চেন্নাই আৰু পণ্ডিচেৰীৰ ভ্ৰমণৰ কিছু মধুৰ স্মৃতি, কিছু অভিজ্ঞতা (নিৰু ঠাকুৰ) – Purbodix.com

চেন্নাই আৰু পণ্ডিচেৰীৰ ভ্ৰমণৰ কিছু মধুৰ স্মৃতি, কিছু অভিজ্ঞতা (নিৰু ঠাকুৰ)

দিন আহে, দিন যায়, সময় বাগৰে তথাপি মধুৰ স্মৃতিবিলাকে অন্তৰত দোলা দি থাকে, সেই সাতোৰঙী ৰংবোৰে পাখি মেলি আহি আমনি কৰেহি৷ মনত নতুনকৈ ৰং সানে৷ প্ৰায় দুবছৰৰ আগৰ এনে এটা স্মৃতিয়ে মনটোক সজীৱ কৰি জীয়াই থকাৰ প্ৰেৰণা যোগায়৷ জীৱনৰ অভিজ্ঞতাৰ কিছুমান কথা বা দৃশ্যপটে এক অদ্ভূত ধৰণে মনৰ মণিকোঠত সজীৱ হৈ ৰেখাপাত কৰি থাকে৷
এইয়া পিক্‌নিকৰ বতৰ৷ ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ দিনকেইটাত সঁচাকৈয়ে ফুৰাৰ বাবে মনবোৰ ব্যাকুল হৈ থাকে৷ এনেও মই ফুৰি খুবেই ভালপাঁও৷ ২০১৯ চনৰ কথা৷ মই ২০১৯ চনৰ জানুৱাৰী মাহত মোৰ স্বামী আৰু একমাত্ৰ ল’ৰাটোৰ সৈতে চেন্নাইলৈ বুলি ওলালোঁ৷ উদ্দেশ্য ফুৰা যদিও লগতে সুবিধা মিলিলে নিজৰ নিজৰ স্বাস্থ্যবিলাকো এবাৰ এবাৰ চেকআপ কৰি অহা৷
ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছোঁ যদিও দক্ষিণ ভাৰতৰ চেন্নাইলৈ যোৱা হোৱা নাছিল৷ সৰুৰে পৰা চেন্নাইলৈ যাবলৈ প্ৰবল হাবিয়াস আছিল যদিও সুযোগ-সুবিধা মিলা নাছিল৷ এইবাৰ সৌভাগ্যক্ৰমে যোৱাৰ দিন, বাৰ মিলিলত মনটো আনন্দত নাচি উঠিল আৰু আমি ট্ৰেইনৰে যোৱাৰ সিদ্ধান্ত লৈ নিৰ্দিষ্ট দিনটোত দেৰগাঁৱৰ পৰা মৰিয়নিলৈ আহি গন্তব্যস্থানলৈ বুলি চেন্নাই এক্সপ্ৰেছত উঠিলোহি৷ সেইদিনা ট্ৰেইন লেট নাছিল, সময়মতে  আমাৰ যাত্ৰা আৰম্ভ হ’ল৷ এই যাত্ৰাৰ সময়খিনিত স্কুল থকাৰ বাবে লগত ফুৰিবলৈ আনিব নোৱাৰা নাতি-নাতিনীকেইটালৈ বৰকৈ মনত পৰিল৷ লগতে ফুৰি ভালপোৱা মোৰ একমাত্ৰ ছোৱালীজনী (ঈশাণী) ব্যস্ততাৰ বাবে আহিব নোৱাৰাত মাজে মাজে মনটো দুখো লাগিল৷ সম্পূৰ্ণ তিনিদিন, দুই ৰাতিৰ পাছত আমাৰ গন্তব্যস্থান চেন্নাই পালোগৈ৷ ট্ৰেইনৰ পৰা নামিয়েই এখন টেক্সি ভাড়ালৈ লৈ আমি আগতেই ঠিক কৰি থোৱা হোটেলখন পালোগৈ৷ তাত ফ্ৰেছ হৈ কিছু সময় জিৰণি ল’লোঁ৷ চেন্নাইত তেতিয়াও খুবেই গৰম আছিল ৷ ল’ৰাটোৱে আমাৰ চেক্‌ আপৰ বাবে আগতীয়াকৈ ডাক্টৰৰ ওচৰত এপইণ্টমেণ্ট লৈ থৈছিল৷ পিছদিনা আমি পুৱাতেই চেন্নাইৰ এপ’ল’ হস্পিতালত মই আৰু মোৰ স্বামীৰ সম্পূৰ্ণ Body চেক্‌ আপ কৰোৱালোঁ৷ তাত ডাক্টৰ আৰু চিকিৎসাকৰ্মীসকলৰ ব্যৱহাৰত আমি মন্ত্ৰমুগ্ধ হৈ ৰ’লো৷ ইমান সুন্দৰ তেওঁলোকৰ ব্যৱহাৰ, সঁচাই শলাগিবলগীয়া৷ তাৰ মানুহবিলাক অত্যন্ত ভদ্ৰ, অমায়িক আৰু মৰমিয়াল৷ কিবা নজনা কথা থাকিলে খুব সুন্দৰকৈ বুজাই দিয়ে৷ সেইদিনা দুপৰীয়া আমি হস্পিতালৰ কেণ্টিনতে আহাৰ গ্ৰহণ কৰিলোঁ৷ ইমান সুন্দৰ পৰিৱেশ, খোৱা-বোৱাবোৰ বিৰাট হাইজেনিক৷ চেন্নাইত তেতিয়াও যথেষ্ট গৰম বাবে আমি ওলাই আহি ফলৰ ৰস পান কৰিলোঁ৷ চেন্নাইৰ বাসিন্দাসকলৰ ভদ্ৰতা আৰু নিয়মানুৱৰ্তিতা সঁচাই প্ৰশংসনীয়৷

দুদিন সম্পূৰ্ণৰূপে চেন্নাই চোৱাৰ পাছত তৃতীয়দিনা আমি পুৱাতে পণ্ডিচেৰীলৈ গ’লোঁ৷ বিশাল সাগৰ পাৰৰ মনোমোহা পৰিৱেশ দেখি আমি অভিভূত হ’লোঁ৷ আমি তাত বিভিন্নজন দেশী-বিদেশী পৰ্যটকক লগ পালো৷ তেওঁলোকৰ লগতো আমাৰ ভাবৰ বিনিময় ঘটিল৷ আমি অসমৰ বুলি জানি নদী দ্বীপ মাজুলী আৰু কাজিৰঙাৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিল৷ আমি তেওঁলোকৰ লগত ফটো উঠিলোঁ আৰু অসমলৈ আহিলে আমাক লগ কৰাৰ প্ৰতিশ্ৰুতি দিলে৷ তেওঁলোকক লগ পোৱা সেই মধুৰ মুহূৰ্তকেইটা আজিও মনত ৰৈ আছে৷ তাৰ পাছত আমি অৰবিন্দ আশ্ৰমলৈ যাত্ৰা কৰিলো৷ আশ্ৰমখনৰ নৈসৰ্গিক পৰিৱেশটো দেখা পাই আমাৰ মন ভৰি পৰিল৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আশ্ৰমখনৰ ভিতৰত সোমাই আমি মনত এক অনাবিল আনন্দ লভিলো৷ ইয়াৰ ভিতৰলৈ সোমাবলৈ শাৰী পাতিব লাগে৷ অথচ ইমান দীঘলীয়া শাৰী কিন্তু কাৰো মুখত কোনো শব্দ নাই, কোনো ক্লেশ নাই৷ সকলোৱে যেন দুখ-কষ্ট পাহৰি আশ্ৰমখনৰ এই নান্দনিক আৰু দৃষ্টিনন্দন সৌন্দৰ্যৰাশি উপভোগ কৰিছে৷ তেওঁলোকৰ নিয়মানুৱৰ্তিতা দেখি বৰ ভাল লাগিল৷ এই আশ্ৰমখনত কেইবাটাও ধুনীয়া ধুনীয়া মন্দিৰ আছে৷ প্ৰথমে আমি মাতৃ মন্দিৰলৈ গ’লো৷ চালে- চকুৰোৱা মন্দিৰৰ পৰিৱেশ৷ ইয়াৰ মন্দিৰবিলাকৰ চূড়াবিলাক ওখ ওখ৷ মন্দিৰৰ প্ৰাঙ্গণত বিভিন্ন ধুনীয়া ধুনীয়া ফুল ৰোৱা আছে৷ আটাইতকৈ ভাল লগা কথাটো হ’ল যে, এই মন্দিৰত অন্য চৰাইৰ দৰে ম’ৰা চৰাইবিলাক ঘূৰি ফুৰে৷ সেই নয়নাভিৰাম দৃশ্য আজিও চকুত ভাঁহি আছে৷ আমাৰ অসমত অভয়াৰণ্য বা চিৰিয়াখানাৰ বাহিৰে তেনেকৈ ম’ৰা চৰাই দেখা পোৱা নাযায়৷
চেন্নাইত আৰু এটা কথা দেখি বৰ ভাল লাগিল আৰু আচৰিতো হ’লোঁ৷ তাত ল’ৰা-ছোৱালীবিলাকে পঢ়াশালিলৈ যাওঁতে পিঠিত বেগ লৈ পদপথত খোজকাঢ়িহে যোৱা দেখিলোঁ৷ কিন্তু আমাৰ ইয়াৰ দৰে বাইকত উঠি কলেজলৈ যোৱা ল’ৰা-ছোৱালী সততে দেখি নাপালোঁ৷ তেওঁলোকৰ পোছাক-পৰি২৬দ বৰ মাৰ্জিত৷ ছোৱালীবোৰে চুৰিদাৰ পিন্ধে আৰু বেণী গাঁঠে, প্ৰায় ছোৱালীবোৰৰ চুলিবোৰ প্ৰায় ঘন, ক’লা আৰু দীঘল৷ অতি সাধাৰণভাৱে থাকে যদিও তেওঁলোকৰ কিবা এটা অসাধাৰণ আকৰ্ষণ শক্তি আছে৷ মাজে মাজে সন্ধিয়া সময়ত প্ৰায় বজাৰলৈ গ’লো, নাতিকেইটালৈ দুই-এপদ বস্তু কিনিলো৷ ভাবি ভাল লাগিল যদিও বেছিভাগ কথাই ইংৰাজী বা তেওঁলোকৰ ভাষাত বুজি পায় তথাপি কিন্তু ইয়াৰ ব্যৱসায়ীসকল গ্ৰাহকৰ প্ৰতি যথেষ্ট সচেতন আৰু অত্যন্ত বিনয়ী৷
ইতিমধ্যে আমাৰ ঘৰলৈ ঘূৰাৰ সময় হ’ল৷ মনটোত এক চেন্নাই ভ্ৰমণৰ সুন্দৰ অনুভৱ লৈ নিজৰ আপোন ঘৰকনলৈ আহিবলৈ ঠিক কৰিলোঁ৷ এইবাৰ কিন্তু প্লেনত ওভতাৰ সিদ্ধান্ত ল’লো৷ নিৰ্দিষ্ট সময়ত প্লেন এৰাৰ দুঘণ্টাৰ আগতে আমি আহি এয়াৰপৰ্ট পালোহি৷ নিৰ্দিষ্ট সময়ত প্লেন উৰিল৷ এফালে চেন্নাই এৰি অহাৰ দুখে যদিও অন্তৰত খুন্দিয়াইছে আনফালে কিন্তু ৰূপহী অসমভূমিৰ আপোন ঘৰখনৰ বুজাব নোৱাৰা টানে মনটোক উৎফুল্লিত কৰি তুলিছে৷ এইবোৰ ভাব-চিন্তাই অন্তৰত দোলা দি থাকোঁতেই আকাশমাৰ্গেৰে কেতিয়ানো আহি গুৱাহাটী এয়াৰপৰ্ট পালোহি গমেই নাপালে৷ প্ৰায় সন্ধিয়া প্ত-৪৫ বজাত গুৱাহাটী এয়াৰপৰ্টত নামিলোহি৷ তাৰ পৰা বাহিৰে বাহিৰে এখন টেক্সি লৈ গুৱাহাটীৰ জু-ৰোডত থকা বাইদেউৰ ঘৰ পালোহি৷ বহুত দিনৰ মূৰত আমাক পাই বাইদেউহঁতৰ মনত বহুত স্ফূৰ্তি৷ পিছদিনা পুৱাই পুনৰ ট্ৰেইনেৰে আহি দেৰগাঁওৰ বৰুৱাবামুণ গাঁৱৰ ষ্টেচনত নামিলোহি৷ তাৰ পৰা আহি সোমালোহি কেইবাদিনো আঁতৰি থকা এই আপোন ঘৰখনত৷ সঁচাকৈয়ে কেইবাদিনো বিৰতিৰ পিছত আপোন ঘৰখনৰ আপোন মানুহখিনিক পাই মনটো আনন্দত উথলি উঠিল৷
ফুৰা-চকা বা ভ্ৰমণে মানুহৰ মনলৈ এক অনাবিল আনন্দ আৰু তৃপ্তি আনে৷ অৱশ্যে বয়সভেদে আনন্দ আৰু তৃপ্তি বেলেগ বেলেগ হ’ব পাৰে৷ তথাপিও কিন্তু সকলোৰে মনলৈ যে ভ্ৰমণে সুখ কঢ়িয়াই আনে সেয়া নিশ্চিত৷ বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলে এই ভ্ৰমণৰ যোগেদি মনৰ হতাশা আঁতৰাই নিজকে আনন্দময় আৰু নিৰোগী শৰীৰৰ অধিকাৰী কৰি ৰাখিব পাৰে৷ গতিকে মাজে সময়ে বহুত দূৰলৈ নহ’লেও চমু ভ্ৰমণ কৰক আৰু নিজৰ দেহা-মন সুস্থ আৰু সবল কৰি ৰাখক৷
‘‘মিলিব ব্ৰজ, মিলিব শান্তি
        ভ্ৰমণেহে আনিব
            জীৱন মুক্ত৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *