by Arup Kakoti

কোঁচ ৰাজ্যৰ বিচক্ষণ ৰাজনীতিজ্ঞ বীৰ চিলাৰায়৷ প্ৰকৃত নাম শুক্লধবজ৷ পিতৃ আছিল ষোলশ শতিকাৰ মহান কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ, মাতৃ আছিল ৰাণী পদ্মাৱতী৷ ভাতৃ নৰনাৰায়ণ আছিল অবিভক্ত কোঁচ ৰাজ্য কমতাপুৰৰ তৃতীয় তথা অন্তিমজন ৰজা৷ যাৰ বিচক্ষণতা আৰু এটি সু-সংস্কৃত মনৰ বাবে ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনে উচ্চ শিখৰ চুমিবলৈ সক্ষম হৈছিল৷
বুৰঞ্জীৰ সমল অনুসৰি কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহই ১৯ গৰাকী কুঁৱৰী বিয়া কৰাইছিল৷ তাৰে ভিতৰত গৌড়ৰ কুঁৱৰী আছিল ৰাণী পদ্মাৱতী৷ এই পদ্মাৱতী দেৱীৰে সুপুত্ৰ আছিল বীৰ চিলাৰায়৷ প্ৰবাদ আছে চিলাৰ দৰে চো মাৰি তেওঁ যুদ্ধত জঁপিয়াই পৰিছিল বাবে তেওঁৰ নাম ৰখা হৈছিল চিলাৰায়৷
নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্যকালত শিক্ষা লাভ কৰিবলৈ গৈছিল বাৰানসী ক্ষেত্ৰলৈ৷ তাত তেওঁলোকে ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন বিদগ্ধ সন্যাসীৰ ওচৰত শিক্ষা লাভ কৰাৰ সুযোগ মিলিল৷ অতি বিদ্বান সন্যাসী ব্ৰহ্মানন্দ বিশাৰদৰ ছত্ৰছায়াতে তেওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আয়ত্ত্ব কৰাৰ লগতে যুদ্ধ শিক্ষাতো পাৰ্গত হৈ উঠিছিল৷
ৰজা বিশ্বসিংহই মৃত্যুৰ পূৰ্বেই সন্তানহঁতক দায়িত্বভাৰ অৰ্পণ কৰি গৈছিল৷ সেইমতে জ্যেষ্ঠ পুত্ৰ নৰসিংহই বিদেশলৈ যোৱাৰ, নৰনাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰাজধৰ্ম পালন কৰিবলৈ আদেশ লাভ কৰিছিল৷
১৫৩৩ চনত বিশ্বসিংহৰ মৃত্যুৰ পাছতে জ্যেষ্ঠপুত্ৰ নৰসিংহই পিতৃৰ পূৰ্বৰ আজ্ঞা অমান্য কৰি ৰাজ সিংহাসন অধিকাৰ কৰে৷ এই অন্যায় আচৰণ সহ্য নহ’ল নৰনাৰায়ণ, চিলাৰায়ক নিজ পুত্ৰসম জ্ঞান কৰি ডাঙৰ-দীঘল কৰা ৰজনীধাইৰ৷ তেওঁ মহাৰাজৰ পূৰ্বৰ আদেশ উলংঘা হোৱা দেখি ‘নামভোগ’ নামৰ এজন সন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়৷ নৰনাৰায়ণ, চিলাৰায়ে নামভোগৰ সংবাদ অনুসৰি ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে৷ নৰসিংহ পলাই যায় নেপাললৈ৷
১৯৩৪ খ্ৰীষ্টাব্দত পিতৃৰ পূৰ্বৰ আজ্ঞা অনুসৰি নৰসিংহই ৰাজপাটত আৰোহণ কৰে আৰু চিলাৰায় যুৱৰাজ হয়৷ ৰাজ অভিষেক হোৱাৰ সময়তে ৰণ বিশাৰদ চিলাৰায়ক নাম দিয়া হয় ‘সংগ্ৰাম সিংহ’৷
কোঁচ ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত এইজন বীৰ চিলাৰায় তথা শুক্লধবজৰ অৱদান অপৰিসীম৷ সিংহাসনত উঠিয়েই ৰজা নৰনাৰায়ণে কোঁচ ৰাজ্য বঢ়াবলৈ মন মেলে৷ এই কাৰ্যৰ পূৰ্ণ সহযোগী হৈ পৰে চিলাৰায় ওৰফে সংগ্ৰামসিংহ৷ ১৯৬৩ খ্ৰীষ্টাব্দৰ জুন মাহত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰে৷ গড়গাঁও দখল কৰাৰ পাছতে কাছাৰ আক্ৰমণ কৰি ৰাজধানী মাইবং দখল কৰে৷ পৰাজিত কছাৰী ৰজাই কোঁচ ৰাজ্যৰ ৰজাৰ ওচৰত বশ্যতা স্বীকাৰ কৰে৷ কাছাৰ জয় কৰি উঠি সংগ্ৰামসিংহ ওৰফে বীৰ চিলাৰায়ে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়৷ উল্লেখনীয় কথা যে জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাৰ দৰে প্ৰতাপী ৰজাই মৃত্যুবৰণ কৰিব লগা হৈছিল বীৰ চিলাৰায়ৰ হাততেই৷
কোঁচৰাজ বুৰঞ্জীৰ সমল অনুসৰি চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰিবলৈ যাওঁতে দৈবদুৰ্বিপাকত পৰাৰ কথা উল্লেখ আছে৷ চিলাৰায় গৌড় ৰাজ্যত বন্দী হোৱাৰ পাছত তেওঁৰ ব্যৱহাৰত সন্তুষ্ট হৈ ৰাজমাতাই পাঁচজনী সদ্বংশজাত কন্যা তেওঁলৈ বিয়া দিয়ে আৰু যৌতুকৰূপে বাহাৰবন্দ, গয়বাৰী, সেৰপুৰ আৰু দহকণীয়া নামে পাঁচখন পৰগণা দিয়ে৷ অন্য এক সমল অনুসৰি, কৰতোয়াৰ পূৰ্ব অংশত থকা গৌড় অধিকৃত অঞ্চল চিলাৰায়ক যৌতুকত দিয়ে৷ ইয়াৰ লগতে ঘোঁৰা, তৰোৱাল আদি নানা উপহাৰ দ্ৰব্য চিলাৰায়ে লাভ কৰে৷ সেই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্ত আদি পণ্ডিতসকলক গৌড়ৰ ৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ লৈ আহে৷
এখন দেশ পৰিচালনাৰ সকলো সুন্দৰ দৃষ্টিৰ অধিকাৰী আছিল বীৰা চিলাৰায়৷ ৰাজ্যৰ প্ৰজাৰ কল্যাণৰ বাবে আলি, পুখুৰী, দেৱালয় নিৰ্মাণ কৰাৰ উপৰি ৰাজ্যৰ প্ৰধান লোকক বৃত্তি দানৰ ব্যৱস্থাও কৰিছিল৷ ভাতৃ ৰজা নৰনাৰায়ণৰ কথা অনুসৰি চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ সাধন কৰিছিল৷
বীৰ চিলাৰায় আছিল এজন পণ্ডিত লোক৷ পণ্ডিতসকলক তেওঁ অশেষ আদৰ কৰিছিল৷ কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞান-চৰ্চা কৰিছিল৷ উদাৰমনা বিদ্বান স্বভাৱৰ বীৰ চিলাৰায়ৰ বাবেই শংকৰদেৱে কামৰূপৰ পশ্চিমখণ্ডৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ সুযোগ লাভ কৰিছিল৷ শংকৰদেৱ, ৰামসৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্দ কন্দলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ ৰাজসভা উজলাই ৰাখিছিল এই বীৰ চিলাৰায়ৰ বিশেষ সহযোগিতাৰ বাবেই৷
ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰায় দুয়ো আছিল শিৱভক্ত৷ সেয়ে, ঠায়ে ঠায়ে অসংখ্য দৌল-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু শংকৰদেৱক লগ পোৱাৰ পিছত চিলাৰায় বৈষ্ণৱ ধৰ্মৰ প্ৰতি অধিক আকৰ্ষিত হৈ উঠে আৰু শংকৰদেৱক প্ৰাণৰ দেৱতা হিচাপে মানসপটত অংকন কৰে৷ অন্যহাতে, শাক্ত ভাতৃ ৰজা নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিলে৷ উপায়ন্তৰ হৈ চিলাৰায়ে গুৰুজনাক নিজ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিলে৷ তাৰ পাছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে, নৰনাৰায়ণে শংকৰক আদৰ কৰিবলগীয়াত পৰিল৷ শংকৰদেৱৰ গুণ-গৰিমাত চিলাৰায় অতি মুগ্ধ হৈ সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে৷ ৰজা নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত মোহিত হৈ ৰাজসভাত উচ্চ স্থান দিয়ে৷ তাৰপাছত, ৰজা নৰনাৰায়ণ আৰু চিলাৰায় দুয়ো শংকৰদেৱৰ সহযোগী হৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত সহায় কৰে৷
১৫৭১ খ্ৰীষ্টাব্দত এইজনা বিদ্বান, ৰণ নিপুণ বীৰ চিলাৰায়ে বসন্ত ৰোগত মৃত্যু বৰণ কৰে৷
(বিভিন্ন সুত্ৰৰ আলম লৈ)