সৰস্বতী পূজা আধ্যাত্মিকতা বনাম অতি আধুনিকতা (ফেশ্বন) -ঈশানী পৰাশৰ – Purbodix.com

সৰস্বতী পূজা আধ্যাত্মিকতা বনাম অতি আধুনিকতা (ফেশ্বন) -ঈশানী পৰাশৰ

‘‘ওঁম জয় জয় দেৱী চৰাচৰ সাৰে
কুচযুগ শোভিত মুক্ত হাবে৷
বীণা ৰঞ্জিত পুস্তক হস্তে
ভগৱতী ভাৰতী দেৱী
            নমোহস্তুতে৷’’
হিন্দু ধৰ্মৰ দৰ্শন মতে, জ্ঞান, বিদ্যা-বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী হ’ল মা সৰস্বতী৷ জ্ঞান-বিজ্ঞান, সংগীত কলাৰো আৰাধ্যা দেৱী সৰস্বতী৷ তেওঁ হ’ল মেধা, কলা, জ্ঞান-বিজ্ঞান, দৰ্শন আৰু দক্ষতাৰ প্ৰতিমূৰ্ত্তি৷ অজ্ঞান আন্ধাৰ নাশি জ্ঞানৰ পোহৰ বিলায় জগতত দেৱী সৰস্বতীয়ে৷ দেৱী qwবৰ্ণা, সদায় qw বসনা, হাস্য বদনী আকৌ কমনীয়৷ দেৱী সৰস্বতী চতুভূৰ্জা আৰু তেওঁ পদুম ফুলৰ ওপৰত আসন বিৰাজ কৰে৷ দেৱীৰ শিৰে কিৰিটি শোভা কৰে, হাতত কংকন আৰু কেশ দীঘল৷ তেওঁৰ এখন হাতত পদুমফুল, আন এখন হাতত পুস্তক (বেদ) বিদ্যাৰ প্ৰতীক৷ এখন হাতত অক্ষয়মালা আৰু আনখন হাতত সৰগীয় বীণ থকা দেখা যায়৷ বীণা চাৰু কলাৰ প্ৰতীক সোঁহাতৰ অক্ষমালা হ’ল অধ্যাত্মিক জ্ঞান, সাধনা আৰু তপস্যাৰ প্ৰতীক৷ হাতত বীণা থকাৰ বাবে তেওঁৰ আন এটা নাম হ’ল বীণাপানী৷ দেৱী বাহন ৰাজহংস হ’ল শুদ্ধ বিচাৰ ক্ষমতাৰ প্ৰতীক৷ যেনেকৈ ৰাজহংসই পানীত মিহলি হৈ থকা গাখীৰ পৃথক কৰিব পাৰে ঠিক তেনেকৈ শুদ্ধ বিচাৰ বুদ্ধি আৰু সু-বিদ্যাই আমাক মোক্ষ প্ৰদান কৰে৷
বেদমাতা সৰস্বতী সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ভাৰ্যা৷ তেওঁ সমগ্ৰ সৃষ্টিৰে জ্ঞানদায়িনী মাতৃ শক্তি৷ আক্ষৰিক অৰ্থত ‘‘সৰস্বতী’’ শব্দৰ অৰ্থ হ’ল ‘প্ৰবাহমান’৷ ঋকবেদৰ মতে, সৰস্বতী এখন নদী৷ এই নদীৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী৷ সেই কাৰণে সৰস্বতী মাতাক উৰ্বৰতা আৰু পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়৷ মা সৰস্বতীক গায়ত্ৰী, সাৱিত্ৰী, বেদমাতা, বীণাপানী, জ্যোতিৰূপা, সাৰসা, শ্ৰীবিদ্যা দায়িনী, বাগদেৱী, ব্ৰাহ্মী আদি নামেৰেও জনা যায়৷ বৈদিক যুগৰ পৰাই দেৱী সৰস্বতীক বিদ্যা আৰু বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী স্বৰূপে পূজা কৰি অহা হৈছে৷ দেৱী সদায় জ্ঞান আৰু মেধাৰ ৰক্ষাকাৰিণী, তেওঁ সদায়ে মানুহক শুভ বুদ্ধি প্ৰদান কৰি মাজপথৰ সন্ধান দিয়ে৷ মানুহৰ বিশ্বাস যে, জ্ঞানৰ দেৱী মাতা সৰস্বতী সুপ্ৰসন্ন হ’লে বিদ্যা-বুদ্ধিত পাৰ্গত হ’ব পাৰে৷ এই ধৰণৰ জনবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত শ্ৰীশ্ৰীসৰস্বতী পূজা অনুষ্ঠিত কৰা হয়৷ দেৱী সৰস্বতী মাতৃক পূজা-অৰ্চনা কৰা হয়৷ এই ধৰ্ম, বিশ্বাস আৰু পৰম্পৰাক লৈয়ে সমাজ পৰিচালিত হয়, যিয়ে সমাজখনক শুদ্ধতা আৰু একতাৰ এনাজৰীৰে বান্ধি ৰাখে৷
প্ৰকৃতিৰ এই পৰম্পৰা ৰক্ষা কৰিয়েই প্ৰতিবছৰে মঠ-মন্দিৰ, দেৱালয়, শিক্ষানুষ্ঠান, ৰাজহুৱা প্ৰতিস্থান, বেংক আৰু ব্যক্তি বিশেষৰ ঘৰতো এই পূজা অতি উলহ-মালহেৰে উদ্‌যাপন হৈ আহিছে৷ বিশেষকৈ, শিক্ষানুষ্ঠানসমূহত এই পূজা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰি আহিছে৷ বিশেষকৈ বিদ্যালয়ত অনুষ্ঠিত এই পূজা ভাগত ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগ যথেষ্ট উৎসাহজনক৷ সম্পূৰ্ণ ধৰ্মীয় নীতি ৰক্ষা কৰি ছাত্ৰ-ছাত্ৰীসকলে দেৱী সৰস্বতী মাক আৰাধনা কৰে৷ তেওঁলোকৰ আশা আৰু কামনা, দেৱী সৰস্বতী সন্তুষ্ট হৈ তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰক৷

কিন্তু সাম্প্ৰতিক সময়ত দেখা গৈছে যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে পূজাৰ পৰিৱেশ৷ দেৱী পূজাৰ আৰাধনাই কিছু হ’লেও ৰূপ সলাইছে৷ পূজাৰ আধ্যাত্মিকতা যেন কিছু হ’লেও কমি যোৱা পৰিলক্ষিত হৈছে৷ পূজাৰ পৰম্পৰা, আধ্যাত্মিকতা, ভাৱ-ভক্তিৰ ঠাইত এতিয়া আহি পৰিছে যেন কেৱল ফেশ্বনৰ চেহেৰা৷ এতিয়া পূজা বুলিলে যেন আৰাধনাক নুবুজায়, এতিয়া পূজা হৈ পৰিছে যেন এক অঘোষিত ফেশ্বন প্ৰতিযোগিতা৷ এতিয়া পূজা বুলিলে প্ৰায় আশী শতাংশৰ মনলৈ প্ৰথমে আহে পিন্ধন-উৰণ, ফুৰা-চকা৷ এতিয়া সৰস্বতী পূজা বুলিলেই যেন অত্যাধুনিক সাজ-সজ্জাৰে নিজকে সজাই তোলা৷ অৱশ্যে এইক্ষেত্ৰত কিছু ব্যক্তিগত টি. ভি চেনেলে ‘‘সৰস্বতী সুন্দৰী’’ ঘোষণা কৰি উদ্‌গনি নিদিয়া নহয়৷ ধুনীয়াকৈ সাজোন-কাচোন কৰক, ভালকৈ থাকক তাত আমাৰ ক’বলগা একো নাই, কিন্তু পূজাৰ পৰম্পৰা আৰু আধ্যাত্মিকতা ৰক্ষা কৰিহে কৰিব লাগে৷ নহ’লে হয়তো পূজাৰ স্বকীয়তা আৰু গৰিমা ম্লান হ’বলৈ বেছি সময় নালাগিব৷ যেনেকৈ আমি সৰুতে নিজৰ পঢ়া বিদ্যালয়খনত পুৱাই উঠি গা-পা ধুই পূজাৰ থলীলৈ গৈ ধূপ-চাকি, মাহ-প্ৰসাদ, ফলমূলৰ নৈৱেদ্য আগবঢ়াই সেৱা ধৰিছিলোঁ, দেৱী মাৰ চৰণত আশীৰ্বাদ লৈছিলোঁ, সেই পৰম্পৰা ছাত্ৰ-ছাত্ৰীসকলে পুনৰ বৰ্তাই ৰাখিব লাগিব৷ নহ’লে পূজাৰ আধ্যাত্মিকতা আৰু স্বকীয় মাদকতা নোহোৱা হৈ পৰিব৷ পৰিৱৰ্তনৰ ধামখুমীয়াত পূজাৰ মণ্ডপসমূহতো নতুন নতুন চমক আহি পৰিছে, যাৰ ফলত পূজাৰ মান বহু পৰিমাণে হ্ৰাস পাৱা যেন অনুমান হয়৷ সেইবাবে, সময় থাকোঁতেই প্ৰতিজন সচেতন ধৰ্মপ্ৰাণ ৰাইজে লক্ষ্য কৰিব লাগিব যাতে অতি আধুনিকতাৰ পাকচক্ৰত পৰি সৰস্বতী পূজাৰ গৰিমা আৰু মহিমা যেন ম্লান হৈ নাযায়৷
দেৱী মা সৰস্বতীয়ে সকলোৰে মনত শুভ বুদ্ধিৰ উদয় কৰক৷ পৃথিৱীৰ অসূয়া, অপ্ৰীতি, অশান্তি নোহোৱা হওক, এখন সুখময়, শান্তিময় সমাজ গঠন হওক৷ দেৱী মা সু-প্ৰসন্ন হওক, সকলোৰে মনৰ অভীষ্ট পূৰ্ণ কৰক৷
‘‘ওঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে
বিশ্বৰূপে বিশানাক্ষী বিদ্যং দেহী নমহস্তোতে৷৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *