স্মৰণীয় চলচ্চিত্ৰ ‘দি বাৰ্থ অৱ এ নেছন’ (১৯১৫) – ড॰ ছালিম আলি আহমেদ – Purbodix.com

স্মৰণীয় চলচ্চিত্ৰ ‘দি বাৰ্থ অৱ এ নেছন’ (১৯১৫) – ড॰ ছালিম আলি আহমেদ

যোৱা সংখ্যাৰ পিছৰ পৰা…
এচামে আফ্ৰিকীয়সকলৰ মুক্তিক সমৰ্থন কৰাৰ বিপৰীতে আনচামে তাৰ বিৰোধিতা কৰিছিল৷ চলচ্চিত্ৰখনত বৰ্ণনা কৰা অনুসৰি এই গৃহযুদ্ধই কৰ্ণেল বেন কেমেৰুণ আৰু কংগ্ৰেছমেন আষ্টিন ষ্টনমেনৰ মাজৰ দীৰ্ঘ পাৰিবাৰিক বন্ধুত্বৰ অৱসান ঘটাইছে৷ কৰ্ণেল কেমেৰুণে আফ্ৰিকীয়সকলৰ মুক্তিক বিৰোধিতা কৰিছিল আৰু ষ্টনমেনে তেওঁলোকৰ সমৰ্থনত থিয় দিছিল৷ গৃহযুদ্ধৰ সময়ত তেওঁলোকৰ দুয়োটা পৰিয়ালেই  ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ আনহাতে গৃহযুদ্ধৰ শেষত আফ্ৰিকীয়-আমেৰিকানসকলৰ মুক্তিৰ সমৰ্থক সকলৰ ওচৰত মুক্তি বিৰোধীসকলৰ নেতা জেনেৰেল লিয়ে আত্মসমৰ্পণ কৰা আৰু পাছত অভিসন্ধিৰ জৰিয়তে ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ গুপ্তহত্যাৰ দৰে বহুবোৰ উল্লেখযোগ্য ঘটনা সংঘটিত হয়৷ সেয়ে ষ্টনমেনে সপৰিবাৰে দক্ষিণৰ প্ৰদেশবোৰলৈ গৈ আৰু নিজৰ ৰাজনৈতিক চিন্তাৰে আফ্ৰিকীয়-আমেৰিকানসকলৰ সামাজিক প্ৰতিষ্ঠা প্ৰদানৰ কামত আত্মনিয়োগ কৰে৷ আনহাতে কেমেৰুণে ষ্টনমেনৰ এই সিদ্ধান্তক শ্বেতকায় আমেৰিকানসকলৰ বিৰুদ্ধে এটা প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰি¸ তাৰ মোকাবিলা কৰিবলৈ ‘ক্লু ক্লেক্স ক্লেন’ নামৰ এটা উগ্ৰ বৰ্ণবাদী সংগঠন প্ৰতিষ্ঠা কৰে৷ সাধাৰণ বিচাৰত এই বাস্তৱসন্মত ঐতিহাসিক চলচ্চিত্ৰখনৰ প্ৰথমভাগৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহযুদ্ধক ব্যপকভাৱে প্ৰকাশ কৰা হৈছে আৰু দ্বিতীয়ভাগত পৰৱৰ্তীকালত আমেৰিকাৰ ইতিহাসত প্ৰভাৱ বিস্তাৰ কৰা কুখ্যাত ‘ক্লু ক্লেক্স ক্লেন’ সংগঠনৰ প্ৰতিষ্ঠাক বিস্তাৰিতভাবে উপস্থাপন কৰা হৈছে৷ এই সংগঠনৰ সদস্যসকলে গোটেই মুখ আৰু শৰীৰ ঢকা বগা পোছাক পিন্ধি, ঘোঁৰাত উঠি মুক্ত হোৱা আফ্ৰিকান-আমেৰিকানসকলক ভয় দেখুৱাইছিল, অত্যাচাৰ কৰি ফুৰিছিল৷ উল্লেখযোগ্য যে, সময়ৰ লগে লগে এই সংগঠনৰ কাৰ্য-কলাপত ভাটা আহি পৰিছিল যদিও এই চলচ্চিত্ৰখনৰ মুক্তিৰ সময়ৰে পৰা তাৰ পুণৰোত্থান হয়৷ যিটো ১৯২৯ চনৰ বিশ্বজোৰা অৰ্থনৈতিক বিপৰ্যয়–‘মহামন্দা’ৰ সময়লৈকে বিশেষভাৱে সক্ৰিয় হৈ আছিল৷
    বিশ্বৰ চলচ্চিত্ৰৰ ইতিহাসত ‘দি বাৰ্থ অৱ এ নেছন’য়েই পোনপ্ৰথম একেসময়তে দৰ্শক আৰু সমালোচকসকলৰ দ্বাৰা  আন্তৰ্জাতিকভাৱে সমাদৃত চলচ্চিত্ৰআছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি উইড্ৰ উইলচনে হোৱাইট হাউচৰ বিশেষ প্ৰদৰ্শনৰ পাছত চলচ্চিত্ৰখনক ‘পোহৰেৰে লিখা ইতিহাস’ বুলি মন্তব্য কৰিছিল৷ ব্যৱসায়িক দিশতো চলচ্চিত্ৰখনে অভূতপূৰ্ব সাফল্য লাভ কৰিছিল৷ সেই সময়ত ৰ,১০,০০০ ডলাৰ খৰচ কৰি নিৰ্মাণ কৰা চলচ্চিত্ৰখনে তাৰ প্ৰায় দুশগুণ ধন অৰ্জন কৰিবলৈ সক্ষম হয়৷ এইসকলো দিশৰ পৰা বিচাৰ কৰি এই চলচ্চিত্ৰখনকে বিশ্বচলচ্চিত্ৰৰ প্ৰথমখন মাষ্টাৰপিচ ৰূপে সকলোৱে আদৰি লৈছে৷ এনেদৰে সমাদৰ লাভ কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰখনৰ নিৰ্মাণশৈলী আৰু কলা-কৌশলৰ বিশেষ ভূমিকা লক্ষ্য কৰা যায়৷ উদাহৰণ স্বৰূপে পৰৱৰ্তীকালৰ চলচ্চিত্ৰত বহুলভাৱে ব্যৱহাৰ হোৱা বৰ্হিদৃশ্য, নিশাৰ দৃশ্য, পেন’ৰমিক ছট, হাই এংগল ছট আদি শৈল্পিক চিত্ৰগ্ৰহণৰ কলা-কৌশলসমূহ এইখন চলচ্চিত্ৰতে পোনপ্ৰথমবাৰৰ বাবে দক্ষভাৱে তুলি ধৰা হৈছিল৷ ঠিক সেইদৰে এইখন চলচ্চিত্ৰৰ জৰিয়তেই গ্ৰিফিথে পৰৱৰ্তীকালৰ চলচ্চিত্ৰসম্পাদনাৰ ক্ষেত্ৰত প্ৰয়োগহোৱা প্ৰায় সকলোবোৰ নীতি-আদৰ্শক সফলতাৰে সৈতে প্ৰতিষ্ঠা কৰি গৈছে৷ সেইবাবেই বিশ্বৰ প্ৰায় সকলো দেশৰে চলচ্চিত্ৰপৰিচালকসকলে গ্ৰিফিথৰ এই চলচ্চিত্ৰখনক নিজৰ নিজৰ সৃষ্টিকৰ্মৰ ক্ষেত্ৰত ‘পথ নিৰ্দেশক’ ৰূপে গ্ৰহণ কৰা দেখা যায়
    এনে বহুতো সদৰ্থক গুণ-বৈশিষ্ট্যৰ অধিকাৰী হ’লেও কিন্তু প্ৰথমৰে পৰাই বৰ্ণবাদী চলচ্চিত্ৰৰূপে এই চলচ্চিত্ৰখনকলৈ অন্তহীন বিতৰ্কৰ অৱতাৰণা হৈ আহিছে৷ নেছনেল এছ’চিয়েছন ফ’ৰ দি এডভান্সমেণ্ট কালাৰ্ড পিপ’ল’ চমুকৈ ‘এন এ এ চি পি’ নামৰ সংগঠনটোৱে এই চলচ্চিত্ৰখনৰ জৰিয়তে নিৰ্মাতা গ্ৰিফিথে বৰ্ণবাদী দৰ্শনৰ প্ৰচাৰ কৰা বুলি অভিযোগ আনিছিল৷ সেইবাবে লচ এঞ্জেল্‌চ আৰু ছিকাগোৰ দৰে বহুকেইখন ডাঙৰ নগৰত এই চলচ্চিত্ৰখনক নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ চলচ্চিত্ৰখনৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি ব’ষ্টন, ডেনভাৰ, ফিলাডেলফিয়া, মিনাপ’লিচ, পিটচ্‌বাৰ্গ, অহিঅ’, চেণ্ট লুইৰ দৰে ডাঙৰ ডাঙৰ নগৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ উদ্ভৱ হৈছিল৷ আনকি মুক্তিলাভৰ কেইবাদশকৰো পাছত এই চলচ্চিত্ৰখনপ্ৰদৰ্শিত হোৱা বহু অঞ্চলত বহুতো সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱা দেখা যায়৷ এনেবোৰ বিতৰ্ক আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত দৰ্শকৰ মাজত চলচ্চিত্ৰখনৰ চাহিদা ব্যাপকহাৰত বৃদ্ধি পাইছিল৷ সেয়ে মুক্তিৰ সময়ৰ পৰা প্ৰায় দুই দশক কাল এই চলচ্চিত্ৰখন সকলোতকৈ ব্যৱসায় সফল চলচ্চিত্ৰৰূপে পৰিগণিত হৈছিল৷ আনহাতে ঘোৰ বৰ্ণবাদী সংগঠন কুখ্যাত ‘ক্লু ক্লেক্স ক্লেন’-এ তেওঁলোকৰ সংগঠনলৈ নতুন সদস্যক আকৰ্ষিত কৰাৰ বাবে এই চলচ্চিত্ৰখনক ব্যৱহাৰ কৰাৰ নিদৰ্শন পোৱা যায়৷ পাছলৈ অৱশ্যে গ্ৰিফিথে পুনঃ সম্পাদনা কৰি এই কুখ্যাত ‘ক্লু ক্লেক্স ক্লেন’ সংগঠনৰ প্ৰসংগ বাদ দি চলচ্চিত্ৰখনৰ এটা সংক্ষিপ্ত সংস্কৰণ মুক্তি দিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *