by Arup Kakoti

প্ৰকৃতিৰ চিৰন্তন নিয়মানুসৰি সময়ৰ গতিৰ লগে লগে ঋতুৰো পৰিবৰ্তন হয়৷ বিভিন্ন সময়ত বিভিন্ন ঋতুৱে নৱ নৱ ৰূপেৰে আমাৰ প্ৰাণত ঝংকাৰ তোলে৷ শৰত আৰু হেমন্তই বিদায় লোৱাৰ পিছতে ধৰাৰ বুকুলৈ আহে শীতকাল৷ এই শীতকালৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ শীতকালৰ ৰূপ মনোমুগ্ধকৰ৷ শীতৰ ভাঁজে ভাঁজে নিহিত আছে এক মায়াসনা অনুভূতি৷ কুঁৱলীসনা পুৱা-গধূলি গা কপোঁৱা হিম-শীতল বতাহ ছাটি, দোভাগ নিশা সৰাপাতত খচখচনি, নিয়ৰৰ মুকুতা মণি এইবোৰে সৃষ্টি কৰে এক মনোমোহা ৰূপ৷
আহিন মাহৰ মাজ ভাগৰ পৰা সূৰ্য উত্তৰ গোলাৰ্দ্ধৰ পৰা দক্ষিণ গোলাৰ্দ্ধৰ দিশলৈ গতি কৰে৷ ইয়াৰ লগে লগে ঠাণ্ডা পৰিবলৈ আৰম্ভ হয়৷ বায়ুমণ্ডলৰ উষ্ণতা নিম্নগামী হয় আৰু মাজে মাজে শীতল বতাহ বলে৷ শীতকালত আমাৰ ৰাজ্যৰ উষ্ণতা গড়ে ৮০-২০০চেলচিয়াচৰ ভিতৰত থাকে৷ কিছুমান অঞ্চলত উষ্ণতা ০০ বা তাৰ তললৈ নামে৷ শীত প্ৰধান অঞ্চলবোৰত উষ্ণতা অধিক নিম্নগামী হৈ সৃষ্টি কৰে শুকুলা কপাহ৷ বৰফৰ বৰ্ষণৰ qw বৰফৰ দলিচাত খেলা-ধূলা কৰি মতলীয়া হৈ পৰে পৰ্যটক সকল৷ কুঁৱলীৰ ডাঠ আৱৰণে সৃষ্টি কৰে এক qw শীতল পৰিৱেশ¸ সুদূৰৰ পৰা আলী পক্ষীবোৰৰ আগমন ঘটে৷ বিল, জলাশয় আদি কলৰৱে মুখৰিত কৰি তোলে৷ শীতকাল বুলি ক’লেই মনলৈ আহে কোমল ৰ’দৰ আমেজ লৈ কমলা টেঙা খোৱাৰ কথা৷ হাঁড় কঁপোৱা ঠাণ্ডাত নিহালীৰ উম, জুইকুৰাত সেক লোৱা, পকা আঙঠাত আলু-কঁচু পুৰি খোৱাৰ মাদকতাই বেলেগ৷ শীতৰ মায়াময় ৰূপে কবি-সাহিত্যিকক মুগ্ধ কৰি আহিছে যুগে যুগে৷

‘‘বেলিটিয়ে গা ধুইছিল য দোক-মোকালিতে য নৈখনত য কুঁৱলীয়ে তৰি দিছিল য আবুৰ৷
– নিৰ্মল প্ৰভা বৰদলৈ
এই শীতকালতে আহে বৰদিন, নৱবৰ্ষ আৰু ভোগালী বিহুৰ দৰে আনন্দৰ উৎসৱবোৰ৷ বৰদিন খ্ৰীষ্টীয়ান ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ উৎসৱ৷ এই দিনটোতে অৰ্থাৎ ২৫ ডিচেম্বৰ তাৰিখে ছিৰিয়া দেশৰ বেথেলহামত ‘যীশু’ৰ আবিৰ্ভাব হৈছিল৷ যীশুৱে শান্তিৰ বাণী প্ৰচাৰ কৰি মানৱ জাতিক এটি সুন্দৰ পথৰ সন্ধান দিছিল৷ বৰদিন ছাণ্টাক্লজ, জিংগল বেল, খ্ৰীষ্টমাচ ট্ৰী, প্লামকেক, ৰং-বিৰঙৰ লাইট তৰা আদিয়ে এক স্বপ্নময় পৰিৱেশ সৃষ্টি কৰে৷ এই মহান দিনটোত সকলোৰে মন পবিত্ৰতাৰে ভৰি পৰে৷ ইয়াৰ পিছতে ইংৰাজী নৱবৰ্ষৰ আনন্দ-উল্লাসৰ প্লাৱনত সমগ্ৰ বিশ্ববাসী বুৰ যায়৷ শীত কালৰ ঠেঁটুৱে ধৰা ঠাণ্ডাৰ মাজতে উমেৰে আবৃত হৈ পদাৰ্পণ কৰেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুটি৷ দাৱনীয়ে সোণগুটি হেন ধান ডাঙৰিৰে পূৰ্ণ কৰি ভঁৰাল ভৰাই তোলে৷ বিভিন্ন শস্য আৰু শাক-পাচলিৰে বাৰী-পথাৰ নদন বদন হৈ পৰে৷ মাহ, তিল, গুড়, চিৰা, সান্দহ, পিঠাগুৰি ঢেঁকীত খুন্দি ভোগালী বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলায়৷ মেজি আৰু ভেলাঘৰ সাজি উৰুকাৰ দিনা মিতিৰ-কুটুম, চুবুৰীয়া সকলোৱে মিলি তৃপ্তিৰে এসাজ খায়৷ পুৱাবেলা গা ধুই মেজিত অগ্নি সংযোগ কৰি অগ্নিদেৱতাক সেৱা জনায়৷
শীতকালৰ অন্য এক আকৰ্ষণ হৈছে বনভোজ বা পিকনিক৷ কোনো এটা অৱসৰৰ দিনত বন্ধু-বান্ধৱ বা আপোনজনৰ লগত প্ৰকৃতিৰ অপৰূপ শোভাৰ মাজত হাঁহি-ধেমালিৰ মাজেৰে এসাজ খাই আপ্লুত হৈ পৰে৷ পিকনিকৰ স্থলবোৰ হ’ব পাৰে– ৰূপালী বালিৰ চিক্মিকনিৰে ভৰা নৈৰ ঘাট, চাঞ্চলা নিজৰাৰ পাৰ, হৃদ, সেউজীয়া শাৰী শাৰী চাহগছৰ সমীপ বা নিৰ্জনতাৰে ভৰা অৰণ্য৷ কিন্তু শীতকালৰ মাদকতাৰ মাজতো বিষাদৰ এখন ছবি আছে৷ আমি শীতৰ আমেজ উপভোগ কৰাৰ বিপৰীতে এচাম দৰিদ্ৰ লোকে কটাইছে যন্ত্ৰণা ভৰা জীৱন৷ এইচাম বস্ত্ৰহীন, গৃহহীন লোকে ঠেটুৱে ধৰা জাৰত কঁপি কঁপি বিনিদ্ৰ ৰজনী যাপন কৰে৷ ভূপেনদাই গাইছিল–
‘‘শীতৰ সেমেকা ৰাতি
সেমেকা শীতৰে ৰাতি
শীতৰে সেমেকা ৰাতি
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পজাঁটিৰ তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হও’’
ভূপেনদাই তাহানিতে প্ৰকাশ কৰি গৈছে এই সকল লোকৰ দুখ বেদনাৰ কথা৷ তেখেতে কোৱাৰ দৰে বাৰু আমিও এটি এটি উত্তাপ হ’ব নোৱাৰোনে? আমাৰ সমূহীয়া প্ৰচেষ্টাই প্ৰৱল শীতৰ কৰালত জীৱন দুৰ্বহ হৈ পৰা এই সকল ব্যক্তিক কিঞ্চিৎ হ’লেও সকাহ দিব৷ লগতে এনে ধৰণৰ সৰু ভাল কামবোৰে আমাক দিব স্বৰ্গীয় সুখানুভূতি৷