মটৰ পনীৰ পোলাও (মুন্‌মী বৰুৱা) – Purbodix.com

মটৰ পনীৰ পোলাও (মুন্‌মী বৰুৱা)


সামগ্ৰী ঃ জহা বা বাচমতী চাউল ২ কাপ, মটৰ ১ কাপ, পনীৰ ২০০ গ্ৰাম, পিয়াজ আধাফাল, ১ চাহ চামুচ জলকীয়া গুড়ি, ১ চাহ চামুচ জিৰা গুড়ি, ১ চাহ চামুচ ধনীয়া গুড়ি, কাজু ১০য১২ টা, কিচমিচ ১ মুঠি, ইলাচী ৩ টা, লং ২ টা, দালচেনি ২ টুকুৰা, গাজৰ ১ টা, নিমখ সোৱাদ অনুসৰি৷
প্ৰণালী ঃ প্ৰথমতে চাউলখিনি ধুই ২০ মিনিট সময় তিয়াই টুকি থ’ব৷ তাৰ পিছত কেৰাহী এখন গৰম কৰি ২ টেবুল চামুচ ঘিউ দি অলপ গৰম হ’লে কাজু, কিচমিচ্‌খিনি ২ মিনিট মান ভাজি নমাই থৈ এখন প্লেটত সেই ঘিউতে গাজৰতো সৰুকৈ কাটি অলপ সময় ভাজি পনীৰখিনি সৰুকৈ কাটি ব্ৰাউন ৰং হোৱাকৈ ভাজি নমাই তাত ইলাচি, লং, দালচেনি দি ভাজি ১ মিনিট টুকি থোৱা চাউল খিনি দি ৪ মিনিট সময় ভাজি তাত জলকীয়া গুড়ি, জিৰা গুড়ি, ধুনীয়া গুড়ি, নিমখ দি সকলোখিনি ভালদৰে মিলাই তাত ৪ কাপ পানী দি উতল আহিবলে ঢাকন দি ৫ মিনিট পিছত ঢাকন খুলি ভাজি থোৱা গাজৰ, পনীৰ আৰু কাজু, কিচ্‌মিচ্‌ আৰু কেঁচা মটৰখিনি দি ৪ মিনিট সিজিবলে দি পৰিৱেশন কৰিব পাৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *