‘চামেলি মেমচাব’ আৰু কিছু ইতিহাস (তাজহাৰুল হক) – Purbodix.com

‘চামেলি মেমচাব’ আৰু কিছু ইতিহাস (তাজহাৰুল হক)


ফিৰিঙতিৰ পৰা খান্দৱদাহ হয় বুলি অসমীয়াত কথা এষাৰ আছে৷ কথাষাৰৰ সত্যতাও আছে৷ এটা গল্প প্ৰকাশ হৈছিল এখন হিন্দী আলোচনীত৷ গল্গটোত চকু পৰিল এনে এজন ব্যক্তিৰ, যিজনৰ চকু দুটাই সৃষ্টিৰ সম্ভাৰ বিচাৰি পিটপিটাই ফুৰে৷ সেইজনা সৃষ্টিশীল ব্যক্তি আন কোনো নহয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ অসমৰ সুসন্তান আব্দুল মজিদ ডাঙৰীয়া৷
১৯৭৪ চনৰ কোনো এটা দিনত বিশিষ্ট অভিনেতা তিলমিজুৰ ৰহমানৰ ঘৰৰ ড্ৰয়িং ৰূমত বহি তিলমিজুৰ ৰহমান, নুৰুল হক আৰু অমৰ বৰদলৈয়ে আড্ডা মাৰি আছিল৷ এনেতে আব্দুল মজিজ উধাতু খাই কোঠাটোত প্ৰৱেশ কৰিলে৷ হাতত তিনিখিলা কাগজ৷ কোনোবা হিন্দী আলোচনীৰ পৰা ফালি অনা৷
‘‘মই এখন চিনেমা কৰিব বিচাৰো৷ কাহিনী মোৰ লগতেই আছে’’– একে উশাহতে কথাখিনি কৈ চকী এখন টানি লৈ বহি ফোঁপাবলৈ ধৰিলে৷ হাতত থকা কাগজ তিনিখন আমালৈ আগবঢ়াই দিলে৷ তিলমিজুৰ ৰহমানে কৈয়ে উঠিল যে তেওঁলোকেতো হিন্দী পঢ়িব নাজানে৷ তেনেকুৱাতে কাষত বহি থকা প্ৰসিদ্ধ গীতিকাৰ নুৰুল হকে (মহম্মদ ৰফিয়ে গোৱা প্ৰথম অসমীয়া গীত দুটা ‘‘অসমীৰে চোতালতে, ৰ’দালীৰে চেনেহতে’’ আৰু ‘‘মোৰ দৃষ্টিত তুমি ধৰা পৰিলা’’ৰ ৰচক) কৈ উঠিল– ‘‘মই হিন্দী লিখিব আৰু পঢ়িব জানো৷ পাত কেইখিলা মোকেই দে, ময়ে পঢ়ি দিও’’৷ নুৰুল হকে কাহিনী হিন্দীত পঢ়ি গ’ল আৰু সকলোৱে শুনি গ’ল৷ কাহিনীটোৱে সকলোকে আকৰ্ষিত কৰিলে৷ অমৰ বৰদলৈয়ে নিজকে বশ কৰিব নোৱাৰি কৈয়ে পেলালে– ‘‘স্ক্ৰীপ্ট বনাই আন ৷ আমি আখৰা আৰম্ভ কৰি দিও’’৷ এই কাহিনীটোৰ ৰচক আছিল অসমৰ বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক নিৰোদ চৌধুৰী দেৱ৷
‘‘চামেলী মেমচাব’’ৰ স্ক্ৰীপ্ট তৈয়াৰ হ’ল৷ পৰিকল্পনা হ’ল তিলমিজুৰ ৰহমানৰ ঘৰতেই৷ লিখক নিৰোদ চৌধুৰীও আহি থিতাপি ললেহি তিলমিজুৰ ৰহমানৰ ঘৰতেই ‘চামেলি মেমচাব’ৰ সংক্ৰান্তত৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সতেও যোগাযোগ হ’ল৷ গীতৰ সুৰ দিবলৈ, গাবলৈ আৰু সংগীত পৰিচালনা কৰিবলৈ তেখেতে সন্মতি দিলে৷ কলিকতাৰ তেতিয়াৰ নাম কৰা কেমেৰামেন গোপী নায়কৰ সৈতেও যোগাযোগ হ’ল৷ তেঁৱো সন্মতি জনালে৷ আখৰা চলিল তিলমিজুৰ ৰহমানৰ ঘৰত৷ টকা-পইচাৰ দৰকাৰ হ’ল৷ অমৰ বৰদলৈৰ চিনাকী সেই সময়ৰ ই. এন. ডি. বিভাগৰ এচ, ডি, অ’ দেবেন বৰুৱাৰ ঘৰলৈ তিলমিজুৰ আৰু অমৰ বৰদলৈ প্ৰমুখ্যে কেইজনমান গ’ল৷ কিছু টকা সংগ্ৰহ হ’ল৷ তেখেতৰ পৰামৰ্শ মতে লখিমপুৰৰ কেইজনমান ব্যক্তিৰ ওচৰলৈ কেইজনমান গ’ল৷ তাতো কিছু টকা সংগ্ৰহ হ’ল৷ তিলমিজুৰ ৰহমানে এইবোৰ কথা স্মৃতিৰ পিয়লাৰ পৰা নিগৰাই আমাক পান কৰিবলৈ দিলে৷
‘‘চামেলী মেমচাব’’ৰ বাবে প্ৰয়াত ডাঃ হাদি আলম বৰা, বিনীতা গোঁহাই, কাহিনীকাৰ নিৰোদ চৌধুৰীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে যোৰহাটত থিতাপি ল’লেহি৷ ডাঃ হাদি আলম বৰা, দাৰা আহমেদ আৰু নিৰোদ চৌধুৰীয়ে তিলমিজুৰ ৰহমানৰ ঘৰতে আতিথ্য গ্ৰহণ কৰিছিলে৷ চিনেমাখনৰ মহুৰতৰ আৰম্ভণি তিলমিজুৰ ৰহমানৰ ঘৰৰ পৰাই অনুষ্ঠিত হৈছিল৷ যোৰহাটৰ চিনামৰা চাহ বাগিছাতে আউটড’ৰ ু«টিং হৈছিল৷ ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত জৰ্জ বেকাৰ (যিজনে ‘চামেলি মেমচাব’ৰ চাহাবৰ চৰিত্ৰটোত অভিনয় কৰিছিল) চিন্তন নামৰ এটি যোৰহাটৰ সংগঠনে কৰা আমন্ত্ৰণ ৰক্ষা কৰি যোৰহাট পাইছিলহি৷ জৰ্জ বেকাৰক যোৰহাট সাহিত্য সভাৰ প্ৰেক্ষাগৃহত সম্বৰ্দ্ধনা জনোৱা হৈছিল আৰু তিলমিজুৰ ৰহমানক বিশিষ্ট অতিথি হিচাবে নিমন্ত্ৰণ জনোৱা হৈছিল৷ এই দুই অভিনেতাই প্ৰায় চল্লিছ বছৰ পিচত দেখা-দেখি হৈ অশ্ৰুসিক্ত নয়নেৰে দুয়ো দুয়োকে সাৱটি ধৰিছিল৷ তিলমিজুৰ ৰহমানৰ ঘৰৰৈ জৰ্জ বেকাৰ আৰু ৰাজীৱ গোস্বামী (চামেলী মেমচাব’ত তিলমিজুৰৰ পুত্ৰৰ অভিনয় কৰিছিল) আহিছিল৷ অতীতৰ মধুৰ স্মৃতিৰ মাজত তিনিওজন নষ্টালজিক হৈ পৰিছিল আৰু গোটেই সন্ধ্যাটো তিলমিজুৰৰ ঘৰখন জীপাল হৈ উঠিছিল৷ তেখেতৰ জীৱনৰ প্ৰথমখন বোলছবি হোৱা সত্বেও যি নিখঁুতভাৱে বাগানৰ চাহাবৰ চৰিত্ৰটো ফুটাই তুলিছিল সেয়া চিৰপ্ৰশংসনীয়৷ এই সফল অভিনয়ৰ আঁৰৰ মানুহ হিচাবে পৰিচালক আব্দুল মজিদেও সমানেই প্ৰশংসাৰ পাত্ৰ৷ চিনামৰা বাগিছাৰ বনুৱাৰ ঘৰবোৰ, চাহাবৰ বঙলা আদি চিনেমাখনত দেখুওৱা হৈছিল৷ কথাখিনি কৈ কৈ তিলমিজুৰ ৰহমানে হুমুনিয়াহ এটি কাঢ়িলে৷ এয়া সৌ সিদিনাৰ কথা৷ জৰ্জ বেকাৰক চিনামৰা বাগিছাত সম্বৰ্দ্ধনা জনাইছিল৷ তাৰে মজদুৰ ভাইহঁতে৷ জৰ্জ বেকাৰে সেই বাগিছাৰ ‘চামেলি মেমচাব’ৰ চিনেমাত থকা চাহাবৰ বঙলা আদি চাই বছৰে গৰকা ভগ্নপ্ৰায় অৱস্থা দেখি দুখ প্ৰকাশ কৰিছিল৷
আকৌ ‘চামেলি মেমচাব’ৰ কথালৈ আহোঁ৷ চিনেমাৰ কাম পূৰ্ণ গতিত চলিবলৈ ধৰিলে৷ চিনেমাখনৰ প্ৰথম মুখ্য অফিচ আছিল তিলমিজুৰ ৰহমানৰ বাসগৃহ৷ কেমেৰামেন গোপীকো তেওঁৰ ঘৰৰ ওপৰমহলাত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছিল৷ ‘‘সেই সময়ত অৱশ্যে আমাৰখিনিৰ মাজত ষ্টাৰ হোটেলত থকাৰ কাল্‌চাৰ নাছিল’’- সগৌৰৱে তিলমিজু ৰহমানে ঘোষণা কৰিলে– ‘‘কেনেকৈ কম খৰচত চিনেমাখন নিৰ্মাণ কৰিব পাৰি তাক লৈয়ে সকলো চিন্তিত আছিল৷ ইয়াৰ মাজতো কিছুমান আমোদজনক ঘটনা ঘটিছিল৷ তিলমিজুৰ ৰহমানে কৈ গ’ল- এজন বিশেষ কাৰিকৰী লোকক (আমন্ত্ৰিত) আকৌ সদায়ে সন্ধ্যা এটোপা মদিৰাৰ যোগান ধৰিব লগাত পৰিছিল (নাম কোৱাৰ পৰা বিৰত থাকিল)৷ ‘‘মই তেওঁক ক’লো- তুমি চিন্তা কৰিব নালাগে তাৰ ব্যৱস্থা কৰা হ’ব৷’’ ইয়াৰ বাবে এজনক দায়িত্ব দিয়া হ’ল৷ অৱশ্যে তেওঁ দেশীয় মদতেই সন্তুষ্ট আছিল৷ আমাৰ কপাল ভাল৷ নিয়োগ কৰা ব্যক্তিজনক গধূলি মই টকা দুটা দি দিওঁ যাতে তেওঁ সেই ব্যক্তিজনক সেইটুপি যোগান ধৰে৷ কিন্তু সেই যোগানধাৰীজনে অলপ পৰৰ পাছে পাছে আহি দুটকা দুটকাকৈ কেইবা টকাও লৈ যায়৷ কয়, সেই ব্যক্তিজনে বোলে আৰু বিচাৰিছে৷ পিছত অনুসন্ধান কৰি গম পোৱা গ’ল- আচল মানুহজন দুটকাৰ মদটুপিতে সন্তুষ্ট আছিল৷ অলপ পৰৰ পাছে পাছে নিয়া দুটকাৰে নিয়োগ কৰা জনে নিজৰহে নিচা নিবাৰণ কৰিছিল৷ গি৭১্নী মাৰি হাঁহিলে তিলমিজুৰ ৰহমানে৷ পৰিৱেশটো সজীৱ হৈ উঠিল৷

যথা সময়ত সকলো কাম সুকলমে হৈ উঠাত ‘চামেলি মেমচাব’ অসমৰ চিনেমা হলত মুক্তি লাভ কৰিলে৷ অসমত চিনেমাখনে এক খলকনি তুলিলে৷ ভবাতকৈ বেছি সমাদৰ লাভ কৰিলে৷ আমাৰ মনবোৰ উৎসাহ আৰু উদ্যমেৰে ভৰি পৰিল৷ আত্মসন্তুষ্টি লভিলোঁ- একেৰাহে তিলমিজুৰ ৰহমানে কথাখিনি কৈ গ’ল৷ ‘চামেলি মেমচাব’ যে অকল ব্যৱসায়িক ভিত্তিতে সফল হৈছিল এনে নহয়, এইখন চিনেমাই প্ৰথম অসমীয়া চিনেমালৈ সৰ্বভাৰতীয় ভিত্তি সংগীতত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে বঁটা লাভ কৰিছিল৷
ভাৰতৰ ৰাষ্ট্ৰপতি আসন যেতিয়া অসমৰ সুসন্তান প্ৰয়াত ফকৰুদ্দিন আহেমদে শুৱনি কৰিছিল তেতিয়া তেওঁ ‘চামেলি মেমচাব’ চাবলৈ ই২৬া প্ৰকাশ কৰিলে৷ এই কথাই প্ৰমাণ কৰে যে অসমীয়া ছবিজগতত আৰু অসমীয়া ৰাইজৰ মাজত চিনেমাখনে এক আলোড়নৰ সৃষ্টি কৰিছিল৷ তিলমিজুৰ ৰহমান হঠাৎ সাৰ পোৱা মানুহৰ দৰে সজাগ হৈ উঠিল৷ কৈ গ’ল- আমাৰ মাজত হুৱা-দুৱা লাগিল৷ শিৱসাগৰৰ পৰা আব্দুল মজিদ উধাতু খাই যোৰহাট পালেহি৷ নিৰোদ চোধুৰী, আব্দুল মজিদ, মই দিল্লীলৈ যাবলৈ কুচকাৱাজ আৰম্ভ কৰিলোঁ৷ ইফালে মোৰ পত্নী আৰু খুলশালীজনীও যাবলৈ ওলাল৷ মোৰ হাতত তেতিয়া মাত্ৰ তেৰশ টকা আছিল৷ সেই পইচাতে ভৰষা কৰি মোৰ পৰিয়ালটো লৈ দিল্লীলৈ ৰাওনা হ’লো৷ তেতিয়া আকৌ চিনেমা এখন কৰবাত দেখুৱাবলৈ হ’লে ডাঙৰ বাকচত ৰীলবোৰ ভৰাই লৈ যাব লগীয়া হৈছিল৷ এতিয়াৰ দৰে কম্পিউটাৰযপেনড্ৰাইভ আদিৰ সুবিধা নাছিল৷ ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত সন্ধ্যা মাননীয় ৰাষ্ট্ৰপতি ফকৰুদ্দিন আহমেদ প্ৰমুখ্যে পৰিয়ালবৰ্গৰ লগত বহি ‘চামেলি মেমচব’ চোৱাৰ স্মৃতি আজিও মোৰ মনত সজীৱ হৈ আছে৷ ৰাষ্ট্ৰপতিজনাই আমাক খুউব প্ৰশংসা কৰিছিল৷ আমি তেখেতৰ সৈতে ফটো উঠিছিলো সেই ক্ষণটোক যুগমীয়া কৰি ধৰি ৰাখিবলৈ৷ ফটোবোৰ চালে আমি এতিয়াও নষ্টালজিক হৈ পৰো৷ আজিও যেতিয়া মই, মজিদ, বিনীতা আৰু এই চিনেমাৰ লগত জড়িত আন ব্যক্তিসকল ক’ৰবাত লগ হওঁ আমি এই ‘চামেলি মেমচাব’ৰ কথাবোৰ ৰোমন্থন কৰি পুলকিত হওঁ৷ এই ‘চামেলি মেমচাব’ৰ ইতিমধ্যে বঙালী আৰু হিন্দী ভাষাতো হ’ল আৰু পশ্চিমবঙ্গতো মুক্তি লাভ কৰি সমাদৰ  লভিলে৷ এইখন বোলছবি বিদেশলৈও আমন্ত্ৰিত হৈছিল প্ৰদৰ্শনীৰ বাবে৷ এই ‘চামেলি মেমচাব’ এতিয়াও মোৰ বুকুত এটি নৱজাত শিশুৰ দৰে জীয়াই আছে৷ কথাখিনি কৈ এক উকা দৃষ্টিৰে তিলমিজৰ ৰহমানে দূৰ-দিগন্তলৈ চাই পঠিয়ালে৷
বিঃদ্ৰঃ অতিকে সুখবৰ যে এই ছবিখন একে নামেৰেই পুনৰ জনপ্ৰিয় চেনেল প্ৰাগ নিউজে ৰি-নেক কৰিবলৈ লোৱাতো অভিনন্দন জনাইছো৷

Leave a Reply

Your email address will not be published. Required fields are marked *