by Arup Kakoti

শেৱালি তই মোক ভালপাৱ?
অ’ কোঁৱৰ৷
কিয় ভালপোৱা?
‘‘এনেয়ে’’৷ (কাৰেঙৰ লিগিৰী)
ভালপোৱাৰ এটা বিশ্বজনীন ৰূপ আছে৷ সকলো বস্তুগত, ক্ষমতাগত বিষয়ৰ উৰ্দ্ধত এই ভালপোৱা৷ আন্ধাৰৰ পিছত যিদৰে পোহৰ অৱধাৰিত, সেইদৰে দুষ্কৃতিৰ পিছত সংস্কৃতিও অৱধাৰিত৷ সকলো ঘৃণাৰ শেষতো সেইদৰে জয় হয় প্ৰেমৰ৷ সেয়াই বাস্তৱ৷ কোনেও এই সত্যটো ঢাকি ৰাখিব নোৱাৰে৷ প্ৰত্যেক মানুহৰ অন্তৰৰ নিভৃত কোণত সোমাই থাকে এটি প্ৰেমময় সাংস্কৃতিক শৈল্পিক সত্বা৷ ইয়াৰ পুনৰোদ্ধাৰ কৰিবলৈ যিজন অসমীয়াই অহোপুৰুষাৰ্থ কৰিলে তেঁৱেই জ্যোতিপ্ৰসাদ৷ জ্যোতি প্ৰসাদৰ সমগ্ৰ সাহিত্যৰ মাজত এই সত্যই বিদ্যমান৷
কাব্যিক স্পন্দনলৈ লক্ষ্য কৰিলে দেখা যায় জ্যোতি প্ৰসাদ আগৰৱালা স্বভাৱতে কবি৷ আনহাতে জ্যোতি প্ৰসাদৰ সৃষ্টি ৰাজিৰ ভিতৰত নাট্য সাহিত্যৰ প্ৰাধান্য সৰ্বজনবিদিত৷ তেওঁৰ প্ৰত্যেকখন নাটকেই স্বকীয় বৈশিষ্ট্যৰে মহীয়ান৷ কাৰেঙৰ লিগিৰী জ্যোতি প্ৰসাদৰ অন্যতম শ্ৰেষ্ঠ নাট্যকৃতি৷ নাটকখনৰ পটভূমি মধ্যযুগীয়া৷ আহোম যুগৰ পৰিৱেশেৰে পুষ্ট নাটকখনৰ চৰিত্ৰ বিন্যাস আৰু কাহিনী সম্পূৰ্ণ কাল্পনিক৷ ১৪ বছৰ বয়সত পৌৰাণিক কাহিনীৰ আলমত লিখা জ্যোতি প্ৰসাদৰ ‘শোণিত কুঁৱৰী’ৰ সামগ্ৰিকভাৱে কাব্যময় নাট৷ কাৰেঙৰ লিগিৰী আগৰৱালাৰ ২য় নাট্যসাহিত্য৷ উপস্থাপন, সংলাপ, পৰিৱেশ নিৰ্মাণ, চৰিত্ৰ বিন্যাসৰ অভিনৱ প্ৰয়োগৰ লগতে সমাজ জীৱনৰ সামন্তবাদী চিন্তা-চেতনাৰে পৰিপুষ্ট চিন্তাৰ জড়তা ভাঙি নাটকখনে নতুন পুৰুষক গুজি দিছিল নতুন সমাজ গঢ়াৰ অদম্য শক্তি৷
কাৰেঙৰ লিগিৰীৰ মাজেৰে মধ্যযুগীয়া সমাজব্যস্থাৰ প্ৰৱহমান ধাৰাটোক নিমজ সুন্দৰ আৰু দক্ষতাৰে ভাঙি চূৰমাৰ কৰি তেওঁৰ নতুন চকুত ৰচিছিল সাম্যবাদী সমাজ এখনৰ সপোন৷ সুন্দৰ কোঁৱৰ কাৰেঙৰ লিগিৰী নাটকখনৰ নায়ক৷ নাটকখনৰ চাৰিটা পুৰুষ চৰিত্ৰ– সুন্দৰ কোঁৱৰ, সুদৰ্শন, অনঙ্গ আৰু বপুৰা৷ এফালে সামাজিক আভিজাত্যৰ অহংকাৰ আৰু আনফালে প্ৰগতিবাদী চিন্তাৰ দোমোজাত তেওঁ সৃষ্টি কৰিছে মুখ্য চৰিত্ৰ সুন্দৰ কোঁৱৰক৷ সেইগুণে নায়ক সুন্দৰ কোঁৱৰ এটা জটিল চৰিত্ৰ৷ বাহ্যিক দৃষ্টিত সুন্দৰ কোঁৱৰ শিক্ষিত, চিন্তাশীল আৰু পৰিৱৰ্তনত বিশ্বাসী যুৱক৷ তেওঁ এক বিপ্লৱী সত্ত্বা৷
জ্যোতিপ্ৰসাদে সুন্দৰৰ মুখত দিয়া সংলাপত সেই কথাৰেই প্ৰতিফলন ঘটিছ-
‘‘প্ৰলয় হ’ব হওক৷ প্ৰলয়ৰ আৱশ্যক হৈছে৷ শতাব্দী ধৰি গোট খাই থকা সমাজৰ আৱৰ্জনা ধুই সমাজক নিৰ্মল আৰু পবিত্ৰ কৰিবলৈ এই প্ৰলয়ৰ আৱশ্যক হৈছে৷ তেন্তে আজি মই সেই প্ৰলয়ৰ আহ্বান কৰিছোঁ৷ মোৰ জীৱনলৈ, সমাজৰ জীৱনলৈ মই প্ৰলয়ক আমন্ত্ৰণ কৰি আনিম৷’’

কিন্তু এই কথাষাৰেৰে সুন্দৰক প্ৰগতিশীল বা পৰিৱৰ্তনত বিশ্বাসী বুলি কৈ পেলাব নোৱাৰি৷ সুন্দৰ কেৱল মাত্ৰ দোমোজাত থকা এটি মাত্ৰ চৰিত্ৰ নহয়, সুন্দৰে প্ৰতিনিধিত্ব কৰিছে বৰ্তমানেও প্ৰাসংগিক এখন বৃহৎ সমাজক৷ আনহাতে অসমীয়া সমাজ জীৱনত সাধাৰণতে দেখিবলৈ পোৱা প্ৰায় আটাইবোৰ চৰিত্ৰকে তেওঁ তুলি আনিছে কাৰেঙৰ লিগিৰীলৈ৷ এফালে যদি সুন্দৰ কোঁৱৰ জেদী সাহসী, বিদ্ৰোহী আনফালে অনঙ্গ দুৰ্বল, ভয়াতুৰ৷ সুদৰ্শন আকৌ ধীৰ, স্থিৰ; কিন্তু সকলো সংঘৰ্ষৰ পৰা আঁতৰি সমাজৰ প্ৰতি আস্থাশীল আৰু সমাজৰ স’তে আপোচ কৰা ব্যক্তিত্বৰ গৰাকী৷ নাটকখনত প্ৰধান নাৰী চৰিত্ৰ তিনিটা৷ ৰাজমাও, শেৱালী আৰু কাঞ্চনমতী৷ ৰাজমাও পুৰণি ধ্যান ধাৰণাত বিশ্বাসী৷ এফালে যদি শেৱালি কোমলমনা, আনফালে আকৌ কাঞ্চনমতী যুক্তিবাদী, বুদ্ধিমতী৷
সুন্দৰ কোঁৱৰ কাৰেঙৰ লিগৰীৰ মুখ্য চৰিত্ৰ৷ লক্ষ্যণীয় কথাটো হ’ল চৰিত্ৰৰ দ্বন্দ বেছি৷ সেয়া সামাজিকেই হওক বা অন্তদ্বৰ্ন্দই নহওক কিয়৷ স্বভাৱত স্পষ্ট যে তেওঁৰ বৈষয়িক আকৰ্ষণ নাই, নাৰীৰ প্ৰতি প্ৰচণ্ড বিদ্বেষী৷ কিন্তু ৰাজমাওঁৰ কথা শুনি প্ৰধানমন্ত্ৰীৰ জীয়েক কাঞ্চনমতীক বিয়া কৰায় সুন্দৰ কোঁৱৰে৷ কিন্তু লাহে লাহে কোঁৱৰে গম পায় যে কাঞ্চনমতীয়ে তেওঁক প্ৰকৃততে ভালেই নাপায়৷ মাকৰ মন ভাল লগাবলৈহে কোঁৱৰলৈ বিয়াত সোমায় কাঞ্চনমতী৷ এইখিনিতেই জঁট লাগে কোঁৱৰৰ প্ৰগতিশীল ভাৱমূৰ্তিত৷ পুৰুষ প্ৰধান সমাজৰ অংশ হৈ কোঁৱৰ সম্পূৰ্ণ প্ৰগতিশীল হৈ উঠিব পৰা নাই৷ নিজে কোনো নাৰীৰ প্ৰতি ভালভাৱ পোষণ নকৰিলেও কেৱল সামন্তীয় চিন্তাৰ প্ৰতিনিধি ৰাজমাওৰ কথা শুনি বিয়াত বহাই নহয়, ভাল নাপাওঁ বুলি কোৱাৰ পিছতো কাঞ্চনমতীক সুন্দৰে দেহ-মন দুয়োটাই দাবী কৰিছে৷
কিন্তু যি স্বাধীন, মুক্ত আৰু স্পষ্টবাদী আদৰ্শক লৈ শিল্প নিৰ্মাণৰ আখৰা কৰি আহিছিল জ্যোতি প্ৰসাদে সেই আদৰ্শ বহু পৰিমাণে প্ৰতিস্ফুট হৈছে কাঞ্চনমতী চৰিত্ৰটোৰ মাজত৷ কাঞ্চনমতী বুদ্ধিমতী৷ স্বকীয়তা বজাই ৰাখিব জানে কাঞ্চনমতীয়ে৷ কিন্তু সেই কাঞ্চনমতীয়ে অনঙ্গক প্ৰাণ ভৰি ভালপায়ো সামাজিক নিয়মৰ প্ৰকাশ্য বিৰোধ নকৰিলে৷ কাৰণ সেই স্বাধীনতা সেইখন সমাজত কোনো নাৰীৰে নাই৷ ইয়াৰ পিছতো কিন্তু বিবাহিতা কাঞ্চনমতীয়ে সুন্দৰক কয় যে, তাইৰ পৰা প্ৰকৃত ভালপোৱা আদায় কৰাৰ অধিকাৰ তেওঁৰ নাই৷ এইখিনিতেই ভিতৰৰ সততা আৰু স্পষ্টবাদীতাৰে নতুন নাৰীৰ বাটত খোজ দিলে কাঞ্চনমতীয়ে৷ প্ৰেম আৰু বৈবাহিক সম্পৰ্ক যে এক নহয় ইয়াক সুন্দৰ ৰূপত উপস্থাপন কৰিছে জ্যোতিপ্ৰসাদে সুন্দৰ কোঁৱৰ আৰু কাঞ্চনমতীৰ সম্পৰ্কৰ মাজেৰে৷ সুন্দৰে ‘‘তেন্তে সমাজে যালৈ বিয়া দিছে তাকে ভালপোৱাৰ নিৰ্দেশ দিছে, তাক তুমি কেনেকৈ পালন কৰিবা’’ বুলি কৰা প্ৰশ্নৰ উত্তৰ দিছে কাঞ্চনমতীয়ে বুজাই দিছে- অন্তৰতম কথা যে সমাজৰ প্ৰয়োজন নাই, সমাজক প্ৰয়োজন কেৱল বাহিৰা নীতিৰ৷ আৰু তাকে পালিত হ’লেই যে সমাজ সন্তুষ্ট৷ আনকি সুন্দৰে কাঞ্চনমতীৰ সতীত্ব মানেই শাৰীৰিক সত্বীত বুলি সোধা প্ৰশ্নৰ উত্তৰত কাঞ্চনমতীয়ে ‘‘তেনে হ’লে সমাজ সন্তুষ্ট’’ বুলি কৈ প্ৰচলিত সামাজিক ৰীতি-নীতিৰ বাৰুকৈয়ে ভ্ৰুকুটি কৰিছে৷ এনে এক সাহসী সত্বাৰূপেই কাঞ্চনমতীক অংকন কৰিছে জ্যোতিপ্ৰসাদে৷
কাৰেঙৰ লিগিৰী নাটকখনৰ এটা মুখ্য নাৰী চৰিত্ৰ ৰাজমাও- সুন্দৰৰ মাতৃ৷ ৰাজমাও সামন্তীয় চিন্তাৰ প্ৰতিনিধি৷ ৰাজমাওৰ এই সামন্তীয় মনটোৰ মূল বাধা সুন্দৰ৷ প্ৰগতিশীল হ’বলৈ আমি লালিত-পালিত হোৱা পৰিৱেশৰো যে কিমান প্ৰয়োজন সেয়া সুন্দৰৰ অন্তৰত দুটা বিপৰীমতমুখী ভাৱৰ অন্তদ্বন্দৰ্ৰ পৰা বাৰুকৈয়ে উপলব্ধি কৰিব পাৰি৷ ৰাজমাওৰ দৰে মানুহে গঢ়ি দিয়া সমাজত ডাঙৰ হৈ কাঞ্চনমতীৰ দৰে নাৰীৰ ভিতৰৰ স্বাভিমান ৰূপ দেখিবলৈ পোৱা সুন্দৰৰ সেয়ে দোমোজা আৰু অন্তদ্বৰ্ন্দ অধিক৷ বাহিৰত বহু পৰিমাণে প্ৰগতিশীল, সুন্দৰ আৰু বিপ্লৱী সুন্দৰ কিন্তু বহু পৰিমাণে নাৰীৰ প্ৰতি অশ্ৰদ্ধাশীল আৰু আভিজাত্যৰ অহংকাৰেৰে অসুন্দৰ৷
ইফালে এই সকলো জটিলতা, সামাজিক আৱৰণ, চিন্তা দৰ্শনৰ পৰা বহু নিলগত শেৱালি চৰিত্ৰটি৷ ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই শেৱালি সম্পৰ্কত মন্তব্য কৰি কয় যে শেৱালি ফুলৰ দৰে qw, কোমল আৰু সৌৰভমুক্ত৷ শেৱালিয়ে কোঁৱৰক ভালপায়৷ লিগিৰী হোৱা সত্ত্বেও কোঁৱৰৰ প্ৰতি স্বতঃস্ফূৰ্ত ভালপোৱা থকা আৰু কোঁৱৰৰ প্ৰশ্নত সেয়া প্ৰকাশ কৰাটো শেৱালিৰ সৰলতা৷ কিন্তু প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতিনিধি সুন্দৰে নিজৰ অহমিকাৰ বাবেই নিজৰ প্ৰেম ব্যক্ত কৰিব পৰা নাই শেৱালিৰ সন্মুখত৷ শেৱালিক কাষত বিচাৰিও, শেৱালি নহ’লে অস্থিৰ হৈ পৰিও সেয়ে শেৱালিৰ প্ৰেমক সন্দেহ কৰিছে কোঁৱৰে৷ স্বাভাৱিকতে শাসক শ্ৰেণীৰ সামন্তীয় পৰিধিৰ পৰা আঁতৰি আহি তেওঁ সেইবাবেই শেৱালিৰ প্ৰেমিক হৈ উঠিব পৰা নাই৷
কাৰেঙৰ লিগিৰীত জ্যোতি প্ৰসাদৰ বৈপ্লিৱিক চিন্তা চেতনাৰো পূৰ্ণ আভাস পোৱা যায়৷ অন্ধবিশ্বাস, পুৰণি ৰীতি-নীতিৰে আৱৰা অনুষ্ঠানবোৰ ধবংস কৰি মুক্ত আৰু বিজ্ঞানসন্মত চিন্তাৰ ভেটিত তেওঁ নিৰ্মাণ কৰিব খুজিছে এখন নতুন সমাজ৷ নাটকখনৰ সামৰণিৰ ফালে সুন্দৰ কোঁৱৰৰ যথেষ্টখিনি চিন্তাধাৰাৰ পাৰ্থক্য চকুত পৰে৷ ৰাজমাওৱে কোৱা- ‘‘চলিব লাগিব৷ তই মোৰ কথা শুনিব লাগিব’’ বোলা কথা উত্তৰত সুন্দৰে- ‘‘নুশুনো, নুশুনো নচলো৷’’ বুলি প্ৰতিবাদ কৰি উঠিছে৷ এই সুন্দৰে ৰাজমাওক উভতি ধৰিছে৷ ‘‘তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিৱন্ধন আটাইবোৰৰ বিৰুদ্ধে যাম৷ মই শেৱালিক কাৰেঙৰ ভিতৰলৈ আনিম৷ মই তাইক বিয়া কৰাম৷’’
ইমানতে নাট্যকাৰে চৰিত্ৰ এটিৰ সংশোধিত ৰূপকাঠিৰে তেওঁৰ সংলাপ শেষ কৰিব পাৰিলেহেঁতন৷ কিন্তু তাৰো বহু যোজন বাট আগুৱাই আহি জ্যোতি প্ৰসাদে সুন্দৰক নতুন সমাজ গঢ়াৰ দায়িত্বও অৰ্পণ কৰিছে৷ সেয়ে সুন্দৰে পুনৰ কৈ উঠিছে- ‘‘আৰু কি কৰিম জানা আইমাতৃ- গোটেই কাৰেঙক, গোটেই ৰাইজক তাইৰ তাইৰ আগত আঁঠু লোৱাম৷ তাইক মই কাৰেঙৰ লিগিৰী গুচাই কুঁৱৰী কৰিম৷’’ এই সংলাপেই ভাঙি চূৰমাৰ কৰিছে মই বৰ সামন্তীয় সমাজৰ ভেঁটি৷ এইখিনিতেই সফল হৈছে সুন্দৰৰ উপাসক জ্যোতি প্ৰসাদ৷
জ্যোতি প্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী নাটকখন যথেষ্ট বুজনশীল চিন্তাৰ বাহক৷ সংলাপ আৰু পৰিৱেশৰ উজ্জ্বলতা, আবেদনময়ীতাৰে নাটখনে জ্যোতিৰ স্বভাৱক কাব্যময়ী চেতনাক প্ৰতিফলিত কৰাৰ সমান্তৰালভাৱে নাটখন অধিক বাস্তৱসন্মত আৰু প্ৰগতিশীল চেতনাৰে পুষ্ট৷ কাৰেঙৰ লিগিৰীৰো সিংহভাগ চৰিত্ৰই পূৰ্ণ যৌৱনা নাৰী-পুৰুষেৰে অধিকৃত৷ নিজস্ব চিন্তা-চেতনাৰে পুষ্ট জ্যোতি প্ৰসাদ আগৰৱালা পৰিৱৰ্তনৰ দৰ্শনত বিশ্বাস কৰিছিল যে পৰিৱৰ্তনৰ বাট ৰচিব নতুনেই৷ জ্যোতি প্ৰসাদৰ বাবে সৌন্দৰ্য সাধনাৰ ৰূপ স্বকীয় আৰু অনন্য৷ সেয়ে তেওঁৰ আনবোৰ নাটকৰ দৰেই কাৰেঙৰ লিগিৰীটো নতুন প্ৰজন্মকে প্ৰতিনিধিত্ব কৰোৱাইছে৷ তেওঁৰ সৌন্দৰ্য সাধনা মানেই নতুন বিপ্লৱ, নতুন প্ৰজন্মক জাগ্ৰত কৰাৰ কৌশল উদ্দেশ্যধৰ্মী প্ৰয়োগ কৰিছে৷ ঘৃণা অহংকাৰক প্ৰেম ভালপোৱালৈ ৰূপান্তৰ কৰাই যেন তেওঁৰ শিল্পৰ মূল উদ্দেশ্য৷
কাঞ্চনমতী আৰু শেৱালি পুৰুষ প্ৰধান সমাজৰ নাৰী৷ দুয়োখন সমাজক তেওঁ অৱজ্ঞা কৰিব নোৱাৰে৷ সেয়ে সুন্দৰে নিৰ্বাসন দিয়াৰ পিছত কাঞ্চনমতীয়ে প্ৰেমৰ পৃথিৱীত জীয়াই সিদ্ধান্ত ল’ব নোৱাৰিলে৷ ইয়াৰ মূলতে আছিল কিন্তু সেইখন সমাজতে জন্ম হোৱা ভয়াতুৰ অনঙ্গও সমানে জগৰীয়া৷ যাৰ বাবে পৰৱৰ্তী সময়ত সেইখন সমাজৰ ভয়ত আত্মহতা কৰিলে চৰিত্ৰটিয়ে৷ ইফালে ৰাজমাওৱে শেৱালিক নগা পাহাৰলৈ নিৰ্বাসন দিয়াৰ পিছত কোঁৱৰে যেতিয়া শেৱালিক কুঁৱৰী কৰিবলৈ বুলি গম পালে তেতিয়া নিজে পাহাৰৰ জুৰিলৈ জাপ দি মৃত্যুক সাৱটি লয়৷ কাৰণ শেৱালিয়েও জানিছিল যে লিগিৰীক ৰাণী পাতিলে ডাঙৰীয়াসকলে কোঁৱৰৰ জীৱনলৈকে মৃত্যু মাতি আনিব পাৰে৷ এই দুয়োটা চৰিত্ৰকে দৰাচলতে প্ৰকান্তৰে হত্যা কৰিছে সমাজ ব্যৱস্থাই৷
কাহিনীৰ শেষলৈ নায়কৰ গুণগত এই পৰিৱৰ্তনৰ মূলতে কিন্তু প্ৰেমেৰে পুষ্ট এই দুটি নাৰী চৰিত্ৰ৷ নাৰীবিদ্বেষী সুন্দৰৰ মনত কাঞ্চনমতীয়ে আন সকলোৰে দৰে যে নাৰীৰো স্বাভিমান আছে, নিজৰ ই২৬া-অিনচ্ছাতহে যে নাৰী পৰিচালিত হয়, ভালপোৱাৰ এই নতুন সংজ্ঞাও খোদিত কৰি গ’ল৷ আনহাতে সুন্দৰ কোঁৱৰক আত্ম-ত্যাগেৰে প্ৰকৃত সুন্দৰতাৰ শিক্ষা দিলে শেৱালিয়ে৷ শেৱালিৰ মৃত্যুত চেতনা পাই সুন্দৰে কৈ উঠিছে- ‘‘বুজালি শেৱালি মোক বুজালি৷ মোৰ জীৱন যজ্ঞত তোৰ জীৱন আহুদি দি৷ তিৰোতাৰ অন্তৰৰ গুপুত সৌন্দৰ্যৰ নিৰ্জন খনি পোহৰাই জ্বলি থকা তিৰোতাৰ হীৰাতো শুভ ভালপোৱাৰ সম্ভেদ দি গ’লি৷’’ প্ৰেম আৰু সৌন্দৰ্যৰ সান্নিধ্য পালে দুস্কৃতি সংস্কৃতিলৈ পৰিৱৰ্তিত হয়৷ জ্যোতিপ্ৰসাদে মানুহক বাহিৰ-ভিতৰ সকলো ফালৰ পৰাই সুন্দৰ কৰিব বিচাৰিছিল৷ সেয়ে শেৱালিৰ মৃত্যুৰে সুন্দৰ কোঁৱৰক সঁচা অৰ্থত মানুহ সাঁজি থৈ গ’ল নাট্যকাৰে৷
সকলোকে সুন্দৰৰ মন্ত্ৰ দি নতুন সমাজ গঢ়ি সুন্দৰৰ উপাসনাৰে আন্তৰ্জাতিক চিন্তাৰ লগত অসমৰ যোগসূত্ৰ ৰাখিব বিচৰাজন আছিল জ্যোতি প্ৰসাদ৷ অসমীয়া নাট্য সাহিত্যৰ তিনিজন শ্ৰেষ্ঠ শিল্পীৰ অন্যতম জ্যোতিপ্ৰসাদ৷ শ্ৰীমন্ত শংকৰদেৱ, লক্ষ্মীনাথৰ দৰে জ্যোতি প্ৰসাদৰ প্ৰচেষ্টাতেই স্থাপন হৈছিল অসমীয়া নাট্য সাহিত্যৰ ভেঁটি৷ ৪২ ১ বিপ্লৱী জ্যোতি প্ৰসাদ আছিল সৌন্দৰ্যচেতনাৰ সনাতন সত্যৰ পক্ষত৷ তেওঁ বিশ্বাস কৰিছিল ৰূপান্তৰৰ মাজেদিয়েই নতুন সমাজ গঢ়িব লাগিব আৰু ৰূপান্তৰৰ বাবে বিপ্লৱ আৱশ্যম্ভাৱী৷ তেওঁৰ প্ৰতিটো শিল্প-সাধনাই আছিল কোমলতাৰ সাজ পিন্ধা অথচ কঠোৰ সংকল্পবদ্ধ অনন্য বিপ্লৱ৷ সেয়েহে বোধহয় চৰিত্ৰবোৰৰ মাজেৰে সকলো সামাজিক, ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বজনীন আবেদন ফুটাই তুলিব বিচাৰিছিল জ্যোতিপ্ৰসাদেৰে৷ দৰাচলতে এই শিল্প-চেতনা জ্যোতিপ্ৰসাদৰ নিজৰো প্ৰকৃত সত্বা৷