
এক আশা আৰু প্ৰত্যাশাৰ বছৰ হওঁক
‘পল-পল দণ্ড কৰি সময় গৈছে উৰি
পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম৷৷’
সময় গতিশীল….৷ গতিশীলতাই সময়ৰ প্ৰবৃত্তি৷ চাওঁতে চাওঁতে পাখি লগা সময়ৰ ডেউকাত উঠি বিদায় ল’ব এটা বছৰে৷ আদৰি লোৱা হ’ব এটি নতুন বছৰ৷ সকলোৰে আশা আৰু প্ৰত্যাশা, নতুন বছৰে সকলোলৈকে কঢ়িয়াই আনিব নতুনৰ প্ৰতিশ্ৰুতি আৰু সংকল্প৷ এই নৰ্ৱ বৰ্ষতেই পুৰণি বছৰৰ সকলো বেয়াখিনি পাহৰি ভাল সময়খিনিৰ মধুৰ স্মৃতিখিনি বুকুত সামৰি হাঁহিমুখে আদৰি ল’ব নতুন দিনক৷ এটা বছৰে মানুহক কত কি দি যায় আৰু বহুতৰে পৰা বহুতো কাঢ়ি লৈ যায়৷ ২০২১ বৰ্ষটোত বেয়াৰ মাজতো এনে কিছু ভাল লগা কথা আছে যিখিনিয়ে হয়তো অসমীয়া জাতিটোকে গৌৰৱান্বিত আৰু মহিমামণ্ডিত কৰি তুলিলে৷ আনহাতে বছৰটোত এনে কিছুমান ক্ষতি হ’ল যাক হয়তো কেতিয়াও পূৰণ কৰিব নোৱাৰি৷ হেৰুৱালো, বহুত হেৰুৱালো আমি…………৷ কাল ব্যাধিৰূপী ক’ৰণা মহামাৰীয়ে অনেককে কাঢ়ি নিলে আমাৰ মাজৰ পৰা৷ তথাপি নতুন বছৰৰ আগমনৰ বতৰাই আমাৰ মনত এক নতুন উদ্দীপনা আৰু ৰোমাঞ্চকৰ অনুভূতিৰ সৃষ্টি কৰে৷ নৱবৰ্ষই আমাৰ মাজলৈ কঢ়িয়াই আনে নতুন আশা, নতুন প্ৰেৰণা আৰু সাহস৷ আমাৰ জীৱনৰ অসংখ্য ঘাত-প্ৰতিঘাত-সংঘাত, আনন্দ-বিষাদ, সফলতা-বিফলতা, মিলন-বিৰহৰ এই অৱধাৰিত যাত্ৰাৰ মাজেৰেই পুৰণি বৰ্ষটোক বিদায় দি আদৰি অনা হয় নতুন বৰ্ষক৷ সেয়েহে সকলোৱে কামনা কৰে যে পুৰণি বৰ্ষৰ অপ্ৰাপ্তিৰ দুখ আঁতৰাই আগন্তুক নৱবৰ্ষই সকলোৰে বাবে লৈ আনক সুখ-শান্তি-আনন্দ লগতে কঢ়িয়াই আনক প্ৰাপ্তি-প্ৰাচুৰ্যৰ এমুঠি চিৰসেউজীয়া৷ মনৰ হতাশা আৰু অসূয়া-অপ্ৰীতি আঁতৰাই এই নতুন বছৰেই সকলোৰে মনত উজ্জ্বলাই তোলক সপোনৰ বৃন্দাবন…..৷
‘আকৌ নতুন প্ৰভাত হ’ব
কাল ৰাত্ৰি এ নাথাকিব
নিউ নিউ কৰা ফেঁচাৰ চিঞৰ
শিয়ালৰ ৰাও নাথাকিব…৷৷’
গীতিকাৰ, সুৰকাৰ জয়ন্ত হাজৰিকাদেৱে গীতত কোৱাৰ দৰেই সঁচাই আকৌ নতুন প্ৰভাত হওঁক৷ পুৰণি বছৰৰ সকলো অৱসাদ আঁতৰাই এটা নতুন দিনৰ নতুন বেলিৰ পোহৰে আলোকিত কৰক আমাৰ পৃথিৱী৷ বিশ্বত্ৰাস, বিভীষিকা, ক’লামেঘস্বৰূপ ক’ৰণা মহামাৰী আঁতৰি যাওঁক, পৃথিৱী ৰোগমুক্ত হওঁক, পুনৰ পৃথিৱীলৈ শান্তি ঘূৰি আহক৷ অজস্ৰ কোলাহল, হত্যা-সন্ত্ৰাস, লুণ্ঠন-বলাৎকাৰৰ পৰিৱৰ্তে আশা আৰু উচ্ছাহৰ নতুন ঢৌৱে ধুৱাই নিয়ক আমাৰ হিয়া-মন-প্ৰাণ৷ ধূসৰিত ধোঁৱাৰ আৱৰণে ঢাকি ধৰা আমাৰ চৌপাশ নোহোৱা কৰক নতুন এছাটি বতাহে৷ সেয়েহে কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ ভাষাৰেই কওঁ –
‘বজোৱা মংগল শংখ কৰি সুমধুৰ
ক’লামেঘ আকাশৰ
ক’লামেঘ বিষাদৰ
পুৰণি বছৰৰ সৈতে কৰি দিয়া দূৰ
বজোৱা মংগল শংখ কৰি সুমধুৰ৷৷’

নতুন বছৰৰ নতুন দিনৰ নতুন পুৱাৰ ৰঙা বেলিটিয়ে নতুন ৰঙেৰে উদ্ভাসিত হৈ পুৰণি দিনৰ বেয়া স্মৃতিবোৰক মোহাৰি, অন্ধকাৰৰ কলীয়া ডাৱৰ নোহোৱা কৰক৷ আকাশে-বতাহে নিনাদিত হওঁক সাফল্যৰ জয়গান আৰু মংগলধবনি৷
‘সুন্দৰেই যে ফুলাৰ মন্ত্ৰ
অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে৷৷’
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই যুগজয়ী ধবনি, যি প্ৰতিটো পুৱাতে আনে নতুনৰ গান আৰু প্ৰতিশ্ৰুতি৷ গতিকে আমি নতুন বছৰৰ নতুন দিনত ইতিবাচক চিন্তা, যোগাত্মক দৃষ্টিভংগী, নতুন প্ৰতিশ্ৰুতি আৰু সম্ভাৱনা, বুকুত সাৱটি লৈয়ে আৰম্ভ কৰিব লাগিব এটি নতুন বছৰ৷ পুৰণি বৰ্ষৰ সাফল্যৰ স্মৃতিখিনিকে নতুন বছৰৰ নতুন দিনত অনুপ্ৰেৰণাৰ উৎস হিচাপে লৈ শৈক্ষিক, সাংস্কৃতিক, শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক আৰু ক্ৰীড়াংগন সকলো ক্ষেত্ৰতেই উৎকৰ্ষৰ সাধন ঘটাই, সাফল্যৰ জয়ধবজা উৰুৱাই আগুৱাই যাব লাগিব নতুন সংকল্পলৈ৷
২০২১ বৰ্ষটোত নিৰাশাৰ মাজতো আমালৈ আশাৰ ৰেঙণি কঢ়িয়াই অনা জ্ঞানপীঠ বঁটা প্ৰাপ্তিৰে আমাক ধন্য কৰা কবি নীলমনি ফুকন, অলিম্পিকত পদক অৰ্জনেৰে আমাক গৌৰৱান্বিত কৰা লাভলীনা বুঢ়াগোঁহাই, শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰে আমাক সন্মানিত কৰা বিজ্ঞানী ড॰ বিনয় কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰত পুৰণি বছৰত যিসকলে তেওঁলোকৰ কৰ্মৰাজিৰে সমাজত সুগন্ধি আৰু সৌৰভ বিলাই ধন্য কৰিলে, এই প্ৰতিগৰাকীয়েই নতুন বছৰত আমাৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ হৈ ৰওঁক৷
নতুন বছৰত নতুন শিক্ষানীতিয়ে শৈক্ষিক ক্ষেত্ৰখনত এক নৱ জাগৰণৰ সূচনা কৰক৷ নৱ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সাফল্যই প্ৰগতিৰ জখলা বগাই আকাশ চুবলৈ সক্ষম হওঁক, তেওঁলোকৰ কৰ্মৰাজিৰে সমাজত এক নতুন দিগন্তৰ সূচনা কৰক৷ সকলোৱে মনত নতুন নতুন সপোন দেখক আৰু এই সপোনক বাস্তৱায়িত কৰিবলৈ অবিৰত প্ৰচেষ্টা আৰু নতুন সংকল্প গ্ৰহণ কৰক৷ কাৰণ নৱবৰ্ষই হৈছে পণ লোৱাৰ উপযুক্ত সময়৷ নতুন বছৰে সকলোৰে বাবে কঢ়িয়াই আনক সাফল্য মাথোঁ সাফল্য৷ য’ত থাকিব জীৱনৰ হাঁহি -আনন্দ নতুন প্ৰেৰণা আৰু জীৱনৰ এক নতুন অৰ্থ৷
নৱ বৰ্ষ সকলোৰে বাবে সুখৰ হওঁক, ৰাজ্যখনৰ মঙ্গল হওঁক, দেশৰ উন্নতি হওঁক……৷ হত্যা-সন্ত্ৰাস, বন্দুক-বাৰুদৰ শব্দৰ পৰিৱৰ্তে লুইত পাৰৰ প্ৰতিটো আলি-পদূলি, প্ৰতিটো পুৱা-গধূলি মুখৰিত হওঁক সাংস্কৃতিক ধবনিৰে৷ এই প্ৰত্যাশা আৰু সংকল্পৰেই বিশ্ববিশ্ৰুত শিল্পী, ভাৰতৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাদেৱে গীতত কোৱাৰ দৰেই সময়ৰ অগ্ৰগতিৰ লগে লগে আমিও হাঁহি হাঁহি আগুৱাই যাব লাগিব নতুন দিগন্তলৈ….৷.
…সময়ৰ অগ্ৰগতি,
পক্ষীৰাজত উঠি
যাঁও মই
নতুন দিগন্তলৈ
হাঁহি মুখে, হাঁহি মুখে৷৷’
‘স্বাগতম, স্বাগতম অ’ নৱবৰ্ষ – ২০২২’