে৷ সাধাৰণতে সকলো আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱৰ লগত পৰিয়ালৰ গোটেই কেইজন লগ হৈ ৰাতিৰ সাঁজ একেলগে গ্ৰহণ কৰে৷ দুখীয়া-নিচলা লোকসকলক অন্নদান কৰে৷ ৰাতিৰ এই বিশেষ সাঁজত এবিধ বিশেষ খাদ্য খায়৷ Turkey ১ মাংস৷ এই মাংসবিধ grill, roast, বা gravy কৰি খায়৷ ইয়াৰ উপৰি আলু পিটিকা, আলুৰ জোলকে আদি কৰি বিভিন্ন ধৰণে জুতি লগাই আলু খায়৷ বতৰৰ শাক-পাচলিৰ লগতে cranberry sauce, sweet potato, sweet corn, brussel sprouts, pumpkin pie আৰু squash উল্লেখযোগ্য৷ বিভিন্ন খাদ্য সম্ভাৰে সকলোৱে একেলগে গ্ৰহণ কৰা ৰাতিৰ সাঁজক Thanks giving meal বুলিও কোৱা হয়৷ Thanks giving mean গ্ৰহণ কৰাৰ আগতে সকলোৱে মিলি প্ৰাৰ্থনা কৰে৷ Dinning table ত বহি প্ৰত্যেকজনেই নিজৰ নিজৰ বিষয়ে কৈ যায়, কোনে বছৰটোত কি কি পালে আৰু যাৰ বাবে Thanks giving ১ দিনা ভগবানক ধন্যবাদ জ্ঞাপন কৰিলে৷
ময়ো আজি আমেৰিকাৰ ডায়েৰীৰ যোগেদি ভগবানক ধন্যবাদ জনাইছোঁ, আমেৰিকাৰ নিচিনা দেশ এখনত থাকিবলৈ সুযোগে দিলে৷ ভগবানৰ আশীৰ্বাদতে আজি মই হাতত কলম তুলি ল’লোঁ৷ মোৰ ক্ষুদ্ৰ জ্ঞানে যিমানখিনি পাৰিছো ডায়েৰীখন আগবঢ়ায় লৈ গৈছোঁ৷ অশেষ ধন্যবাদ ভগবানলৈ৷

Leave a Reply

Your email address will not be published. Required fields are marked *