প্ৰেমৰ দিন- ভেলেণ্টাইন ডে (কৰবী বৰ্মন কলিতা) – Purbodix.com

প্ৰেমৰ দিন- ভেলেণ্টাইন ডে (কৰবী বৰ্মন কলিতা)

১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’, প্ৰেমাস্পদসকলৰ বাবে এক বিশেষ দিনস্বৰূপ৷ প্ৰেমৰ পৃথিৱীত বিচৰণ কৰাৰ এক বিশেষ দিন প্ৰেমিক-প্ৰেমিকাসকলৰ৷ কিয়নো প্ৰেমৰ বাবে এইটো বিশেষ দিন৷ নতুন বৰ্ষৰ দ্বিতীয়টো মাহত অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ উদ্‌যাপন কৰে প্ৰেমিক যুগলসকলে বিশ্বজুৰি৷ কোনে ক’ত লগ পাব কাক, কি উপহাৰ দিব? ইত্যাদি বিভিন্ন প্ৰশ্নৰ সংঘাত চলে সেই শুভ ক্ষণৰ প্ৰাক মুহূৰ্তত৷ মনৰ কোঠালিত, কামনাৰ সংঘাত চলে৷ দৰাচলতে ভালপোৱা আছে বাবেই পৃথিৱীখন সেউজীয়া হৈ আছে৷ ভালপোৱা আছে বাবেই পুৱাৰ সূৰুযৰ কিৰণত ফুলবোৰে পাহি মেলি হাঁহিছে, ভালপোৱা আছে বাবেই গছবোৰত ন-কুঁহিপাত ওলাইছে, ভালপোৱা আছে বাবেই প্ৰভাতী পক্ষীৰ সুৰত সমগ্ৰ জগতখন আনন্দত নাচিছে৷ কেৱল মাত্ৰ ভালপোৱা আছে বাবেই মোৰ, তোমাৰ আৰু অনন্যজনৰ হৃদয়ত সৃষ্টি হয় এখন সেউজীয়া পৃথিৱীৰ, এখন মুক্ত আকাশ আৰু এমুঠি প্ৰেমৰ জোনাকৰ৷ তাক জীয়াই ৰাখিবলৈ পুনৰ মন মেলে সেই বিশেষ দিনটোত৷ এই প্ৰেমৰ দিনটোৰ তাৎপৰ্য উল্লেখনীয়৷
বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ভেলেণ্টাইন ডে’ এটা ডাঙৰ উৎসৱত পৰিণত হৈছে৷ এই ভেলেণ্টাইন ডে’ৰ আঁৰত থকা আচল নায়কজন হ’ল ছেণ্ট ভেলেণ্টাইন৷ পুৰণি কালত ৰোমত সকলো নাগৰিকে সেনাবাহিনীত যোগদান কৰাটো এটা নিয়ম আছিল, আনহাতে সেনাবাহিনীত যোগদান কৰা লোকসকলে বিয়া কৰাব নোৱাৰিছিল৷ ছেণ্ট ভেলেণ্টাইনও আছিল ৰোমৰ সেনাবাহিনীৰ এজন৷ পিছে তেওঁ আছিল এজন দুৰ্দান্ত প্ৰেমিক, প্ৰতিদিনে তেওঁ নতুন প্ৰেমৰ সন্ধানত ঘুৰি ফুৰিছিল৷ সেই সময়ত সম্ৰাট কাউডিয়াছ আছিল ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ তেওঁ ভাবিছিল সৈনিকসকলক প্ৰেম, যৌনভাৱ আদিৰ পৰা আঁতৰাই ৰাখিব পাৰিলেহে ভালদৰে দেশসেৱা কৰিব পাৰিব৷ কিন্তু ভেলেণ্টাইন আছিল ইয়াৰ সম্পূৰ্ণ বিৰোধী তেওঁ নিজে একাধিক নাৰীৰ সম্পৰ্ক ৰাখিছিল আৰু গোপনে কেবাজনো সৈনিকক বিয়া পাতি দিছিল৷ তেওঁৰ মতে প্ৰেম মানুহৰ জন্মগত অধিকাৰ৷ ইয়াৰ ওপৰত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই৷ এইবোৰ কথা গম পাই সম্ৰাট ক্লাউডিয়েছে বিচাৰ কৰিবলৈ আদালতলৈ ছেণ্টক মাতি পঠিয়ালে; কিন্তু ভেলেণ্টাইনে নিজৰ মত সলনি নকৰো বুলি কোৱাত তেওঁক কাৰাগাৰত বন্দী কৰি থোৱা হ’ল৷ তেওঁৰ প্ৰেমৰ প্ৰতি ধাউতি ইমানেই প্ৰৱল আছিল যে কাৰাগাৰত থাকিও প্ৰেম চলাই গৈছিল৷ অৱশেষত সম্ৰাটে ২৭০ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীৰ দিনাখন তেওঁক মৃত্যুদণ্ড দিয়া হয়৷
ভেলেণ্টাইনে প্ৰেমক ৰক্ষা কৰাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল৷ সেয়ে তেওঁৰ মৃত্যু দিৱস উপলক্ষে ১৪ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বতে ‘ভেলেণ্টাইন ডে’ হিচাবে পালন কৰা হয়৷

ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ এই দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে (ভেলেণ্টাইন বাৰ্তা) সম্ভাষণ জনায়৷ এই দিনটো, উচ্চ মধ্যযুগৰ জিও’ ফ্ৰি চাওচাৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে, প্ৰথমবাৰৰ বাবে ৰোমাণ্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে৷ এই দিৱসটো প্ৰথমবাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃপূঃত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়৷
ভেলেণ্টাইন ডে’ৰ দিনটোৰ কথা ক’বলৈ গ’লে বৰ্তমান প্ৰতিযোগিতা যুগ হৈ পৰিছে৷ এই দিনটোত কোনে কাক কিমান দামী উপহাৰ দিব, পাৰ্টি কৰিব সেয়াহে প্ৰস্তুতি চলায়৷ বৰ্তমান সময়ত প্ৰেমিক-প্ৰেমিকা বহুতেই জানে মাথোঁ সময় পাৰ কৰিব, এনজয় কৰিব৷ নাজানে পবিত্ৰ প্ৰেম আচলতে কেনেকুৱা৷
বৰ্তমান সময়ত ভালপোৱাৰ সঠিক সংজ্ঞা দিবলৈ হয়তো কঠিন৷ ক্ষিপ্ৰগতিত আগবাঢ়ি যোৱা বস্তুবাদী সমাজখনত যেন ক্ৰমে মূল্যহীন হৈ পৰিছে ভালপোৱা হেন পবিত্ৰ অনুভূতিৰ৷ স্বাৰ্থৰ ৰঙা জুইৰ অগনিত দগ্ধ হৈ যৌন ক্ষুধা নিবাৰণৰ এটি মাথোঁ শব্দ হৈ পৰিছে এই ভালপোৱা৷ পূৰ্বৰ সেই বুকুৰ সমস্ত ভালপোৱাৰে উজাৰি লিখা নীলা খামৰ চিঠিৰ ভাষাবোৰ পৰিৱৰ্তিত হ’ল ক্ৰমশঃ এছ এম এছ, ই-মেইল, ভিডিঅ’ কলিং, ইনষ্টাগ্ৰাম, ফে’চবুকৰ অবোধ সংক্ষিপ্ততালৈ৷ নৈৰ পাৰৰ কঁহুৱাৰ ছাঁৰ প্ৰাকৃতিক প্ৰেমৰ নীৰৱ আবেলিবোৰ পৰিৱৰ্তিত হ’ল কোনো এখন ৰেস্তোঁৰা তথা বাৰৰ ৰঙীণ সন্ধিয়ালৈ৷ ভালপোৱা এক নীৰৱ অনুভূতি, ইয়াত নাথাকে কোনো বস্তুবাদী ধাৰণা৷
তাৰ মাজত এনেকুৱা প্ৰেমিক-প্ৰেমিকাও আছে যিয়ে আগৰ দৰেই পবিত্ৰ প্ৰেমক জীয়াই ৰাখিছে৷ যাৰমনত এতিয়াও আছে গভীৰ প্ৰেম, বিশ্বাস৷
 What is LOVড্ৰঞ্জ প্ৰেম কি? বিভিন্নজনৰ এই প্ৰশ্নৰ উত্তৰ নাইবা সংজ্ঞা বিভিন্নধৰণৰ৷ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে– প্ৰেম হৈছে আবেগ, অনুভূতি, খং, অভিমান আদি সকলো ধৰণৰ মুক্ত অনুভৱ৷
এজন প্ৰকৃত প্ৰেমিক তেওঁৰ প্ৰেমৰ বাবে যিকোনো সীমা অতিক্ৰম কৰিব পাৰে৷ আপুনি কাৰোবাৰ নিজৰ বাবে প্ৰকৃত প্ৰেম কাঢ়ি আনিব নোৱাৰে৷ কিয়নো প্ৰকৃত প্ৰেম কৰো বুলি কোনেও কৰিব নোৱাৰে ই নিজে হৈ যায়৷ চৰ্তবিহীন, নিঃস্বাৰ্থ আৰু সত্যতা হৈছে প্ৰকৃত প্ৰেমৰ লক্ষণ৷ ত্যাগ আৰু সমৰ্পণ থকা প্ৰেম হৈছে প্ৰকৃত প্ৰেম৷ প্ৰকৃত প্ৰেমে প্ৰতিটো পৰিস্থিতিত আপোনাৰ সৈতে থাকে৷ য’ত ইজনৰ সিজনৰ প্ৰতি সন্মান থাকে, সেই প্ৰেমক প্ৰকৃত প্ৰেম বুলি কোৱা হয়৷ আচলতে প্ৰেমৰ কোনো পৰিসীমা নাই৷ ইয়াক কোনো শব্দ আৰু বাক্যৰে সংজ্ঞাবদ্ধ কৰিবও নোৱাৰি৷ ই অনন্ত, ই অসীম৷ পৃথিৱীৰ প্ৰত্যেকৰে হৃদয়ত প্ৰেমৰ অনুভূতি থাকে৷ অৰ্থাৎ ই এক বিশ্বব্যাপী পবিত্ৰ স্বৰ্গীয় অনুভূতি, যাক মাথোঁ অনুভৱ কৰিব পাৰি৷

Leave a Reply

Your email address will not be published. Required fields are marked *