মৌলবাদ (ড॰ চিত্তৰঞ্জন বৰুৱা) – Purbodix.com

মৌলবাদ (ড॰ চিত্তৰঞ্জন বৰুৱা)

মৌলবাদ এটা অতি চৰিত শব্দ৷ প্ৰকৃতাৰ্থত ইয়াক শব্দ বুলিলে অতি সীমিত পৰিসৰৰ কথা বুজাব৷ সেয়ে মৌলবাদক আমি এটা শব্দৰ সৈতে তুলনা নকৰি বিষয় হিচাপে আলোচনা কৰাৰ প্ৰয়োজন৷ মৌলবাদ ইংৰাজীত ‘Fundamentalism’ বুলি জনা যায়৷ অতি সহজ আৰু সাধাৰণভাৱে মৌলবাদৰ আমি ‘প্ৰাচীন ধম¹য় বা আধ্যাত্মিক ধম¹য় শাস্ত্ৰবিধিৰ প্ৰতি অগাধ বিশ্বাস আৰু আপোচহীন ধমীৰ্য় নীতি বা ৰীতি-নীতি পালনক সামৰি লয় লগতে মৌলবাদী চেতনাৰ সৈতে বিশ্বাস-অন্ধবিশ্বাস-অতিবিশ্বাস আৰু অলৌকিক দিশসমূহ সামৰি লয়৷ পোনপটীয়াকৈ আমি মৌলবাদৰ ধম¹য় বিশ্বাস কৰাৰ ৰীতি-নীতি আৰু তুলনাহীন তথা আপোচহীন ধমীৰ্য় দিশৰ চৰ্চাৰ পৰিসৰৰ ভিতৰত ধৰা যায়৷ কিন্তু পৰ্যায়ক্ৰমে মৌলবাদী চেতনা আৰু ব্যৱহাৰৰ দিশ আৰু প্ৰভাৱ ধম¹য় সংগঠন, ৰাজনীতি, ৰাজনৈতিক ব্যৱস্থা, শাসন-প্ৰণালী, ৰাষ্ট˜ নিৰ্মাণ, গঠন আৰু আইন প্ৰণয়ন আদি বিষয়ত মৌলবাদী চেতনাৰ প্ৰভাৱ ৰাষ্ট˜ সমূহৰ মাজত স্পষ্ট হয়৷ Fundamentalism a setup of a theology chiefly Islam and Christianity, Always justify trust in the structural Exposition Holy right. যাৰ সৈতে অতি কঠোৰ বিশ্বাসৰ নীতি জড়িত যাৰ ইংৰাজীত ‘Irreducible belief’ বুজি জনা যায়৷ অৰ্থাৎ মৌলবাদীৰ ধ্যান-ধাৰণা-চেতনা-বিশ্বাস-ৰীতি-নীতি সদাই অপৰিৱৰ্তনীয় আৰু কঠোৰ৷ মৌলবাদী ধমীৰ্য় কঠোৰ নীতি-বিশ্বাস আৰু অপৰিৱৰ্তনীয় দিশ হিন্দুধৰ্ম আৰু সমাজতে বিদ্যমান৷ মৌলবাদ শব্দটো ইংৰাজীত (Fundamentalism) লেটিন শব্দ Fundamenture ১ পৰা উদ্ভাৱিতা ইয়াৰ অৰ্থ হ’ল ‘মূল আদি উৎস বা অপৰিৱৰ্তনশীল মূল প্ৰচলিত’ ইত্যাদি৷ লগতে উল্লেখ কৰা সমিচীন হ’ব যে নিজৰ বিশ্বাস, নীতি আৰু মতদেশক সদায় সৰ্বশ্ৰেষ্ঠ হিচাপে মৌলবাদী সকলে ভাবে আৰু প্ৰচাৰ কৰে৷ অৰ্থাৎ মৌলবাদীক আমি যাক গোড়া বা অপৰিৱৰ্তনীয় চেতনাৰ অন্য বহিপ্ৰৰ্কাশ বুলিব কব পাৰি, যাক কোৱা হয়- Extreme belief, Dogostic belief, Connected with God and Religion
    এই বহিপ্ৰৰ্কাশ আমি অত্যাধুনিক ৰূপত আমেৰিকাৰ পঁুজিবাদ আৰু প্ৰভুত্ববাদৰ অন্য এক সামগ্ৰিক চেতনা বুলি প্ৰকাশ পালেও (১৯ শতিকাৰ আৰম্ভণিতেই) ভাৰতৰ সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাত মৌলবাদৰ আনুষ্ঠানিক আৰু সাংগঠনিক কৰ্মসূচী ১৯৮০ চনত দেখিবলৈ পোৱা যায়৷
    আধুনিক সামাজিক চেতনাৰে মৌলবাদ কেৱল ধৰ্ম আৰু উপাসনা বা ভগবাদ আৰু বিশ্বাসৰ পৰিসৰৰ পৰা কিছু আঁতৰি –
(ৰ) বৰ্ণবাদ, উচ্চ-নীচ মৌলবাদী চেতনা
(২) ভাষিক, কলা-শিল্পৰ মৌলবাদী চেতনা
(৩) আঞ্চলিক গেষ্টিল মৌলবাদী চেতনা আদি দিশসমূহলৈ মৌলবাদৰ প্ৰভাৱ বিস্তাৰিত হ’ল৷
(৪) ৰাজনীতি, ৰাজনৈতিক বাতাবৰণ, শাসন আদিত মৌলবাদ (সকলো ধৰ্মৰ প্ৰভাবত) চকু পৰে৷
    ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেনে মৌলবাদৰ চেতনা জলজল- পট্‌পটকৈ বিৰাজমান৷

এতিয়া আহো মৌলবাদী গঢ়িব খোজা সমাজ আৰু সামাজিক বাতাবৰণ তথা পৰিসৰৰ সৈতে বহুকেইটা অধিক আৰু ব্যৱহাৰিক দিশ জড়িত৷ যাৰ দ্বাৰা এখন ৰক্ষণশীল, স্বাধীনতাহীন আৰু বিভেদ বা ভেদাভেদ পূৰ্ণ সমাজ ব্যৱস্থা দেখা পোৱা যায়৷
ৰ৷  এজন ব্যক্তি স্বতন্ত্ৰতাহীন, ব্যক্তি পৰিচয়হীন এক কঠোৰ নীতি সমভাৱে পালন কৰাৰ পোষকতা৷ অৰ্থাৎ ব্যক্তিয়ে কোনো সময়ত গণতান্ত্ৰিক নীতিৰে স্বাধীনতা ভোগৰ পৰা নিজকে বিৰত কৰি ৰাখিবই লাগিব৷ নহ’লে বা প্ৰয়োজনত শাস্তিৰো সন্মুখীন হ’ব লাগে৷
২৷ মৌলবাদী সকলে সদায় ধৰ্মনিৰপেক্ষতাক নিজ আদৰ্শৰ পৰিপন্থী হিচাপে গণ্য কৰে৷ অৰ্থাৎ নিজ ধৰ্মক সৰ্বশ্ৰেষ্ঠ ধৰ্ম আৰু নিজ ধৰ্মগ্ৰন্থৰ বাণী ভগবানৰ বা গড বা আল্লাৰ হুবহু বাণী বা এনে গ্ৰন্থৰ তুলনা নথকাটো বিশ্বাস কৰে৷
৩৷ মৌলবাদীসকলে অন্য ব্যক্তি, সমাজ আৰু ধমÊৰ্ৰ পৰা নিজকে পৃথক কৰি ৰাখে৷ নিজৰ ধম¹য় স্থান আৰু ৰীতি-নীতি সদায় আনতকৈ উচ্চ আৰু মৌলবাদীসকলে সমাজৰ সাধাৰণ লোকৰ পৰা নিজকে আঁতৰাই ৰখাৰ প্ৰবণতাই সমাজৰ দুখীয়া তথা দুৰ্বলসকলক এলাগী কৰে৷
৪৷ মৌলবাদীৰ সংস্কৃতি, পোছাক, খাদ্যাভাস¸ আৰু আনহে নেলাগে থকা ঠাই আৰু ঘৰ-দুৱাৰ ইত্যাদি আনতকৈ উৎকৃষ্ট বুলি বিবেচিত কৰে৷ আৰু আন ধৰ্ম, সংস্কৃতিৰ প্ৰতি বিৰূপ বা তু২৬জ্ঞানেৰে নিজ পৰিচয়ক জহাই ফুৰে৷
প্ত৷ মৌলবাদীসকল সমাজ-সংস্কাৰহীন, একক, পদবী লোভী – প্ৰভুত্ব মুখী, লগতে আল্লা-গড-ভগবান আদি উপাসনা থলীৰ পৰাই সকলো নিয়ন্ত্ৰিত হয় বুলি অতি বিশ্বাসী হয়৷
৬৷ ধম¹য় ভাব-আবেগ আৰু ৰীতি-নীতিক চেতনাৰে বা সংস্কৃতিক নিজৰ সৃষ্টতাৰে ……… শত্ৰুতা অন্য এটা লোকৰ সমাজক বিবেচিত কৰে৷
জ্জ৷ মৌলবাদৰ নীতিৰে মৌলবাদী সমাজে– নিৰ্দিষ্ট পোচাক, নিৰ্দিষ্ট চুলি, দাড়ি, খট, টুপি, পাগুৰি, বহা, খোজকঢ়া ইত্যাদিৰ প্ৰতি সদায় সচেতন থাকে৷ তাকে আত্ম পৰিচয়ৰ প্ৰধান আহিলা হিচাপে  বিবেচিত কৰে৷ থাওকতে উল্লেখ কৰা প্ৰাসংগিক যে মৌলবাদৰ সৈতে বৰ্ণবাদ বা বৰ্ণবৈষম্যবাদ একে নহয়৷

মৌলবাদী চেতনাক বহুতে পূৰ্ণাংগ দৰ্শনৰ শাৰীত স্থান দিলেও মৌলবাদ সেই নিৰ্দিষ্ট ধৰ্মৰ দৰ্শনৰ সৈতে তুলনা নহয়৷ উদাহৰণ স্বৰূপে কোনো নিৰ্দিষ্ট ধৰ্মৰ যোগে ব্যক্তিয়ে নিজৰ খেয়াল-খুচি অনুসৰি নিজধৰ্মক প্ৰাধান্য দি অন্য ধৰ্মৰ ৰীতি-নীতি-সংস্কৃতি বা অন্য ধৰ্মৰ ব্যক্তিক ঘৃণা কৰে- সেয়া ধমীৰ্য় ব্যভিচাৰ৷ সেয়া ধম¹য় পবিত্ৰ দৰ্শনৰ আচৰণ নহয়৷ সেয়ে বহু আলোচক-সমালোচক আৰু অধ্যয়ন কৰা ব্যক্তিয়ে মৌলবাদৰ কৰ্মসূচীক দৰ্শন হিচাপে মানি ল’ব নোখোজে৷ কিন্তু প্ৰতিটো পবিত্ৰ ধৰ্ম, ধৰ্মাচৰণ নিঃসন্দেহে দৰ্শন হয়৷ সেয়ে ধম¹য় দৰ্শন আৰু মৌলবাদী আচৰণ একে নহয়৷ ধম¹য় মৌলবাদী সমাজে সদায় ৰক্ষণশীলতা-পৰম্পৰা আৰু নিজৰ অস্তিত্বৰ প্ৰতি সচেতন হয়৷ সদায় মৌলবাদীসকলে আধুনিক নাস্তিকতাতকৈ পৌৰাণিক চেতনা আৰু প্ৰভাবক গুৰুত্ব দিয়ে৷
    এতিয়া আহো ৰাজনৈতিক মৌলবাদ বা মৌলবাদৰ কৰ্মসূচীৰ সৈতে ৰাজনীতি কিদৰে সম্ভৱ৷ বিশ্বৰ প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট˜ই ধৰ্মক পক্ষপাত মুক্ত আৰু নিৰপেক্ষ ধাৰণাৰে আচৰণ কৰে৷ হলেও ৰাষ্ট˜বোৰে আচৰণগতভাৱে বা বিশ্বৰাষ্ট˜ নীতি আৰু সমবিকাশৰ চেতনাক আওকান কৰি ধম¹য় মৌলবাদ আৰু ৰাজনীতি একাকাৰ কৰিব নোৱাৰে৷ পূৰ্বে কোৱাৰ দৰে মৌলবাদী কৰ্মসূচী আৰু ধম¹য় দৰ্শন একে নহয়৷ তাতে সাংবিধানিক আইন অনুসৰি ধৰ্মৰ প্ৰতি আইনী আচৰণ জনস্বাৰ্থ আৰু বিশ্ব সমাজ স্বাৰ্থৰ ওপৰত নিৰ্ভৰশীল৷ ভাৰতৰ গণতান্ত্ৰিক ৰাজনৈতিক আইনী প্ৰক্ৰিয়াত ৰাজনীতি –
(ক) ধৰ্মৰ দ্বাৰা পৰিচালিত নহয় বা ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনীতি বা চৰকাৰ গঠন হয়৷
(খ) মৌলবাদৰ (সকলো ধৰ্ম) দল, চৰকাৰ আৰু গঠন হোৱা চৰকাৰৰ নতুবা চৰকাৰী অংগসমূহৰ কৰ্মসূচী নহয়৷
(গ) সাংবিধানিক আইন অনুসৰি ধম¹য় উপাসনা, সাজপাৰৰ পৰা পোনবাটেই কোনো ধম¹য় গুৰু বা মৌলবাদী নেতাক দেশ বা ৰাজ্যৰ নেতৃত্ব দিয়াৰ সাংবিধানিক নিয়ম নাই৷ কাৰণ ১৯৭৬ চনৰ সংবিধান সংশোধনীয়ে ধৰ্মনিৰপেক্ষ আদৰ্শক সাংবিধানিক দৰ্শন আইন হিচাপে প্ৰতিষ্ঠা কৰিছে৷ সমভাবেই ন্যায়ালয়ে কোৱাৰ দৰে No religion has fundamental Right to degrade other Religions.
    কিন্তু এই কথাও অতি গুৰুত্বপূৰ্ণভাৱে ভাৰতৰ সংবিধানৰ দৰ্শনক চেৰাই ভাৰতৰ ৰাজনীতিত ধৰ্মই গা কৰি উঠিছে৷ কিছু বছৰৰ পৰা ভাৰতীয় গণতান্ত্ৰিক ৰাজনৈতিক পৰম্পৰাত ধম¹য় মৌলবাদ বা মৌলবাদীসকলৰ প্ৰভাৱ বা ৰাজনৈতিক কৰ্মসূচীৰ অংগ হৈ পৰিছে৷ ভাৰতীয় ৰাজনৈতিক সমাজত পৌৰাণিক পৰম্পৰাগত সমাজৰ চৰ্চাৰ প্ৰাদুৰ্ভাব ধম¹য় গোড়া নেতা আৰু মৌলবাদী নেতাৰ নেতৃত্বত গঢ়ি উঠিছে৷
এতিয়া আলোচনা কৰা হওক মৌলবাদ, ধম¹য় মৌলবাদ আৰু ৰাজনৈতিক মৌলবাদৰ কিছু প্ৰাসংগিক আইনী ব্যৱস্থাক লৈ Article ১৮ of Universal declaration of Human Rights (UDHত্ম) ত বিশ্ব জনগণক নিজা উপাসনা আৰু বিশ্বাসৰ অধিকাৰ প্ৰদান কৰিছে (Right to our own beliefs) UDHত্ম ১ এই আন্তঃৰাষ্ট˜ীয় বিশ্বমানৰ আইনী ঘোষণাই ধৰ্ম আৰু বিশ্বাসক –
– এক গতিশীল দিশেৰে চিন্তা চৰ্চা কৰা
– ধৰ্ম নিৰপেক্ষ দিশেৰে ধৰ্মক সন্মান কৰা
– উপাসনা আৰু ধৰ্মীয় অধিকাৰসমূহক নিৰপেক্ষ দিশেৰে ৰাষ্ট˜ই আইন আৰু সাংবিধানিকভাবে থিৰাং কৰাৰ ওপৰত গুৰুত্ব দিয়া৷
    এই ঘোষণাই আন্তঃৰাষ্ট˜ীয় আইনে ধৰ্মক উদগণি দিয়ে৷  The equal treatment to learnce of all religion under international law, State law and Soverign Constitution যি নীতি ভাৰতৰ সাৰ্বভৌম সংবিধানেও মানি লৈছে – প্ৰস্তাবনাৰ জৰিয়তে  (Sovereign Socialist Secular democratic Republic) হিচাপে৷ সেইদৰে  S.R. Bommai-vs-Union of India গোচৰত ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে ধৰ্ম নিৰপেক্ষ ধাৰণাক অধিক মাত্ৰা দিছে৷ ৰাষ্ট˜ৰ কোনো ধম¹য় নিৰ্দেশনা বা ধম¹য় নীতি সম্পক¹য় অৰিহণা নেথাকিব৷
    ভাৰতৰ সংবিধানে চৰকাৰক পৰামৰ্শ প্ৰদান কৰি কোৱা হৈছে যে  ‘Uniform Civil Code’ ১ কথা৷ ইয়াৰ দ্বাৰা যে ৰাষ্ট˜ীয় সুৰক্ষা যে সম্ভৱ, সংবিধানৰ আধাৰত সেয়া উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰে যদিও পিছলৈ P. Bansilal-vs-state of Andhra Pradesh, M. Avadesh-Vs-Union of India গোচৰৰ অন্তত উচ্চতম ন্যায়ালয়ে কয় “The exactment of a Uniform Civil Code all at one may be Counterproductive to the Unity of the nation” সেয়াও ধৰ্মৰ প্ৰতি ৰাষ্ট˜ৰ আইনী নিৰ্দেশতেই কাম্য নহয়৷
    শেষত উল্লেখ কৰা ভাল যে মৌলবাদ বা মৌলবাদী চেতনা বা কৰ্মসূচী কোনো আন্তঃৰাষ্ট˜ীয় আইনৰ দেশৰ সংবিধান বা আভ্যন্তৰীণ ৰাষ্ট˜ীয় বা ৰাজ্যিক আইনৰ বিষয় নহয় বা ন্যায়ালয়ৰ দ্বাৰা নিৰ্দ্ধাৰিত কোনো বিচাৰ প্ৰক্ৰিয়াৰ ৰায় বা সিদ্ধান্ত নহয়৷ মৌলবাদ (সকলো ধৰ্মৰ) হ’ল ধম¹য় গোড়ামিৰে অতি সংকীৰ্ণ বিস্তাৰ, নিজক উচ্চ বা উৎকৃষ্টতম বুলি জাহিৰ কৰি ধৰ্মনিৰপেক্ষ আৰু আন্তঃৰাষ্ট˜ীয় ধৰ্মনিৰপেক্ষ আচৰণক অমান্য কৰা প্ৰক্ৰিয়াহে৷ যেনে ইয়াৰ পৰিপ্ৰেক্ষিতত এচামে ধম¹য় মৌলবাদক ৰাজনীতিৰ অংশ কৰি সমাজ, দেশ আৰু বিশ্বক অস্থিৰ কৰাত ব্যস্ত৷ পুনৰবাৰ দোহাৰো যে ধৰ্ম-ধম¹য় দৰ্শন, সাংবিধানিক ধৰ্মনিৰপেক্ষ ব্যৱস্থা ৰক্ষাত মৌলবাদ একে নহয়৷ মৌলবাদ, মূল ধম¹য় দৰ্শন আৰু সাংবিধানিক ধৰ্মনিৰপেক্ষ দৰ্শনৰ শত্ৰু আৰু ৰাজনৈতিক অস্থিৰতাৰ মূল কাৰণ৷

Leave a Reply

Your email address will not be published. Required fields are marked *