
পৃথিৱীৰ প্ৰত্যেক সভ্য জাতিয়েই নিজৰ পূৰ্ব–পুৰুষক স্মৰণ কৰে আৰু বিভিন্ন প্ৰণালীৰে পূজা–অৰ্চনা স্মৰণৰ যোগেদি আশিস¸ লয়৷ মে–স্মৃতি তৰ্পণ, ডাম–মৃতক, মে–স্মৃতি তৰ্পণ, ফী–দেৱতা অৰ্থাৎ মৃতক আৰু ফী সকলৰ স্মৃতিত অৰ্পণ৷ তাই–আহোম সকলৰ বিশ্বাস যে কোনো লোকৰ মৃত্যুৰ পিছত যথা নিয়মেৰে সৎকাৰ আৰু সকামাদি কৰাৰ পিছত তেওঁলোকে ফী (দেৱতা)হৈ স্বৰ্গত বাস কৰে৷ স্বৰ্গত তেওঁলোকে আগতে ফী হোৱা সকলক লগ পায়গৈ আৰু পৃথিৱীত মানুহৰূপে থাকোঁতে যেনেদৰে বংশ পৰিয়ালৰ স্থান তেনে স্থান প্ৰাপ্ত হয়৷ তাই–আহোম সকলৰ মতে তেওঁলোকে স্বৰ্গতো নীতি–নিয়মৰ মাজেদি সমাজ পাতি বসবাস কৰে৷ বংশ–পৰিয়ালৰ মৰ্যাদা অনুসৰি তেওঁলোকৰ মৈদামবোৰো সৰু–ডাঙৰ কৰি তৈয়াৰ কৰা হয়৷ সেয়েহে, চৰাইদেউত থকা আহোম স্বৰ্গদেউ সকলৰ মৈদামবোৰো একাদিক্ৰমে সজোৱা হৈছিল৷ ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে পৰা কেইবাজনো স্বৰ্গদেউক দাহ কৰাৰ ব্যৱস্থা হৈছিল যদিও স্মৃতি ৰক্ষা কৰি মৈদাম বন্ধোৱা হৈছিল৷ আনকি ফুলেশ্বৰী কুঁৱৰীৰো মৈদাম বন্ধোৱা হৈছিল৷ সম্প্ৰতি চৰাইদেউ বাগানৰ পৰিচালকৰ বঙলাও ফুলেশ্বৰী কুঁৱৰীৰো মৈদামৰ কাষতে আছে৷
দক্ষিণ পূৱ এছিয়াত বসবাস কৰি থকা অন্যান্য তাই সকলৰ মাজতো অসমৰ তাই সকলৰ দৰে থকা বিশ্বাস প্ৰচলিত হৈ আছে৷ ভিয়েটনামৰ উত্তৰ দিশত বসবাস কৰা (Red
River)ৰ পাৰৰ তাই থাও (White Tai, ফৰাচী ভাষাত
Blanc) সযতনে ৰক্ষা কৰি আহিছে৷ তাই ডেঙ্
(Red Tai) সকলেও এনে নীতি ধৰি ৰাখিছে৷ ভিয়েতনামৰ তাই থো (Tho) সকলেও তেওঁলোকৰ পূৰ্ব–পুৰুষৰ মৈদামবোৰ অতি সযতনে ৰক্ষা কৰিছে আৰু মৈদাম দিয়াৰ তৃতীয় দিনাই সকাম (তিলানী)
পাতি মৃতক সকলক বিদায় দিয়ে৷ অসমৰ তাই–আহোমসকলেও
(যি সকলে এতিয়াও মৈদাম দিয়ে) তৃতীয় দিনাই তেল–পানী চুই অশুচি গুচায়৷
দক্ষিণ চীনৰ কোৱাংচিং প্ৰদেশত বাস কৰা তাইসকলৰ মাজতো এনে প্ৰথা প্ৰচলিত আৰু মৈদামত পূৰ্ব–পুৰুষসকলৰ বাবে পূজা–সেৱা আগবঢ়ায়৷ ভিয়েটনামৰ তাই দাম (Red
Tai) সকলৰ পূজাৰী সকলক দৰে ম’ (MAW) বুলি সম্বোধন কৰে৷ এনেদৰে আলোচনা কৰিলে দেখা যায় যে নিৰ্দিষ্ট সময়ত পুলিত পুথাও সকলৰ উদ্দেশ্যে পূজা–পাতল আগবঢ়াই স্মৰণ কৰি আশীৰ্বাদ লোৱাটো কেৱল আহোম সকলৰেই নহয়– ই সমগ্ৰ তাই জাতিৰ লোকৰেই প্ৰাচীন–প্ৰচলিত প্ৰথা৷ সেয়েহে, জাতিৰ পূৰ্বপুৰুষসকলক নিৰ্দিষ্ট সময়ত সামূহিকভাৱে স্মৰণ কৰাটো এক পবিত্ৰ ধৰ্মীয় পৰম্পৰা যাৰ যোগেদি অতীতক স্মৰণ কৰাই নহয় তাৰ যোগেদি মানসিক শক্তি আহৰণ কৰি জীৱন সংগ্ৰামৰ যুদ্ধত অনুপ্ৰেৰণা লাভ কৰে৷ উল্লেখযোগ্য যে মে–ডাম–মে–ফী তাই–আহোমসকলৰ দ্বাৰা আয়োজন কৰা ধৰ্মীয় পৰম্পৰা হ’লেও পণ্ডিতৰ আহ্বানত সমগ্ৰ ৰাজ্যখনৰ বাসিন্দাসকলক আশীৰ্বাদ দি শান্তি বিৰাজ কৰিবলৈ প্ৰাৰ্থনা কৰা হয়৷

তাই–আহোমসকলৰ ধৰ্মীয় বিশ্বাসত পুনৰ জন্ম বা কৰ্মফলৰ কোনো উল্লেখ নাই৷ মৃতকৰ আত্মাই পৃথিৱীত পুনৰ জন্ম লয় এইটো হিন্দুধৰ্মৰ হে বিশ্বাস৷ তাই–আহোমসকলৰ মতে মৃতকসকল দেৱতা হৈ অন্য লোকত বসবাস কৰে৷ মে–ডাম–মে–ফীত আগবঢ়োৱা–সেৱা পূজা তেওঁলোকে গ্ৰহণ কৰি আশীৰ্বাদ দিয়েহি৷
চাওলুং চ্যুকাফাই ১২২৮ খৃঃৰ ১৬ আঘোণৰ দিনা অসমৰ (তেতিয়াৰ সৌমাৰ পীঠ) মাটিত ভৰি দিয়াৰ দিন ধৰি টিপামত মে–ডাম–মে–ফী পতাৰ উল্লেখ আছে৷ পিছৰ স্বৰ্গদেউসকলৰ দিনত এই পৰম্পৰা ৰক্ষা কৰা হৈছিল৷ স্বৰ্গদেউ জয়ধবজসিংহ (ছুতামলা)ই হিন্দু ধৰ্ম গ্ৰহণ কৰি মে–ডাম–মে–ফী নপতাৰ বাবে মিৰজুমলাই গড়গাওঁ পৰ্যন্ত আহিব পাৰিছিল বুলি ভবা হয়৷ পিছৰ স্বৰ্গদেউৰ দিনৰ পৰা পুনৰ মে–ডাম–মে–ফী পতাৰ বাবেহে মোগলক পুনৰ খেদিব পৰা গৈছিল বুলি আহোমসকলে ভাবে আৰু ছু পুং–মুঙ (চক্ৰধৰসিংহ) স্বৰ্গদেৱে নিজে এই কথা স্বীকাৰ কৰি গৈছে৷
চক্ৰধবজ সিংহৰ পিছৰ পৰা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বলৈকে
(১৮১০–১৮ চনলৈকে) উপৰি পুৰুষৰ পূজা চলি থকাৰ কথা বুৰঞ্জীত আছে৷ সেই সময়ত প্ৰজাই নহয় ৰজাই নিজেও ৰাজ্যৰ সকলোৰে মংগলৰ বাবে এই পূজা পাতিছিল৷
ধৰ্মীয় মতানৈক্য আৰু নিজৰ মাজত হোৱা কাজিয়াৰ (মোৱামৰীয়া বিদ্ৰোহ, কালসংহতিৰ লগত মতানৈক্যৰ বাবে বদন বৰফুকন আৰু পূৰ্ণানন্দং বুঢ়াগোঁহাইৰ মতানৈক্যৰ বাবে মানৰ আক্ৰমণ) বাবে আহোম ৰাজ্য ধবংস হ’ল৷ ইংৰাজ আহিল৷ প্ৰায় ১২১ বছৰ ৰাজ্যখন ইংৰাজৰ তলত থাকিল৷ মেডাম–মে–ফী,
মোহন,
দেওধাই বাইলুঙ সকলৰ মাজত ছেগা ছোৰোকাকৈ চলি থাকিল৷ যোৱাটো শতিকাৰ ৬০ দশকৰ আগভাগৰ পৰা ই পুনৰ প্ৰচলিত হ’বলৈ আৰম্ভ কৰে৷ এইবাৰ ৰজাঘৰ নহয় প্ৰজাঘৰৰ পৰাহে ই আৰম্ভ হ’ল৷ পিছে, ১৯৮৩ চনত প্ৰথমবাৰ ৰাজকীয়ভাৱে তলাতল ঘৰৰ প্ৰাঙ্গণত মে–ডাম–মে–ফী পতা হ’ল৷
স্বৰ্গদেউ চাউলুং ছ্যুকাফাৰ আদৰ্শৰে আগবাঢ়িবলৈ যত্ন কৰিলে৷ আমি ভাবোঁ এই প্ৰচেষ্টাৰে অসমীয়া জাতিটোক এক কৰি ৰখাব পৰা যায়৷
এইবাৰ ঐতিহাসিক শদিয়াত ৰাজকীয়ভাৱে এই পূজা কৰা হৈছে৷ শদিয়াত অসমৰ শাসন প্ৰতিষ্ঠা হৈছিল ১৫১৩ খ্ৰীষ্টাব্দত ফ্ৰাচেঙমুঙ বৰগোঁহাইয়ে চুতীয়া ৰজাৰ পৰা এই ঠাইখন অসমৰ তললৈ আনিছিল৷ চুতীয়া আৰু আহোমসকল শদিয়াৰ আদি বাসিন্দা৷ দুৰ্ভাগ্যৰ বিষয় আধুনিক অসমত এওঁলোকে শদিয়াত ভূমিৰ অধিকাৰ নাপায়৷ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই দিশত উচিত সিদ্ধান্ত ল’ব বুলি আমাৰ বিশ্বাস আৰু আজিৰ মে–ডাম–মে–ফীৰ দিনাই পূৰ্বপুৰুষে আদি বাসিন্দাসকলক আশীৰ্বাদ যাতে দিয়ায়– তাৰেই কামনা কৰিলোঁ৷
ৰং–বয়–বয়