নখৰ যতন (পৰী বৰা) – Purbodix.com

নখৰ যতন (পৰী বৰা)


ৰ৷  অলপ কুহুমিয়া গৰম পানীত নিমখ অলপ দি নখকেইটা পানীখিনিত কিছুসময় ডুবাই ৰাখিব লাগে৷ নখকেইটা অলপ কোমল হোৱাৰ পাছত পুৰণা টুথব্ৰাছ এডালেৰে ঘঁহি চাফা কৰি ভাল পানীৰে ধুই নেমু নাইবা বগা কলগেটেৰে ঘঁহি ঘঁহি ধুই ভাল পানীৰে ধুই পেলাব লাগে৷
২৷  অলপ কুহুমিয়া গৰম পানীত হাইড্ৰজেন পেৰ’স্কাইডৰ ৫ টোপাল, গোলাপ জল ৬ টোপাল, গ্লিচাৰিণ, ৫ টোপাল আৰু চেম্পু ২ টোপাল দি নখকেইটা কিছু সময় তিয়াই ৰাখিব লাগে৷ তাৰপাছত নেইল ব্ৰাছেৰে ভালদৰে পৰিস্কাৰ কৰি ভাল পানীৰে ধুই পাছত মইশ্বৰাইজাৰ লগাব লাগে৷
হাইড্ৰজেন পেৰ’ক্সাইড লগোৱাৰ ফলত নখত থকা লেতেৰাবোৰ ওলাই যাব, নখৰ বেমাৰ দূৰ হ’ব আৰু নখবোৰ ভগাৰ পৰা বচাব পাৰিব৷
 ৩৷  নখত চিৰাম লগোৱাটো খুবেই জৰুৰী৷ চিৰামে নখবোৰ মজবুত কৰি তোলে আৰু সোনকালে দীঘল হোৱাত সহায় কৰে৷
ঘৰতে কিদৰে চিৰাম প্ৰস্তুত কৰিব পাৰি৷ এক চামুচ নাৰিকল তেল, এক চামুচ অলিভ অইল আৰু এটা ড্ৰ vitamin capsule ভাঙি লৈ মিলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব৷ মিশ্ৰণটো একসপ্তাহৰ বাবে টানকৈ বন্ধ কৰি কাঁচৰ বটলত থ’ব পাৰিব৷
মিশ্ৰণখিনি ৰাতি শুবৰ সময়ত নখকেইটা ভালদৰে চাফা কৰি নখত লগাই ৩য৪ মিনিট মাচাজ কৰি ৰাতি তেনেদৰেই থৈ দিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *