আমেৰিকাৰ ডায়েৰী (11) – গীতাঞ্জলি বৰুৱা – Purbodix.com

আমেৰিকাৰ ডায়েৰী (11) – গীতাঞ্জলি বৰুৱা

২০১৯ চনত, ইংৰাজী নৱবৰ্ষৰ আদৰাৰ উদ্দেশ্যে ঠেঁটুৱে ধৰা ঠাণ্ডাত আমি দুয়ো পালোগৈ বিশ্বৰ উল্লেখযোগ্য  Mall সমূহৰ সমূহৰ ভিতৰত অন্যতম  Mall, Mall of America৷ এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব, আমাৰ দেশত প্ৰায় শুনিবলৈ পাওঁ পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ যুৱ প্ৰজন্মক ধবংসৰ মুখলৈ লৈ গৈছে৷ যদিওবা ইংৰাজী নৱবৰ্ষ, কিন্তু ইয়াত হূলস্থুলীয়া উংশৃখল পৰিৱেশ এটা দেখিবলৈ নাপালোঁ৷ এনে নহয় যেন নৱবৰ্ষ উদ্‌যাপন কৰা নাই, বৰ সুন্দৰকৈ নতুন বছৰক আদৰিছে৷ মাথো উশৃংখলতা নাই৷ আমিবোৰহে উটি ভাঁহি ফুৰো, আমাক কিবা এটা লাগেহে নিজৰ অস্তিত্বকে হেৰুৱাই পেলাওঁ৷ আনৰ ভালবোৰ দুই হাত মেলিয়েই আদৰি ল’ব লাগে বুলি মই ভাবোঁ৷ কিন্তু অতি বেছি সকলোৰে বেয়া বুলি পঢ়িবলৈও পাইছো বা জ্যেষ্ঠজনেও কয়৷
মই দেখা নৱবৰ্ষক আদৰা কেইটিমান দৃশ্য নিলিখাকৈ নোৱাৰিলোঁ৷ ইয়াত সকলোৱে নৱবৰ্ষক আদৰিবলৈ নিজৰ নিজৰ ঘৰসমূহ ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে৷ বিভিন্ন ধৰণৰ লাইট লগাই ঘৰবোৰৰ এটা নতুন ৰূপ দিছে৷ গছবোৰক চিনিবই নোৱাৰি৷ এই সময়ত গছবোৰৰ পাতবোৰ সৰি যায়৷ মাথো ঠাল-ঠেঙুলিৰে ঠৰঙা হৈ গছজোপাহে থাকে৷ সেই গছজোপাৰ ন-ৰূপ দেখি মই আচৰিত হৈ গ’লো৷ পাত নথকা গছজোপাত বিভিন্ন ধৰণৰ লাউট লগাই বিভিন্ন ডিজাইন দি গছজোপাৰ সৌন্দৰ্যই সলনি কৰি দিছে৷ চালে-চকুৰোৱা কৰি তুলিলে৷ এফালে তুষাৰপাতৰ ফলত সকলো বগা হৈ আছে, তাতে লাইটৰ পোহৰত গোটেই পৃথিৱীখনক পূৰ্ণিমাৰ জোনটোৱে যেন পোহৰাই তুলিছে৷ দৃষ্টি আকৰ্ষণ কৰা অপৰূপ দৃশ্য সকলোফালে৷ এবাৰ দেখিলোঁ এঘৰ মানুহৰ ঘৰৰ চোতালত ৰঙীণ চোলা পৰিধান কৰা পুতলা৷ প্ৰথম অৱস্থাত মানুহে যেনেই লাগিছিল, ভালকৈ লক্ষ্য কৰিহে ধৰিব পাৰিলোঁ পুতলা বুলি৷ নিৰ্মাণৰ কলা-কৌশলবোৰ ইমান নিখুঁত, সকলোকে আপ্লুত কৰিব পৰা৷ ৩১ ডিচেম্বৰৰ নিশা ১২ বজাৰ আগে আগে ৰাতিৰ আকাশত দুই-এটা আঁতচবাজী নেদেখা নহয়, কিন্তু শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ হোৱাকৈ ফটকা ফুটুৱা নাই৷
জানুৱাৰীৰ প্ৰথমদিনা শীতৰ প্ৰকোপ বাকী দিনবোৰতকৈ একোপ চৰিল৷ -২০ ডিগ্ৰী লগতে ঠাণ্ডা বতাহৰ বাবে feels like  -২৬ ডিগ্ৰী হ’লগৈ৷ বছৰৰ প্ৰথমদিন ঘৰৰ ভিতৰতনো কেনেকৈ শুই-বহি কটাও, বহু চিন্তা-চৰ্চা কৰি দুয়ো ওলালো আমাৰ একেবাৰে ওচৰতে থকা  Mall of America লৈ বুলি৷  Mall ১ ভিতৰত ঠাণ্ডা তেনেকৈ নাপায়, শীত-তাপ নিয়ন্ত্ৰিত কৰা সুন্দৰ ব্যৱস্থা আছে সকলো ইয়াত৷ ঘৰৰ বাহিৰত ওলাব নোৱাৰা ঠাণ্ডা, কিন্তু ঘৰৰ ভিতৰখন গৰম কৰি থোৱা heater ১ ব্যৱস্থাটোও মানিবলগীয়া৷ গতিকে বিশেষ নাভাবি Mall পালোগৈ৷ সাতমহীয়া পাৰ্কিং এলেকাত তলৰ পৰা বিচাৰি বিচাৰি কোনোমতে একেবাৰে ওপৰমহলাত ঠাই এডোখৰ পালো গাড়ীখনৰ ৰাখিবলৈ৷ মই ভাবিছিলোঁ উভতিবই লাগিব আৰু৷ এটা এটা মহলা কিমান যে ডাঙৰ পাৰ্কিং এলেকা নেদেখাজনক লিখি বা মুখেৰে কৈ বুজাব নোৱাৰি৷ যেনেতেনে আমাৰ ভাগ্যত মিলিল ঠাই অকণমান৷ প্ৰথমবাৰ যাওঁতে ইমান অসুবিধা পোৱা নাছিলোঁ৷ বছৰৰ প্ৰথম দিন বাবে বহুত মানুহৰ সমাগম হৈছিল৷ সেইবাবে গাড়ীৰ সংখ্যাও বেছি আছিল৷ এই  Mall টোৰ এটা ডাঙৰ মহত্ব হৈছে সৰু ল’ৰা-ছোৱালীৰ খেলিবৰ বাবে ভিতৰতে এখন ডাঙৰ পাৰ্ক আছে৷ নতুন বছৰৰ বাবে সেইখনৰো নতুন ৰূপ এটা দেখিবলৈ পালো৷ প্ৰায় ৫৩০ খন দোকানেৰে সমৃদ্ধ  Mall টোত সকলো ফালে অকল মানুহেই মানুহ৷ সৰু ল’ৰা-ছাৱালীৰ কোলাহল, হাঁহি-ধেমালি, স্ফূৰ্তি দেখিলে মৰ্ত্যতে সৰগ দেখা পোৱা যেন অনুভৱ হ’ল৷ খ্ৰীষ্টমাছ ট্ৰী বনাই থৈছে কিছু দূৰ নিলগে নিলগে৷ কিছুমান চিনাকি গছো দেখিবলৈ পালো, ধুনীয়াকৈ সজাই থোৱা আছে৷ কাপোৰৰ দোকানৰো লেখ-জোখ নাই৷ অসংখ্য কাপোৰৰ দোকান৷ আগৰপৰাই কাপোৰৰ দোকান দেখিলে নিজেই নিজেই ৰৈ যাওঁ মই৷ ইয়াতো তাৰ ব্যতিক্ৰম নহ’ল৷
ডাঙৰ ডাঙৰ কাপোৰৰ দোকানবোৰ দেখি মনতো বান্ধিব নোৱাৰি এফালৰ পৰা কাপোৰ চোৱাত লাগি গ’লো৷ কিন্তু মোৰে দুৰ্ভাগ্য আমেৰিকাত আহি মই কাপোৰবোৰ কিবা মোৰ পচন্দৰ একো পোৱা নাই৷ কাপোৰৰ আশা বাদ দি ল’ৰা-ছোৱালীৰ খেল-ধেমালিৰ ফালে মন দিলোঁ৷ নিজৰ ল’ৰালিকাললৈ ঘূৰি গ’লো৷ ওপৰেদি চলি থকা ট্ৰেইনখন আৰু তাতে উঠি থকা কণমানিবোৰৰ হাঁহিবোৰ উপভোগ কৰিলোঁ৷ কিছুমান ট্ৰেইনত উঠিছে, কিছুমান গাড়ীত উঠিছে৷ তাতকৈ আচৰিত লাগিল লাহেকৈ ওপৰলৈ উঠি যোৱা চকীখন যেতিয়া ঘপকৈ তললৈ নামি আহে, অকণো ভয় নকৰে কণমানিবোৰে৷ মোৰ দেখিয়েই হাততেই পেট ভৰি লুকাই গ’ল৷ ইমান যে সাহসী কেনেকৈ হয়? ভয়ৰ বিন্দু মাত্ৰা চিনো কাৰো মুখত দেখিবলৈ নাপালোঁ৷ আনন্দ মেলাৰ চকৰীটোত উঠিব দিবলৈকে মোৰ মায়ে ভয় কৰিছিল আৰু ইয়াত আহি যেতিয়া ধুমুহাৰ গতিত অহা-যোৱা কৰি থকা গাড়ী, ট্ৰেইন, বাছ সকলোতে হাঁহিমুখে মাক-দেউতাকে উঠাই দিছে৷ তাৰ মাজতে অকণমান ঠাইতে কৃত্ৰিম হৃদ এটা সজাই দিছে, তাত দুজন উঠি ফুৰিব পৰা নাও দুখনমানোআছে৷ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে মনোৰঞ্জনৰ সকলো ব্যৱস্থা আছে৷ বিভিন্ন ধৰণৰ সু-স্বাদু খাদ্যৰে ভৰি আছে৷ কেইবামহলীয়া লগতে এদিনতে ঘূৰি শেষ কৰিব নোৱাৰো Mall টোত কিছু দূৰৰ মূৰে মূৰে বহিবলৈও ব্যৱস্থা আছে৷ দুদিন গৈও সকলোখিনি ঘূৰি শেষ কৰিব নোৱাৰিলোঁ৷ অৱশেষত ভাগৰত ঘৰমুখী হ’বলৈ পাৰ্কিং এলেকালৈ আহিলোঁ৷

এইবাৰহে আমাৰ লটি-ঘটি আৰম্ভ হ’ল৷ এটা সামান্য কিন্তু বহুত জৰুৰী কথাত মন নিদিয়াৰ বাবে আমাৰ হাহাকাৰ লাগি গ’ল৷ হাড় কঁপোৱা ঠাণ্ডা কি ভালকৈ অনুভৱ কৰিলোঁ৷ পাৰ্কিং এলেকা যিহেতু যথেষ্ট ডাঙৰ সেইবাবে পূব আৰু পশ্চিম হিচাপে দুটা ভাগ কৰা আছে৷ প্ৰত্যেক মহলাতে যুক্তৰাষ্ট্ৰৰ কিছুমান ৰাজ্যৰ নামেৰে নামাকৰণ কৰা আছে৷ তাৰ পাছত আছে ৰ-১৫ নম্বৰলৈ কিছুমান ভাগ আৰু এই ভাগবোৰো  aisle a ১ পৰা ন্দ্ৰ  লৈ ভাগ কৰা আছে৷ গতিকে গাড়ী সহজতে বিচাৰি পাবলৈ হ’লে ৰাজ্যখনৰ নামৰ পৰা কোনটো নম্বৰৰ কোনটো  aisle ত আছে সকলো মনত ৰাখিব লাগিব৷ ৰাজ্যখনৰ নামটো মনত ৰাখিলেও বিচাৰিব কিছু সুবিধা হয়৷ আমাৰ ভুলটো তাতেই হ’ল ৰাজ্যখনৰ নাম টোকেনা চালো এটাও৷  Mall of America ত এনেকুৱা লটি-ঘটি হৈ বুলি জানো যদিও সেইদিনা ভুলটো হৈ গ’ল৷ ২৬ ডিগ্ৰী ঠাণ্ডাত গাড়ী বিচাৰি যি গতি হ’ল জীনৱত পাহৰিব নোৱাৰি৷ আমাৰ গাড়ী আছিল পূবফালে আমি বিচাৰি আছোঁ পশ্চিমফালে৷ গাড়ী নাপাওঁ হে নাপাও৷ ইফালে ঠাণ্ডাত ভৰি জথৰ হোৱা যেন লাগিছে৷ আকৌ ভিতৰলৈ গৈহে অলপ দেৰি বহি গৰম হৈ ভালকৈ চিন্তা কৰিব ধৰিলোঁ৷  Mall টোৰ ভিতৰত অলপ দূৰৰ মূৰে মূৰে  directory আছে৷ কম্পিউটাৰৰ স্ক্ৰীনত লিখি দিলেই যি বিচাৰিছোঁ সুন্দৰকৈ ৰাস্তাবোৰ দেখাই দিয়ে৷ ছিৰিয়েদি সোমাই আহোঁতে কেনেবাকৈ ষষ্ঠ মহলাৰ ৰাজ্যখনৰ নামটোত চকুত পৰিছিল৷ যিহেতু একেফালেই গাড়ী আছে গতিকে সপ্তম মহলাৰো একে হ’ব৷ সেই ৰাজ্যখনৰ নামটো চাইয়ে যেনে তেনে ষষ্ঠ মহলা পালো৷ প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বাবে আমি গাড়ী বিচাৰি পালোঁ৷ এনেকুৱা পৰিস্থিতি হ’লে গাড়ীখন বিচাৰিবলৈ গাড়ীৰ চাবিটোত এটা চুইট্‌ছ আছে, সেইটোৰ সহায়ত গাড়ীখনৰ এটা শব্দ হয় আৰু সেই শব্দটো বিচাৰি বিচাৰি গাড়ীখন অৱশেষত বিচাৰি পালোঁ৷ ঠাণ্ডাৰ প্ৰকোপত মগজুৱেও কাম কৰিবলৈ বন্ধ কৰি দিছিল আমাৰ পাৰ্কিং নম্বৰটো আৰু aisle টোও চাবলৈ পাহৰি গৈছিলোঁ৷
বছৰৰ আৰম্ভণিটো চিৰদিনৰ কাৰণে মনত থাকি গ’ল৷ সৰুৰ পৰা সৰু কথাটোও যে সদায় লক্ষ্য কৰিব লাগে, তাৰ ভাল শিক্ষা এটাও পালো৷ জীৱনত ঘটা এনেকুৱা অভিজ্ঞতাবোৰে মানুহৰ ভুলবোৰ কমাই তোলে৷ নতুন বছৰত কথা এটা শিকিলোঁ সদায় মন মগজু শান্ত ৰাখি ধীৰে সুস্থিৰে সৰু-বৰ সকলো সুক্ষ্মভাৱে লক্ষ্য কৰিব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *