বিজ্ঞানৰ সফলতা আৰু অবিৰত যাত্ৰাত…..ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰাসংগিকতা (ৰঞ্জন শৰ্মা) – Purbodix.com

বিজ্ঞানৰ সফলতা আৰু অবিৰত যাত্ৰাত…..ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰাসংগিকতা (ৰঞ্জন শৰ্মা)

…সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাৱটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ৷৷
                (ড॰ ভূপেন হাজৰিকা)
সঁচাই সুধাকণ্ঠই গীতত কোৱাৰ দৰেই আজিৰ সমাজত বিজ্ঞানেই আনিছে জোৱাৰ৷ আজিৰ যুগটোৱেই হৈছে বিজ্ঞানৰ যুগ৷ বিজ্ঞান-প্ৰযুক্তিৰ সহায় নহ’লে মানুহে কেতিয়াও ইমান দ্ৰুতগতিত আগুৱাই যাব নোৱাৰিলেহেঁতেন৷ পুৱা শুই উঠাৰ পৰা ৰাতি শুৱলৈ যোৱালৈকে, জন্মৰ পৰা মৃতুলৈকে মানুহে বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে৷ বিজ্ঞান হৈ পৰিছে জীৱজগতৰ চালিকা শক্তি৷ জল-স্থল, আকাশ-মহাকাশ সৰ্বত্ৰে এতিয়া বিজ্ঞানৰে ৰাজত্ব৷ বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰ আৰু ন ন কৌশলে তৰাম্বিত কৰিছে মানুহৰ  প্ৰগতিৰ ৰথ৷ সূচনা কৰিছে সভ্যতাৰ এক নতুন দিগন্ত৷
ক’ত নাই বিজ্ঞানৰ অৱদান৷ ঘৰতে বহি মানুহে যেন গোটেই পৃথিৱীখনকে দৰ্শন কৰাৰ সুবিধা পাইছে৷ নতুন নতুন তথ্য প্ৰযুক্তিৰ উদ্ভাৱন, বিশেষকৈ কম্পিউটাৰৰ ব্যৱহাৰে কাম-কাজত আমূল পৰিৱৰ্তন সাধন কৰিলে৷ শিক্ষা, কাৰিকৰী, চিকিৎসা বিজ্ঞান, যাতায়ত, মহাকাশ, কৃষিখণ্ড সকলোতে বিজ্ঞানে চমকপ্ৰদ প্ৰভাৱেৰে আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ কিন্তু সুখৰ কথা, এই আমূল পৰিৱৰ্তনৰ লগে লগে বিজ্ঞানৰ আৱিষ্কাৰৰ দুই এটা অনিষ্টকাৰী বা ধবংসাত্মক কামো নকৰা নহয়৷ দ্বিতীয় মহাযুদ্ধৰ বিভিষিকাময় পৰিৱেশত জাপানৰ ‘হিৰোশ্বিমা’ আৰু ‘নাগাচাকি’ ইয়াৰ এক জ্বলন্ত উদাহৰণ৷ অৱশ্যে এইক্ষেত্ৰত বিজ্ঞানক দোষ দিলে নহ’ব৷ মানুহৰ  অদূৰদৰ্শিতাৰ বাবেহে হয়তো এনে কাৰ্য্য সংঘটিত হ’বলৈ পালে৷
বিজ্ঞানৰ উদ্দেশ্যই হৈছে কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ ক’লীয়া ডাৱৰ আঁতৰাই মানুহৰ মনত প্ৰগতিশীল  চিন্তা আৰু বিজ্ঞান মানসিকতা গঢ় দিয়া৷ এইক্ষেত্ৰত বিজ্ঞান আৰু বিজ্ঞানীসকলে তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টা আৰু সমাজলৈ আগবঢ়োৱা যুগান্তকাৰী অৱদানে বিজ্ঞানৰ ক্ষেত্ৰত সফলতা দেখুওৱাৰ লগতে মানুহৰ মনত বিজ্ঞানসন্মত ধাৰণা জগাবলৈও সক্ষম হৈছে৷ তেনে এজন মহান ভাৰতীয় বিজ্ঞানী আছিল ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ৷ যাক চমুকৈ চি, ভি ৰমন বুলি জনা যায়৷ যিগৰাকী মহান বিজ্ঞানীয়ে যুগান্তকাৰী আৱিষ্কাৰ ‘‘ৰমণ পৰিঘটনা’’ৰ বাবে বিজ্ঞানৰ ‘নবেল বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনাখনেই মহান ভাৰতীয় বিজ্ঞানীজনে আৱিষ্কাৰ কৰি উলিয়াইছিল এই যুগান্তৰকাৰী ‘‘ৰমণ এফেক্ট’’৷ ‘‘পদাৰ্থৰ অণুৱে পোহৰ ৰশ্মি এটা বিচ্ছুৰিত কৰিলে মূল ৰশ্মিৰ লগতে আন দুটা পোহৰ তৰংগও নিহিত হৈ পৰে৷’’– ইয়াকেই ‘‘ৰমণ পৰিঘটনা বা এফেক্ট’’ বুলি কোৱা হয়৷ এই পৰিঘটনাৰ বাবেই ১৯৩০ চনত তেওঁক ‘‘ন’বেল বঁটা’’ প্ৰদান কৰা হৈছিল৷ আৰু ইংৰাজী ১৯৮৭ চনৰ পৰাই ‘২৮ ফেব্ৰুৱাৰী’ৰ দিনটো ‘‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’’ হিচাবে পালন কৰি অহা হৈছে৷ সাধাৰণতে এই দিৱস প্ৰধানকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্‌যাপন কৰা হয়৷ তেওঁলোকৰ মাজত বিজ্ঞান বিষয়ক বিভিন্ন যুক্তিতৰ্ক, আকস্মিক বক্তৃতা, বিজ্ঞান কুইজ, বিজ্ঞান বিষয়ক ৰচনা লিখা আদি বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকৰ মনত শৈশৱৰে পৰাই এক বিজ্ঞান মানসিকতা গঢ় দিবলৈ প্ৰয়াস কৰা হয়৷ আচলতে, আমি কেৱল মাত্ৰ এটা দিনতেই বিজ্ঞান দিৱস উদ্‌যাপন কৰি সামৰি থলে নহ’ব৷ আমি প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিজ্ঞান মানসিকতা গঢ় দি আমাৰ শিক্ষা ব্যৱস্থা তথা সমাজখনলৈ এক পৰিৱৰ্তন আনিব লাগিব৷ যি বৈজ্ঞানিক দৃষ্টিভংগীয়ে সাধাৰণ লোকৰ মাজলৈও প্ৰসাৰিত হৈ সমাজত এক নতুন দিগন্তৰ সূচনা কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *