আমি এনে এখন ঘৰৰ সন্তান যি দেউতা বুলি ক’লেই ভয়, সমীহ আৰু শ্ৰদ্ধাৰ কথাই বুজো৷ কেতিয়াবা ভাব হৈছিল আমাক ইমান বেছি শাসন কৰিছিল যাৰ বাবে আমাৰ মনলৈ ক্ষণিক বেয়াপোৱা ভাবো আহিছিল৷ লাহে লাহে বুজি উঠিছিলো পিতৃৰ ৰঙা চকুহালত অন্তৰ্নিহিত হৈ থকা মৰম, ভালপোৱা আৰু সন্তানৰ প্ৰতি থকা দায়িত্ববোধ৷
যোৱা বৰ্ষৰ মে’ মাহৰ পোন্ধৰ তাৰিখে আমি পিতৃহাৰা হৈছিলোঁ৷ মূৰৰ ওপৰৰ পৰা খহি পৰিছিল এখন আকাশ৷ প্ৰায় এবছৰে সীমাহীন যন্ত্ৰণা আৰু কান্দোনত উপলব্ধি কৰিছিলোঁ এক বিশেষ শূন্যতা৷ যি শূন্যতা কোনেও পূৰাব নোৱাৰে৷ ঘৰখনৰ য’তে ত’তে ওলমি ৰোৱা দেউতাৰ উপস্থিতি আৰু সজল দৃষ্টি যেতিয়াই তেতিয়াই মোৰ মোৰ চকুত পৰিছিল৷ দিনবোৰ বাগৰিছিল৷ হ’লেও মাৰ শৰীৰ খহিছিল৷ মন ভাঙিছিল৷ আমাৰ বিশেষ মানুহজনৰ উপস্থিতি সঘনাই অনুভৱ হ’বলৈ ধৰিছিল৷ অকাৰণে উচুপনি আহিছিল৷ শূন্যতাই আমাক উপলব্ধি কৰাইছিল জীৱন বিয়োগে দিয়া হতাশা আৰু শোকৰ গাঁথা৷ তাৰপিছত বহুবাৰ সপোনত দেখিছো দেউতাক৷ গুণগুণ আৰু আমাক চাবলৈ অহা, আমাৰ ঘৰৰ অকণমানি বেলকণিখনত থিয় দি সন্ধিয়াৰ মহানগৰীৰ ছবি উপভোগ কৰি থকা আদি অনেক চিনাকি ছবি ৰৈ গ’ল দেউতাৰ আমাৰ বুকুত৷ তেওঁ যেতিয়াই ঘৰখনলৈ নতুন বস্তু বা নতুন কাম এটা কৰিছিল, কৈছিল ‘‘দেউতাই দেখা হ’লে বৰ ভাল পালে হয়৷’’ দেউতাৰ মৃত্যুত লিখা কিছু কথাই তেওঁক কন্দুৱাইছিল৷ তেওঁ ঘৰলৈ গৈ ৰাতি শোৱাৰ পৰত প্ৰায়ে কৈছিল দেউতাৰ অভাৱৰ কথা৷
জীৱনৰ নিৰ্দেশনা৷ জীৱনলৈ দ্বিতীয়টো আঘাত৷ শোকেও যে মানুহক বোবা কৰে তাক উপলব্ধি কৰো৷ পিতৃহাৰা হ’ল কণমানিজনী৷ দৃঢ়সংকল্প লওঁ তাইক আৱৰি ৰখাৰ পিতৃ-মাতৃৰ দুটা ভূমিকাৰ মৰমেৰে৷ চাৰিমাহে দেউতাৰ কথাবোৰ কমকৈ মনলৈ আহি আছিল৷ মৃতকৰ পৃথিৱীত তেওঁ নিজৰ মাক-দেউতাকৰ লগতে কিজানি দেউতাকো লগ পাইছে এই ভাৱনাও মনলৈ আহিছিল৷ ভগৱানৰ প্ৰতি কোনো ক্ষোভ নথকাকৈ ভগৱানৰ চৰণত তেওঁক প্ৰতিদিনে অৰ্পণ কৰি আহিছোঁ৷ সপোন বৰকৈ নেদেখো তেওঁৰ৷ মেলা চকুত তেওঁৰ বাৰম্বাৰ অহা-যোৱা থাকে৷ কালিও টোপনি কম হৈছিল মোৰ৷ টোপনিতে কান্দিছিলোঁ সম্ভৱ/ চিলমিল টোপনিত দেউতা আহিছিল৷ দেউতাই সকলো কথাই জানিছিল৷ টোপনিতে কান্দি থকা মোক দেউতাই কাষ চপাই কপালত চুমা এটা দিছিল৷ ডাঙৰ হোৱাৰে পৰা আমাৰ দেউতাৰ স’তে দূৰত্ব বাঢ়িছিল আৰু আমি বেছিভাগ মা নিৰ্ভৰ আছিলোঁ৷ সৰুতেই যি দেউতাৰ পিঠিয়ে বুকুৱে উঠিছিলো ডাঙৰ হোৱাৰে পৰা সেয়া নাই৷ আমাৰ বুকুত কেৱল সমীহ আৰু প্ৰায়ে ভয় ভাৱ ৰৈ গৈছিল৷ মই দেউতাৰ বুজনি আৰু আশ্বাস শুনিলোঁ৷ কান্দিলোঁ দেউতাৰ বুকুত যিটো মই তেওঁ গুচি যোৱাৰে পৰা কাৰো লগতে কৰা নাই৷
দুদিনমানৰ আগতে আকস্মিক দুৰ্ঘটনাত বিয়োগ হোৱা মোৰ বন্ধু পত্নীয়ে মোক প্ৰশ্ন কৰিছিল… ‘‘গুন গুনে দেউতাকৰ কথা সুধেনে৷’’ কেৱল তেওঁৱেই নহয়, বহুজনে বহুবাৰ মোৰ সুধি থাকে এই প্ৰশ্ন৷ বেয়া নাপাওঁ৷
কিয় নুসুধিব? দেউতাক সন্তানৰ আত্মাৰে সম্পৰ্কিত৷ যি দেউতাকে সন্তানৰ মুখ চাই উপলব্ধি কৰে সন্তানৰ বুকুৰ কথা, সেই সন্তান কিদৰে বিচ্ছিন্ন হ’ব দেউতাকৰপৰা? দেউতা বুলিলেই যি বিশ্বাস, আস্থা আৰু নিৰ্ভৰ হ’ব পৰা এখন বুকু সেই বুকুৰ সৈতে সন্তানৰ সংযোগী সাঁকো সদায়ে থাকিব৷ বন্ধু পত্নীক দিব নোৱাৰা উত্তৰ এটা মই দেউতাক দেখা সপোনটোৱে মোক দি গ’ল… তেওঁৰ সোতৰমহীয়া ছোৱালীজনীক, যি গৰ্ভত থাকোঁতেই দেউতাক নোহোৱা হৈছিল, সেই সন্তানৰ দেউতাক সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ কি দিব সেই চিন্তাত সদায়ে ভয়ত বিতত হোৱা নাৰীগৰাকীক মই কওঁ… এদিন সেই দিনটোৱেই আহিব৷ যি দিনত আমি ক’বলগীয়া একো নাথাকে৷ দেউতাকৰ অৱস্থিতি তাইৰ বুকুত বাহৰ পাতি থাকিব৷ দেউতাকৰ অৱয়ব, স্বৰূপ আৰু তাইৰ প্ৰতি থকা আশা, আকাংক্ষাবোৰ তাইক স্পৰ্শ কৰোৱাব পাৰিলেই তাই দেউতাকৰ ছাঁ পাব তাইৰ বুকুত বহি ৰোৱা দেউতাকৰ৷ তাৰ পিছত তাই অবাটে কেতিয়াও নাযায় আৰু মাকক উত্তৰবিহীন প্ৰশ্ন নকৰিব৷ মাকক তাই কৈ পেলাব… ‘‘মোৰ দেউতা সবাতোকৈ ভাল মানুহজন৷’’ মৃত কি জীৱিত, পিতৃ-মাতৃৱে সন্তানক আৱৰি ৰাখিব সদায়ে৷ যেনেকৈ দেউতাৰ সপোনৰ স্পৰ্শই মোক কিবা এটা সাহস দি গ’ল৷ মোৰ মনত উদয় হোৱা অনেক প্ৰশ্নৰ উত্তৰ মই পাই গ’লো৷
এদিন ভালপোৱাৰ সংজ্ঞাত লিখিছিলোঁ…
ভালপোৱাতকৈ ধুনীয়া একো নাই৷ ভালপোৱাৰ আলাপতকৈ শুৱলা একো নাই৷ জুখিব নোৱাৰা, বুজাব নোৱাৰা, অনুভৱৰ কথা কৈ শেষ কৰিব নোৱাৰা ভালপোৱাৰ ৰাগীত বান্ধ খাই প্ৰেমিক চৰাই হোৱাৰ সমান সুখ ক’তো নাই৷
ঃ সেয়ে নুসুধিবা মোক কিমান ভালপোৱা বুলি?
ঃ অগণিত হিচাপ এটা দি মোক অনুভৱত ডুবাই ৰাখিবলৈ তোমাৰ মন নাযায়?
সঁচা৷
ভালপোৱাৰ সমান সুখ একো নাই৷ তুমি মাত্ৰ ভালপাবলৈ শিকা৷
এৰা… মাত্ৰ ভালপোৱাই বুকুখন পাতল কৰি ৰাখিব৷ সময় পাহৰাব পৰা মলম হ’ব পাৰে৷ কিন্তু একেবাৰে নিঃশেষ কৰিব নোৱাৰে৷ সুবিধা পালেই সকলো উজাই বহিব পাৰে৷ কিন্তু ভালপোৱাই সকলো নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ উত্তৰবিহীন বহু পশ্নৰ উত্তৰ ভালপোৱাই সহজ কৰি তোলে৷ অনুপস্থিতিতকৈ উপলব্ধি কৰি নিজক জীৱন দিয়াটোৱে শ্ৰেয়৷ তেতিয়া একোৱে নেহেৰায়৷