জীৱনক উদ্‌যাপন কৰোঁ আহক… (বৰ্ণালী কলিতা) – Purbodix.com

জীৱনক উদ্‌যাপন কৰোঁ আহক… (বৰ্ণালী কলিতা)

‘‘জীৱন জীৱন বৰ অনুপম,’’ হয় কবিয়ে কোৱাৰ দৰেই জীৱন বৰ অনুপম৷ মানৱ জীৱন এবাৰেই পোৱা যায়, গতিকে হাতত পোৱা সময়খিনিক ভালদৰে ব্যৱহাৰ কৰি জীৱনটোক সাফল্যমণ্ডিত আৰু মহীয়ান কৰি তোলা উচিত৷ প্ৰত্যেক মানুহৰে জীৱনৰ একোটা লক্ষ্য আৰু উদ্দেশ্য থাকে৷ জীৱনটোক লৈ বহুতো সপোন থাকে৷ তাক সফল কৰি তুলিবলৈ চেষ্টা আৰু সাধনা কৰিব লাগে৷ কাৰণ সফলতা কেতিয়াও সহজে নাহে৷ জীনৱনৰ অজস্ৰ ঘাট-প্ৰতিঘাত, সংঘাত আৰু হাজাৰটা বাধা-বিঘিনি নেওচি জীৱনৰ বাটত হাঁহিমুখে আগুৱাই যোৱাটোৱেই জীৱন৷ স্বামী বিবেকানন্দই কৈছিল ‘উধাবলৈ নিদিয়া জীৱনৰ গতিয়েই জীৱন৷’’ অৰ্থ্যাৎ গতি অবিহনে কোনো জীৱৰে জীৱন থাকিব নোৱাৰে৷ সেয়েহে জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পোৱাটো বৰ কঠিন৷ ক’বলৈ গ’লে সংগ্ৰামেই হ’ল জীৱনৰ অন্য নাম৷
আজি বিশ্বায়নৰ যুগ৷ প্ৰতিযোগিতাৰ যুগ৷ এই যুগৰ লগত খাপ খুৱাই সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ৰুচি-অভিৰুচিয়ো সলনি হয়৷ পৰিৱৰ্তন হয় মানুহৰ মানসিকতা আৰু জীৱন ধাৰণৰ প্ৰক্ৰিয়া৷ আজি বিশ্বায়নৰ প্ৰভাৱত আমাৰ দেশতে, সময়ৰ পৰিৱৰ্তনৰ লগত দেশৰ অনাগত ভৱিষ্যত নৱ-প্ৰজন্মৰ কিছুসংখ্যকে এক সুন্দৰ পৰিশীলিত জীৱন উদ্‌যাপন কৰাৰ বিপৰীতে সৰহসংখ্যকৰ ক্ষেত্ৰতে কিন্তু ইয়াৰ এখন বিপৰীত ছবিহে দেখা পোৱা গৈছে৷ যদিও নৱ-প্ৰজন্মৰ মাজত উচ্চ শিক্ষিতৰ হাৰ বাঢ়িছে তথাপি কিন্তু ভোগবাদী চিন্তা আৰু মানি অতি আধুনিক লাইফ ষ্টাইলে নৱ-প্ৰজন্মক বাৰুকৈয়ে ক্ষতি কৰিছে৷ পৰস্পৰৰ প্ৰতি মৰম, শ্ৰদ্ধা আৰু প্ৰেমভাব নোহোৱা হৈছে৷ তাৰ ঠাইত নিচাযুক্ত দ্ৰব্য সেৱন, হিংস্ৰতা, অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে৷ ইজি মানিৰ পাছত দৌৰিছে, কেৱল হাতত দামী মোবাইল আৰু দামী বাইক কালচাৰকে আধুনিক জীৱনৰ লাইফ ষ্টাইল বুলি ধৰি লৈছে৷ মূল্যবোধৰ অবক্ষয় ঘটিছে৷ এচামে ইজিমানিৰ বাবে বিলাসী জীৱন উদ্‌যাপনৰ নামত বহুত অমানৱীয় কাম কৰিছে আৰু আন এচামে আকৌ হতাশাৰ নামত ড্ৰাগছ, ভাং, মদ্যপান কৰি নিজৰ জীৱনটো আন্ধাৰৰ মাজলৈ ঠেলি দিছে৷ আন কোনোবাই আকৌ ‘‘নাৰী, সুৰা আৰু প্ৰেম’’ অবিহনে জীৱনটো বৃথা বুলি ভাবিবলৈ লৈছে৷ ই অতিকে চিন্তনীয় কথা৷
কিন্তু তাৰ মাজতো এনে কিছুদিন নৱ-প্ৰজন্মৰ যুৱক ওলাইছে যি নিজৰ জীৱনটো পঢ়া-শুনা কৰি সঠিক আৰু কলাত্মকভাৱে গঢ় দিয়াৰ লগতে সমাজলৈও অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ কিছুমানে নিজৰ দেশ আৰু জাতিৰ বাবে যুঁজি নিজৰ মান ৰাখিছে৷ আধুনিকতাৰ ধামখুমীয়াত উটি-ভাঁহি নগৈ শিক্ষা, সংস্কৃতি, ক্ৰীড়া, কৃষি, বাণিজ্য, উদ্যোগ আদি সকলো দিশতে বিশেষ পাৰদৰ্শিতাৰে সমাজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নিজ নিজ ক্ষেত্ৰত নিজৰ সৃষ্টিশীল কৰ্মৰাজীৰে উজলি উঠি বিশ্ব দৰবাৰত দেশৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে৷
গতিকে, দেশৰ ভৱিষ্যত এই যুৱ প্ৰজন্মই অতি আধুনিকতাৰ কৰাল গ্ৰাসত নিজকে উটি-ভাঁহি যাবলৈ নিদি, নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সুশৃংখলিত আৰু সু-নিয়ন্ত্ৰিতভাৱে জীৱনটো উপভোগ কৰক, জীৱন যাপন নহয়, জীৱন উদ্‌যাপন কৰক, তাৰ বাবে যুৱ প্ৰজন্ম মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হ’ব লাগিব৷ আমি সকলোৱে নিজৰ লগতে সমাজৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব৷ তেতিয়াহে সমাজ এখন সুন্দৰ হৈ পৰিব আৰু তেতিয়াহে আমি নিজে সুখী হৈ সোণসেৰীয়া জীৱন অতিবাহিত কৰাৰ লগতে সমাজখনকো সুন্দৰ কৰি তুলিব পাৰিব৷ ভৱিষ্যত হেঙুলীয়া হ’ব৷ সমাজ সুখী আৰু শান্তিময় হৈ পৰিব৷ অদৃশ্যজনে সকলোকে আশীৰ্বাদ কৰক৷ সকলোৰে মঙ্গল হওক, সকলো কুশলে থাকক, এইয়ে কামনা নৱবৰ্ষৰ৷
‘‘আকৌ নতুন প্ৰভাত হ’ব
দীপ্ত সূৰ্য জিলিকি
সেই ৰশ্মিয়ে নিঠৰ যুগক
নতুন গতি আনি দিব৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *