by Arup Kakoti

শীতৰ এটি সেমেকা সন্ধিয়াত আমি দুয়ো স্বামী-স্ত্ৰী ওলাই গৈছিলো বিদেশৰ মাটিত স্বদেশৰ চিনেমাৰ সোৱাদ ল’বলৈ৷ চিনেমাখনলৈ বৰ হৈ চৈ লাগি আছিল সেইবাবে ভাবিলো শনিবাৰ যিহেতু বন্ধ বাৰ গতিকে ৰেৱত ২.০ চিনেমাখনকে উপভোগ কৰি আহো৷
আমেৰিকাত প্ৰথম অভিজ্ঞতা ছবিগৃহত গৈ চিনেমা চোৱা৷ যোৱা পাঁচটা মাহত মোক কেইবাবাৰো লগ ধৰিছিল যদিও মইহে মন কৰা নাছিলোঁ৷ মই আচলতে ছবিগৃহত গৈ চাবলৈ বৰ এটা ভাল নাপাওঁ৷ ডাঙৰ স্ক্ৰীণ ডাঙৰ ডাঙৰকৈ হোৱা শব্দবোৰে মোক আমোদ দিয়াতকৈ কিবা অশান্তি এটাহে মোৰ অনুভৱ হয়৷ মই যদি কাৰোবাৰ আগত এনেকেও কও, মোক ঠাট্টাহে কৰিব এইজনী কি বস্তু বুলি ডাঙৰ স্ক্ৰীণ, ডাঙৰ শব্দবোৰৰ কাৰণেটো মানুহ ছবিগৃহলৈ যায়, এইবোৰনো কোনোবাই বেয়া পাইনে৷ এনে নহয় যে মই ছবিগৃহলৈ নাযাওঁ, মই বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্ব, মা-দেউতা, সহকৰ্মীসকলোৰে লগতে চিনেমা চাইছো ছবিগৃহত৷ কাৰণ তেওঁলোকৰ সংগই মোক সেই সময়ৰ কিছুমান আপুৰুগীয়া মুহূৰ্তৰ স্মৃতিয়ে মোৰ জীৱনৰ কিতাপখনৰ কেইখিলামান পাত ভৰাই তোলে৷
মোৰ ‘মা’ৰ আকাশলংক্ষী উৎসাহ, অন্তহীন তাগিদাৰ ফলত আমেৰিকালৈ অহাৰ পৰা মোৰ লগত ঘটা সকলো ঘটনাকে আদি কৰি বিভিন্ন অভিজ্ঞতাবোৰে মোৰ স্মৃতিপটত সাঁচি থৈ মগজুৰ ঘোঁৰা দৌৰাই লিখিত ৰূপ দিবলৈ চেষ্টা কৰোঁ৷ সেয়ে এইবাৰ মই চিনেমাখনৰ ভাল বেয়া দিশতকৈ ছবিগৃহটোৰ কথাহে লিখিব লৈছো৷
আমেৰিকা ঠাইৰ পৰা কিছুদূৰ গৈয়ে পাইছিলো AMট্ৰ theater, Eden Prairie Mall ১৮, এটি বৃহত্তৰ এলেকা৷ এশ শতাংশ তুষাৰপাতৰ আগজাননী থকাৰ পাছতো আমাৰ দৰে সকলো মানুহ ওলাই আহিছে চিনেমা উপভোগ কৰিবলৈ৷ যিহেতু হিন্দু চিনেমা গতিকে ভাৰতীয়লোকৰে সমাগম বেছি বুলি মই ধৰি লৈছিলোঁ৷ বাহিৰত পাৰ্কিং এলেকাত থিয় হৈ দুই-এজন ভাৰতীয় লোকক দেখা পায়৷ ভিতৰত সোমাইহে বুজিব পাৰিলো গাড়ী পাৰ্ক কৰিবলৈ ঠাই বিচাৰি ফুৰিব লগাৰ আচল ৰহস্য৷ AMট্ৰ theater (American Multi Cinema) লিখি থকা গেটইখনেদি সোমাই গৈ মোৰ এনে লাগিল কোনোবা এখন স্বপ্নপুৰীতহে যেন সোমাই পৰিলোঁ৷ (Thanks giving) ১ পৰাই আমেৰিকাখন গছজোপালৈকে সকলো ধুনীয়াকৈ সজাই পৰাই তোলে৷ বিভিন্ন ৰঙৰ ৰঙা লাইটেৰে অমাৱস্যাৰ ৰাতিটোৱো জোনাকৰে পৰিপূৰ্ণ কৰি ৰাখে৷ যিহেতু আমি গৈছিলো আমেৰিকাৰ সৰ্ববৃহৎ ছবিগৃহবোৰৰ অন্যতম এটা ছবিগৃহলৈ গতিকে ইয়াৰ কাৰুকাৰ্যই অলপ সুকীয়া আছিল৷ মনোমুগ্ধ পৰিৱেশ, অতুলনীয় আদৱ-কায়দাৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম প্ৰতিফলন ঘটিছে এই ছবিগৃহটোত৷

Christmas tree আৰু Santa Cruz ১ বিষয়ে মই নতুনলৈ লিখাৰ একো প্ৰয়োজনেই নাই৷ ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰাই খ্ৰীষ্টমাছ উদ্যাপনৰ প্ৰায় সকলো আয়োজন আৰম্ভ হৈ যায়৷ তাৰ একো ব্যতিক্ৰম দেখা নাপালোঁ সেই ঠাইতো৷ খ্ৰীষ্টমাছৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ৷ সোমাই গৈয়ে দেখা পালো সুন্দৰকৈ সজাই থোৱা এজোপা খ্ৰীষ্টমাছ ট্ৰী৷ যথেষ্ট ওখ গছজোপাৰ তলতে ৰাখিছে এখন চকী তাতে বহি ছাণ্টাৰ লগতে কিছুলোকে ফটো উঠাইছে৷ ছাণ্টাও যে ইমান ধুনীয়াকৈ সাজি-কাঁচি ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ যে প’জ দি আছে৷ অকণমান দেৰি ৰ’ লাগি মনোৰম দৃশ্যবোৰ উপভোগ কৰিলোঁ৷ আকৌ আগবাঢ়ি গৈ থাকিলো৷ আজিকালি আগৰ নিচিনাকৈ শাৰী পাতি চিনেমাৰ টিকট কাটিব লগা নহয়, সকলো অনলাইন যোগে হয়৷ আমাৰো টিকট আগতীয়াকৈ অনলাইনযোগে কৰি নিজৰ পচন্দৰ ছিট লৈ থৈছিল, মাত্ৰ আমি যথা স্থানত থোৱা কম্পিউটাৰৰ পৰা নিজেই প্ৰিণ্ট উলিয়াই লৈ পুনৰ আগবাঢ়ি গ’লো টিকটত উল্লেখ থকা স্ক্ৰীণখন বিচাৰি৷ টিকট পৰিক্ষণ কৰিবলৈ এটি প্ৰায় ১৮-২০ বছৰীয়া ল’ৰা আছিল, হাঁহিমুখে সম্ভাষণ জনাই আমাৰ টিকট চাই দুখন ৩স্তু glass দিলে৷ হাঁহিমুখীয়া মৰম লগা ল’ৰাটো কলেজীয়া ছাত্ৰ যেন মোৰ অনুভৱ হ’ল৷ ইয়াত প্ৰায় দেখিবলৈ পাও কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ কাম কৰি নিজৰ পঢ়া খৰচ উলিয়ায়৷ সকলো কামেই কৰে৷ কামক সন্মান কৰে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ ১৮ বছৰৰ পাছত মাক-দেউতাকে খৰচ নিদিয়ে ল’ৰা-ছোৱালীক, নিজেই টকা আৰ্জন কৰি পঢ়া-শুনা কৰে৷ মই যে ওপৰত উল্লেখ কৰিছিলোঁ, হিন্দী চিনেমা অকল ভাৰতীয়খিনিহে আহিছে, আচলতে তেনে কথা নহয়, ছবিগৃহটোত প্ৰায় ১৮ খন স্ক্ৰীণ আছে আৰু এই ১৮ খন স্ক্ৰীণত একে সময়তে বেলেগ বেলেগ চিনেমা চলি আছে৷ মইয়ো মূৰ্খ ইমান ডাঙৰ পাৰ্কিং এলেকা এটা গাড়ী ৰখাবলৈ ঠাই বিচাৰি ফুৰিব লগা হৈছিল, গোটেইবোৰ ভাৰতীয়ৰ গাড়ী বুলি ভবাটো৷ ভাৰতীয় লোকৰ সমাগম কিন্তু কম নাছিল, যেনিৱে চাও স্থানীয় লোকৰ লগতে যথেষ্ট ভাৰতীয় লোকক দেখা পাওঁ৷ আমি আমাৰ স্ক্ৰীণখন পাইছো সোমাই গৈ নিজৰ ছিটত বহি ল’লো৷ ভাল নাপাওঁ যদিও গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া, মাকুম আদিৰ কেইবাটাও ছবিগৃহত চিনেমা চোৱাৰ অভিজ্ঞতা নথকা নহয় মোৰ৷ এনেকুৱা আৰামদায়ক ছিট কিন্তু ক’তো পোৱা নাছিলো৷ বহি চাওঁ, শুই চাওঁ নিজৰ ই২৬া অনুযায়ী যেনেকৈ মন যায় ছিটতো মিলাব পাৰি৷ ওচৰে পাজৰে কোনোবা আছে নেকি চকু ফুৰাই দুবাৰ মান ছিটতো ওপৰ-তল, উঠা-নমা কৰি চালো৷ নতুন নতুন বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিছে দৰ্শকৰ সুবিধাৰ্থে৷ লাহেকৈ এজন দুজনকৈ হলটো ভৰি পৰিল৷ এটা কথাতে নথৈ আনন্দিত হ’লো ভাৰতীয়ৰ লগতে কেইবাজনো স্থানীয় লোকৰ আগমনে৷ হিন্দী চিনেমাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ দেখি সচাই ভাল লাগিল৷ যথাসময়ত চিনেমাখন আৰম্ভ হ’ল৷ Digital Imax projector ব্যৱহাৰ কৰাৰ বাবে চিনেমা জগতত আছো নে সঁচা পৃথিৱীতে বিচৰণ কৰি আছো গমেই নাপালো প্ৰায় আঢ়ৈ ঘণ্টা সময়৷ উন্নত মানৰsound quality শব্দবোৰ কাণত চুইহে যায় যেন, কাৰণ পৰ্দা ফাটি যাওঁ যেন কৰা শব্দ নহয়৷ আগতে যিকেইটা বস্তু বেয়া পাই মই ছবিগৃহলৈ যাবলৈ অসুবিধা পাইছিলো, ইয়াত কিন্তু তেনে একো ভাব মনলৈ অহা নাছিল৷ ইমান উন্নতমানৰ সকলো কাৰুকাৰ্য৷ চাফ-চিকুণতাৰ কথাটো ক’বলৈ একো নাথাকেই৷ যদিওবা ছবিগৃহত পোৱা খাদ্য সামগ্ৰী আকাশলংক্ষী দাম তথাপি সকলোৰে হাতত কিবা কিবি খোৱা বস্তু আছিলেই, কিন্তু খোৱা বস্তু য’তে ত’তে পেলাই কোনেও অস্বাস্থ্যকৰ পৰিৱেশ এটা গঢ়ি তোলা নাছিল৷ ধুনীয়াকৈ ঠায়ে ঠায়ে ডাষ্টবিন আছিল, কণমানিটোৱেও ডাষ্টবিনহে ব্যৱহাৰ কৰিছিল৷ এনেকুৱা এটি সুন্দৰ শনিবাৰৰ সন্ধিয়া মোক উপহাৰ দিয়াৰ বাবে ধন্যবাদ মোৰ স্বামীলৈ৷vv