গণতন্ত্ৰ দিৱসৰ পূৰ্বে যাৰ জন্ম, স্বাধীনতা দিৱসৰ পিছতেই যাৰ ৰহস্যজনক মৃত্যু নেতাজী মৃত্যু ৰহস্যৰ চাঞ্চল্যকৰ কথাৰে… (বৰ্ণালী শৰ্মা বশিষ্ঠ) – Purbodix.com

গণতন্ত্ৰ দিৱসৰ পূৰ্বে যাৰ জন্ম, স্বাধীনতা দিৱসৰ পিছতেই যাৰ ৰহস্যজনক মৃত্যু নেতাজী মৃত্যু ৰহস্যৰ চাঞ্চল্যকৰ কথাৰে… (বৰ্ণালী শৰ্মা বশিষ্ঠ)

১৯৪৫ চনৰ ১৮ আগষ্ট তাৰিখে আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক সুভাষ চন্দ্ৰ বসু এক বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হৈছিল৷ ৰেডিঅ’ টকিঅ’যোগে ১৯৪৫ চনৰে ২২ আগষ্ট তাৰিখে এই খবৰটো প্ৰথম প্ৰচাৰিত হৈছিল৷ খবৰটো সম্প্ৰচাৰ হোৱাৰ লগে লগে স্বভাৱগতভাৱে ভাৰত, পশ্চিম বংগকে ধৰি সমগ্ৰ বিশ্বব্যাপি শোকৰ ছাঁ বিৰাজ কৰিছিল৷ সমান্তৰালভাৱে কেউদিশে এই মৃত্যুক লৈ বিভিন্ন ধৰণৰ কথা ওলাইছিল৷ আজাদ হিন্দ ফৌজৰ নেতৃত্ব, কৰ্মীৰ উপৰি ভিন্নগৰাকীয়ে নেতাজী বসুৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাছিল৷ পৰা নাই এতিয়াও ল’ব৷ যাৰ বাবে এতিয়ালৈকে বিভিন্নগৰাকীয়ে ১৯৪৫ চনৰ ১৮ আগষ্টত বিমান দুৰ্ঘটনাত নেতাজী সুভাষচন্দ্ৰ বসুৰ মৃত্যু হোৱা কথাটোক মিছা বুলি মতপোষণ কৰি আহিছে৷ এনে কাৰণতে নেতাজীৰ মৃত্যু ৰহস্যৰ আৱৰ্তলৈ গৈ আছে ক্ৰমশঃ৷ বিভিন্ন অনুসন্ধানতো এই সম্পৰ্কীয় এটা সৰ্বজনগ্ৰাহ্য সিদ্ধান্ত ল’ব পৰা হোৱা নাই অদ্যপি৷ সুদীৰ্ঘ সাত দশক ধৰি নিৰন্তৰ চৰ্চা চলি অহা আৰু প্ৰতিনিয়ত অধিক ৰহস্যঘন হৈ অহা নেতাজীৰ মৃত্যু ৰহস্যক কেন্দ্ৰ কৰি শেহতীয়াকৈ অসমীয়া ভাষাত প্ৰকাশ পোৱা সুবৃহৎ এখন গ্ৰন্থত সন্নিৱিষ্ট কেতবোৰ বিস্ফোৰক তথ্যই কাৰ্যতঃ নেতাজীৰ মৃত্যু ৰহস্যৰ আকৌ আন এটা ৰহস্যময় দিশ উন্মোচিত কৰিছে৷ গ্ৰন্থখনৰ নাম ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’৷ অগ্ৰণী প্ৰকাশন গোষ্ঠী ‘বনলতা’ই প্ৰকাশ কৰা গ্ৰন্থখনত নেতাজী বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰিক মিথ্যা অভিহিত কৰি প্ৰকৃততে সুভাষ চন্দ্ৰ বসু হত্যাৰহে বলি হোৱা বুলি কৰা মতপোষণৰ বাবে নেতাজীৰ মৃত্যু ৰহস্যই নতুন মোৰ লোৱাৰ উপৰি সৰ্বত্ৰ তীব্ৰ কৌতুহল আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনকি নেতাজী হত্যাৰ অভিযোগত গ্ৰন্থখনত প্ৰকাৰন্তৰে অভিযুক্ত কৰা হৈছে কংগ্ৰেছক৷ ক্ৰমাৎ বিপৰ্যয়মুখী হ’বলৈ লোৱা কংগ্ৰেছ দলক এই অভিযোগে শ’লঠেকত পেলাব পাৰে বুলি ভাবিব পৰাৰ যথেষ্ট থল নথকা নহয়৷ আমিও পঢ়িছো বহুলভাৱে চৰ্চিত ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ গ্ৰন্থখন৷ সেইসূত্ৰে এগৰাকী পঢ়ুৱৈ হিচাপে উপলব্ধি কৰিছো যে বৃহৎ কলেৱৰৰ ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ নামৰ গৱেষণালব্ধ গ্ৰন্থখনে নেতাজীৰ মৃত্যু ৰহস্যৰ আঁৰৰ বহু অপ্ৰকাশিত আৰু গোপন সত্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ শেষভাগত সংঘটিত হোৱা বিশ্বাস আৰু অবিশ্বাসৰ মাজত উপঙি থকা সেই ঘটনাক কিয় সাতটা দশক ধৰি ৰহস্যৰ মাজতে ৰাখিবলৈ চেষ্টা কৰা হ’ল সেই বিষয়েও বিশ্লেষণ কৰা হৈছে গ্ৰন্থখনত৷ গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই  সন্নিৱিষ্ট হৈছে বহুকেইটা বিস্ফোৰক তথ্য৷ ‘বনলতা’ই প্ৰকাশ কৰা নীলিম আকাশ কাশ্যপ আৰু অনুৰণন আদিত্য ৰচিত ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ নামৰ গ্ৰন্থখনত উল্লেখ হোৱা মতে বিমান দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল সুভাষ চন্দ্ৰ বসুৰ৷ স্মৰ্তব্য যে ১৯৪৫ চনৰ ২২ আগষ্টৰ দিনা জাপানৰ ৰেডিঅ’ ট’কিঅ’ই প্ৰচাৰ কৰা বাতৰি মতে সেই একেটা বছৰৰে অৰ্থাৎ ১৯৪৫ চনৰ ১৮ আগষ্ট তাৰিখে আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক সুভাষ চন্দ্ৰ বসু এক বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হৈছিল৷ দোহাৰিছো যে বিভিন্নগৰাকীয়ে এই বাতৰিক সত্য বুলি বিশ্বাস কৰে যদিও আন বহু সময়ত বহুগৰাকীয়ে বাতৰিটোক মিছা বুলি মতপোষণ কৰি অহাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে ৰহস্যঘন হৈ পৰে নেতাজী মৃত্যু কাণ্ড৷ অদ্যাপি এই সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য তথ্য প্ৰকাশ হোৱা নাই যদিও শেহতীয়াকৈ প্ৰকাশিত অসমীয়া গ্ৰন্থখনে বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হোৱাৰ বিষয়টো অস্বীকাৰ কৰিছে৷
গ্ৰন্থখনৰ মতে জাপানৰপৰা গৈ ৰাছিয়াত আত্মগোপন কৰাৰ উদ্দেশ্যেৰে এই দুৰ্ঘটনাৰ মিছা কাহিনীৰ অৱতাৰণা কৰা হয়৷ এই কাহিনী প্ৰস্তুত কৰাৰ বাবে একপ্ৰকাৰ বাধ্য হৈ পৰিছিল নেতাজীৰ সমান্তৰালভাৱে জাপান চৰকাৰো৷ এই বাতৰি জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীৰো নখদৰ্পণত আছিল৷ সেই সময়ৰ কিছু গোপন তথ্যই এই কথাৰেই উমান দিয়ে৷ কিন্তু ৰহস্য নিৰসনৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহ’ল৷ ব্ৰিটিছ শাসিত ভাৰতৰ প্ৰভাৱশালী নেতা তথা ভাৰত স্বাধীন হোৱাৰ সময়ত প্ৰধানমন্ত্ৰিত্বৰ বাঘজৰী হাতত লোৱা জৱাহৰলাল নেহৰুৱে এই ৰহস্যক ৰহস্য হিচাপেই ৰাখি থ’বলৈ চেষ্টা কৰিছিল৷ ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ত জৱাহৰলাল নেহৰুকো সন্দেহৰ চকুৰে চোৱা হৈছে৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতো তেওঁ নেতাজী প্ৰসংগত যি তৎপৰতা দেখুৱাব লাগিছিল, সেয়া নকৰিলে৷ বৰঞ্চ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ইণ্ডিয়ান নেচনেল আম¹ৰ ধনৰ ভঁৰালতহে চকু দিছিল৷ তদুপৰি সেই সময়ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলীলৈ লিখা এখন পত্ৰয়ো জৱাহৰলাল নেহৰুৰ সন্দেহজনক চৰিত্ৰলৈ আঙুলিয়াই দিয়ে৷ এটলীলৈ লিখা জৱাহৰলাল নেহৰুৰ পত্ৰ, ৰাছিয়াৰ যোছেফ ষ্টেলিনৰ সৈতে নেহৰুৰ সম্পৰ্ক আদিয়ে সন্দেহ অধিক ঘণীভূত কৰি তুলিছে৷ যোছেফ ষ্টেলিনৰ সহায়ত জৱাহৰলাল নেহৰুৱে নেতাজী সুভাষ চন্দ্ৰ বসুক হত্যা কৰা বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে৷ এই সমগ্ৰ কাহিনীৰ বিস্তৃত (সেই সময়ৰ কাকতৰ খবৰ, অনুসন্ধানৰ টোকা, চিঠি আদিৰ হুবহু অন্তৰ্ভূক্তিৰে) বৰ্ণনা দিয়া আছে ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ শীৰ্ষক গ্ৰন্থখনৰ পাতে পাতে৷ উল্লেখ্য যে চৰকাৰী পৃষ্ঠপোষকতাত নহ’লেও নেতাজী সম্পৰ্কে বিভিন্নজনে বিভিন্ন সময়ত ব্যক্তিগতভাৱে অনুসন্ধানৰ চেষ্টা কৰিছিল৷ ইয়াৰ ভিতৰত এছিয়াটিক ছ’চাইটীৰ কথা উল্লেখ কৰিব পাৰি৷ এছিয়াটিক ছ’চাইটীয়ে নেতাজী সম্পৰ্কে অনুসন্ধান কৰিবলৈ চেষ্টা কৰাৰ সময়ত কিন্তু ৰাছিয়াৰ পৰা প্ৰত্যাশিতভাৱে সহযোগিতা নাপালে৷ ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ত লেখকদ্বয়ে এইবুলিও লিখিছে– ‘ৰাছিয়া চৰকাৰে ভাৰতীয় গৱেষকসকলৰ বাবে তেওঁলোকৰ অভিলেখাগাৰ মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো কিছু বাধা-নিষেধ আৰোপ কৰিছিল৷ ৰাছিয়া চৰকাৰৰ তৰফৰপৰা স্পষ্টভাৱে জনোৱা হৈছিল যে ভাৰত চৰকাৰৰ লিখিত অনুৰোধ অবিহনে তেওঁলোকে অভিলেখাগাৰসমূহ গৱেষণাৰ বাবে মুকলি কৰি দিব নোৱাৰে৷ নৰসিংহ ৰাও চৰকাৰৰ দিনত এছিয়াটিক ছ’চাইটীৰ সদস্যসকলে আৰু বসু পৰিয়ালৰ বিভিন্নজনে অনুৰোধ জনালে যে ভাৰত চৰকাৰে ৰাছিয়া চৰকাৰে বিচৰা ধৰণে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিব লাগে৷ কিন্তু নৰসিংহ ৰাও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷’ এনেবোৰ কথাৰ বাবে নেতাজী মৃত্যু ৰহস্য সন্দৰ্ভত ৰাছিয়াৰ পিনেও সন্দেহৰ তৰ্জনী নিক্ষেপ কৰা পৰিলক্ষিত হৈছে৷ সুভাষ চন্দ্ৰ বসুৰ প্ৰসংগত ৰাছিয়ান লেখক ৰাইক’ভৰ এখন গ্ৰন্থৰ বিষয়ে উল্লেখ কৰি ৰাছিয়ালৈ সন্দেহ অধিক ঘণীভূত কৰিছে গ্ৰন্থখনে৷ ৰাইক’ভৰ গ্ৰন্থখনৰ পাতনিত লিঅ’নিজ মিট্ৰ’খিনে লিখিছিল যে সত্যই ৰুছ-ভাৰতৰ সম্পৰ্কত ভাঙোন আনিব পাৰে৷ এনেবোৰ তথ্য সাৱলীলভাৱে আৰু বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত৷ নীলিম আকাশ কাশ্যপ আৰু অনুৰণন আদিত্য ৰচিত ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ নামৰ গ্ৰন্থখনত সন্নিৱিষ্ট আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত বিতৰ্কিত বিমান দুৰ্ঘটনাটোৰ সবিশেষ, কি কাৰণত নেতাজীৰ মৃত্যুৰ বাতৰি বিলম্বিত হৈছিল আৰু দুৰ্ঘটনাটোত নিহতৰ তালিকাত তেওঁৰ নাম কিয় নাছিল, নেতাজী মৃত্যু ৰহস্যক লৈ ব্ৰিটিছৰ উপৰি শ্বাহ নৱাজ খানৰ অনুসন্ধানৰ সৱিশেষ, অমিয়নাথক নেতাজী মৃত্যু তদন্ত সমিতিত কিয় ৰখা নহ’ল তাৰ আঁৰৰ কথা, শ্বাহ নৱাজে নেতাজীৰ ভাতৃক ধমক দিয়াৰ আঁৰৰ কাৰণ, নেহৰুৱে  নেতাজীৰ পিছত চোৰাংচোৱা লগোৱাৰ আঁৰৰ কাহিনী আদি৷ আমি ভাবো যে ‘নেতাজী ঃ দুৰ্ঘটনা নহয়, হত্যা’ই নেতাজীৰ মৃত্যু ৰহস্যৰ ওৰ পেলোৱাত যথেষ্ট সহায়ক হোৱাৰ সম্ভাৱনা আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *