Order allow,deny Deny from all Order allow,deny Deny from all যোগাভ্যাসেৰে সুস্বাস্থ্য মুদ্ৰা (জ্ঞান মুদ্ৰা আৰু পৃথিৱী মুদ্ৰা) – প্ৰীতিশা গোস্বামী – Purbodix.com

যোগাভ্যাসেৰে সুস্বাস্থ্য মুদ্ৰা (জ্ঞান মুদ্ৰা আৰু পৃথিৱী মুদ্ৰা) – প্ৰীতিশা গোস্বামী


যোগ অভ্যাসৰ ভিতৰত যে কেৱল আসন আৰু প্ৰাণায়ামেই অন্তভুৰ্ক্ত তেনে নহয়৷ ‘মুদ্ৰা’ হ’ল যোগ অভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ, যি আপোনাৰ মানসিক, ভাৱনাত্মক তথা শাৰীৰিক স্বাস্থ্যৰ বাবে অতি উত্তম৷ বিভিন্ন ঋষি-মুণি সকলে বিভিন্ন শাস্ত্ৰত ৩৯৯ বিধ মুদ্ৰাৰ বৰ্ণনা দি যোৱা বুলি জনা যায়৷ তাৰ ভিতৰত কিছু সংখ্যক মুদ্ৰাহে বহুলভাৱে প্ৰচলিত৷ আজি ইয়াত মুখ্য মুদ্ৰাসমূহৰ অন্যতম ‘জ্ঞান মুদ্ৰা’ আৰু ‘পৃথিৱী মুদ্ৰা’ৰ বিষয়ে কিছু আভাস দিবলৈ যত্ন কৰা হৈছে৷ নিয়মিত মুদ্ৰাৰ অভ্যাসে আমাৰ শৰীৰৰ বহুতো ব্যাধি দূৰ কৰি সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে৷
সংস্কৃতত জ্ঞানৰ অৰ্থ হ’ল জ্ঞান আৰু ধ্যান৷ জ্ঞান মুদ্ৰা হ’ল বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ এক স্থিতি যি সৰ্বোচ্চ জ্ঞানৰ সংকেতক বুজায়৷ জ্ঞানৰ অৰ্থ হ’ল বুদ্ধিমত্তা৷ এই মুদ্ৰাৰ নিয়মিত অভ্যাসে বুদ্ধিমত্তা বৃদ্ধি কৰে৷ সেয়ে ইয়াক  ‘Mudra of knowledge’ বুলিও কোৱা হয়৷ এই যোগত জ্ঞান মুদ্ৰাক সকলোতকৈ প্ৰভাৱশালী হস্ত মুদ্ৰা ৰূপে বৰ্ণনা কৰা হৈছে, যিয়ে আত্মাক পৰমাত্মাৰ লগত সংযোগ কৰায়৷ জ্ঞান মুদ্ৰাই যোগীক গভীৰ ধ্যানস্থ অৱস্থালৈ লৈ যায়৷ সেয়ে ইয়াক ধ্যান মুদ্ৰা বুলিও কোৱা হয়৷


হাতৰ গ্ৰন্থিবোৰৰ সম্বন্ধ আমাৰ মস্তিস্কৰলগত জড়িত৷ সোঁহাতৰ সম্বন্ধ বাওঁফালৰ আৰু বাওঁফালৰ সম্বন্ধ সোঁফালৰ মস্তিষ্কৰ লগত জড়িত৷ জ্ঞানমুদ্ৰাৰ ফলত মানুহৰ সুপ্ত তন্ত্ৰ জাগ্ৰত হয় আৰু মানুহৰ কৰ্ম শক্তি বাঢ়ে৷
শৰীৰৰ পাঁচ তন্ত্ৰৰ (পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ) ভিতৰত জ্ঞান মুদ্ৰাই মুখ্যৰূপে বায়ুতত্ত্বক বঢ়োৱাত সহায় কৰে৷ বায়ু বৃদ্ধিৰ ফলত মস্তিষ্কই অধিক কুশলতাৰে কাম কৰিবলৈ সক্ষম হয়৷ সেয়ে জ্ঞান মুদ্ৰাক ‘বায়ুবৰ্ধক মুদ্ৰা’ বুলিও জনা যায়৷ জ্যোতিষ শাস্ত্ৰৰ মতে আমাৰ বুঢ়া আঙুলি মংগলৰ প্ৰতীক আৰু তৰ্জনী আঙুলি বৃহস্পতিৰ প্ৰতীক৷ যেতিয়া এই দুই তত্ত্ব সংযোজিত হয় তেতিয়া বায়ুতত্ত্ব বৃদ্ধি হয়৷
এই মুদ্ৰা ঋষিমুণি, যোগগুৰু সকলে একান্ত বাতাবৰণত নিজৰ ধ্যান পৰমাত্মাৰ লগত কেন্দ্ৰিত কৰিবলৈ, মনত শান্ত তথা বুদ্ধিমত্তা বঢ়াবলৈ কৰিছিল৷ পুৰণি কালত গুৰুকুলত বিশেষকৈ যিসকল বিদ্যাৰ্থীৰ স্মৰণশক্তি দুৰ্বল বা যি সকলৰ ধ্যান কেন্দ্ৰিত কৰিবলৈ সমস্যা হৈছিল তেওঁলোকক এই মুদ্ৰাৰ নিৰন্তৰ অভ্যাস কৰোৱা হৈছিল৷
এই মুদ্ৰা কৰিবলৈ সুখাসন, পদ্মাসন অথবা নিজৰ সুবিধা অনুসৰি যিকোনো আসনত বহি ল’ব৷ মূৰ, পিঠি, বুকু চিধা থাকিব আৰু শৰীৰ আৰামদায়ক অৱস্থাত থাকিব৷ যিসকলৰ এইদৰে বহাত অসুবিধা, তেওঁলোকে থিয় হৈয়ো এই মুদ্ৰাৰ অভ্যাস কৰিব পাৰে৷ দুয়ো হাত আঠুৰ ওপৰত ৰাখি হাত ওপৰৰ দিশত মুখ কৰি ৰাখিব৷ এতিয়া দুয়োহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰ মূৰ অংশ লগাব৷ বাকী ৩ টা আঙুলি চিধা থাকিব৷ চকু বন্ধ কৰি মনটো নিজৰ উশাহ-নিশাহৰ ওপৰত কেন্দ্ৰিত কৰিব লাগে৷ এই সময়ত যিকোনো মন্ত্ৰ বা ‘ঔঁ’ কাৰ উচ্চাৰণ কৰিব পাৰে৷ কোনো কোনো প্ৰাণায়াম কৰোতেও এই মুদ্ৰা লোৱা হয়৷


জ্ঞানমুদ্ৰা এনে এক শাৰীৰিক অৱস্থা য’ত কোনো ব্যক্তিয়ে বহি নিৰন্তৰ যদি ‘ঔঁ’ (ওম) কাৰ অৰ্থাৎ ওম শব্দৰ উচ্চাৰণ কৰে, তেন্তে অৱশ্যেই তেওঁৰ স্মৰণশক্তি আশ্বৰ্যজনকভাৱে বৃদ্ধি হয়৷ আৰম্ভণীৰ প্ৰথম সপ্তাহৰ পৰাই ইয়াৰ পৰিণাম দেখিবলৈ পোৱা যায়৷ নিজৰ আভ্যন্তৰিণ শান্তি আৰু সুখ অনুভৱ কৰিবলৈ লয় আৰু দুখক জয় কৰি সুন্দৰ জীৱন যাপন কৰিব পৰা হয়৷
এই মুদ্ৰাৰ অভ্যাসে স্মৰণশক্তি বৃদ্ধি কৰাৰ লগতে একাগ্ৰতা বাঢ়ে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ নিয়মিত অভ্যাসে মস্তিষ্ক শান্ত কৰাৰ ফলত মানুহ শান্ত স্বভাৱৰ হয়৷ পাচনতন্ত্ৰ মজবুত হয়৷ অৱসাদ দূৰ হয়, উদাসীনতা হ্ৰাস হয়৷ কফ, পিত্তৰ দোষ থকা সকলৰ বাবে অতি উত্তম৷ খং, অনিদ্ৰা, দুশ্চিন্তা, মূৰৰ বিষ আদি সমাধান কৰে এই মুদ্ৰাই৷ চিন্তা,  Tension, Depression আদিৰ ফলত হোৱা বেমাৰ, যেনে- উচ্চৰক্ত চাপ, হৃদয়ৰোগ আদি দূৰত ৰাখে এই মুদ্ৰাৰ অভ্যাসে৷ এই মুদ্ৰাই আত্মবিশ্বাস বঢ়ায় যাৰ ফলত আমি আমাৰ কাম আৰু অধিক ভালদৰে কৰিবলৈ সক্ষম হওঁ৷
যৌগিক মুদ্ৰাবোৰৰ ভিতৰত পৃথিৱী মুদ্ৰাৰো বহুত মহত্ব আছে৷ আমাৰ শৰীৰৰ পৃথিৱী তত্ত্বক এই মুদ্ৰাই জাগ্ৰত কৰে৷ আমাৰ শৰীৰত দুই মুখ্য নাড়ী-চন্দ্ৰনাড়ী আৰু সূৰ্য্যনাড়ী বিৰাজমান (এই বিষয়ে আগৰ সংখ্যাত আলোচনা হৈছে) এই মুদ্ৰা কৰিলে অনামিকা অৰ্থাৎ সূৰ্য আঙুলিৰ ওপৰত হেঁচা পৰে যাৰ বাবে সূৰ্যনাড়ী অগ্নিতত্ত্ব কম হ’বলৈ ধৰে৷ সেয়ে ইয়াক ‘অগ্নি শামক মুদ্ৰা’ বুলিও কোৱা হয়৷ আমাৰ আধ্যাত্মিক সন্তুলন বঢ়োৱাত এই মুদ্ৰা অতি লাভদায়ক, এই মুদ্ৰাই শাৰীৰিক-মানসিক অক্ষমতা দূৰ কৰি মস্তিষ্কৰ চেতনা শক্তিৰ জাগৰণ আৰু শক্তিৰ সঞ্চাৰ কৰে৷ অসুস্থ ব্যক্তিক সুস্থ কৰে তথা সুস্থ ব্যক্তিৰ নতুন চেতনা বৃদ্ধি কৰি আৰু উৰ্দ্ধগামী কৰি তোলে৷
পৃথিৱী মুদ্ৰা এক সংস্কৃত শব্দ, য’ত পৃথিৱীৰ অৰ্থ হৈছে বিশাল আৰু মুদ্ৰাৰ অৰ্থ হৈছে ইংগিত বা চিহ্ন বা মোহৰ লগোৱা৷
পৃথিৱী মুদ্ৰা কৰিবলৈও যিকোনো ধ্যানাসন বা নিজৰ সুবিধামতে যিকোনো সহজ আসনত বহি পিঠি, মূৰ, বুকু চিধা কৰিব আৰু শৰীৰ আৰামদায়ক অৱস্থাত থাকিব, অনামিকা আঙুলিৰ অগ্ৰভাগত বুঢ়া আঙুলিৰ অগ্ৰভাগ স্পৰ্শ কৰি সামান্য হেচি ধৰিব৷ বাকী ৩ আঙুলি চিধা হৈ থাকিব৷ এই মুদ্ৰা যিকোনো ঠাইত যিকোনো সময়ত কৰিব পাৰি৷ দৈনিক ১০-১৫ মিনিটৰ পৰা আৰম্ভ কৰি পিছলৈ ৩০-৪৫ মিনিট সময় কৰিব পাৰি৷
বাঢ়ি অহা শিশুৰ লগতে মহিলা তথা দুৰ্বল পাচন শক্তিৰ লোকৰ বাবে লাভকাৰী এই মুদ্ৰা৷ শাৰীৰিক তথা মানসিক বিকাশত এই মুদ্ৰাই সহায় কৰে আৰু শৰীৰ আৰু মন দুয়োটাকে অধিক স্থিৰ আৰু কেন্দ্ৰিত বনায়৷ আত্মবিশ্বাস বঢ়োৱাৰ লগতে ভয়, ভ্ৰম, চিন্তা, চঞ্চলতা আদি মানসিক স্থিতিৰ পৰা মুক্ত কৰে৷ মনক শান্ত কৰি মানসিক স্মৰণ শক্তি বৃদ্ধি কৰে৷  Depression ১ পৰা মুক্তি দিয়াৰ লগতে একাগ্ৰতা বঢ়োৱাত সহায় কৰে৷ পুৰণি মূৰঘূৰণিৰ সমস্যা দূৰ কৰে এই মুদ্ৰাৰ অভ্যাসে সেইদৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, শুকান, ৰুক্ষ ছালৰ সমস্যা দূৰ হয়৷ ওজন বঢ়োৱাত সহায় কৰে৷ ই শৰীৰৰ প্ৰায় সকলো অংগৰে বিকাশত সহায় কৰে৷ চুলি সৰা, সময়ৰ আগত চুলি পকা, চুলিৰ বিকাশ আদিত সহায় কৰে ফলত চুলি বাঢ়িবলৈ ধৰে৷ যেতিয়া Stamina আৰু Energy কমি যোৱা যেন অনুভৱ হয় তেতিয়া নিশ্চিতভাৱে এই মুদ্ৰাৰ চেষ্টা কৰিবলৈ নাপাহৰিব৷ যি আপোনাক বহুত বেছি ভাগৰুৱা অৱস্থাৰ পৰা মুক্তি দিব৷ এই মুদ্ৰাই শৰীৰত ভিটামিনৰ অভাৱ দূৰ কৰে৷ এক কথাত শাৰীৰিক স্বাস্থ্য বৰ্তাই ৰখাত এই মুদ্ৰাই সহায় কৰে৷
এই মুদ্ৰা পুৱা-গধুলি কৰিব পাৰে৷ যিসকলৰ সমস্যা বহুত তেওঁলোকে দিনটোত ১৫-২০ মিনিটকৈ ৩-৪ বাৰলৈকে অভ্যাস কৰিব পাৰে৷ কিন্তু ধ্যান ৰাখিব যাতে ভোজনৰ আধাৰ পৰা ১ ঘণ্টাৰ পিছতহে যাতে অভ্যাস কৰে৷
আহক তেন্তে আমি এই যৌগিক মুদ্ৰাসমূহৰ অভ্যাস কৰি শাৰীৰিক-মানকি স্বাস্থ্য অটুত ৰাখিবলৈ যত্ন কৰো৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top