সুখৰ সন্ধান আৰু বাৰ্দ্ধক্য (দুই) – ইন্দুভূষণ মহন্ত – Purbodix.com

সুখৰ সন্ধান আৰু বাৰ্দ্ধক্য (দুই) – ইন্দুভূষণ মহন্ত

আমি নৱেম্বৰ মাহতে এই শিতানত কিছু কথা লিখিছিলোঁ৷ এই বিষয়ে আৰু দু-আষাৰমান লিখাৰ কথা প্ৰয়োজন হ’ল বুলি ভবা হ’ল৷
এজোপা বৃদ্ধ গছে কুঁহিপাত মেলি পথিকক ছাঁ দি বিনিময়ত একো নিবিচৰাৰ দৰে মনোবলৰ গৰাকী হৈও কিছুমান কামৰ মাজত অনাবিল আনন্দ পাব পাৰি৷ যেনে ঃ ফুলনি আৰু শাকনিবাৰীত কাম কৰা, পুৱা-গধূলি খোজকঢ়া, চাইকেল চলোৱা আদি কামে শৰীৰ আৰু মনৰ উপকাৰ সাধে৷ পুৱা-গধূলি ৰুচি অনুযায়ী সঙ্গীত শুনা আৰু দূৰদৰ্শনৰ ধনাত্মক কাৰ্যসূচী উপভোগ কৰিলে মানসিক তৃপ্তি লাভ কৰিব৷
পৰিয়ালত, চুবুৰীত, আত্মীয়-স্বজনৰ লগত, সমাজত বটবৃক্ষৰ দৰে দিহা-পৰামৰ্শৰ মাজেদি দুখ-সুখৰ সমভাগী হৈ জ্ঞান-প্ৰজ্ঞাৰে সন্মানিত হ’ব পাৰিব৷
কিতাপ, বাতৰি কাকত পঢ়ি আনন্দেৰে সময় কটাব পাৰিব৷ ভ্ৰমণৰ যোগেদিও সতেজ আৰু মানসিক আহাৰ লাভ কৰিব পাৰে৷ সকলোখিনি সকলোৰে বাবে সম্ভৱ নহ’লেও সামৰ্থ অনুযায়ী এটা বা দুটা গ্ৰহণ কৰি উপকৃত হ’ব পাৰে৷
বাৰ্দ্ধক্য স্ব-মহিমাৰেই উপভোগ্য৷ নিজৰ হাত ভৰি দুখনেই পৰম বন্ধু বাবে সক্ৰিয় কৰি ৰাখিব লাগে৷ যৌৱন কালৰ পৰাই পৰিয়ালৰ ব্যক্তিসকলৰ মাজত বন্ধুত্ব সূলভ, আত্মিক বান্ধোন গঢ়ি সুখ-শান্তিৰ পথ ৰচনা কৰিব লাগে৷ কাৰণ যুৱক সকলো এদিন বৃদ্ধ হ’ব লাগিব৷
যোগাত্মক আৰু সৃষ্টিমূলক কৰ্মৰাজিৰে চাৰিও দিশ ৰঙীণ কৰি তুলিব পাৰে, যাৰ বাবে আমাৰ পৰিয়াল আৰু প্ৰতিবেশীয়ে গৌৰৱ কৰিব পাৰে৷ কাৰণ পাৰ হৈ যোৱা দিনবোৰতকৈ পূৰ্ণ বয়সৰ অভিজ্ঞতাই গৰকা দিনবোৰ অধিক বৰ্ণময়ো হ’ব পাৰে৷ ঠিক ৰান্ধনি বেলিৰ ৰ’দ জাকৰ দৰেই৷ এইদৰেই স্ব-মহিমাৰেই উপভোগ কৰিব পাৰিলে নিঃসঙ্গ আৰু অৱহেলিত নি(য় নহ’ব৷ তদুপৰি যুৱক সকলো প্ৰাপ্তবয়স্কৰ সান্নিধ্যত উপকৃত হ’ব৷
অৰ্থনৈতিক দিশটোত সকলোৱে গুৰুত্ব দিব লাগে৷ ক’ত জানো পঢ়িছিলোঁ- ‘‘কালিলৈ মৃত্যু হ’ব বুলি ভাবি আজিয়েই উপাৰ্জন কৰা আৰু ভগবানৰ চিন্তাৰে পূণ্য আৰ্জন কৰা আৰু ইয়াৰ তিনি ভাগৰ এভাগ বৃদ্ধ কালৰ বাবে সঞ্চয় কৰা৷’’ যাতে বৃদ্ধ কালত স্বনিৰ্ভৰশীল হৈ চলিব পাৰে৷
সামৰ্থ থকা অৱস্থাতে পোৱাৰ মানসিকতা ত্যাগ কৰি দিয়াৰ মানসিকতা গঢ় দি ল’ব লাগে৷ তেতিয়াহে সময়ত সকলোৰে পৰা সহায়-সহযোগ লাভ কৰিব পাৰি৷ এই প্ৰচেষ্টা নিজৰ ফালৰ পৰাই আগভাগ ল’ব লাগে৷
জীৱনৰ প্ৰতি যোগাত্মক দৃষ্টিভঙ্গী ল’ব লাগে৷ ই আমাৰ দেহৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়৷ জীৱনৰ এটা পৰ্যায় শেষ হ’লেই পিছৰ পৰ্যায়টো আহি পৰে৷ গতিকে সময়ৰ কাম সময় মতেই কৰিব লাগে৷ যৌৱনৰ পৰা বাৰ্দ্ধক্যলৈ গতি কৰা এই সকলৰ মনোবেদনা অলপ কাষত বহি সংগ দিলে বুজিব পৰা যায়৷ জীয়াই থকাৰ উদ্দেশ্য কেৱল জীৱিকা উপাৰ্জন কৰি লাভালাভৰ চিন্তা কৰা, ক্ষমতা ব্যৱহাৰ কৰি অৰ্থ উপাৰ্জন কৰা, আভিজাত্যৰ দৌৰৰ প্ৰতিযোগিতাত নামি আত্মীয় স্বজনৰ প্ৰতি থকা দায়িত্ব পাহৰি যোৱা জানো?

মৰম-চেনেহৰ সম্বন্ধবোৰতো আউল লাগিল৷ টকা-পইচা বা স্বাৰ্থৰ লগত জড়িত হৈ পৰিল৷ এই আত্মীয়তা বিচাৰিবলৈ মন-মানসিকতাত প্ৰয়াস আৰু অৱকাশৰ অকণো ঠাই নেথাকিলে আমাৰ আত্মীয়তা আৰু সম্বন্ধবোৰ জীয়াই নেথাকে৷ সম্বন্ধ জীয়াই থাকিলে দুখ-সুখৰ সমভাগী হৈ যি অনাবিল আনন্দ পায় তাক পোৱাজনেহে উপলব্ধি কৰিব পাৰে৷ নোপোৱা জনে নোৱাৰে৷ সেইবাবে ব্যক্তিকেন্দ্ৰিক মনোভাবৰ বাবেই বৃদ্ধসকল হতাশাত ভূগি নিঃসংগতাৰ বলি হ’ব লগা হয়৷ সন্তানক লৈ মধুৰ সপোন দেখা যান্ত্ৰিক আধুনিক সমাজ ব্যৱস্থাৰ যেন এইসকল অপমাণিত আৰু পৰিত্যক্ত ব্যক্তি৷
আধুনিক, ব্যস্ত সমাজখনত ইলেক্ট্ৰনিক মাধ্যমে মানৱ সমাজখনক ওচৰ চপাই আনিলেও মানসিক দূৰত্ব বঢ়াই নিলে৷ সকলোৰে ক্ষেত্ৰত নহ’লেও ককা-আইতাহঁতৰ ওচৰত বহি সাধু শুনিবলৈ নাতিহঁত বহুত দূৰত৷ ওচৰত থাকিলেও ফোনত ব্যস্ত৷ হয়তো বিচৰাখিনি তাতে পায়৷ সাধু কথাৰ নায়ক-নায়িকাৰ এতিয়া দীঘলীয়া জিৰণি৷ ককা-নাতিৰ সেই পুৰণি সম্পৰ্কও নাইকিয়া হ’ল৷ নাতিক লগা বস্তু, ককাই দিব নোৱাৰা হ’ল৷ গতিকে সকলো আঁতৰি যোৱাত ককা-আইতাহঁত অধিক নিঃসঙ্গ হ’বলৈ ধৰিছে৷ সৰু সৰু পৰিয়ালতকৈ যৌথ পৰিয়াল আগৰদৰে থাকিলে এই নিঃসঙ্গতা আঁতৰ হোৱাৰ নি(য় থ’ল আছে৷
কিছুমান সাময়িক ঘটনা-পৰিঘটনাই সমাজখনক অস্থিৰ কৰি তুলিছে৷ এইক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলে নি(য় কিছু সহায় কৰিব পাৰিব যেন লাগে৷ বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক কাৰণত মূল পৰিয়ালৰ পৰা সৰু সৰু পৰিয়ালত শিশু ডাঙৰ-দীঘল হ’ব লগা হৈছে৷ তেওঁলোকৰ একমাত্ৰ সঙ্গী হ’ল ‘ফোন’৷ ফোনতে বহু কিবা কিবি পায় তেওঁলোকে বিচৰা৷ কিন্তু তাহানিৰ ককা-আইতা আৰু নাতিৰ সম্পৰ্ক নোহোৱা হ’ল৷ ফোনতে সম্পৰ্ক ৰক্ষা কৰি চলি থাকিলেও সান্নিধ্য সুখ আৰু শিক্ষা নোপোৱা হ’ল৷ জোনবাই এ বেজি এটা দিয়া, বা তুলসী তলৰ মৃগপহু চৰে জাতীয় সাধু শুনাৰ অৱকাশ নোহোৱা হ’ল৷ কিন্তু বৃদ্ধৰ নাতিহঁতলৈ বহুত হেঁপাহ৷ গতিকে চুবুৰীৰ অন্য নাতি সকলৰে মঙ্গল চিন্তা কৰি লগত খেলা-ধূলা কৰি গল্প কৈ সান্নিধ্য লাভ কৰি নৈতিক উৎকৰ্ষ সাধনত সহায় কৰিব পাৰে৷

সচেতন সকলে ফোনৰ ব্যৱহাৰ, অপব্যৱহাৰ আৰু অতিমাত্ৰা ব্যৱহাৰ, বয়সৰ লগত থকা ফোনৰ সম্পৰ্কৰ বিষয়ে অভিভাৱকসকলক সচেতন কৰি তোলা আৱশ্যক৷ ফোনে বহুতো শিশুক কু-কৰ্মলৈ প্ৰৰোচিত কৰা ইতিমধ্যে বাৰ্ত্তা প্ৰেৰণ কৰিছে৷ শিশু অপৰাধী হোৱা প্ৰমাণ পোৱা গৈছে৷ কিশোৰীক যৌন নিৰ্যাতন কৰি হত্যা বা পঞ্চম মহলাৰ চাদৰ পৰা জপিয়াই আত্মহত্যা কৰিবলৈ প্ৰৰোচিত বা বাধ্য কৰোৱা আদি ঘটনা এই অসমতে ঘটিছে৷ এইবিলাক প্ৰতিৰোধ কৰাৰ কথা জ্যেষ্ঠসকলে চিন্তা কৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ চৰকাৰেও শিশুসকলৰ বাবে কেনেকুৱা ফোন দিব লাগে তাকো নিৰ্দ্ধাৰণ কৰাৰ কথা চিন্তা কৰা প্ৰয়োজন৷
শেষত সুখ-শান্তি লাভৰ কাৰণে আধ্যাত্মিক দিশতো গুৰুত্ব দিয়াতো উচিত বুলি ভবা হয়৷ জীৱনত প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ কৰাতকৈ প্ৰাপ্তিতে সন্তুষ্ট থাকিব পাৰিলে সুখ অনুভৱ কৰিব পাৰে, কাৰণ ভোগ সৰ্বস্ব সমাজখনত অপ্ৰাপ্তিৰ সীমা নাই৷ সেয়ে আত্ম সংযমৰ মাজেদি আগবঢ়াৰ উপদেশ মণিষীসকলে দি গৈছে৷ ৰূপ, ৰস, গন্ধ, শব্দ, স্পৰ্শ– এই পঞ্চতন্ত্ৰ, কাম, ক্ৰোধ, লোভ, মোহ, তৃষ্ণা (অধিক পোৱাৰ দুৰ্বাসনা) ই মনক অসুখী কৰি তোলে আৰু প্ৰথমে নোপোৱাৰ চিন্তাই পিছত দুশ্চিন্তাৰ অগ্নিয়ে নিজকে পুৰি মাৰে৷ তাক পুৰুষেও কৈছিল চিন্তাৰ সমান ব্যাধি নাই৷ শ্ৰীৰাম আতাই (চলিহা বাৰেঘৰ সত্ৰৰ ধৰ্মগুৰু, শঙ্কৰদেৱৰ পিছৰ পৰ্যায়ত তেখেতেই পাহাৰৰ নক্তে প্ৰধান নৰোত্তমক শৰণ দিছিল) লিখিছিল বিবাদ এৰিবলৈ৷ ‘‘শ টকা ভৰিবা বিবাদ এৰিবা৷’’ ভোগে নহয় ত্যাগেহে মানুহক সুখ দিয়ে৷ মনত শান্তি বিলায়৷ আনৰ দুখৰ সমভাগী হওক, নিজে আনন্দ উপভোগ কৰক৷ শেষত শ্ৰীৰাম আতাৰ লিখনিৰে সামৰণি মৰা হ’ল৷
ৰূপ ৰস গন্ধ – পৰশ শৱদ৷ পঞ্চ সৰ্পে বেঢ়ি যায়৷৷
কাম ক্ৰোধ ঘোৰ – কুম্ভীৰ মগৰ৷ কামোৰে পৰাণ যায়৷৷
মোহ পাশে তল – কৰে ধন জন৷ তৃষ্ণা ঢৌৱে আস্ফালয়৷৷
চিন্তায়ে অগণি – পুৰি মাৰে চানি৷ তাৰু তাৰু কৃপাময়৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *