ৰ’জ ফ্লেৱাৰ্ড কাজু, পানীৰ লাড্ডু (ইন্দ্ৰানী গগৈ) – Purbodix.com

ৰ’জ ফ্লেৱাৰ্ড কাজু, পানীৰ লাড্ডু (ইন্দ্ৰানী গগৈ)

v
উপকৰণ
২০০ গ্ৰাম পনীৰ
৩য৪ কাপ কাজু
৩০০ মি{¨মেইড
ৰ চাহ চামুচ ইলাচি গুৰি
ৰ চাহ চামুচ ঘিউ
ৰয২ কাপ লিকুইড গাখীৰ
২ চাহ চামুচ ৰ’জ চিৰাপ
ৰয২ কাপ খেজুৰ
ৰয২ কাপ শুকান নাৰিকলৰ গুৰি

প্ৰণালীঃ
প্ৰথমে পনীৰখিনি কুহুমীয়া গৰম পানীত ১৫ মিনিট মান তিয়াই থৈ কোমল কৰি ল’ব৷ তাৰ পিছত পানীৰ পৰা উঠাই পনীৰখিনি হাতেৰে মোহাৰি ল’ব৷ কাজুখিনি মিক্সিত গুৰি কৰি ল’ব৷ এতিয়া গুৰি কৰা কাজু আৰু পনীৰখিনি গাখীৰৰ সৈতে একেলগে মিক্সিত পেষ্ট বনাই ল’ব৷ এখন পেন গৰম কৰি কাজু, পনীৰৰ পেষ্টখিনি আৰু ঘিউ চামুচ দিব আৰু অলপ লৰাই মি{¨মেইডখিনি দিব৷ ইলাচি গুৰি দি মিশ্ৰণখিনি যেতিয়ালৈকে পেনৰ পৰা এৰাই একগোট নামাৰে লৰাই থাকিব৷ গেছ অফ্‌ কৰি কাজু, পনীৰৰ মিশ্ৰণখিনি সমানে দুভাগ কৰি এভাগত ৰ’জ চিৰাপ দি হাতেৰে ভালদৰে মিক্স কৰি ল’ব৷ খেজুৰখিনিৰ গুটি এৰুৱাই মিহিকৈ কাটি লৈ শুকান নাৰিকলৰ গুৰিৰ লগত মিক্স কৰি ল’ব৷ দুইভাগ পনীৰৰ মিশ্ৰণৰ পৰা অলপ অলপ লৈ মাজত খেজুৰ, নাৰিকলৰ মিশ্ৰণ অলপ ভৰাই লাড্ডুবোৰ বনাই ল’ব৷ শেষত লাড্ডুবোৰৰ ওপৰত শুকান নাৰিকলৰ গুৰি সানি পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *