নাৰী ঃ এক জীৱন্ত দলিল (জ্যোতিকা ৰাজখোৱা বৰা) – Purbodix.com

নাৰী ঃ এক জীৱন্ত দলিল (জ্যোতিকা ৰাজখোৱা বৰা)

পৃথিৱীত যেতিয়াৰেপৰা নাৰী আৰু পুৰুষৰ সৃষ্টি হৈছে, তেতিয়াৰেপৰা কোনেও নাৰী আৰু পুৰুষ দুটা ভিন্ন সৃষ্টি বা পুৰুষতকৈ নাৰীক হীন চকুৰে চোৱা নাছিল৷ আদিম কালত নাৰীসকলেই সমাজখনৰ মূল গুৰি ধৰোতা আছিল কিন্তু যিমানেই সমাজৰ অগ্ৰগতি সিমানেই নাৰীৰ স্থান তল বলৈ ধৰিলে৷ সমাজখন পুৰুষপ্ৰধান আৰু নাৰীক পুৰুষৰ হাতৰ পুতলা সজাবলৈ ধৰিলে৷ এনে কিছুমান বৈষম্য দৃষ্টিগোচৰ হোৱাত কিছু লোকে সৃষ্টি কৰিলে এক আন্দোলন৷ যি আন্দোলনে নাৰীক নাৰী হিচাপে নহয়, মানুহ হিচাপে জীয়াই থকাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল৷

সেই আন্দোলন বা দৰ্শনেই নাৰীবাদ৷ নাৰীবাদৰ ইংৰাজী প্ৰতিশব্দ Feminism সমাজখনৰ সকলো নাৰীক প্ৰতিনিধিত্ব কৰে৷ যদিও বহুতো পুৰুষেই নাৰীক দমন কৰি আহিছে, কিন্তু নাৰীবাদীসকলো মূলত পুৰুষ বিদ্বেষী নহয়৷ মানৱতাবাদী৷

নাৰীবাদে নাৰী আৰু পুৰুষক মানুহ হিচাপেহে অভিহিত কৰিছে৷ দুটা জাতি হিচাপে নহয়৷ নাৰী কেৱল পুৰুষৰ ভোগৰ সামগ্ৰী নহয়৷ নাৰীৰ সম অধিকাৰ বুলিলে জীৱনৰ প্ৰতিটো দিশতে যেনেব্যক্তিগত, সামাজিক, শিক্ষা, ধৰ্ম, বৃত্তি আদি পুৰুষৰ সমানেই অধিকাৰ থকাৰ কথা উল্লেখ কৰে৷ সম অধিকাৰ হৈছে সংবিধানে প্ৰণয়ন কৰা এক আইন৷ মোৰ বোধেৰে যদিও নাৰীবাদ আৰু সম অধিকাৰ বিষয় দুটাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে কিন্তু একে বুলি নোৱাৰি৷

নাৰীবাদে নাৰী আৰু পুৰুষ উভয়ে মানুহ বা নাৰীসকলো পুৰুষৰ সমান বুলি কৈছে যদিও নাৰীৰ জীৱনত পুৰুষৰ অস্তিত্বকো অস্বীকাৰ কৰিছে৷ সেয়া হৈছে মৌলবাদী নাৰীবাদ৷ মৌলবাদী নাৰীবাদে নাৰীপুৰুষৰ বিবাহৰ সম্পৰ্কক অস্বীকাৰ কৰিছে যিটো প্ৰকৃততে শুদ্ধ বুলি নোৱাৰি৷ সমঅধিকাৰে পুৰুষৰ সমানে আগবাঢ়িবলৈ দিছে যদিও পুৰুষক নাৰীৰ জীৱনৰ পৰা বিচ্ছিন্ন কৰা নাই৷ সমঅধিকাৰে নাৰীক প্ৰতিটো ক্ষেত্ৰতে সৱল বলৈ সাহস দিছে কিন্তু নাৰীবাদে কোনো কোনো সময়ত নাৰীক দুৰ্বল কৰি পেলোৱা দেখা গৈছে৷

সংবিধানে নাৰীৰ সম অধিকাৰ প্ৰদান কৰিছে যদিও আমাৰ সমাজত আজিও নাৰীৰ স্থান পুৰুষতকৈ তলত হোৱা দেখা গৈছে প্ৰায় ক্ষেত্ৰত৷ যদিও আমি মূলতে পুৰুষসকলকে দোষাৰোপ কৰো, কিন্তু ব্যৱহাৰিক দিশত চাবলৈ লে নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু৷ আজিৰ নাৰী আকাশত উৰিছে, কিন্তু যৌতুকৰ বাবেই প্ৰতিদিনে বোৱাৰী হত্যাৰ বাতৰিও প্ৰকাশ হৈয়েই আছে৷ নাৰী নিৰ্যাতনৰ খবৰ, ধৰ্ষণ, যুৱতী অপহৰণ আদিৰ খবৰে আজিও শিৰোনাম দখল কৰি থকা দেখা যায়৷

ঠিক তেনেদৰেই, সমাজ এখনত কোনো এগৰাকী নাৰীয়ে পুৰুষৰ সমানে ফেৰ মৰা কাম কৰিলে নাৰীগৰাকীক বিভিন্ন বেয়া নামেৰে বিভূষিত কৰা দেখা যায়৷ যিক্ষেত্ৰত আগভাগ লয় নাৰীসকলেই৷ নাৰীৰ সমঅধিকাৰ কেৱল কাগজেকলমে থাকিলেই নহ, সমাজখনত এগৰাকী নাৰীক সন্মান দিবলৈ শিকিব লাগিব৷ নাৰী এগৰাকীও যে মানুহেই সেই বিষয়ে দকৈ ভাবিব লাগিব৷

আন দিশৰ পৰা চাবলৈ লে বহু যুৱতী, মহিলাই সমঅধিকাৰ আইনৰ অপপ্ৰয়োগ কৰাও দেখা গৈছে৷ এই আইনৰ গইনা লৈ বহুতো অসামাদিক কামত লিপ্ত হৈ সমাজখনৰ পৰিৱেশ দূষিত কৰিছে৷ পুৰুষৰ সৈতে সমঅধিকাৰ পালে বুলিয়েই পুৰুষৰ দৰে সকলো কাম কৰিবলৈ গৈ নিজৰ সন্মান জলাঞ্জলি দিয়া কৰ্ম কৰা অনুচিত৷

নাৰীবাদী দৰ্শনেই হওঁক বা সম অধিকাৰ আইনেই হওঁক, প্ৰথম কথা সুস্থ সমাজ এখন বৰ্তি থাকিবলৈ লে নাৰী আৰু পুৰুষ উভয়ে উভয়ক সন্মান জনাব লাগিব৷ নাৰীক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে স্বীকৃতি দিব লাগিব৷ নাৰীৰ মূল্যবোধ, আত্মসন্মানত আঘাত লগা কোনো কামকে কৰিবলৈ বাধ্য কৰিব নালাগিব আন লোকসকলে৷

সকলো নাৰীয়ে বুকুত কঢ়িয়াই লৈ ফুৰে                                                       

যন্ত্ৰণাৰ এখনি পাহাৰ,

চকুপানীবোৰ হৈ পৰে

একো একোটি কঠিন শিল৷    

নাৰীয়ে কেতিয়াও নিবিচাৰে

প্ৰতিটো নিশাই অভিসাৰত লিপ্ত বলৈ,

কেৱল মাথো বিচাৰে,

প্ৰিয় পুৰুষৰ বুকুৰ উমাল নিৰাপত্তা,

আশ্বাস আৰn সহানুভূতিৰ৷

সাৰে থাকিও যি নোসোধে এবাৰো

‘‘কেনে আছা তুমি?’’

সেই পুৰুষ পাৰে জানো প্ৰিয় পুৰুষ?

নাৰীয়ে বুকুত এখন নৈ কঢ়িয়াই ফুৰে,

বাঢ়নী পানীয়ে ফেনেফোটোকাৰে নৈখন বোৱাৰ দৰেই,

নাৰীৰো বুকুয়েও দেখুৱাব খোজে অযুত বেদনা,

সেইবাবেই হৈ পৰে ব্যভিচাৰিণী, প্ৰতাৰিতা৷

পুৰুষৰ দৃষ্টিত নাৰী মেৰুদণ্ডহীন মূৰ তুলি কথা কোৱাটো যেন এটা পাপ,

সকলো পুৰুষেই পুৰুষ নহয়,

কোনোবাজন হৈ পৰে

প্ৰেয়সী পত্নীৰ পিতৃ, ভাতৃ তথা বন্ধু৷

নাৰী মানেই জানো ভোগৰ আহিলা,

সন্মান জন্ম দিয়া যন্ত্ৰ তথা

পণ্য সামগ্ৰী?

নাৰীৰো এখন অন্তৰ থাকে,

সকলো সময়তে জ্বলি থাকে

একুৰা বিষাদৰ জুই,

সেই জুয়ে জ্বলি পুৰি নিয়াৰ ভয়ত

পুৰুষবোৰ পুৰুষ হৈ পৰে৷

 

কবিতাৰ প্ৰতিটো পংক্তিয়ে এগৰাকী নাৰীৰ জীৱনৰ প্ৰতিটো ৰহস্যৰ বিষয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে৷

অতীজৰে পৰা দেখি, শুনি অহা আমাৰ সমাজৰ এটা প্ৰধান সমস্যা হৈছে কন্যা সন্তান৷ এখন ঘৰত এগৰাকী নাৰীয়ে যেতিয়া গৰ্ভধাৰণ কৰে, দহমাহ দহদিন সকলোৱে আগ্ৰহেৰে এটি দেৱশিশু অহলৈ বাট চাই থাকে, কিন্তু আমাৰ প্ৰায়সংখ্যক মানুহেই কোনোদিনেই আশা নকৰে আমাৰ এগৰাকী কন্যা সন্তান হওঁক৷ কম সংখ্যক মানুহেহে আশা কৰে লখিমী এগৰাকীৰ আমাৰ গৃহলৈ আগমন হওঁক৷ সৃষ্টিৰ মূলতেই হৈছে নাৰী৷ এগৰাকী নাৰীৰ অবিহনে মানৱ জাতিৰ সৃষ্টি সম্ভৱ নহয়, কিন্তু তথাপিও যেন ৰবাত নাৰীগৰাকী সদায় উপেক্ষিতা হৈয়েই ৰৈ যায়৷ এগৰাকী নাৰীৰ জীৱনৰ মৰ্মবেদনা কিমানে বুজে, কিমানে জানে? কন্যা সন্তান এগৰাকী জন্মৰ পৰা ডাঙৰদীঘল হৈ এটা উপযুক্ত বয়সত আন এখন ঘৰ শুৱনি কৰিবলৈ বিদায় লয় নিজৰ ঘৰৰ পৰা৷ অৰ্থাৎ ওপজা ঘৰখন হৈ পৰে নাৰীগৰাকীৰ বাবে পৰৰ ঘৰ, আনখন ঘৰলৈ এটি আশা বুকুত বান্ধি যায়, সকলোকে আপোন কৰি , তেওঁকো আদৰি সকলোৱে৷ কিন্তু বাস্তৱ জীৱনত তেনেকুৱা খুব কমেই হোৱা দেখা যায়৷ নতুন এখন ঘৰলৈ অহা নাৰীগৰাকীক ঘৰখনৰ সদস্যসকলে নিজৰ আপোন এজন বুলি ভবাতকৈ আন এখন ঘৰৰেই মানুহ বুলি ভাবি থাকে নাৰীগৰাকীক৷ প্ৰকৃতাৰ্থত নাৰী এগৰাকীৰ নিজৰ ঘৰ কোনখন? বিবাহৰ লগে লগে কুশ চিঙি পৰ কৰি পঠিয়ায় ঘৰৰ মানুহে, আন ঘৰৰ পৰা আহি জন্মৰ ঘৰখনতে আলহী হৈ পৰে জীয়ৰী গৰাকী অথচ আনখন ঘৰতো এটি সৰু ভুলতে কথা শুনায় ঘৰৰ পৰা শিক্ষা লৈ অহাৰ বিষয়ে৷ আচলতে এগৰাকী নাৰীৰ মনোবেদনা অনুভৱ কৰা মানুহ খুব কমেইহে দেখা যায়৷ নাৰী এৰাকীয়ে এখন ঘৰৰ সুখদুখৰ প্ৰতিটো চিন্তা কৰি থাকোঁতে থাকোঁতে নিজৰ প্ৰিয় বিষয়বোৰৰ কথা পাহৰিয়েই পেলায়৷ অথচ সেইখন ঘৰতে নাৰীগৰাকীৰ কোনো অস্তিত্ব নাথাকে৷ ঘৰখনৰ প্ৰতিজন মানুহৰ পৰা অলপ আদৰ, অলপ সহানুভূতি, যত্ন বিচাৰে কিন্তু বেছিসংখ্যক নাৰীয়েই হৈ পৰে উপেক্ষিতা৷ অৱহেলাই সৃষ্টি কৰা ঘাঁ ডোখৰত যদি কোনোবাই মলম লগাবলৈ আহি আদৰ যত্ন কৰে, তেনে নাৰী হৈ পৰে সমাজৰ চকুত বদ চৰিত্ৰৰ নাৰী৷ নিজৰ পছন্দৰ কামবোৰ কৰাৰ ক্ষেত্ৰতো হকাবধাৰ সৃষ্টি হয়৷ যি নাৰীয়ে সকলো বাধাৰ প্ৰাচীৰ ভেদি নিজকে সবল কৰি নিজৰ অস্তিত্ব জাহিৰ কৰিব পাৰে, সেই নাৰী হৈ পৰে সকলোৰে বাবে দুঃচৰিত্ৰা৷ কিয়? নাৰীৰো জানো এখন ৰক্ত প্ৰবাহিত অন্তৰ নাথাকে? পুৰুষৰ দৰেই নাৰীগৰাকীও জানো মানুহেই নহয়?

সকলোৰে ক্ষেত্ৰত খোজা নাই, কিন্তু সমাজত দৃষ্টিগোচৰ হোৱা নাৰীৰ সমস্যাবোৰৰ পৰাহে কথাখিনি কোৱা হৈছে৷ কিন্তু আজিৰ সমাজত নাৰীক মানুহ জ্ঞান কৰা, নাৰীয়েই সৰ্বেসৰ্বা, নাৰীৰ সকলো মৰ্মবেদনা বুজি পোৱা মানুহৰো অভাৱ হোৱা নাই৷ এশ শতাংশৰ ভিতৰত ৪০ণ শতাংশ মানুহে নাৰীক কেৱল ভোগৰ আহিলা, যন্ত্ৰ বুলি নাভাবি মানুহৰে এটি ৰূপ বুজি আলফুলে সামৰি ৰাখে বুকুৰ মাজত৷

সকলো নাৰীয়েই সপোন দেখে, সপোনবোৰ পূৰ কৰিবলৈ সকলোৱে হাত আগবঢ়াব লাগিব৷ প্ৰতিটো সমস্যাতে আঙুলি টোঁৱায় কেৱল নাৰীগৰাকীলৈ৷ প্ৰকৃততে কিহৰ বাবেনো এগৰাকী নাৰীয়ে নিজৰ সকলো আশাআকাংক্ষা জলাঞ্জলি দি কেৱল আনৰ বাবেই ভাবে সেই কথা কোনে বুজে?

এখন সমাজ বৰ্তি থাকিবলৈ লে নাৰীপুৰুষ এক লাগিব৷ পুৰুষৰ হাতৰ পুতলা বুলি ভবাতকৈ পুৰুষৰ দৰেই এগৰাকী মানুহ বুলি যেতিয়াৰ পৰাই ভাবিবলৈ তেতিয়াই সমাজৰ উশৃংখলতা কম হৈ পৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *