
(ৰ)
শৰতৰ বোকোচাত উঠি পুনৰ ধৰালৈ নামিছে শীতৰ দিনবোৰ৷ শীতে আমাক স্পৰ্শ কৰিছে কি নাই, শীতে আমাৰ চৌপাশ কৰিবলৈ যো–জা চলাইছে মাথোন, তেনে সময়তে আকৌ আৰম্ভ হৈছে কথাবোৰ৷ সেই পুৰণি কথাবোৰ৷ কোনোবাই যদি শীতৰ সুন্দৰ পুৱাবোৰৰ কথা ভাবি উদ্বাউল হৈ পৰিছে, কোনোবাই আকৌ আৰম্ভ কৰি দিছে গুৱালগালি৷ কত যে গালি হজম কৰিবলগীয়া হৈছেহি শীতেঃ এই সময়ত কাম কৰিব নোৱাৰি, অলপ পানী হাতত লাগিলেই শোঁতোৰা পৰে হাত, পুৱাতেই উঠিবকে নোৱাৰি৷ আমিবোৰ যেন অকৃতজ্ঞ৷ শীতেই হওক কিম্বা গ্ৰীষ্ম, বসন্তই হওক কিম্বা শৰৎ, অথবা নহওক কিয় অন্য কোনো ঋতুঃ আমি, মানুহ নামৰ প্ৰাণীবিধে কেতিয়াও প্ৰকৃতিৰ ওচৰত কৃতজ্ঞ হোৱাৰ পথ নেদেখো৷ দেখা নাছিলোঁ৷ গ্ৰীষ্ম, বৰ্ষা,
শৰৎ,
হেমন্ত কোনোটো ঋতুৱেই আমাক আহ্লাদিত কৰিব নোৱাৰে৷ সদায় আমিবোৰৰ মুখত প্ৰতিবাদ৷ কেৱল প্ৰতিবাদ৷ প্ৰতিবাদ… ঃআৰn প্ৰতিবাদ…৷
তথাপি শীত আহিবই৷ এইবাৰো আহিছে৷ শীতৰ দিনৰ বেলিটোৰ স্বভাৱো যেন মানুহৰ! শীতৰ পুৱা নিহালিৰ তলত আমেজ লৈ থাকি থাকি নিহালিৰ তলৰ পৰা ওলাই আহিবলৈ আমি ভাল নাপাওঁ৷ তথাপি বৰ কষ্টেৰে আমি নিহালি আঁতৰাই ওলাই আহো৷ নিজৰ নিজৰ কামত মনোযোগ দিওঁ৷ সুৰুযৰো এইকেইদিন একেই কথা! শীতলৈ ভেম নে কুঁৱলীৰ আ২৬াদন ঠেলি ওলাই আহিবলৈ বেলিটোৰ কষ্ট হয়! বৰ কষ্ট হয় নেকি বেলিৰো আমাৰ দৰে, চৰাইৰ স’তে নিহালি এৰিবলৈ! তথাপিতো উপায়ন্তৰ বেলি৷ চৰাইৰ কাকলিত টোপনি ভাঙে, …আৰু অতি কষ্ট কৰি ওলাই আহে সুৰুয৷ আহিবতো লাগিবই, দিনটোৰ বাবে অলপ কাম থাকেনে! সুৰুযৰো যেন অজস্ৰ কৰ্মব্যস্ততা৷
হাঁড় জঠৰ কৰে, তথাপি শীত মায়াময়৷ শীতত নিয়ৰ সৰে৷ সৰে কুঁৱলী৷ দুবৰিক চুমা যাচে নিয়ৰে৷ কুৱলীয়ে সাবটি ধৰে গছৰ পাতকঃ ৰাতিৰ এন্ধাৰত৷ সুৰুযে নিহালি এৰাৰ পিছতো পাতক এৰি নিদিয়ে কুঁৱলীয়ে পাতক আৰু দুবৰিক নিয়ৰে৷ শীত নিয়ৰ–কুঁৱলীৰ আজন্ম প্ৰেমিক৷ নিয়ৰ–কুঁৱলী শীতৰেই বাগদত্তা! কিন্তু বাগদত্তাৰ এনে পৰকীয়া প্ৰীতিত শীতৰ যেন বুকু জ্বলে, হিয়া দহে৷ মৰি যায় শীত! আস, মৰি যায় শীত! নিয়ৰ–কুঁৱলীৰ দুবৰি–পাত প্ৰীতি চাই যেন বেদনাতে মৰি যায় শীত৷
(২)
খিৰিকিখনত ৰামধেনু!
ৰামধেনু আহি বাহৰ পাতিছেহি শ্বপিং মলৰ খিৰিকিতঃ বোৱাৰী পুৱাতেই৷ শ্বপিং মলৰ খিৰিকিৰে নামি আহিছে কুঁৱলী৷ সৰ্পিল গতিৰে নামি আহিছে৷ লাহে লাহে৷ শ্বপিং মলৰ খিৰিকিৰে সন্তৰ্পণে নামি আহিছে কুঁৱলী৷ কুঁৱলীৰ গতি চাই বেলিয়ে মিচিকিয়াইছে৷ বেলিৰ কৰ্দ্দৈফুলীয়া হাঁহিয়ে চুই গৈছে খিৰিকিৰে নামি অহা কুঁৱলীৰ দেহৰ সকলো অংগ–প্ৰত্যংগ৷ আস, কুঁৱলীৰ শৰীৰ ইমান নিমজ! ইমান আলসুৱা কুঁৱলীৰ দেহা! মৰম লোৱাৰ মন ৰ’দালিৰঃ কুঁৱলীৰ মৰম! ৰ’দালিয়ে কুঁৱলীক আকৃষ্ট কৰিবলৈ কুঁৱলীৰ গালৈ ছটিয়াই দিছে নিজৰ সমস্ত ৰং৷ ৰংবোৰ বিয়পি পৰিছে খিৰিকিখনত,
ৰংবোৰ বিয়পি পৰিছে কুঁৱলীৰ সৰ্বত্ৰ৷ ৰ’দালিৰ ৰং আৰু কুঁৱলীৰ স্পৰ্শত যেন বৰ্ণিল হৈ পৰিছে শ্বপিং মলৰ খিৰিকিখন৷ খিৰিকিখন ৰামধেনুময় হৈ পৰিছে৷
‘মোক ৰেইনব’ কালাৰ জেকেট এটা লাগিব৷’
হঠাতে মাকক আব্দাৰ ধৰিলে বুমনে৷ দেওবাৰ যে, মাকৰ লগত পুৱাতেই মললৈ আহিছে সি৷ ঠাণ্ডাৰ বজাৰ কৰিবলৈ৷ ইতিমধ্যেই সিহঁতে কিনিছেই বিধে–বিধে সামগ্ৰী৷ জোতা–মোজা,
ট্ৰেকছ্যুট,
চুৱেটা১…,
আৰু যে ক’ত কি৷ তাৰ মাজতে হঠাতে বুমনে মাকক আব্দাৰ ধৰিছে তাক আৰু এটা জেকেট লাগে৷ ৰেইনব’ কালাৰৰ এটা জেকেট৷ দিলে৷ মোনা ভৰাই বজাৰ কৰি ওলাই আহিছে বুমনহঁত৷ সিহঁতলৈ চাইছে ৰাজপথত শুই থকা কেইজনমানে৷ সিহঁতৰ গাত মাথোঁ এটা হাফ গেঞ্জি আৰু…৷ তাকো ফাটি অৱস্থা নাইকিয়া হোৱা৷ সিহঁত অঘৰী৷ বুমনহঁতৰ মোনাবোৰলৈ চাই সিহঁতে ভাবিছেঃ ‘আমাৰো যদি টকা থাকিলহেঁতেন৷’
শীত সিহঁতৰ বাবে মায়াসনা নহয়৷ আকাশৰ তলত উদংপ্ৰায় দেহেৰে শীতাৰ্ত নিশা কটোৱাটো যে কষ্টকৰঃ বৰ কষ্টকৰ৷

(৩)
শীতত কুঁৱলীয়ে শৃংগাৰ কৰে দুবৰিক৷ মাঘৰ চোতালত কুঁৱলিৰ ওৰণি টানি অহা শীততেই নিয়ৰে সাবটি ধৰে গছৰ পাত৷ শীতৰ নিশা ‘দ’টোৰ দৰে হৈ শুই প্ৰেমাস্পদৰ বুকুৰ মাজত সোমাই ৰঙীন সপোন ৰচাৰ মাদকতাই সুকীয়া৷ উঠন বক্ষযুগল কিম্বা বগা বগা কলাফুল দেখা কাপোৰক শীতৰ দিনকেইটাত যুৱতীচামে ক্ষণিক বিদায় জনালেও পিছে শীতৰ নামত আমি সকলোৱে উন্মাদ৷ শীতত কিছুমান বস্তু অপৰিহাৰ্য হৈ পৰাৰ লেখিয়াকৈ ঋতুবিধত ডেটিঙৰো আছে মায়া৷ সঁচাকৈয়ে,
যিসকলে প্ৰেমত পৰিছে তেওঁলোকে উপলব্ধি নকৰাকৈ নাথাকে চাগে’, শীতত যে প্ৰেমিক কিম্বা প্ৰেয়সীৰে ডেটিং মাৰাৰ মজাই সুকীয়া৷ কালিদাসেও কৈ থৈছে তাহানিতেঃ শীত প্ৰেমৰ উৎকৃষ্টতম ঋতু৷ সেয়ে শীতত প্ৰেমাস্পদক ওচৰত বিচৰাৰ ই২৬া বেছি হয়৷ পঢ়ি চোৱাৰ আপাহ জন্মে নিশ্বাসৰ ভাষা৷ শীতৰ কোনো মায়াময় আবেলি ৰেষ্টুৰেণ্টৰ এচুকত প্ৰিয়জনৰ গাত গা লগাই বহি হাতৰ ওপৰত হাত থৈ প্ৰেমালাপ কৰি ফাষ্টফুড খোৱাৰ সপোন বাৰু কোন প্ৰেমিকৰ নাই? শীতৰ দিনত গৰম গৰম পকৰি, অমলেট, জ্বলা দিয়া ঘুগনি, আলু ছ’প দেখিলে আপোনা–আপুনি পৰে জিভাৰ পানী৷ মোমোৰ কথা নক’লোৱেই যেনিবা৷
শীত প্ৰেমসনা৷ কালিদাসে হয়তো সেয়েই কৈ থৈছেঃ প্ৰেমে নাচে শীতত৷ হয়েইতো, শীতৰেই চোন এক উপমা ঃ দ্য লাভ চিজন!
(৪)
‘ঐ চা চা, চুৱেটাৰ পিন্ধি আহিছে বুঢ়াটোৱে৷’
কথাষাৰিয়ে কৰ্ণকুহৰত আঘাত কৰিলে৷ চালোঁ৷ ছোৱালী কেইজনীমানে কৈছে৷ ইফালে–সিফালে চালোঁ৷ নাই, মোৰ বাদে চুৱেটাৰ পিন্ধা আন কোনো নাই৷ অনুমান কৰিলোঁ, নি(য়কৈ মোকেই কৈছে সিহঁতে৷ কথাটো এইবাৰৰ নলবাৰী ৰাসৰ৷ ৰাতিৰ পৰৰ৷ হাট চুটি টি–ছাৰ্ট আৰু পেণ্ট পৰিহিতা যুৱতীকেইজনীৰ বক্ৰোক্তি শুনাৰ লগে লগে মনটো পাখি মেলি উৰিল শৈশৱৰ দুৰ্গা পূজালৈ৷ শৈশৱত আমি দুৰ্গা পূজা বুলিলেই সাহপুৰত ভ্ৰাম্যমাণৰ নাটক চাইছিলোঁ৷ চাইকেল চলাই গৈছিলোঁ৷ যাওঁতে বিশেষ এটা অনুভৱ নহয়, কিন্তু উভতি আহেঁাতে ফিৰফিৰীয়া বতাহে দেহ শিৰশিৰাই যায়৷ সেয়ে আমি চুৱেটাৰ পিন্ধি গৈছিলোঁ৷ ৰাসততো কথাই নাই, ঠাণ্ডা ভালকৈয়ে পৰে৷ কিন্তু এইবাৰ? চুৱেটাৰ পিন্ধি ৰাস চাবলৈ যোৱা বাবেই সন্মুখীন হ’লোঁ অচিন যুৱতীৰ বক্ৰোক্তি, ভক্ষণ কৰিবলগা হ’ল মস্কৰাসূচক হাঁহি৷
শীত কিয় অহা নাই ভালদৰে? আগতেতো এনে পৰত ৰাতিপুৱা কুঁৱলীয়ে বাট আগচিছিল৷ এতিয়াচোন বাইক চলাই বোৱাৰী পুৱাতেই কৰ্মস্থানলৈ যাওঁতেও চুৱেটাৰ, জেকেট কিম্বা গৰম চোলাৰ প্ৰয়োজন অনুভৱ নকৰোঁ৷ কিয়? নিজকে নিজে সুধিলোঁ, বহুবাৰ৷ উত্তৰো পালোঁ৷ এয়া প্ৰকৃতিৰ ৰুষ্টতা৷ এয়া গ্ল’ৱেল ৱাৰ্মিঙৰ ফলশ্ৰুতি৷ বিজ্ঞানে কি কয় সেয়া বেলেগে থ’লোঁ,
উত্তৰ লব্ধ হোৱাৰ সমান্তৰালভাৱে আকৌ এবাৰ ধিক্কাৰ উপজিল নিজৰ প্ৰতি৷ আমিবোৰ সঁচাকৈয়ে অকৃতজ্ঞ৷ খাই পাত ফালি ভাল পাওঁ আমিবোৰে৷ আমি গছ কাটিছোঁ৷ ধ্বংস কৰিছোঁ হাবি–বন৷ সেউজীয়া অৰণ্য আঁতৰাই সাজিছোঁ কংক্ৰিটৰ অৰণ্য৷ যি প্ৰকৃতিয়ে আমাক জীয়াই ৰাখিছে, যি প্ৰকৃতিৰ অবিহনে আমাৰ বাবে জীৱন–ধাৰণ কৰি থকাটো অসম্ভৱ, সেই প্ৰকৃতিকেই বৰ্বৰভাৱে নিঃশেষ কৰি গৈছোঁ আমি৷ কোবাইছোঁ ইটোৰ পিছত সিটো কোব৷ ভাৰসাম্যহীন কৰিছোঁ প্ৰকৃতি৷ তাৰেই ফলশ্ৰুতি নহয়নে শীতহীনতা? কেৱল শীত কমাই নহয়, গ্ৰীষ্মৰ প্ৰকোপ বঢ়াৰ কাৰণো এয়া৷ বৰষুণৰ অভাৱো এইবোৰৰ বাবেই হৈছে৷ এনেদৰে হ’লে হয়তো শৰতৰ বোকোচাত উঠি আমালৈ কেৱল শীত নামৰ ঋতুটোহে আহিব, নাহিব হাঁড় কপোৱা জাৰ৷ তেতিয়া সেই সময়ৰ প্ৰজন্মৰ বাবে অনৰ্থক যেন নহ’বনে ভূপেনদাৰ সেই গীতঃ শীতৰে সেমেকা ৰাতি…? জোৰ পুৰি হাত পালেহিয়েই, সজাগ নহ’লে হাত পুৰিবলৈনো কিমানপৰ!
(কাশ্যপ ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ এগৰাকী তৰুণ ঔপন্যাসিক আৰু স্তম্ভ লেখক৷ লেখকৰ যোগাযোগৰ ফোন নম্বৰ ঃ ৭৬৬৩৯ ৫৭৫০০)