কণ্ঠই যাৰ প্ৰথম পৰিচয় (নৱনীতা শৰ্মা) – Purbodix.com

কণ্ঠই যাৰ প্ৰথম পৰিচয় (নৱনীতা শৰ্মা)

এই ক্ষুদ্ৰ লিখাটোত মই এনে এজন সফল ব্যক্তিৰ কখা ক’ব বিচাৰিছোঁ যাৰ আছে অনন্য ব্যক্তিত্ব, অসাধাৰণ প্ৰতিভা৷ যাৰ আছে গুৰু গম্ভীৰ কণ্ঠস্বৰ, সন্মোহন আৰু এক ব্যঞ্জনা৷ যাৰ কণ্ঠই স্ৰোতা-দৰ্শকৰ হৃদয়ত সৃষ্টি কৰে এক অনন্য অনুভূতিৰ অনুৰনন৷ যাৰ আঙুলিৰ পৰশত গীটাৰত সৃষ্টি হয় সুৰৰ ঝংকাৰ৷ একেৰাহে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, অভিনেতা, বাদ্যযন্ত্ৰ শিল্পী, কবি, আবৃত্তিকাৰ তথা এসময়ৰ আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জনপ্ৰিয় ঘোষকগৰাকীয়ে হ’ল বহুমুখী প্ৰতিভাৰ অধিকাৰী চৈয়দ ছাদুল্লা৷ বৰ্তমান তেখেত ডিব্ৰুগড় নালিয়াপুলৰ নিবাসী৷
এই মহান শিল্পীজনৰ জন্ম হৈছিল ১৯৪৮ চনত ডিব্ৰুগড়ত৷ কিন্তু দেউতাকৰ চাকৰি সুত্ৰে ছিলং যাব লগা হয় আৰু তাতেই তেখেতে সপ্তম শ্ৰৈণীলৈকে শিক্ষাজীৱনৰ পাতনি মেলে আৰু আকৌ পুনৰ ডিব্ৰুগড়লৈ ঘূৰি আহি ডিব্ৰুগড় গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পিছত ১৯৭১ চনত ইংৰাজী আৰু অসমীয়া ভাষাত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত ঘোষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ১৯৭৫ চনত তেখেতৰ এই কৰ্মজীৱনে নিয়মীয়াভাৱে স্বীকৃতি পায়৷ এইজনেই ব্যক্তি যাৰ কণ্ঠস্বৰে শৈশৱৰ পৰা আমাক মোহিত কৰি আহিছে, বৰ্ণালী, ডাক পখিলী আদি এই অনুস্থানবোৰে৷ এই অনুস্থান কেইটাৰ সময়খিনিলৈ আমি অতি আগ্ৰহেৰে বাট চাই ৰৈ থাকো৷ বিশেষকৈ বৰ্ণালীৰ সেই মধুৰ সময়খিনি কেনেকৈ পাৰ হৈ যায় ধৰিবকে নোৱাৰো৷ সেই বৰ্ণালীৰ মিঠা আমেজে আমাক দিছিল হৃদয়ত এক মিঠা শান্তি আৰু অনুভূতি৷

মনপৰশা আছিল এই দুয়োটা অনুষ্ঠানেই আৰু ঠিক সেইদৰেই তেখেতৰ সুন্দৰ সৃষ্টি গীতসমূহ শুনিবলৈ অধীৰ আগ্ৰহৰে বাট চাই ৰৈ থাকেঁা পুৱাৰ গীতাঞ্জলী অনুস্থানলৈ৷ আনহাতেদি জনপ্ৰিয় কণ্ঠশিল্পী সংগীতা বৰঠাকুৰ বাইদেউৱে তেখেতৰ কেইবাটাও গীতত কণ্ঠদান কৰি জনপ্ৰিয়তা লাভ কৰিছিল৷ উদাহৰণস্বৰূপে কাজিৰঙা মই কাজিৰঙা, বহুদিন গাঁওলৈ যোৱা হোৱাই নাই আদি গীতবোৰ আজিও কাণত ৰিণিকি ৰিণিকি বাজি থাকে৷ তেখেতৰ সৃষ্টিৰ এই গীতবোৰত প্ৰকাশ পায় এখন জীৱন্ত প্ৰতি২৬বি৷ ১৯৬৫ চনত তেখেতে কানৈ মহাবিদ্যালয়ত ‘‘কুইভাৰৰ্চ’’ গ্ৰnপ এটা গঠন কৰিলে, য’ত আছিল অসমৰ জনপ্ৰিয় কেবাজনো ব্যক্তি৷ তেখেতসকল হ’ল ক্ৰমে– বিজু ফুকন, ৰাজেন গোহাঁই, ভৱেশ গোস্বামী, ড॰ জিয়া ৰহমান, হেমন্ত দত্ত, প্ৰবীণ গোস্বামী আৰু নজিফুৰ ৰহমান৷ এই গ্ৰnপটোৱে সেই সময়ত জনপ্ৰিয়তা লাভ কৰিছিল৷ সঁচাই এইগৰাকী মহান শিল্পীৰ ব্যক্তিত্বৰ প্ৰতিভা অনন্য- অদ্বিতীয় আৰু অতুলনীয়৷ অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য আৰু শিল্প কলাৰ জগতখনত আপোনাৰ অসমান্য অৱদানেৰে এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে৷ বিশেষকৈ আপুনি নৱপ্ৰজন্মৰ কাব্যনুৰাগী আৰু সংগীতানুৰাগী যুৱক-যুৱতীসকলক নতুন পথৰ সন্ধান দিবলৈ সক্ষম হৈছে৷ আপোনাৰ এই সুদীৰ্ঘ সাংস্কৃতিক, সামাজিক, শৈল্পিক বৰ্ণিল জীৱন পৰিক্ৰমা, এইদৰেই আগুৱাই লৈ যাওঁক আৰু সদায়ে নৱপ্ৰজন্মৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰওঁক৷

Leave a Reply

Your email address will not be published. Required fields are marked *