ধাৰাবাহিক উপন্যাস – দেৱদাসী (৩) – Purbodix.com

ধাৰাবাহিক উপন্যাস – দেৱদাসী (৩)

(নৱেম্বৰ সংখ্যাৰ পাছৰ পৰা)
প্ৰথমতে দেৱদাসীসকলে শিৱ মন্দিৰৰ বিগ্ৰহৰ সন্মুখত নিতৌ দুবাৰকৈ নৃত্য পৰিৱেশন কৰিব লাগে৷ ৰাতিপুৱা বন্দনাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত৷ মন্দিৰাইও অভিশপ্ত দেহেৰে শিৱ বিগ্ৰহৰ ওচৰত দেৱদাসীৰূপে নৃত্য পৰিৱেশন কৰি থাকিল৷ সৰগৰ অপ্সৰা নৃত্যপটিয়সী উৰ্বশীৰ নিচিনাকৈ নৃত্যৰ ছন্দেৰে শিৱ অৰ্চনা কৰি ইষ্ট দেৱতাক প্ৰসন্ন কৰি আশীধন্যা হ’ব বুলিয়েই মন্দিৰাই ভাবিছিল৷ কিন্তু মন্দিৰায়ো ভবামতে নহ’ল৷ শিৱবৰ শৰ্মা পূজাৰীয়ে মন্দিৰাৰ সৰ্বনাশৰ কাল হ’ল৷ মন্দিৰা যদিও লোকচক্ষুত মন্দিৰৰ দেৱদাসী হ’ল, তাই কিন্তু আচলতে এতিয়া শিৱবৰ শৰ্মাৰ হে ৰক্ষিতা৷ দেৱদাসী প্ৰেমদা বুঢ়ীয়েও শিৱবৰ শৰ্মাক চিনি নাপালে৷ প্ৰেমদাই কিয় কৈছিল, তেখেত সৎ চৰিত্ৰৰ পুৰুষ বুলি… কিয়?? এই কথাষাৰৰ বাবেই মন্দিৰাই শিৱবৰ শৰ্মাক বিশ্বাস কৰি তেওঁ কোৱা মতেই আজ্ঞা পালন কৰি গৈছিল৷ এবাৰ যদি প্ৰেমদাই মন্দিৰাক পূজাৰীৰ চৰিত্ৰৰ বিষয়ে অভিজ্ঞতা সম্পন্না দেৱদাসী প্ৰেমদাই মন্দিৰাক এই বিষয়ে অৱগত নকৰিলে৷ সেইবাবে মাতৃতুল্য বুলি ভবা প্ৰেমদাক কোনো উত্তৰেই নিদিয়ে৷ মন্দিৰায়ো¸ উচাৎ মাৰিহে প্ৰেমদাৰ আগৰে গুচি যায়৷ প্ৰেমদায়ো মন্দিৰাৰ এনেবোৰ কথা মন নকৰা নহয়৷ মন্দিৰাৰ ভাব-ভংগীতেই যেন সকলো বুজি উঠিছে প্ৰেমদাই৷ ‘‘পূজাৰীজন নিজে নহ’লেও তেওঁ কিজানি অইন কাৰোবাৰ দ্বাৰা ভোগৰ সামগ্ৰী কৰি তুলিছে মন্দিৰাক৷ কোন হ’ব পাৰে বাৰু?’’ প্ৰেমদা বুঢ়ীয়ে এই কথাষাৰ ভাবি ভাবিয়েই মনত বৰ কষ্ট পাই থাকিল৷ কিমান বাৰ যে মন্দিৰাক তাইৰ আচলতে কি হৈছে বুলি প্ৰেমদাই সুধি ব্যতিব্যস্ত কৰি তুলিছিল৷ কোনোবাই বিগ্ৰহৰ নামত তাইৰ সৰ্বনাশ কৰিলে নেকি? কিন্তু মন্দিৰাই জানো প্ৰেমদাক ইয়াৰ উত্তৰ দিলে? মাতৃতুল্যা প্ৰেমদাই মন্দিৰাৰ কথা চিন্তা কৰি কৰিয়েই কিমান যে মনত কষ্ট পাইছে সেইকথা কেনেকৈ বুজাব পাৰিব মন্দিৰাক৷
আজিকালি মন্দিৰাই অনবৰত যে মনটো মাৰি থাকে এই কথা ৰম্ভাইও মন নকৰা নহয়৷ সৌ সিদিনালৈ মন্দিৰাৰ অভিষেক অনুষ্ঠানত যাবলৈ নাপাই কিমান যে মন বেয়া কৰি আছিল তাই৷ কিন্তু এতিয়া মন্দিৰাই দেৱদাসীৰূপে মন্দিৰত আৰতি কৰাৰ পিছৰে পৰা মন্দিৰাৰ ভাব-ভংগী, আচাৰ-ব্যৱহাৰত যি পৰিৱৰ্তন দেখা পালে তাৰ পিছৰে পৰা ৰম্ভাৰ দেৱদাসী হোৱাৰ অদম্য ই২৬াও যেন লাহে লাহে নোহোৱা হৈ আহিব ধৰিলে আৰু কিবা এক সমস্যাৰো আৱৰ্তত সোমাই পৰা যেনহে লাগিল ৰম্ভাৰ৷ মন্দিৰা আৰু প্ৰেমদা বুঢ়ীক সুধি সুধিও উত্তৰ নাপাই এদিন নিজৰো যেতিয়া বিগ্ৰহৰ লগত অভিষেক হ’ব, তেতিয়াহে কিজানি ৰম্ভাই এই ৰহস্যৰ ভেদ ভাঙিব পাৰিব বুলি উগুল-থুগুল হৈ পৰা মনটিক জোৰকৈ পতিয়ন নিয়ালে৷
দেৱদাসী মন্দিৰাই নিজৰ ভৰিত পিন্ধা নূপূৰৰ ৰুণজুন শব্দৰ পৰিৱৰ্তে মৈঠুন নৃত্যৰহে যেন প্ৰতিধবনি শুনি থাকিল৷ দেহ-মনৰ লগতে যে দেৱালয়ৰো পৱিত্ৰতা তাইৰ বাবে অশুচী হ’ব ধৰিছে লাহে লাহে৷ মন্দিৰৰ পিছফালে থকা কেতেকীবাৰীৰ সেইজীয়া পাতৰ আঁৰত হালধীয়া বৃত্তৰ বুকুত শুকুলা বেণুৰে উপচি থকা কেতেকী ফুলৰ আমোলমোল গোন্ধতো মতলীয়া নহয় আজিকালি মন্দিৰাই৷
দেৱদাসী/ দেৱতাৰ দাসী নে ঘৃণ্য মানুহৰ দাসী?
জীৱন-যৌৱনৰ আশা আৰু কামনাৰ য’ত তাই
সকলো কলংকৰ মণি৷
সময়ৰ নিষ্ঠুৰতাত কলংকিতা হ’লো আজি দেৱদাসী
নিষ্ঠুৰ মানুহৰ বলি৷
দিন যোৱাৰ লগে লগে পূজাৰী শিৱবৰ শৰ্মাৰো দেৱদাসী মন্দিৰাৰ লগত গোপন আভিসাৰৰ মাত্ৰাও বাঢ়ি যাব ধৰিলে৷ প্ৰথম অৱস্থাত মন্দিৰাই আপত্তি কৰিছিল, কান্দিছিল, কাকুতি-মিনতি কৰিছিল…৷ কিন্তু ক্ষুধিত বাঘৰ আগত হৰিণীৰ চকুপানীয়ে জানো কাম দিয়ে? তাইৰো একেই দশা হ’ল৷ ফলস্বৰূপে দেৱদাসী মন্দিৰা হ’ল অন্তঃসত্ত্বা…৷ তাই হ’ল কুলটা…৷ তাই মন্দিৰৰ দেৱদাসীৰ পৰা পৰ্য্যবসতি হৈ গণিকা পাৰাত থাকিব লগা হ’ল৷ নাই-নাই… তাই কেতিয়াও নোৱাৰে তাত থাকিব৷ মৰি গ’লেও তাই এই জীৱন যাপন কৰিব নোৱাৰে… নোৱাৰে… নোৱাৰে…৷ মন্দিৰাই এই ঘৃণ্য জীৱন নলৈ দেউতাকৰ ঘৰলৈ গুচি গ’ল৷ কিছুদিনৰ পিছত গাঁৱৰ মানুহে যেতিয়া জানিলে, তাইক নিজৰ ঘৰৰ পৰাও গঞা ৰাইজে বাহিৰ কৰি দিলে৷ কাৰণ তাই কুলটা, গাঁৱত পতিতাৰ স্থান নাই৷ তাই যে বংশৰ কলংক, গাঁৱৰ কলংক৷ গাঁৱত তাই থাকিব নোৱাৰে৷ যদি তাইক গৃহস্থই ৰাখে তেন্তে দেউতাক হ’ব জগৰীয়া৷ ফলস্বৰূপে হ’ল লাগিব এঘৰীয়া সমাজৰ পৰা, গাঁৱৰ মানুহৰ পৰা জুই-পানীৰে এলাগী৷ নাই নাই তাই সেইটো কেতিয়াও হ’বলৈ দিব নোৱাৰে৷ মন্দিৰাই নিজেই ঘৰৰ পৰা ওলাই গ’ল৷ তাই পতিতালয়ত আশ্ৰয় ল’বলৈ বাধ্য হ’ল৷ তাইৰ জাৰজ সন্তানটো জন্মিয়ে মৰিল৷ তাৰ পিছত তাই ক’লৈকো নগৈ সেই মন্দিৰৰ ওচৰতেই থাকিবলৈ ল’লে৷ দেৱদাসী মন্দিৰা হ’লগৈ পতিতালয়ৰ দেহ বিক্ৰী কৰা গণিকা ‘‘ময়ুৰী’’…৷
দিন গৈ মাহ; মাহৰ পিছত বছৰ৷ এইদৰে চাৰিটা বসন্ত পাৰ হ’ল৷ ইকিমধ্যে ময়ুৰী (মন্দিৰা)ৰ বৃদ্ধ দেউতাকৰ মৃত্যু হ’ল৷ ময়ুৰীৰ ভায়েক নবীন আৰু মাকৰ পানীত হাঁহ- নচৰা অৱস্থা৷ ইতিমধ্যে দেউতাকৰ বেমাৰত বহু টকা খৰচ হ’ল৷ খেতি-মাটি যিখিনি আছিল মহাজনে হাত কৰিলে৷ বাকী থকাখিনিও বিক্ৰী গ’ল৷ তথাপি দেউতাকক বচাব নোৱাৰিলে৷ দেউতাকৰ মৃত্যুৰ ক্ৰিয়া-কৰ্ম কৰিবলৈ নবীনৰ হাতত ফুটা কড়িও নাই৷ জ্ঞাতিভোজ দিবই লাগিব৷ পুত্ৰ হৈ পিতৃৰ মৃতকৰ্ম কৰিবই লাগিব৷ এতিয়া কি কৰে সি? শেষত একো উপাই নেপাই নবীন গৈ বায়েক মন্দিৰা ওৰফে ময়ুৰীৰ কাষ চাপিল৷ সকলো গম পোৱাৰ পিছত মন্দিৰাই তাক টকা দিবলৈ সন্মত হ’ল৷ কিন্তু এটা কথা ভায়েকক ক’লে যে তাই হ’লে পিতাকৰ সকামত উপস্থিত থাকিব৷ নবীন বায়েকৰ কথাত সন্মত হ’ল৷
মন্দিৰা ওৰফে ময়ুৰীয়ে ভায়েক নবীনক টকা দিলে৷ নবীনেও টকা লৈ ঘৰলৈ আহিল আৰু মন্দিৰাৰ টকাৰে সি পিতাকৰ সকাম ভালদৰে পাতি গঞাৰ জ্ঞাতি ভোজ পাতিলে৷ গঞা ৰাইজ ভোজ খাবলৈ আহিল৷ সকলোৱে খাবলৈ বহিছে এনেতে মন্দিৰা ওৰফে ময়ুৰী ওলাই আহি ৰাইজক সম্বোধন কৰি ক’বলৈ ধৰিলে, ‘‘বহক ৰাইজ/ আগতে আপোনালোকে মোৰ দুটি কথা শুনক/ ক’ব পাৰোনে?’’ গাঁৱৰ মুখীয়ালে ক’লে– ‘‘কোৱা, তোমাৰ কি ক’বলগীয়া আছে৷ কৈ দিয়া কি ক’বা তুমি?’’ মন্দিৰাই অলপ সময় মনে মনে থাকি ক’বলৈ ধৰিলে৷ ‘‘শুনক ৰাইজ/ এদিন আপোনালোকে মোক বেশ্যা-পতিতা বুলি কৈ সমাজচু্যত কৰিছিল৷ গাঁৱৰ পৰা জোৰকৈয়ে উলিয়াই দিছিল৷ আজি সেইজনী ময়ুৰী পতিতাৰ টকা নবীনে আনি পিতাৰ বৰভোজ পাতিলে আৰু আপোনালোকে সেই পতিতাৰ টকাৰে পতা বৰভোজ খাবলৈ বহিছে৷ পতিতাৰ টকাৰে পতা বৰভোজ খালে আপোনালোকৰ জাত নেযায়টো? মন্দিৰাৰ কথা শুনি ৰাইজৰ মাজত গুণগুণনি উঠিল, ‘‘কথাটো মিছা নহয় দে…৷’’ শুনা ময়ুৰী/ টকাৰ কোনো জাত-পাত নাই, টকাৰ কোনো চুৱা নাই; টকা টকায়ে/ আৰু তুমি দিয়া টকাৰে পিতাৰাৰ জ্ঞাতিভোজ পাতিছা; পিতাৰাৰ সকাম পাতিছা, ইয়াত কোনো দোষ নাই৷ তুমি তেতিয়া এটা সময়ৰ বাবে পতিতা আছিলা৷ তুমি ময়ুৰী নহয়, তুমি মন্দিৰাহে৷ এতিয়া তুমি দেৱালয়ৰ নৰ্তকী; তুমি দেৱদাসী৷’’ ৰাইজৰ মাজত গুণগুণনি হয়, দেৱদাসী… দে-ৱ-দা-সী৷ তুমি দেৱদাসী৷
মন্দিৰাই স্বগতোক্তি কৰিলে৷
মই দেৱদাসী?
মই দেৱদাসী কাৰ?
মন্দিৰৰ নে, মানৱৰ নে, দেৱতা১…?
মই দেৱদাসী মন্দিৰৰ পূজাৰী১…
মই দেৱদাসী সমাজৰ বৰমুৰীয়াৰ
মই দেৱদাসী পাষাণ দেৱতাৰ///
হৃদয়ৰ ষড়োপচাৰেৰে
বন্দনাৰ আৰতিৰে
কৰি আছোঁ পূজা দেৱতাৰ?
যৌৱনৰ ৰঙীণ স্বপ্নালী
সিঁচি থৈ দেৱ মন্দিৰত
কণ্ঠসুৰ কাৰুণ্যৰ পিন্ধি পুস্পহাৰ
মই দেৱদাসী কা১…???

Leave a Reply

Your email address will not be published. Required fields are marked *