by Arup Kakoti

কদম গছৰ সুৱাসত ৰাতিৰ গোড়াবাড়ী অঞ্চল আমোল মোলাই আছিল৷ ৰুমটোৰ গতে লাগি থকা বেলকনিলৈ গৈ দেখিলোঁ, জোনৰ পোহৰত ফট্ফটীয়াকৈ দেখা পোৱা গৈছিল চৌপাশ৷ নিজকে ধৰি ৰাখিব নোৱাৰি তললৈ নামি আহিছিলোঁ৷ কদমৰ সুগন্ধই যেন টানি লৈ গৈছিল ক’ব নোৱাৰাকৈ৷ মসৃণকৈ কাটি ৰখা ঘাঁহনি ডৰাৰ ওপৰত শুদা ভৰিৰে খোজ পেলাই, পোহৰ পেলাই থকা জোনটিলৈ ১ লাগি চাইছিলোঁ৷ ইমান সুন্দৰ নিশাটিক হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম৷ চন্দকাৰ মাজৰ পৰা ভাঁহি অহা শংকৰৰ মাতে আৰু কাষতে লাগি থকা জুপুৰিটোৰ পৰা কাৰোবাৰ মুখেৰে নিগৰি অহা লোক সংগীতে কেইবাটাও কাৰণ দিছে এই নিশাক ভালপোৱাৰ৷
ভূৱনেশ্বৰৰ গাতে লাগি থকা হাতীৰ বাবে প্ৰসিদ্ধ চন্দকা অভয়াৰণ্য, যিয়ে নিজৰ বুকুত এশৰো অধিক বনৰীয়া হাতী, নাহৰফুটুকী বাঘ, হায়েনা, বন মেকুৰী, ফুটুকী হিৰণ, সুগুৰি পহু, শৰ পহু, কেটেলা পহু, বন গাহৰি, জহামাল, শিয়াল, ময়ূৰ আদি বন্যপ্ৰাণীক সাবটি ধৰি ৰাখিছে, সৃষ্টি হৈছে ওড়িশাৰ এখন অন্যতম অভয়াৰণ্য৷ ১৭৫ বৰ্গ কিঃমিঃ এলেকা আগুৰি থকা এই হাবিক ১৯৮২ চনত অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰা গৈছিল৷ জাংগল বাথিং এতিয়া মোৰ জীৱনৰ এক এৰাব নোৱৰা অংশ হৈ পৰিছে৷ আমাৰ মগজু অন্য জীৱ-জন্তুৰ দৰেই প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খোৱাকৈয়ে তৈয়াৰী৷ কিন্তু আজিৰ দিনত আমি যি পৰিৱেশৰ সৃষ্টি কৰিছোঁ, আমাৰ দেহ-মন তাৰ কাৰণে সমূলি সাজু নহয়৷ পৰ্য্যাপ্ত পৰিমাণৰ অক্সিজেনৰ অভাৱত আমাৰ মন-মগজু অৱস হৈ পৰে আৰু মানসিক চাপৰ কৱলত লাহে লাহে পৰিবলৈ আৰম্ভ কৰোঁ৷ সেয়ে জংগল বাথিং বা প্ৰকৃতিৰ মাজত গৈ নিজকে কিছু সময় এৰি দি দেহৰ বাবে দৰকাৰী উপাদানসমূহ প্ৰাকৃতিকভাৱে সংগ্ৰহ কৰাটো নিত্যান্ত প্ৰয়োজনীয় হৈ পৰিছে৷ আজি গোড়াবড়ীৰ এই ঘাঁহনিডৰাৰ ওপৰত খোজকাঢ়িয়েই মই ইয়াৰ প্ৰভাৱ অনুভৱ কৰিছোঁ৷ কদম গছৰ ডাল এটাত বহি ফেঁচা এজনীয়ে মতা মাত শুনিলোঁ৷ আজি বহু বছৰেই হ’ল এই মাত শুনাৰ৷ তাই যেন দুখেৰে আহি মোক ক’ব বিচাৰিছে, ‘‘বসুধাই সকলোকে মিলি বাস কৰিবলৈ দিয়া এই ঘৰখনত তোমালোকে আমাক এঘৰীয়া কৰি দিলা৷ চৌপাশ পোহৰাই ৰাতিৰ আন্ধাৰতেই আমাক অন্ধ কৰি পেলালা, আমাৰ বাসস্থান কাঢ়ি লৈ গ’লা৷’’ পুৰণি বন্ধুক লগ পোৱাৰ সুখৰ লগতে দুখেও মনতো কিছু আৱৰি ধৰিছিল৷ শক্তিশালী মগজু লৈ আমি জীৱ-জন্তু, গছ-গছনিক কেৱল আমাৰ নিজৰ সম্পদ বুলিহে ধৰি আহিছোঁ৷ কিন্তু কদম জোপাইতো নিঃস্বাৰ্থভাবেৰেই সুগন্ধি সকলোলৈ বিলাই আছে৷ আকাশলৈ মূৰ তুলি এবাৰ চালো, দেখিলো জোনটিয়ে এচপৰা ডাৱৰৰ মাজত লুকা-ভাকু খেলিছেহি৷ ভাবিলো শংকৰৰ মাততো আকৌ এবাৰ শুনিবলৈ পোৱা হ’লে৷
বাচন-বৰ্তনৰ (সাধাৰণতে ৰাতিপুৱা চহৰত শুনিবলৈ পোৱা) শব্দৰ ঠাইত চৰাই-চিৰিকটিৰ মাত স্পষ্টকৈ ৰাতিপুৱা শুনিবলৈ পাই বিছনা এৰি তললৈ নামি আহিছিলোঁ৷ দৰাচলতে চন্দকাক ভূৱনেশ্বৰ মহানগৰীৰ হাওঁফাওঁ বুলিয়ে কোৱা হয়৷ চহৰখনৰ এক বৃহৎ অংশক স্পৰ্শ কৰি থকা এই অভয়াৰণ্যখনে চহৰখনক পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ বায়ুৰ যোগান ধৰি আছে৷ সেয়ে হয়তো ভূৱনেশ্বৰক ভাৰতৰ কম প্ৰদূষিত চহৰৰ ভিতৰত এখন বুলি ধৰা হয়৷ বাহিৰত আহি দেখিলোঁ, ঠায়ে ঠায়ে বহি চাহ খাবলৈ বাঁহৰ চকী, টেবুল বনাই থোৱা আছে৷ মই একাপ কফি আৰু এপিচ কেক লৈ গছৰ তলত থকা সেই ঠাইলৈকে আহিলো, চন্দকাৰ বিশুদ্ধ বায়ু অকণ সেৱন কৰিবলৈ৷ মোৰ পৰা ৫০ মিটাৰ মান নিলগত চন্দকাৰ ভিতৰলৈ যোৱা সেই ডাঙৰ গেটখন আৰু তাৰ গাতে লাগি দকৈ খন্দা দীঘলীয়া ট্ৰেন্স বা খাৱৈটো যাতে বনৰীয়া হাতী ওলাই আহিব নোৱাৰে৷ মাত্ৰ গাড়ী অহা-যোৱা কৰিবলৈ উঠা-নমা কৰিব পৰাকৈ শিকলিৰে বন্ধ এখন সৰু লোহাৰ দলং আছে৷ কিছু সময়ৰ পিছত চন্দকাৰ ভিতৰত কাম কৰিবলৈ বনুৱাসকল আহিব৷ তেওঁলোকে বাৰিষাৰ বতৰত ভিতৰলৈ যোৱা ৰাস্তাৰ ওপৰত জমা হোৱা পানী ওলাই যাব পৰাকৈ নলা খান্দিবলৈ মাজে মাজে আহে৷ কফি কাপটোৰ পৰা এসেহা মাৰি লাহেকৈ বাঁওফালে মুখখন ঘূৰায়েই দেখিলোঁ ভোবোৰা বান্দৰ এটা মোৰ পৰা ১০ হাতমান দূৰত বহি আছে৷ তাৰ চকু কেৱল মোৰ কেক টুকুৰাৰ ওপৰত৷ কি কৰো? মাতিব পৰাকৈ তাৰ বাহিৰে ওচৰত কোনোৱেই নাই৷ উপায়হীন হৈ ভদ্ৰতাৰে তালৈ কেক পিনে আগবঢ়াই দিলোঁ৷ মোৰ মনত পৰে আগতে আমাৰ ককাহঁতৰ ঘৰত দুটা নগা কুকুৰ আছিল৷ সিহঁতৰ কামেই আছিল, আইতাই শুকাবলৈ থোৱা ধান খাবলৈ অহা বান্দৰবোৰক খেদোৱা৷ বান্দৰক দেখিলেই চোঁচা মাৰি গৈছিল দুয়োটাই, কিন্তু বান্দৰৰ দীঘল আঙুলিৰ এটা প্ৰচণ্ড চৰ লৈ উভতি আহিছিল৷ নিজৰ গালখনৰ কথা ভাবি মই ভয়ে ভয়ে কেক টুকুৰা তালৈ আগবঢ়াই দিলো৷ সিয়ো কেক টুকুৰা লৈ ভদ্ৰতাৰে তাৰ পৰা আঁতৰি গ’ল৷ এতিয়া মনৰ পৰা শংকা গুচি গৰ্ব আহিল, বনৰীয়া বান্দৰক নিজ হাতেৰে খোৱালো বুলি৷

সময় লাহেকে ৯ বাজিবলৈ লোৱাত আমিও তিনিওজনে সাজু হৈ ওলাই আহিলোঁ ছাফাৰীত যাবলৈ৷ চন্দকাৰ ভিতৰখন চাব বিচাৰিলে তাত জীপ ছাফাৰী, বেটাৰী গাড়ী নতুবা খোজকাঢ়িও এক নিৰ্দিষ্ট স্থানলৈ যাব পৰা যায়৷ কিন্তু যদি জীপ ছাফাৰীত যায়, তেতিয়া হ’লে আপুনি একেবাৰে কুমাৰখুণ্টি অঞ্চলৰ নিৰীক্ষণ টাৱাৰ লৈকে যাব পাৰি৷ সেই গাড়ীত গাই প্ৰতি ১০০ টকাকৈ লয়৷ ডেৰ ঘণ্টা সময় আপোনাক অভয়াৰণ্যৰ মাজত ফুৰাই আনে৷ আমি প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ বাবে গাড়ীতেই যোৱাৰ থিৰাং কৰিলোঁ৷ যিসকলে কেইবাদিনৰ কাৰণে আহে (বিশেষকৈ বিদেশী পৰ্যটক) তেওঁলোকৰ কাৰণে খোজকাঢ়ি জাংগল বাথিং লোৱাতো অতি লাভজনক৷ যিহেতু আমাৰ তৃতীয় সদস্যা গুণগুণৰ বয়স মাথোঁ আঢ়ৈ বছৰ আছিল, সেয়ে জীপত যোৱাটোৱেই শ্ৰেয় বুলি ভাবিলোঁ৷ গাড়ী আহি পোৱাত আমিও নিজৰ নিজৰ স্থানত বহি পৰিলোঁ৷ ওখ ওখ ছিটবোৰৰ ওপৰত ত্ৰিপাল দি থোৱা আছিল আৰু বাকী সম্পূৰ্ণ মুকলিকৈ ৰখা হৈছিল৷ লাহেকে আমাৰ গাড়ী লোহাৰ সেই দলংখন পাৰ কৰি প্ৰৱেশ কৰিলে চন্দকাৰ ভিতৰত৷ গাড়ীৰে যোৱা সেই বাটতো বৰ সুন্দৰ আছিল৷ দুয়োকাষে শাল-চেগুনৰ ডাঙৰ ডাঙৰ গছবোৰ৷

চেঁচা চেঁচা অনুভৱ হৈছিল সেই বাটচোৱা৷ যিমানেই ভিতৰলৈ সোমাই গৈ আছিলোঁ, সিমানেই গছ, মাটিৰ কেঁচা গোন্ধ নাকত আহি পৰিছিলহি৷ এই গোন্ধৰ মাজতেই নিজকে কিছু সময় এৰি দিয়াকেই জাংগল বাথিং বা জাপানী ভাষাত ছিনৰিন ইয়’কো বুলি কোৱা হয়৷ গছৰ পৰা প্ৰাকৃতিকভাবে নিঃসৰিত হোৱা সেই গোন্ধই আমাৰ দেহত ৰক্ত চলাচলত সহায় কৰাৰ লগতে হৰ’মনৰ ওপৰতো প্ৰভাৱ পেলায়৷ যাৰ ফলত আমি মানসিক চাপ মুক্তি অনুভৱ কৰোঁ৷ হঠাতে এটা ময়ুৰ আমাৰ আগেৰে দৌৰ মাৰি পাৰ হৈ গ’ল৷ গাড়ী গছৰ মাজেৰে আগুৱাই গৈ থাকিল৷ প্ৰখৰ ৰ’দৰ প্ৰভাৱক সেই গছবোৰে আমাৰ ওপৰত পৰিবলৈ দিয়া নাছিল৷ কিছুদূৰ যোৱাৰ পিছত দেখিলো বিপৰীত দিশৰ পৰা যশোদাই নিজৰ পিঠিত মাউতক বহুৱাই ধীৰে-গম্ভীৰে আমাৰ ফালে আগুৱাই আহি আছে৷ তাইক শান্ত-শিষ্ট ভাৱেৰে পাৰ হৈ যোৱা দেখি গাড়ী চালকজনে ক’লে, ‘‘আজি শংকৰ হোৱা হ’লে গাড়ীৰ লগত টনা-আজোৰা লগালেহেঁতেন৷’’ কথাষাৰ শুনি লাগিলে শংকৰ অলপ মান অঘাইতং৷ তাক চাবলৈ বৰ মন গৈছিল৷ মানুজনক সুধিলো শংকৰক ক’ত লগ পোৱা যাব, তেওঁ ক’লে, ‘‘কুমাৰখুণ্টিত তাক ৰখা হৈছে৷ বৰ দুষ্ট, তাক মাজে মাজেহে অনা হয়৷’’ ইয়াৰ পিছত তেওঁ শংকৰৰ কাহিনী কোৱা আৰম্ভ কৰিলে৷ চন্দকাত মুঠৰ ওপৰত ১২০ টা বনৰীয়া হাতী আৰু দুটা ঘৰচীয়া হাতী আছে৷ শংকৰ আৰু যশোদাক সৰুতে নিজৰ মাকৰ পৰা এৰ খোৱা হাতী আছিল৷ দুয়োকে অকলশৰে চন্দকাৰ মাজত পাই বন বিভাগৰ মানুহে আনি তেওঁলোকক উদ্ধাৰ কৰি স্বাস্থ্য কেন্দ্ৰত ৰাখি শুশ্ৰুষা কৰিলে৷ সুস্থ হৈ অহাৰ পিছত যেতিয়া সিহঁতক বনৰীয়া হাতীৰ দলৰ মাজত এৰিবলৈ যায়, তেতিয়া আৰু সিহঁতৰ মাকে দলত সিহঁতক আদৰি নল’লে৷ কোৱা যায় মানুহৰ সংস্পৰ্শৰ পৰা অহা হাতীক, বনৰীয়া হাতীৰ দলে আদৰি নলয়৷ ডাঙৰ হৈ অহাত দুয়োৰে পিঠিত পৰ্যটকক বহুৱাই চন্দকা ফুৰাবলৈ ব্যৱহাৰ কৰিবলৈ ল’লে৷ কিন্তু দুয়োৰে মাজত শংকৰক বশ কৰাতো কঠিন আছিল৷ লাহে লাহে শংকৰে এজন এজনকৈ সাতজন মাউতক মাৰিলে৷ তাৰ পিছৰ পৰাই চন্দকাত এলিফেণ্ট ছাফাৰী বন্ধ হৈ গ’ল৷
কিছু দূৰ যোৱাৰ পিছত দেখিলো আমি যোৱা বাটটোৰ ওপৰেদি এটা জান বৈ গৈছে৷ আমাৰ মনৰ কথা বুজি চালকজনে গাড়ী ৰখাই ক’লে, ‘‘আপোনালোকে ইয়াত কিছু সময় পাৰ কৰিব পাৰে৷’’ মনতে ভাবিলোঁ গুণগুণৰ কাৰণে সোণালী সুযোগ৷ এনেকুৱা ঠাই আজিকালি চহৰৰ মাজত ল’ৰা-ছোৱালীয়ে ক’ত পাব৷ ভৰিৰ গাঁঠিৰ সমান পানীৰে সৈতে কলা পাথৰৰ ওপৰেদি সেই জানটো বৈ গৈছিল৷ কাপোৰ-কানি লেতেৰা হোৱাৰ কথা চিন্তা নকৰি তাইক জীপৰ পৰা নমাই আনিছিলো৷ মুখেৰে ভালকৈ নুফুটা মাতেৰেই তাই পায়ী পায়ী (পানী) বুলিকৈ মোৰ হাত এৰি লৰ মাৰিলে পানীৰ ওচৰলৈ৷ মোৰ নিজকে ভাবি ভাল লাগিল যে আজিৰ যান্ত্ৰিক যুগত তাই প্ৰকৃতিৰ সোৱাদো ল’বলৈ শিকিছে৷
জানটোৰ আশে-পাশে ময়ুৰৰ মাতে ৰজনজনাই আছিল৷ তাই যেন আঁৰৰ পৰা আমাক চাইহে আছে৷ বুজাব চেষ্টা কৰিছিলে, ‘‘তোমালোকে মোক দেখা নোপোৱা, কিন্তু মই তোমালোকৰ ওপৰত নজৰ ৰাখি আছো৷’’ বহু চেষ্টা কৰিও তাইক দেখাৰ সৌভাগ্য আমাৰ নহ’ল৷ যদিও ৰ’দ প্ৰখৰেই আছিল, কিন্তু আমাক আমনি কৰা নাছিল৷ পানীয়ে পানীয়ে আগুৱাই গৈ থাকোঁতে মন কৰিছিলোঁ ঠাইডোখৰ ৰঙ-বিৰঙী পখিলাৰে ভৰি আছে৷ জংগল বাথিঙৰ নিয়মেই হ’ল যেতিয়াই প্ৰকৃতিৰ সান্নিধ্যলৈ আহা, তেতিয়া তাৰ মাজত দেখা প্ৰতিটো বস্তু বা শব্দক একান্ত মনে অনুভৱ কৰিবলৈ যত্ন কৰা৷ লাগিলে সেইয়া পানীৰ কুলুকুলু শব্দই হওক বা এটি পখিলাই হওক৷ হঠাতে মন কৰিলোঁ কলা-বগা পখিলাৰ এটা জাকে বোকা মাটিৰ ওপৰত একেলগে বহি মেল মাৰি আছে৷ ইমানবোৰ পখিলা একে ঠাইতে সাধাৰণতে দেখিবলৈ পোৱা নাযায়৷ কেমেৰাৰ লেঞ্চত সিহঁতক ধৰি লৈ লাহেকৈ তাৰ পৰা আঁতৰি আহিলোঁ৷ ৫০ মিটাৰ মান আগুৱাই গৈয়েই দেখিলোঁ, সেই জানটোৱে তললৈ পৰি সৰু ঝৰ্ণা এটাৰ ৰূপ লৈছে৷ শক্তিহীনভাৱে বৈ অহা পানীখিনিয়ে যেন সেইখিনিতেই নিজৰ শক্তি ঘূৰাই পাইছিল৷ বুজি উঠিছিলোঁ, এই পৃথিৱীত কোনোৱেই দুৰ্বল নহয়৷ সময় আৰু পৰিস্থিতিয়ে সকলোৰে সুপ্ত শক্তিক জাগ্ৰত কৰি তোলে৷ সেই ঠাইডোখৰক এৰি অহাৰ মন একেবাৰেই নাছিল৷ হেঁপাহ পলুৱাই সেই পানীৰ লগত খেলি আমি উভতি আহি পুনৰ গাড়ীত নিজৰ নিজৰ স্থানত বহিলোহি৷ আকৌ সেই কেঁচা মাটি আৰু গছৰ গোন্ধই সংগ দিলেহি, এজন প্ৰকৃত বন্ধুৰ দৰে, যাৰ সংগই বান্ধ খাই পৰিব খোজা মনবোৰকো মুকলি কৰি দিয়ে৷
কিছুদূৰ অহাৰ পিছত দূৰৈত কুমাৰখুণ্টিৰ বিলৰ এটা অংশ দৃষ্টিগোচৰ হ’ল আমাৰ ওচৰ পাই দেখিলোঁ বিলৰ ওচৰতে নিৰীক্ষণ টাৱাৰ সাজু সেই টাৱাৰৰ ঠিক বাওঁফালে ৪০ মিটাৰ মান নিলগত আমাৰ শংকৰে দুৰ্ভাগ্যক্ৰমে নিজৰ পৰিয়ালৰ পৰা আঁতৰি শিকলিৰে বান্ধ খাই থাকিব লগা হৈছে৷ কোনে কয় জীৱ-জন্তুৰ আমাৰ দৰে আবেগ অনুভূতি নাই? দুখ, কষ্ট, খং, ৰাগ সিহঁতৰো আছে৷ মাত্ৰ আমিহে তাক অনুভৱ কৰিব নিবিচাৰোঁ৷ এই বন্যপ্ৰাণী সমূহকো সিহঁতৰ ই২৬াৰ প্ৰতি আমি সন্মান জনোৱা উচিত৷ যদিহে সিহঁতে বিচাৰে ওচৰৰ পৰা আমাক আঁতৰি যোৱাটো, আমিও স-সন্মানেৰে তাক পালন কৰা উচিত৷
শংকৰে তেতিয়াও কাণ দুখন লৰাই লৰাই কলগছ চোবাই আছিল৷ শংকৰ বুলি মতাত তাৰ প্ৰকাণ্ড মূৰটোৱে এবাৰ চোৱা যেন কৰি পুনৰ খোৱাত ব্যস্ত হৈ পৰিল৷ ভালদৰে চোৱাত দেখিলোঁ তাৰ এখন কাণ ফুটুৱাৰ দৰে এটা ডাঙৰ অংশ কাটি থোৱা আছিল৷ আমাৰ লগতে যোৱা মানুহজনক সোধাত ক’লে যে প্ৰথমজন মাউতক মৰাৰ পিছত বন বিভাগে তাৰ কাণত জি.পি.এছ লগাই দিছিল, যাতে তাক ইফালে-সিফালে লৈ যাওঁতে আৰু যদি এনে দূৰ্ঘটনা হয় তেওঁলোকে যেন তাক সহজে বিচাৰি উলিয়াব পাৰে৷ আচৰিত তাৰ পিছতো শংকৰে ৬ জনকৈ মানুহক মাৰিলে৷ মানুহৰ সংস্পৰ্শত থাকিলেও, ২৫ বছৰত ভৰি দিয়া শংকৰৰ মাজত আজিও বনৰীয়া ভাৱটো সোমায়ে আছে৷
কিছুদূৰ আগুৱাই বিলৰ ফালে আহিলোঁ৷ মন কৰিলোঁ, গৈ থকা বাটতো লাহে লাহে পানীৰ মাজলৈ সোমাই গৈছে৷ বিছ বছৰৰ মূৰত পুনৰ চকুৰ আগত সেই লাজুকীলতাবোৰে আহি দেখা দিছিলহি৷ লাজুকীলতাৰ কাৰুকাৰ্য্যই গুণ্গুণ্ৰ মুখত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ মাজত শৈশৱৰ মইজনীকে পুনৰ বিচাৰি পাইছিলোঁ৷
বিলৰ পাৰে পাৰে থকা বাহ গছ এডালৰ ওপৰত অকস্মাতে ক’ৰবাৰ পৰা ক’লা চৰাই এজনীয়ে কেক্ কেক্কৈ চিঞৰি আহি পৰিছিলহি৷ কেমেৰাৰ লেন্স জুম কৰি দিওঁতে দেখিলোঁ, সেই চৰাইজনীৰ তলতে পানীত অকণি অকণি বগা ফুল কিছুমান ফুলি আছিল আৰু সিহঁতৰ মাজত তিনি চাৰিটা পদুমে নিজৰ পাহীবোৰ মেলিবলৈ আৰম্ভ কৰিছিল৷
সমুখৰ মনোমোহা দৃশ্য আৰু পানীৰ পৰশ লৈ বলি থকা চেঁচা বতাহজাক এৰি অহা আমাৰ বাবে সহজ নহ’লহেঁতেন হয়, যদিহে শংকৰৰ শুঁৰেৰে ওলোৱা মাত আমাৰ কাণত আহি নপৰিলেহেঁতেন৷ শংকৰৰ মৰম লগা চেহেৰাটোক আকৌ এবাৰ চাই তাৰ পৰা বিদায় ল’বলৈ ওলালোঁ৷ এইবাৰো ভাগ্যই আমাক আকৌ লগ দিলে৷ গাড়ীৰ পৰা ৩০ মিটাৰ নিলগত চন্দকাৰ ফুটুকী হৰিণাৰ দল এটাই বাটতো পাৰ কৰিবলৈ গৈ আধাতে পুনৰ উভতি অহা আমি দেখিবলৈ পালোঁ৷ গাড়ীৰ শব্দ শুনি হয়তো সিহঁতৰ দলৰ জ্যেষ্ঠসকলে চেঙেলীয়া কেইটাক উভতি আহ বুলি ক’লে৷ সিহঁতে কামখিনি ইমানেই সোনকালে কৰিলে, আমাৰ হাততে কেমেৰা থাকিও ফটো এখন তুলিব নোৱাৰিলোঁ৷ তথাপিও দেখি মনটো ভাল লাগিল৷ অভয়াৰণ্যৰ মাজলৈ আহি বনৰীয়া পগু দেখাৰ মজাই সুকীয়া৷
চন্দকাৰ সৌন্দৰ্য্য কেৱল এই অভয়াৰণ্যৰ মাজতেই সীমিত নহয়৷ ইয়াৰ গাতেই লাগি আছে ডেৰাজ আৰু ঝুমকা নামৰ দুটা বান্ধ, যাৰ চৌপাশ ঘেৰি আছে সেউজীয়া পাহাৰে আৰু পাহাৰৰ ওপৰত থকা নেছাৰ্চ কেম্পবোৰে৷ সাতক’চীয়াৰ দৰে ইয়াতো কম খৰচত প্ৰকৃতিৰ মাজত কেইটিমান নিশা পাৰ কৰি যাব পৰাকৈ পৰ্যটন বিভাগে সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে৷ ডেৰাজ আৰু ঝুমকাক বিশেষকৈ কৃষি উৎপাদনৰ কাৰণেই তৈয়াৰ কৰা হৈছে৷ আমি গোড়াবাড়ীৰ পৰা আগুৱাই এইবাৰ আগবাঢ়িলোঁ ডেৰাজৰ ফালে৷ কোৱা যায় সেই ঠাইত মাজে মাজে ঘৰিয়ালো ওলায়৷ মন কৰিলো দূৰৈত ডেৰাজ ডেমটোৰ পৰা পানী ৰিব ৰিব কৈ ওলাই খেতি পথাৰলৈ বুলি গতি লৈছে৷ পানীৰ গতিক মন্থৰ কৰিবলৈ বনাই থোৱা সৰু সৰু টিপবোৰত পানীৰ লগত খেলাৰ সুন্দৰ সুযোগ আছিল৷ কিন্তু বান্ধৰ ওপৰলৈ গৈহে ডেৰাজৰ প্ৰকৃত সৌন্দৰ্য্যক প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছিলোঁ৷ ঠাইডোখৰ সাইলাখ আমাৰ বৰাপানীৰ দৰেই আছিল৷ সমুখত কিছুমান পাহাৰে প্ৰাকৃতিকভাৱে বান্ধৰ সৃষ্টি কৰি নদীখনক যেন হৈ যোৱাৰ এটি বাটহে দেখুৱাই নিছিল৷ দূৰৈত পাহাৰ এটাৰ ওপৰত গছ-গছনিৰ মাজৰ পৰা নীলা ৰঙৰ চালি ওখন ওলাই থকা দেখিবলৈ পাইছিলো৷ ওচৰ গৈ দেখিলোঁ, ফলক এখনত লিখা আছিলে ‘‘ডেৰাজ নেছাৰ্চ কেম্প’’৷ চাৰিওফালে চাই মনতে ভাবিলোঁ ইয়াত এনিশা কটোৱাৰ আনন্দ উপভোগ কৰিবলৈ আহিব লাগিব৷ সাতক’চীয়াৰৰ দৰে এই ঠাইতো শীতৰ কোনোবা এটি নিশা জুইৰ চৌপাশে বহি বন্ধুৰ সৈতে গীটাৰৰ সুৰে সুৰে গীত গোৱাৰ আশা পূৰণ কৰিবলৈ পুনৰ এদিন আহিব লাগিব৷