December 19, 2021December 20, 2021 by Arup Kakoti … বিনন্দীয়া প্ৰকৃতিৰ মধুৰ লগনত সাৰ পাই উঠিল হেঁপাহৰ শৰৎ৷ দুবৰি দলিচাত প্ৰস্ফূটিত শেৱালিৰ আমোলমোল গোন্ধই স্নিগ্ধ কোমল পুৱাটিৰ প্ৰাণ সঞ্চাৰ কৰি ৰাখিছে প্ৰতিটো ক্ষণ, হেঁপাহৰ নিয়ৰবোৰে শেৱালি তুলিছে৷ শাৰদী শৰতত তোমালৈ বুলি পঠিয়াই দিছো ভালপোৱাৰ এমুঠি শব্দ, এনেদৰেই ৰৈ যাওঁক সময়৷ ৰৈ ৰৈ বাজক এটি বীণ, কপি কপি জ্বলি থাকক মাথো এটি দ্বীপশিখা৷ তাৰেই ছায়া মায়া পোহৰত থাকেঁা তুমি আৰু মই৷ ঠিক তেনেদৰেই ৰৈ যাওঁক সময়৷ তুমি হঁহাৰ দৰে শৰতে হাঁহিছে মোৰ পদূলিত৷ দূৰ হ’ব ধৰিছে সেই দুৰ্দিনবোৰ৷ ক’ৰোনাৰ ক’লা ডাৱৰবোৰে আঁতৰি গৈছে৷ এটি নতুন সূৰ্য যেন নামি আহিছে৷ হাঁহিৰে ভৰি পৰিছে প্ৰতিটো পল৷ সেয়েহে উজাগৰি ৰাতি সপোন দেখিছো মই তোমাৰ মুখৰ সোণালী হাঁহি, এপলক দুপলক কৰি যেন নতুন সুৰুয আহিছে নামি৷ Share on FacebookTweetFollow us